অনিৰুদ্ধ গতিৰে পোহৰ অহাৰ পথেৰে
তুমি আহা
বকুল ফুলৰ দৰে
সুগন্ধিত বতাহজাকে
কঢ়িয়াই আনে তুমি অহাৰ বাতৰি৷
হাতিপটীৰ দৰে এচাটি পৰিস্কাৰ পোহৰে
পোহাৰ মেলে
তোমাৰ আগমনৰ প্ৰাৰম্ভন
কেতেকী ফুলৰ ৰেণুৰ দৰে
আলফুলে আহ্লাদিত হয়
তোমাৰ আগমনৰ – আকাংক্ষিত ক্ষণ৷
বসন্তৰ সদা প্ৰাণৱন্ত
কোমল প্ৰকৃতিৰ দৰে
আকুলিত তোমাৰ অপেক্ষাত
প্ৰতিপল অনুপল৷
আলোড়িত, আলোকিত হৃদয়ৰ প্ৰতিটো কোণ
এক শ্বাশ্বত সুগন্ধিৰে সুগন্ধিত আজি হৃদয়/ vv
[DISPLAY_ULTIMATE_SOCIAL_ICONS]