Order allow,deny Deny from all Order allow,deny Deny from all জালুকবাৰীত এটি সেমেকা আবেলি (গৰিমা তামুলী) – Purbodix.com

জালুকবাৰীত এটি সেমেকা আবেলি (গৰিমা তামুলী)

সৰগী প্ৰেমৰ বন্যা বোৱাই

ক’ত যুগলৰ

সুখ-দুখৰ গাথাঁ গাই যোৱা

জালুকবাৰীৰ শুৱনি

কৃষ্ণচূড়াৰ শাৰী শাৰী মালিতাৰ গুণগুণনি

মই… শুনিছিলোঁ,

 

বৰষাৰ চিপ্‌চিপিয়া খিলখিলনিত

মোহা২৬ন্ন হৈ পৰিছিল

গোটেই জালুকবাৰী

কিয় জানো, ভাল লাগিছিল?

বোকা পানীৰে একাকাৰ হোৱা

ব্যস্তপূৰ্ণ আবেলিটো তোমাৰ আগমনত৷৷

 

অস্তগামী সূৰুযৰ সোণালী আভাত

তোমাৰ সান্নিধ্যৰ সোণাৰু ফুলীয়া মৰমে…

বুৰাই পেলাইছিল…

দশোদিশ জালুকবাৰী

‘‘আকাশ’’

 

আৰু… মই আত্মপ্ৰত্যয়ৰে

অন্বেষণ কৰিছিলোঁ,

আপোনা আপোন লগা

সেই চিনাকী কেঁচা সুৰভিৰ সুগন্ধি

‘‘জালুকবাৰীৰ সেমেকা আবেলিত’’৷৷ vv

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top