মিথি চিকেন


উপকৰণ ঃ
মাংস- ৫০০ গ্ৰাম, মিথি গুটি- পৰিমাণ অনুযায়ী, ডাঙৰ কেঁচা জলকীয়া- জ্জ্বয১০ টা, পিয়াজ- ২ টা, আদা নহৰু- বতি লোৱা, গাখীৰ- ১ কাপ, কৰ্ণফ্লৰ- ২ চামুচ, নিমখ- পৰিমাণ অনুযায়ী, অলিভ অইল- ৪যপ্ত চামুচ
প্ৰণালী ঃ
প্ৰথমতে মাংসখিনি ভালদৰে ধুই লৈ কেৰাহী এখনত অলিভ অইল দি মাংসখিনি ভাজি ল’ব লাগিব৷ তাৰ পিছত পিয়াজ আৰু আদা-নহৰুৰ পেষ্ট এটা বনাই ল’ব লাগিব৷ ইয়াৰ পিছত ডাঙৰ কেঁচা জলকীয়াৰ ভিতৰত মিথি গুটি ভৰাই ল’ব লাগিব৷ তাৰ পিছত কেৰাহীত কৰি থোৱা পেষ্টখিনি দি লগতে জলকীয়া কেইটা একেলগে দি ভাজি ল’ব লাগিব৷ গোটেইখিনি ভাজা হোৱাত ভাজি ৰখা মাংসখিনি দিব লাগিব৷ লগতে সোৱাদ অনুযায়ী নিমখ দি ভালদৰে ভাজিব লাগিব৷ অলপ ভাজা যোৱাৰ পিছত কনফ্লৰ ২ চামুচ, গাখীৰ ১ কাপত মিহলি কৰি মাংসখিনিৰ ওপৰত ঢালি দিব লাগিব৷ যেতিয়া মাংসখিনি সিজি অলপ গাঢ় হৈ আহিব নমাই দিব৷
এনেদৰেই প্ৰস্তুত হৈ গ’ল মিথি চিকেন৷
জহা চাউলৰ মলাই

উপকৰণ ঃ
জহা চাউল- ২৫০ গ্ৰাম, গাখীৰ- ৰয২ কাপ, চেনী- ৩ চামুচ, ৰুকি লোৱা নাৰিকল-
ইলাচি গুৰি- ৰয২ চামুচ, গুৰ, কেশৰ, কাজু
প্ৰণালী ঃ
জহা চাউলখিনি ৩ ঘণ্টা তিয়াই গুৰি কৰি ল’ব লাগিব৷ লগতে ৰুকি লোৱা নাৰিকল আৰু গুৰখিনি একলগ কৰি অলপ গাখীৰ দি মঠি লৈ সৰু সৰু লাৰু বনাই নাৰিকল আৰু গুৰৰ মিশ্ৰণ লাৰুৰ ভিতৰত ভৰাই দি ১০য১৫ মিনিটৰ বাবে ভাপত দিব লাগিব৷ ইয়াৰ পিছত ৰয২ লিঃ গাখীৰ লগাই তাত ২ চামুচ গুৰি কৰা জহা চাউল দি অলপ ডাঠ হোৱাত কেইডালমান কেশৰ, সৰু চামুচেৰে ৩ চামুচ চেনী, ইলাচি গুৰি, কাজু দিব লাগিব লগতে তাতে ভাপত দিয়া লাৰু কেইটা দি দিব লাগিব৷ লাৰু কেইটা দি কমেও ৫ মিনিট কম জুইত ৰাখি নমাই দিব৷ এনেদৰেই জহা চাউলৰ মলাই প্ৰস্তুত হৈ গ’ল৷