ফাগুন কৰবী বৰ্মন কলিতা – Purbodix.com

ফাগুন কৰবী বৰ্মন কলিতা

ফাগুন মানে পলাশ-শিমলু-মদাৰৰ এক মধুৰ আচ্ছাদন৷ 

এফালে ফাগুন মানেই পচোৱাৰ সৈতে ৰাঙলী হৈ উঠা পলাশ-মদাৰ-শিমলু, আনফালে ফাগুন মানে তৰাং নদীৰ উচুপি উঠা দুটি পাৰ৷ এফালে ফাগুন মানে উদাস উদং ৰিক্ত ধূলিয়ৰি আকাশৰ কৰুণতা, আনফালে ফাগুন মানেই তেজ ৰঙা আবেলি… এফালে ফাগুন যদি ৰঙা ফুলৰ দলিছা, তেন্তে আনফালে ফাগুন লঠঙা ডালৰ কৰুণ বিননি … সৰাপাতৰ নিৰ্মম উচুপনি … ফাগুনে যেন মায়া জানে … মায়াবী ফাগুনক শব্দৰ মায়াজালেৰে ধৰি ৰখাতো খুবেই কঠিন৷ স্ব মহিমাৰে মহিমা মণ্ডিত ফাগুন/ তথাপিও ফাগুন যেন সকলোৰে প্ৰিয় সকলোৱে নিজস্ব ভাবেৰে উপভোগ কৰিব খোজে ফাগুনক৷

ফাগুনৰ মাদকতা আছে, এক অনামী শিহৰণ জগাই মন-প্ৰাণ চঞ্চল কৰি যায় ফাগুনে৷ পুৰণিৰ বুকুত নতুনৰ স্তৱক লিখে ফাগুনে৷ পুৰণি সাজযোৰ খুলি নতুন এজোৰ সাজ পিন্ধিবলৈ শীতত লঠঙা হোৱা বিৰিখক অৱকাশ দিয়ে ফাগুনে৷ শিমলু-পলাশৰ ৰঙৰ জুয়ে আকাশ ছানি ধৰে৷ গৰখীয়া ডেকাৰ সুহুৰি শুনি কোনো চঞ্চলা গাভৰুৰ মন ইচাট-বিচাট কৰে৷ ফাগুনে প্ৰেম জগায়… আশা জগায়…নতুনৰ বতৰা বিলায়৷ সেয়ে হয়তো কোৱা হয় ফাগুন অনন্য৷ 

শীতৰ সেমেকা পুৱাৰ কুৱঁলীবোৰ আঁতৰাই ধৰাত ভূমুকি মাৰে ফাগুনে৷ নীৰৱ নিৰ্জন দুপৰীয়াবোৰ, নিয়ৰ সনা নিশা বোৰে ক্ৰমশঃ বিদায় লয় ফাগুনৰ আগমনত৷ নাথাকে আঘোনৰ সোণালী ধাননি, নাথাকে তুষাৰময় শীতলতা৷ থাকে মাথোঁ মনপৰশা শীতল বতাহ জাকৰ সৈতে দুবাহু প্ৰসাৰি ঠিয় হৈ থকা গছৰ শাৰীবোৰ৷ শীতৰ লঠঙা গছবোৰো হঠাৎ মেঘৰ পৰা সৰি পৰা কিনকিনিয়া বৰষুণ জাকত জীপাল হৈ পৰে৷ পুৱাৰ কোমল ৰ’দজাকে কোমল ৰহণ সানি নীলাভ কৰে ফাগুনীয়া আকাশ৷ ফাগুনে দি যায় শূন্যতাৰ বুকুতো ৰং/ ফাগুন মানেই যেন ৰঙৰ এক অপূৰ্ব সম্ভাৰ৷ পলাশ, মদাৰ, শিমলুৰ ৰঙা শিখাই আকাশ-বতাহ ছানি ধৰা ৰং৷ যি ৰং মাথোঁ ফাগুনৰ৷ জুইৰ শিখা যেন — গন্ধবিহীন অথচ তীব/ সেই ৰঙে সকলোৰে মনপ্ৰাণ উতলা কৰে, জগাই তোলে শিহৰণ৷ ফাগুনে ৰঙাই তোলে ৰিক্ত হৃদয়, উদাস আকাশ৷ 

ফাগুন আহে প্ৰকৃতিৰ নিয়মত৷ কিন্তু এনে লাগে যেন ফাগুন আহে হৃদয়ৰ বাবে৷ যেন হৃদয়ৰ নিভৃততম কোণৰ পৰা বাধা নামানি ওলাই আহে ফাগুন৷ ফাগুনে যদি কেতিয়াবা মন উৰুঙা কৰে, কেতিয়াবা মন বেদনাৰে ভৰাই তোলে৷ ফাগুনৰ বা লাগি আকৌ কেতিয়াবা মন হৈ উঠে চঞ্চল … ফাগুনক লৈ কবি, গীতিকাৰ, সুৰকাৰ সকলৰো আছে অবুজ দুৰ্বলতা৷ যেন ফাগুনতে ডুব যায় তেওঁলোকৰ অনাবিল অনুভৱ৷ সেই অনুভৱ তেওঁলোকৰ অনাবিল অনুভৱ৷ সেই অনুভৱৰ পৰাই জন্ম হয় কত বিখ্যাত কবিতা, কত সুমধুৰ গীত … আৰু কত অমৰ সৃষ্টি …

