by Arup Kakoti
মোৰ তেজৰ কোষত সঞ্চাৰ হয়
মাতৃভূমিৰ প্ৰেম,
সৌন্দৰ্যেৰে পৰিপূৰ্ণ চুক-কোণ
যেন হৃদয়ৰ হেম৷
নীলিম আকাশে আৱৰি আছে
জগতৰ প্ৰতিটো দেশ,
তুলনাহীন আপোন এই ভূমি
গুণৰো নাই শেষ৷
সবে মিলি যাম আগুৱাই
সেয়া প্ৰতিশ্ৰুতি,
বাধা-বিঘিনি নাহক যিমানেই
কদাপি নকৰোঁ ত্ৰুটি৷
চৌপাশে আছে সোণোৱালী শইচৰ
আলফুলীয়া পথাৰ,
প্ৰতিটো পুৱাই কঢ়িয়ায় আশা
নহও আমি কাতৰ৷
বিচাৰি ফুৰোঁ জীৱনৰ অৰ্থ
আপোন দেশৰ প্ৰতি,
ঐক্য আৰু সংহতিৰ বুকুত
সদা থাকোঁ ব্ৰতী৷
বিচিত্ৰ দেশৰ অনন্য দৃশ্য
বৰ মজা লাগে,
ঐতিহাসিক সমলে কৰে সবল
নিতৌ দেশপ্ৰেম জাগে৷
আকাশে-বতাহে মিলি আছে
সহস্ৰ শ্বহীদৰ তেজ,
দেশদ্ৰোহীক এশিকনি দি
ঘুণীয়া কৰিম নেজ৷
দেশৰ স্বাৰ্থ নকৰোঁ খৰ্ব
পণ লোৱাৰ ক্ষণ,
আপোন ভূমিৰ স্বাভিমানৰ হকে
নিতৌ কৰিম ৰণ৷