নাৰী দিৱস উপলক্ষে – Purbodix.com

নাৰী দিৱস উপলক্ষে

(ঊ মৃণালিনী গোস্বামী)

নাৰী ভগৱানৰ দ্বিতীয় সৃষ্টি বুলি প্ৰবাদ আছে৷ নাৰীৰ উন্নতি তথা নাৰী জাতিৰ উন্নতিৰ বাবে নিজৰ পৰিয়াল, সমাজ তথা সমগ্ৰ জাতিটোৱে ত্যাগ কৰিব লাগিব৷ মনত পৰাৰ দিনৰে পৰা নাৰীয়ে পুৰুষৰ লগত অপূৰ্ব বুজাবুজিৰে সৃষ্টিৰ কঠীয়াতলিডৰা মনোৰম কৰি আহিছে৷ বিশ্বৰ দৰবাৰত সমাজ ব্যৱস্থা গঢ় দিয়াত উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে৷ 

বিশ্বৰ উন্নত ৰাষ্ট্ৰবোৰত আৰ্থ-সামাজিক উন্নয়ন বহু আগৰে পৰা হোৱা হেতুকে সেই ৰাষ্ট্ৰবোৰত নাৰীয়ে বহু আগৰে পৰাই তেওঁলোকৰ ন্যায় অধিকাৰ আৰু সন্মান পাই আহিছে৷ ভাৰতবৰ্ষতো কেইবা শতিকাৰো আগৰে পৰাই নাৰীক প্ৰাপ্য মৰ্যাদা দিয়াৰ বহুত উদাহৰণ আছে৷ ভাৰতীয় ইতিহাস শিক্ষিতা নাৰী হিচাপে বিশ্বৱাৰা, মেঘা, অপালী, গাৰ্গী, মৈত্ৰেয়ী, শাশ্বতী, আত্ৰেয়ী আদি জ্ঞানপ্ৰজ্ঞা মহীয়সী নাৰীয়ে ধন্য হৈ আহিছে৷ 

নাৰীৰ বিষয়ে শাস্ত্ৰতো আছে এনেদৰে–

 

“কাৰ্যেষু মন্ত্ৰী, কৰণেষু দাসী

ভোজ্যেসু মাতা, শয়নেষু ৰম্ভা৷ 

ধৰ্মে অনুকূলা, ক্ষময়া ধৰিত্ৰী

ভাৰ্যা চ ষাড় গুণৱৰীয় দুৰ্লভা৷”

 

ইয়াৰ অৰ্থ এনেধৰণৰ – ঘৰ আৰু সামাজিক কাৰ্য পালনত ভাৰ্যাই নিজ পৰামৰ্শৰে মন্ত্ৰীৰ দৰে, গৃহ কৰ্মত দাসীৰ দৰে, আহাৰ পৰিৱেশনত মাতৃৰ দৰে, শয়নত ৰম্ভাৰ দৰে, ধৰ্ম সম্পন্ন কৰাত অনুকূলা আৰু ক্ষমা প্ৰদানত সহনশীলা পৃথিৱীৰ দৰে বুলি নাৰীক প্ৰশংসা কৰা হয়৷ অন্যহাতে কোনো কোনো শাস্ত্ৰত নাৰীৰ সন্মান হানি কৰা কোনো লোকেই উৎকৰ্ষ সাধন কৰিব নোৱাৰে বুলি উল্লেখ আছে৷ 

সাম্প্ৰতিক কালত ভাৰতৰ নাগৰিকসকলে মহিলা আৰু যুৱতীসকলৰ সুৰক্ষা, নিৰাপত্তা আৰু সন্মানৰ কথা গম্ভীৰভাৱে চিন্তা কৰিবৰ হ’ল৷ ভগৱানৰ দ্বিতীয় সৃষ্টি বুলি গৌৰৱ কৰা নাৰীক ভয়াৱহ বলাৎকাৰ আৰু শ্লীলতা হানি ঘটনাই প্ৰায়েই বাতৰি কাগজৰ পৃষ্ঠা দখল কৰি আহিছে৷ সমগ্ৰ ভাৰততে যৌন নিৰ্যাতনৰ ঘটনা দ্ৰুত হাৰত বৃদ্ধি পাই আহিছে৷ এই ঘটনাৰ চিকাৰ হোৱা সৰহ সংখ্যকেই কৰ্মৰত মহিলা আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰী৷ আনহে নালাগে মহিলা সাংবাদিকো এনেধৰণৰ অত্যাচাৰৰ পৰা সাৰি যোৱা নাই৷ শেহতীয়া পৰিসংখ্যা অনুসৰি ২০১১ চনত ভাৰত মহিলাৰ বাবে চতুৰ্থ বিপদজনক দেশৰূপে চিহ্নিত হৈছিল৷ 

