সম্পাদকীয় – Purbodix.com

সম্পাদকীয়

সামাজিক মাধ্যম এতিয়া প্ৰতিজন ব্যক্তিৰ বাবে এক অপৰিহাৰ্য মাধ্যম৷ মাত্ৰ অপৰিহাৰ্য পৰ্যায়তে নাথাকি ‘‘সামাজিক মাধ্যম’’ বহুতৰে এতিয়া আসক্তিৰ পৰ্যায়ো পাইছেগৈ৷

সামাজিক মাধ্যম হ’ল এক বৈদ্যুতিক যোগাযোগ যি অনলাইনত বিভিন্ন এপবোৰৰ যোগেদি ইজনে-সিজনক সংযোগ, বাৰ্তাপ্ৰেৰণ আদি কৰিব পাৰে৷ সামাজিক মাধ্যমৰ ইতিহাস বেছি পুৰণি নহয়৷ এতিয়া সমগ্ৰ পৃথিৱীত সামাজিক মাধ্যম বুলিলে ফেচবুক, ইন্‌ষ্ট্ৰাগ্ৰাম আৰু হোৱাটছএপ এপকে বুজা যায়৷ কিন্তু ইয়াৰ আৰম্ভণি ১৯৯৫ ১ পৰা ১৯৯৭ ১ ভিতৰতহে হৈছিল৷ ৯০ ১ দশকৰ এই প্লেটফৰ্মবোৰ আছিল Geocities, Clasmates.com আৰু Six Digrees.com ইয়াৰ শেষৰটো অৰ্থাৎ Six Digrees.com এই পৃথিৱীৰ প্ৰথমটো সামাজিক মাধ্যমৰ স্বীকৃতি এপ বুলি মান্যতা প্ৰদান কৰা হয় আৰু এই এপৰ আবিস্কাৰক Andrew Weinreich সামাজিক মাধ্যমৰ পিতৃস্বৰূপে মান্যতা প্ৰদান কৰা হয়৷

কুৰি শতিকাৰ আৰম্ভণিৰ পৰাই সামাজি মাধ্যমৰ উত্থান হয়৷ আন সকলোবোৰ মাধ্যমক যেনে প্ৰিণ্টিং, টেলিভিচন আদিক ই সোনকালেই পাছ পেলাই সকলোৰে মাজত জনপ্ৰিয় হৈ উঠে৷ ২০০০ চনৰ মাজ ভাগৰ পৰা যেতিয়া ফেচবুক আৰম্ভ হ’ল– লগে লগেই ইণ্টাৰনেটৰো বহুল আৰু ব্যাপক পৃথিৱী গঢ়ি উঠিল৷ সামাজিক মাধ্যমৰ জনপ্ৰিয়তাই তুংগত উঠিল৷ অন্যান্য এপ বা প্লেটফৰ্ম ইন্‌ষ্ট্ৰাগ্ৰাম, টুইটাৰ, লিংকেদিন, হোৱাটছএপ আদিও জনপ্ৰিয় হৈ পৰিল৷

যি কি নহওঁক অইন অইন মাধ্যমৰ দৰে বৰ্তমানৰ সামাজিক মাধ্যমৰো বহুতো ভাল দিশ আৰু বেয়া দিশ আছে৷ আমি ভাবো যে চৰকাৰে সামাজিক মাধ্যম ব্যৱহাৰ আৰু ইয়াৰ উপযোগিতা আৰু অপকাৰিতা আদিৰ বিষয়ে ছাত্ৰ-ছাত্ৰী বা সাধাৰণ ৰাইজক সচেতন কৰিবৰ হ’ল৷ বিদ্যালয়সমূহত শিশু আৰু কিশোৰৰ বাবে সামাজিক মাধ্যমৰ বিষয়টো পাঠ্যপুথিত অন্তভুৰ্ক্ত কৰিবৰ হ’ল৷ ৰাজহুৱা বা সামাজিক স্থানত ইয়াৰ ব্যৱহাৰৰ বিষয়ে ৰাইজক সজাগ কৰিবৰ হ’ল৷ এতিয়াৰ পৰা ইয়াক যদি সমাজ সচেতন নাগৰিকে আৰু চৰকাৰে নিজৰ নিয়ন্ত্ৰণত নাৰাখে ভবিষ্যতে সামাজিক মাধ্যম কিন্তু সমাজৰ বোজা হৈ পৰিব৷ ইতিমধ্যেই বহুদেশৰ প্ৰশাসন সতৰ্ক হৈ পৰিছে৷ পৃথিৱীৰ শিক্ষিত প্ৰধান দেশসমূহৰ অভিভাৱকসকলো নিজৰ সন্তানৰ সামাজিক মাধ্যমৰ ব্যৱহাৰক লৈ সষ্টম হৈ উঠিছে৷

বৰ্তমানৰ সামাজিক মাধ্যমে প্ৰতিজন ব্যক্তিক এক নিজৰ মত প্ৰকাশৰ চূড়ান্ত স্বাধীনতা প্ৰদান কৰিছে যদিও ইয়াৰ সম্পাদনা কৰিব পৰা ব্যৱস্থা নাই বাবে বহু সময়ত ই বিপদজনক হৈ পৰিব পাৰে বা ব্যাপকভাৱে ইয়াৰ অপব্যৱহাৰ হ’ব পাৰে৷i

Leave a Reply

Your email address will not be published. Required fields are marked *