উৰুঙা ফাগুন, ৰিঙা ৰিঙা উদাস ফাগুন, উন্মাদ ফাগুন, বিষণ্ণ কলিজাৰ বোবা বেদনাৰ আন এক নাম ফাগুন … ৰিক্ততাৰে ভাৰাক্ৰান্ত বুলি বদনামী হলেও ফাগুনে কিন্তু সকলো কাঢ়ি নিনিয়ে৷ বৰঞ্চ দি যায় আশাৰ বতৰা — সমাগত বসন্তৰ/ ফাগুনৰ সেউজীয়া পাতৰ আলিঙ্গন শূণ্য শুকান ডাল বোৰত ওলমি থকা নীৰবতাবোৰতো যেন লুকাই থাকে বাঙ্ময়তা/ কাৰণ সেই নীৰৱতাৰ বুকুতে সিঞ্চিত হয় নৱ সৃষ্টিৰ নতুন অঙ্কুৰ … সৃষ্টিৰ মহাবীজ … ফাগুন মানেইতো কেবল চিৰাল ফটা ৰ’দ নহয়৷ ৰঙা ফাগুনেই তো লৈ আহে সেউজীয়া বসন্তৰ প্ৰতিশ্ৰুতি৷ ফাগুন মানেই যেন এক সৰল বাট, জীৱনৰ বলুকাৰ পৰা বসন্তৰ সেউজ উপত্যকালৈ … আমে মলিয়াব, কঁঠালে মুচিয়াব, লঠঙাডালে কুঁহিপাত মেলিব/ তাৰেইতো বতৰা দিয়ে আকাশ ৰঙা কৰি ফুলি উঠা ফাগুনে৷ ফাগুনৰ লগে লগে হাঁহি-ধেমালি আৰু আধ্যাত্মিকতাৰ বীজ সিঁচি আহে ৰঙৰ উৎসব ফাকুৱা … ফাগুন মাহৰ পবিত্ৰ পুৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়৷ অসমৰ বিভিন্ন সত্ৰত বিশেষকৈ বৰপেটাৰ কীৰ্ত্তন ঘৰৰ প্ৰাঙ্গণত এই দৌল উৎসৱ অতি উলহ-মালহেৰে উদ্‌যাপন কৰা হয়৷ এই উৎসৱ অসমৰ বিভিন্ন জাতি – জনগোষ্ঠী, বিশেষকৈ চাহ জনগোষ্ঠীয় লোকসকলে ঘৰে ঘৰে বাহীৰ মুখত ফু দি কৃষ্ণবন্দনাৰে কাঠী নৃত্য প্ৰদৰ্শন কৰি গৃহস্থৰ মঙ্গল কামনা কৰে৷ 

ফাগুন মানেই ৰূপান্তৰ৷ ফাগুনৰ নাই কোনো স্বজন প্ৰীতি৷ হিয়া উজাৰি দুহাত মেলি মাথোঁ দি যায় সকলোকে৷ মিচিং জনগোষ্ঠীয় সকলেও সেয়েহে প্ৰতি পহিলা ফাগুনৰ দিনা আলি আই লৃগাঙেৰে ফাল্গুনক সম্ভাষণ জনাই পদূলি মুখলৈ লৈ আনে৷ ডেকা – গাভৰুৰ পৰা বুঢ়া-বুঢ়ী লৈকে কাৰো গাত তৰণি নোহোৱা হয়৷ বেলি লহিয়ালে ফাগুনৰ সতে এবুকু আশা আৰু পাৰ ভঙা উছাহ লৈ নৈৰ দাঁতিত সকলোৱে একেলগে নাচে … গুমৰাগ ঐনিতম৷

শীতৰ নিহালি গুচাই আকৌ আহিছে উন্মনা ফাগুন৷ ধূলিয়ৰী বাটেৰে ফাগুন আহিছে, বননিত সৰাপাতৰ জুনুকা বাজিছে৷ উন্মনা গাভৰুৰ আঁচল উৰুৱাই ফাগুন আহিছে৷ ছাইৰঙী আকাশৰ বুকুত মায়া সানিবলৈ ফাগুন আহিছে৷ ফাগুন অহাৰ বাটত শিমলু-পলাশ-মদাৰে পাৰিছে ৰঙা দলিছা৷

Leave a Reply

Your email address will not be published. Required fields are marked *