মাতৃভাষাৰ ভাওনাবোৰ ভাওনা হৈয়েই থাকক(ডঃ মাণিক শইকীয়া) – Purbodix.com

মাতৃভাষাৰ ভাওনাবোৰ ভাওনা হৈয়েই থাকক(ডঃ মাণিক শইকীয়া)

শ্ৰীমন্ত শংকৰদেৱ লগতে মাধবদেৰ, গোপালদেৱ আৰু লক্ষ্মীদেৱকে ধৰি কেইগৰাকীমান নাট্যকাৰে ৰচনা কৰা নাটকেইখনৰ অব্যবহৃত পৰৱৰ্তী কালতে বিভিন্ন-বিচিত্ৰ কাহিনীৰ অবলম্বন নাট ৰচনা হ’বলৈ ধৰিলে৷ সেইকাৰণে ক’ব পাৰি, নতুন নতুন কাহিনীৰ সোৱাদ দিবলৈ বা ল’বলৈ বিচৰাটোও শংকৰোত্তৰ যুগৰ নাটৰ বিবিধতা আৰু বিচিত্ৰতাৰ অন্যতম কাৰণ আছিল৷ স্বাভাৱিকতেই এই সকলোবোৰতে যুদ্ধ আৰু লক্ষ্যপূৰ্ণ উক্তি প্ৰত্যুক্তিৰ পয়োভৰ ঘটিল৷ ৰামচৰণ ঠাকুৰ, দ্বিজ, দৈত্যাৰী ঠাকুৰ আদি নাট ৰচোতাসকলে তেনে দৃশ্য বা চৰিত্ৰ সংযোজন কৰিৰ পৰা কাহিনীৰ প্ৰতি বেছি মনোযোগ দিবলৈ ধৰিলে৷ এনে লক্ষণসমৃদ্ধ নাটসমূহ দৰ্শক ৰাইজেও আদৰি লয়৷ 

ইয়াৰ পিছৰ পৰ্যায়ত সত্ৰাধিকাৰসকল আৰু গাঁৱে-ভূঞে দুই- এজন শিক্ষিত লোকে মাতৃভাষাৰ নাট ৰচনা কৰিবলৈ ধৰিলে৷ যোৱা এশ-ডেৰশমান বছৰত সেই নাটবোৰেই উজনি অসমৰ গাঁওসমূহৰ নামঘৰ-মণিকূট ৰজনজনাই থাকিল৷ নাটসমূহক পৰম-পবিত্ৰ জ্ঞান কৰি, নাট ৰচোতা (কাটোতা) সকলৰ নাম সন্নিবিষ্ট কৰাতো এক প্ৰকাৰৰ অপৰাধ বুলি ধৰি লোৱা বাবেই এইসকল নাট্যকাৰৰ নাম পাবলৈ নাই৷ কিন্তু তেখেতসকলে যে পবিত্ৰ মনোভাবেৰে অত্যন্ত ভক্তি সহকাৰে এনে কাৰ্যত মনোনিবেশ কৰিছিল সেই কথা নক’লেও হয়৷ নাটসমূহৰ মহাভাৰতৰ শেষ পৰ্যায়ৰ কাহিনীৰ অৱলম্বনত ৰচিত নাটখনৰ নাম ‘কু সন্ধ্যা’৷ মন কৰিব লগীয়া যে সঁচাসঁচিকৈয়ে যেন সেইসময়ত শক্তিশালী কুৰুবংশৰ শৌৰ্য-বীৰ্য শেষ হৈ সন্ধ্যাবন্তিৰ শিখাৰ নিচিনাকৈ ঢিমিক- ঢামাককৈহে জ্বলি আছিল৷ আনহাতে, আকৌ ‘অজনৰ দৃষ্টিদান, শনিৰ প্ৰতিজ্ঞাপূৰণ, জলজন্ম নিধন’ নামৰ নাটখনৰ নামকৰণত’ন’ ধ্বনিৰ অনুপ্ৰাস মন কৰিবলগীয়া৷ কোনো এখন ৰাজ্যৰ অত্যাচাৰী কনিষ্ঠ পুত্ৰই ধাৰ্মিক পিতৃ আৰু সত্যবাদী জোষ্ঠ ভাতৃৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰৰ জৰিয়তে ৰক্তেৰে প্লাবিত কৰি ৰাজ্য দখল কৰা কাহিনী সন্নিবিষ্ট নাটখনৰ নাম ৰক্তমুকুট’৷ দুখৰ কথা এনেহেন সুন্দৰ আৰু অৰ্থবহ নামেৰে নাট ৰচনা কৰা এইসকল নাট্যকাৰ, বনৰীয়া ফুল হাবিতে ফুলি জাবিতে মৰহি যোৱাৰ দৰে কোনো পৰিচয় কিম্বা স্বীকৃতি বুকুত হেৰাই গল৷ 