সভ্যতাৰ ইতিহাসে গৰকা এইখন দেশতেই লক্ষণীয়ভাৱে দিন-দুপৰতেই মহিলা বলাৎকাৰৰ দৰে অমানৱীয় কাৰ্য সংঘটিত হৈ আহিছে৷ যেনেকৈ ২০১২ চনৰ ৯ জুলাইত গুৱাহাটী মহানগৰীৰ জি এছ ৰ’ডৰ খ্ৰীষ্টানবস্তিত টিভি কেমেৰাৰ সন্মুখতেই এদল যুৱকৰ দ্বাৰা এগৰাকী অসহায় যুৱতীক বলাৎকাৰ কৰাৰ ঘটনা প্ৰতি শিক্ষিত, প্ৰতি জ্ঞানী, প্ৰতি বিদ্বান সমাজৰ কাৰণেই গৰিহণাৰ যোগ্য৷ অৱশ্যে চৰকাৰে দোষীক শাস্তি বিহাত কৃপণালি কৰা নাই৷ 

ভাৰতখন প্ৰায় ১২১ কোটি মানুহেৰে গঠিত জাতি, বৰ্ণ, ধৰ্ম, ভাষা, জনগোষ্ঠী নিৰ্বিশেষে বাস কৰা এখন বৃহৎ দেশ৷ সৌ সিদিনা ভাৰতৰ দিল্লী চহৰত এগৰাকী ২৩ বছৰীয়া যুৱতীক চলন্ত বাছৰ ভিতৰতেই বলাৎকাৰ কৰা আৰু পাছত মৃত্যুক সাৱতি লোৱাৰ ঘটনাই সমগ্ৰ ভাৰতৰ জনগণৰ মন-মগজুত এক ধৰণৰ আলোড়নৰ সৃষ্টি হৈছিল৷ এই প্ৰসংগত আমি বুকুত হাত দি ক’ব পাৰোনে যে আমি ভাৰতবাসী, মহামানৱ মহাত্মাৰ দেশৰ লোক, চৰ্দাৰ বল্লভভাই পেটেলৰ দেশৰ লোক, নেতাজী সুভাস চন্দ্ৰ বসুৰ, পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ দেশৰ লোক, ভাৰতৰত্ন তথা অসমৰত্ন ড॰ ভূপেন হাজৰিকাৰ দেশৰ লোক বুলি? সম্প্ৰতি ই এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে৷ অৱশ্যে এইটো ঠিক নাৰীত্বক সন্মান জনাব নজনা উক্ত ঘটনাৰ লগত জড়িত ছজন দোষীকেই ভাৰত চৰকাৰে চূড়ান্ত শাস্তি বিহাৰ পথত অগ্ৰসৰ হৈছে৷ নক’লে আধৰুৱা হ’ব যে একেখন চৰকাৰেই আজিৰ পৰা কিছুবছৰৰ আগতে কিশোৰী বলাৎকাৰৰ অভিযোগত ‘ধনঞ্জয়’ক ফাঁচি কাঠত ওলোমাই মৃত্যুদণ্ড দিছিল৷ 

উল্লেখ নকৰি নোৱাৰি আমাৰ চুবুৰীয়া ৰাজ্যৰ ফাংজাম মনোৰমাৰ কথা৷ ২০০৪ চনৰ জুলাই মাহৰ ১১ তাৰিখে পুৱতি নিশা ইম্ফলৰ পূৱ জিলাৰ বমেন কাম্পুৰ নিজ গৃহৰ পৰা আসাম ৰাইফলছৰ জোৱানে শুই থকা অৱস্থাৰ পৰা দুৱাৰ ভাঙি লৈ গৈছিল মনোৰমাক৷ সেই দিনাই বিয়লি পাঁচ বজাত প্ৰায় চাৰি কিলোমিটাৰ দূৰৈত মনোৰমাৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হ’ল৷ সমগ্ৰ দেহত যৌন উৎপীড়নৰ চিন আছিল৷ প্ৰশ্ন হ’ল– জনমানসত সুৰক্ষা বাহিনীয়ে এইদৰেই নাৰীত্বক সন্মান জনাই নেকি? উগ্ৰপন্থী আক্ৰান্ত কাশ্মীৰ আৰু মণিপুৰত বলবৎ থকা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (Armed Forces Special Powers Act) নামৰ ৰাক্ষসী আইনখনৰ সুৰক্ষাৰে যৌন নিৰ্যাতনকো নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থী দমনৰ আছিলা হিচাপে ব্যৱহাৰ কৰা উচিতনে? 

