by Arup Kakoti
জীৱনৰ প্ৰয়োজন
আজি কাৰ বাবে?
কাৰ বাবে জীৱনৰ
উচ্চ আকাংক্ষা…
দেশৰ বাবে, সমাজৰ বাবে
নে নিজৰ বাবে??
হয়তো/ নিজৰ বাবেই,
সেয়ে–
আপোন স্বাৰ্থৰ বাবেই
সমাজত সৃষ্টি হৈছে
কেৱল, উশৃংখল পৰিৱেশৰ হাহাকাৰ৷৷
কেৱল– নিজৰ বাবেই,
এজনে আনজনক কৰিছে প্ৰতাৰণা,
কৰিছে মাথো যাত্ৰা…
মনুষ্যত্বহীন বিপথগামী দ্বীপলৈ
মানৱৰ অন্তৰ
পূৰ্ণাঙ্গ আজি
পাশৱিক বৃত্তিৰ জলনাংকৰে
আজিৰ নৰ-পিশাসে,
নিজপ পশুত্ব বিস্তাৰৰ
উদ্দেশ্যই বৰ্তিছে
ক’ত হিংসা, কত স্বাৰ্থ, প্ৰতাৰণা
আৰু যে কত সত্যৰ হত্যা
কেৱল নিজৰ বাবেই//
মানৱ উচ্চ আকাংক্ষাই
ধাৱমান হ’ল জলন্ত সন্ত্ৰাসত
প্ৰতিহিংসাৰ বহ্নিৰ দহনত
দাহিত হ’ল আজিৰ সমাজ,
প্ৰতিধবনিত হ’ল– মাথো সন্ত্ৰাস, স-ন্ত্ৰা-স আৰু সন্ত্ৰাস৷৷ vv