মাতৃভাষাৰ নাটৰ ক্ষেত্ৰ ঘাইকৈ ভাষাৰ পৰিৱৰ্তনটোৰ কথাকেই ব্যৱস্থাৰ উল্লোখ কৰা হৈ থাকে৷ কিন্তু অংকীয়া নাটৰ এক অংকৰ পৰিবৰ্তন মটিভসমূহ যে বহু অংকবিশিষ্ট হ’ল সেইকথা দৃষ্টিৰ অন্তৰালতেই থাকি যায়৷ অৱশ্যে মাতৃভাষাৰ নাটত আধুনিক নাটকৰ নিচিনাকৈ অংক আৰু দৃশ্য বিভাজন কৰি দেখুওৱা নহয় তথাপি কাহিনীৰ অগ্ৰগতি বিশ্লেষণ কৰিলে এনে নাটসমূহ থকা কেইবাটাও অংক সহজেই চকুত পৰে৷ বহুসময়ত নাটৰ নামসমূহেও এইবোৰ যে কেইবাটাও অংকৰ সমষ্টি সেইটো প্ৰমাণ কৰে৷ উল্লেখযোগ্য যে এইসমূহে মাতৃভাষাৰ নাটৰ স্বাভাবিক বৈশিষ্ট্য ৰক্ষা কৰিছিল৷ সাম্প্ৰতিক কালত এনে নাট ৰচনা কৰোঁতাসকলৰ দৰে আৰ ছিগা চুলি তাৰ ছিগা চুলিৰে নেমেৰী খোপা বান্ধিবলৈ যোৱা নাছিল৷ 

এতিয়াৰ প্ৰতিযোগিতা আদিতো অভিনয় কৰা, শকুনিৰ প্ৰতিশোধ’ নাটখনৰ কথাকে লোৱা হ’ল৷ এই নাটখনৰ কৰ্ণ-কুন্তীৰ দৃশ্যতো অতুল চন্দ্ৰ হাজৰিকাৰ কুৰুক্ষেত্ৰ নাটকৰ পৰা লোৱা৷ তাৰ লগতে সঞ্জয় চৰিত্ৰটো যোগ দি কেইটামান সংলাপ দিয়া হৈছে৷ আনহাতে আকৌ শকুনিৰ প্ৰতিশোধ’ নাটকত থকা বৰাগীৰ চৰিত্ৰটো আঁতৰাই, ব’ৰাগীয়ে খাবলগীয়া গীতটো দোহাৰেই গাই নাটকখন আগবঢ়াই নিয়ে৷ ইয়াৰ উপৰি চৰিত্ৰসমূহৰ প্ৰবেশৰ গীত আৰু যুদ্ধৰ গীত আদিও সংযোগ কৰা হৈছে৷ শ্ৰীকৃষ্ণ চৰিত্ৰটো নাটকখনত আগৰে পৰাই আছিল যদিও ভাওনাৰ নাটখনত চৰিত্ৰটোক প্ৰথমতেই প্ৰবেশ কৰাই সংলাপ হিচাপে এটা স্বগতোক্তি দিয়া হৈছে৷ এনেদৰেই একে উৎসৰ পৰাই গান্ধাৰীৰ অভিশাপ, কৰ্ণপৰ্ব, সূৰ্যপুত্ৰ কৰ্ণ আদি পৃথক পৃথক নাটকো তৈয়াৰ কৰা হৈছে৷