তদুপৰি নাৰীত্বক সন্মান জনোৱাৰ পৰিৱৰ্তে পুৰুষসকলে নাৰীক যৌন উৎপীড়ন কৰা এই ভাৰততে অলেখ উদাহৰণ আছে৷ ২০০৬ চনৰ ২৯ ছেপ্টেম্বৰৰ দিনা মহাৰাষ্ট্ৰ ভান্দাৰা জিলাৰ এখন ক্ষুদ্ৰ গাঁৱৰ ‘ভটমাংগে’ নামৰ দলিত পৰিয়াল এটাৰ চাৰিজন সদস্যক ক্ষমতাশালী ‘কুবি’ জাতিৰ লোকসকলে নিষ্ঠুৰভআৱে হত্যা কৰিলে৷ পৰিয়ালটোক হত্যা কৰাৰ কাৰণ হিচাপে আছিল ৰাস্তা এটা নিৰ্মাণৰ বাবে তেওঁলোকৰ মাটিখিনি অধিগ্ৰহণৰ বিৰোধিতা কৰাটো৷ উল্লেখ্য যে হত্যাৰ আগে আগে পৰিয়ালটোৰ মহিলা সদস্যা সুৰেখা আৰু প্ৰিয়ংকাক নাঙঠ কৰি ৰাজহুৱাকৈ ৰাস্তাৰ ঘূৰাই ফুৰোৱা হ’ল৷ অনুসন্ধান কৰি চৰকাৰে ৰিপ’ৰ্ট দিলে যে ঘটনাটোৰ জগৰীয়াসকলৰ ওপৰত পুলিচৰ শীৰ্ষ বিষয়াসকলৰ আশীৰ্বাদ আছিল৷ এনেধৰণৰ কাৰ্যৰ যোগেদি বুজা যায় যৌন নিৰ্যাতন হ’ল সম্প্ৰদায় আধিপত্যৰ আহিলা৷ 

বছৰ বছৰ ধৰি ‘আন্তৰ্জাতিক মহিলা সৱলীকৰণ দিৱস’ অনুষ্ঠিত কৰি থকাৰ পাছতো কিয় বাৰু মহিলাসকল নিৰ্যাতিত হৈ আহিছে? কিয় ভগৱানৰ অপূৰ্ব সৃষ্টিৰাজী ‘নাৰীত্ব’ক সন্মানৰ পৰা বঞ্চিত কৰা হয়, আৱশ্যে উত্তৰ-পূৰ্বাঞ্চলৰ দুটা বিখ্যাত নাৰী সংগঠন নগা মাদাৰ্ছ এছ’চিয়েশ্যন আৰু মেইৰা পাইৰিয়ে নাৰীৰ সন্মানৰ বাবে যুঁজ দি আছে৷ দুয়োটা সংগঠনকে ‘দ্যা টাইমছ অৱ ইণ্ডিয়া ছ’চিয়েল ইমপেক্ট এৱাৰ্ড’ দিয়া হৈছে৷ এই সংগঠন দুটাই কোনো মহিলাৰ যাতে কেতিয়াও মানৱ অধিকাৰ খৰ্ব কৰা নহয় তাৰ বাবে কাম কৰি আছে৷ 

উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলে দমন-পীড়ন, নিৰ্যাতন আৰু অত্যাচাৰৰ মুখামুখি হৈয়েই থাকে৷ এই মহিলাসকলৰ বহু ক্ষেত্ৰতেই পিছপৰা অথবা দুৰ্বল তাক নক’লেও হ’ব৷ সাধাৰণতে কোৱা হয় যে এই অঞ্চলৰ মহিলাসকল সুৰক্ষিত, সন্মানিত আৰু নিৰাপদ৷ ই প্ৰকৃততে সঁচা নহয়৷ উক্ত সংগঠন দুটাৰ ইতিহাসে তাকেই ৰিঙিয়ায়৷ যিকোনো মূল্যৰ বিনিময়ত নাৰীক যৌন নিৰ্যাতনৰ দৰে নৃশংসতা সহ্য কৰিব নোৱাৰি৷ এই গুৰুত্বপূৰ্ণ বিষয়টোৰ সন্দৰ্ভত প্ৰতি নাগৰিক মাত্ৰেই সচেতন হ’ব লাগিব৷ পিতৃ-মাতৃ, অভিভাৱক, বৌদ্ধিক মহল সচেতন হ’ব লাগিব৷ এই ঘটনাসমূহ পাৰ্যমানে কমাবলৈ তলত দিয়াৰ দৰে ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি৷ 