মন কৰিব লগীয়া কথাটো হ’ল, মাতৃভাষাৰ নাটৰ পূৰ্বৰ নাট্যকাৰসকলে কিন্তু এনে কৰা নাছিল৷ সাম্প্ৰতিক কালৰ নাট্যকাৰসকলে কৰাধৰণে একোজন স্বনামধন্য নাট্যকাৰৰ নাটকৰ এনেদৰে অস্ত্ৰোপচাৰ কৰা উচিত নে অনুচিত সেই প্ৰসংগটোৱেও নি(য় আলোচনাৰ দাবী ৰাখে৷

এইটোৱেই যোৱা কেইটামান বছৰত নাট্য কাহিনীৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰো মূল কাৰণ৷ অতুল চন্দ্ৰ হাজৰিকাৰ কুৰুক্ষেত্ৰ আৰু গণেশ চন্দ্ৰ গগৈৰ শকুনিৰ প্ৰতিশোধ নাটকৰ কথা অংশ মিলাই ‘কুৰু সিংহাসন’: লক্ষ্যধৰ চৌধুৰীৰ ৰক্ষকুমাৰ আৰু চন্দ্ৰধৰ বৰুৱাৰ মেঘনাদ বধ নাটকৰ পৰা ‘লংকা বিজয়’: কমলানন্দ ভট্টাচাৰ্যৰ চিত্ৰাংগদা নাটকৰ পৰা কৰা ‘পাৰ্থ পৰাজয়’ আদি ভাওনাৰ নাটৰ নিটোল কাহিনী, অমিত্ৰাক্ষৰ ছন্দৰ সুন্দৰ সুন্দৰ সংলাপ আৰু কাহিনীভাগৰ সাৱলীল অগ্ৰগতিতে ভাওনাপ্ৰিয় ৰাইজক আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে৷ দক্ষযজ্ঞ, সাবিত্ৰী সত্যবান, দুষ্যন্ত-শকুন্তলাৰ পুনৰমিলন, দুৰ্জনাসুৰ বিধ আদি নাটৰ ক্ষেত্ৰতো একে কথাই খাটে৷ এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে মাতৃভাষাৰ নাট ভাওনাৰ বৌদ্ধিক স্বীকৃতিৰ ক্ষেত্ৰত এই প্ৰসংগটোৱে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিবগৈ পাৰে৷ 

বৰ্তমানে হৈ থকা প্ৰতিযোগিতাসমূহৰ গুণ-বিচাৰকসকলে একোখন নাটৰ বিচাৰ কৰোঁতে এনে দিশবোৰলৈ মন দিয়েনে নিদিয়ে আমি নাজানো৷ উল্লিখিত ‘শকুনিৰ প্ৰতিশোধ’ নামৰ মাতৃভাষাৰ নাটখনৰ বাৰু ৰচক কোন? গণেশ চন্দ্ৰ গগৈ? অতুল চন্দ্ৰ হাজৰিকা? নে দুয়োজনৰে নাটকৰ আলম লৈ সামান্য যোগ-বিয়োগ কৰি ভাওনাৰ নাটৰ ৰূপ দিয়া অনামী নাট্যকাৰজন? সেইকাৰণে হয়তো ক’ব পাৰি, পূৰ্বৰ নাট্যকাৰসকলে কাহিনী ৰচনা কৰিছিল, এতিয়াৰসকলে আৰ ছিগা চুলি তাৰ ছিগা চুলিৰে কাহিনী নিৰ্মাণ কৰে৷ 

মন কৰিবলগীয়া যে গুৰুজনাই একেখন ৰংগথলীতে বিশেষ কোনো দৃশ্যসজ্জাৰ ব্যৱহাৰ নকৰাকৈ কেতিয়াবা দৈত্যপুৰী, কেতিয়াবা স্বৰ্ণপুৰী আদিৰ ধাৰণাহে দৰ্শক-শ্ৰোতাৰ মনলৈ আনি দিয়াৰ পৰিকল্পনা কৰিছিল৷ এই প্ৰসংগত ‘কিস্কিন্ধা বিজয়’ নাটৰ পৰা এটা উদাহৰণ দিব পাৰি৷ কিস্কিন্ধাপতি বালীৰ লগত যুদ্ধ কৰিবলৈ অহা মায়াৰম্ভ অসুৰ সুৰংগইদি পাতাললৈ পলাই যোৱাৰ পিছত বালীৰ সংলাপ দিয়া হৈছে এনেদৰে–  “চোঁৱা ভাই সুগ্ৰীৱ, পলাল প্ৰাণৰ ভয়ে দুৰ্দান্ত অসুৰ৷ প্ৰবেশিলে দুৰাচাৰে গৰ্তৰ ভিতৰে৷ এই সংলাপৰ পিছত আৰু ৰংগথলীৰ ভিতৰতে সুৰংগ এটা দেখুওৱাৰ প্ৰয়োজন নি(য় নাথাকে৷ কিন্তু সাম্প্ৰতিক কালত সঘনাই অভিনীত হৈ মৎস্য অৱতাৰ, কৰ্ম অৱতাৰ, হৰি(ন্দ্ৰ উপাখ্যান, সাবিত্ৰী-সত্যবান আদি বহুকেইখন নাট অত্যাধুনিক ছেটিংছ ব্যৱহাৰ নকৰাকৈ উপস্থাপন কৰিব পৰা নাযায়৷ এনে নাটসমূহৰ ক্ষেত্ৰতো আন কিবা কৌশল ব্যৱহাৰ কৰি উল্লিখিত ধৰণৰ দৃশ্যসমূহৰ পৰিকল্পনা কৰিব পাৰি নেকি ভাবি চোৱাৰ থল আছিল৷ তেতিয়া অন্ততঃ ভাওনাৰ নাটৰ প্ৰকৃত বৈশিষ্ট্যটো ৰক্ষিত হ’লহেতেন৷ ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ পোৱা মতে প্ৰতিযোগিতাৰ বাবে যিসমূহ নাট নিৰ্বাচন কৰা হৈছে তাৰে বহুকেইটা কাহিনী মুকলি ৰংগথলীত কেনেকৈ উপস্থাপন কৰিব ভাবিয়েই আচৰিত হৈছোঁ৷ হয়তো অত্যাধুনিক কলা-কৌশল আৰু পোহৰ ব্যৱস্থাৰে ভালদৰেই দেখুওৱা হ’ব৷ কিন্তু এনেদৰে গৈ থাকিলে মাতৃভাষাৰ ভাওনা দেখোন গৈ গৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ ওচৰ পাবগৈ৷ জনৈক লেখকে আশংকা কৰাৰ দৰে, মাতৃভাষাৰ নাট-ভাওনা পৌৰাণিক কাহিনীযুক্ত আধুনিক নাটকলৈ পৰিণত হোৱাটো কাৰো বাবেই সুখৰ কথা নহব৷ ইতিমধ্যে নতুন কাহিনীৰ নাটৰ সন্ধান আৰম্ভ হৈছেই৷ আকৰ্ষণীয় কাহিনীৰে সদৌ অসম ভিত্তিত শ্ৰেষ্ঠ হ’ব পৰা ধৰণৰ ভাল নাট এখন লিখি দিলে কেইবাহাজাৰো টকা দিবলৈ সাজু থকা দলৰ খবৰো পোৱা গৈছে৷ ভাল নাট মানে, পুৰুষ চৰিত্ৰ আৰু নাৰী চৰিত্ৰৰ সঞ্চালন, দুটামান হাস্য মধুৰ দৃশ্য, মুখা ব্যৱহাৰৰ সুবিধা আদিবোৰকে বুজোৱা হয়৷ এনেকৈ চলিবলৈ হ’লে ভ্ৰাম্যমাণৰ নাটকৰ নিচিনাকৈ পেছাদাৰী ভাওনাৰ নাট ৰচক ওলাবলৈ বেছি দিন নালাগিব৷ 