ব্যৱস্থাসমূহ ঃ

ৰ৷ বিদ্যালয়ৰ কেৰিকুলামত ঘটনাসমূহৰ পৰা হ’ব লগা বিপদসমূহৰ বিস্তৃত বিৱৰণ থাকিব লাগে৷ 

২৷ আমাৰ মাননীয় শিক্ষাগুৰুসকলেও এনে ধৰণৰ পাঠদান কৰোঁতে কিশোৰ সকলৰ অন্তৰভেদী যোৱাকৈ শিক্ষাদান কৰিব লাগে৷ যাতে কিশোৰসকলে ঘৰতো গৈ ভাবি থাকেগৈ৷ 

৩৷ ইণ্টাৰনেটত এৰি দিয়া পৰ্ণগ্ৰাফী বিলাকেও (অতিৰঞ্জিত আৰু উদ্ভট ছবি) ফুল কুমলীয়া অৱস্থাতে কিশোৰহঁতৰ মনবিলাক বেয়াৰ ফালে ঢাল খুৱায়৷ 

৪৷ সন্তানসকল ক’লৈ গৈছে, কেনেধৰণৰ বন্ধু-বান্ধৱৰ লগত ঘূৰিছে, বিদ্যালয়লৈ বুলি সদায় যায় হয়, কিন্তু বিদ্যালয় সদায় পায়গৈনে নাই ইত্যাদি সৰু সৰু কথাবোৰ পিতৃ-মাতৃ, অভিভাৱক, খুৰা-খুৰী, পেহা-পেহী, মামা- মামী আৰু ওচৰ-চুবুৰীয়া সকলোৱে পৰ্যবেক্ষণ কৰিব লাগে৷ 

প্ত৷ সন্তানৰ বন্ধু-বান্ধৱক মাজে-সময়ে ঘৰলৈ মাতি আনি তেওঁলোকৰ লগত পিতৃ-মাতৃ, পৰিয়ালেও আহ্লাদ কৰিব লাগে৷ দিল্লীৰ দামিনী হত্যাত এজন ১৭ বছৰীয়া কিশোৰো জড়িত আছে৷ তদন্তত গম পোৱা গৈছে বোলে সেই কিশোৰজনে ঘৰত কিবা এটা অপৰাধ কৰোঁতে পিতৃ-মাতৃয়ে ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ বাবেই হয়তো এনে অপৰাধ সংঘটিত কৰিলে৷ কিশোৰে অপৰাধ কৰিলে কাউন্সেলিং কৰিব লাগে৷ 

৬৷ Role Model ১ বিষয়ে প্ৰকাশিত কিতাপ পঢ়াৰ প্ৰতি ধাউতি বঢ়াব লাগে৷ কিতাপ পঢ়িলে জ্ঞান বাঢ়ে৷ 

জ্জ৷ বিভিন্ন সাহিত্য সভাৰ সভালৈ পিতৃ-মাতৃ নিজেও যাব লাগে আৰু সন্তানসকলকো লৈ যাব লাগে৷ এই সভাবিলাকত বিচিত্ৰ মনীষীসকলক লগ পোৱা যায়৷ কথাতেই কয় সংগ গুণেহে শিক্ষা৷ 

জ্জ্ব৷ আজৰি সময় কটাবৰ বাবে সন্তানক বহিঃ পাঠ্যক্ৰম (Extra Curriculum) দিব লাগে৷ সংগীত, আবৃত্তি, অভিনয়, খেলাধূলা আদিৰ স্কুলত নামভৰ্তি কৰি দিব লাগে৷ সদায় ব্যস্ত কৰি ৰাখিব লাগে৷ কথাতে কয় – An ideal brain is a devil’ব্দ workshop. আকৌ- Learning is a continuous process.

সৰ্বশেষত উল্লেখ্য যে ভাৰতৰ প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ভাষাত –“নাৰীৰ সৰ্বাংগীণ উন্নতি হ’লেহে সমাজ তথা দেশৰ উন্নতি হ’ব৷ “The awaken people it is the women who must be awakened. Once she is on the move the family moves the village moves the nation moves.’’ সেইদৰে স্বামী বিবেকানন্দই কৈছে– “There is no chance for the walfare of the world unless the condition of women is improved. It is not possible for a bird to fly with only one wing.’’

Leave a Reply

Your email address will not be published. Required fields are marked *