ইতিমধ্যে, একাংকিকা নাটকৰ দৰে ভাওনাৰ দৃশ্যাংশৰ প্ৰতিযোগিতা আৰম্ভ হৈছে৷ লখিমপুৰৰ কোনো এঠাইত ভাওনাত টিকট বিক্ৰীৰো ব্যৱস্থা হৈছিল বুলি জানিব পৰা গৈছে৷ প্ৰতিযোগিতাৰ ভাওনাৰ বাহিৰে আন উপলক্ষত অনুষ্ঠিত ভাওনাসমূহত দোহাৰসকলক নিয়ন্ত্ৰণ কৰাটো ইতিমধ্যেই সমস্যা ৰূপে চিহ্নিত হৈছে৷ এনে ভাওনাসমূহত স্ত্ৰী- চৰিত্ৰসমূহৰ দৃষ্টিকটু বেশ-ভূষা, পিঠিৰফালে মাত্ৰ চাৰি আঙুলমান কাপোৰৰ ব্লাউজ, নাৰদৰ মুখৰ সংস্কৃত শ্লোক আদিবোৰ অতি সাম্প্ৰতিক কালত হোৱা পৰিবৰ্তন৷ মন কৰিব, ব্ৰজাৱলী ভাষাটো বুজিব নোৱাৰা, বা টান পোৱা বাবেহে মাতৃভাষাৰ ভাওনাৰ সৃষ্টি হৈছিল বুলি উল্লেখ হৈ আহিছে৷ তেনেস্থলত, হকে-বিহকে, ভুলে-শুদ্ধই সংস্কৃত শ্লোক কিছুমান আওৰাই থাকিলে দেখোন দৰ্শকে আকৌ বুজিব নোৱাৰা অৱস্থা এটাহে আহি পৰিব৷ পৰিতাপৰ কথাটো হ’ল, এইসমূহ দিশ সম্পৰ্কে প্ৰতিযোগিতাসমূহৰ উদ্যোক্তা, কলা-কুশলী, যোগদানকাৰী দল, উদ্বোধক-আলোচক, বিচাৰক কোনেও গুৰুত্বসহকাৰে আলোচনা কৰা চকুত পৰা নাই৷ প্ৰায় প্ৰত্যেকখন প্ৰতিযোগিতাতে একোখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হয় যদিও, মাতৃভাষাৰ নাট- ভাওনাৰ বিষয়ে দহ শতাংশ আলোচনাও সন্নিবিষ্ট নহয়৷ 

প্ৰতিযোগিতা বা সমাৰোহৰ বিভিন্ন দায়িত্ব অৰ্পণ কৰি বক্তব্য ক’বৰ বাবে (ৰাখিবৰ বাবে নহয়) যিসকলক নিমন্ত্ৰণ জনোৱা হয়, তাৰে বহুসংখ্যকে আকৌ মাতৃভাষাৰ ভাওনাক চকুপানি দেখিবকে নোৱাৰে৷ উদ্যোক্তাসকলে কি ভাবি আমন্ত্ৰণ জনায় সেই কথা জানিব পৰা নাযায়, কিন্তু বহুসংখ্যক ব্যক্তিৰ আগত কথা ক’বলৈ পোৱাৰ আশাতে এইসকলে বৰ চুৰিয়াৰ ফেৰ মাৰি দায়িত্ব ল’বলৈ নহাকৈ নাথাকে৷ তদুপৰি, জীৱনত ভালদৰে মাতৃভাষাৰ ভাওনা এখন চাই নোপোৱাসকলেও এনেদৰে আমন্ত্ৰণ লাভ কৰি গুৰু-গম্ভীৰ মন্তব্য দিয়াৰ বাতৰি পালে মূৰে কপালে হাত দিয়াৰ বাহিৰে আৰু আন উপায় নাথাকে/ আমি এই মাধ্যমৰ যোগেদিয়েই, এখন অভিৱৰ্তনৰ আয়োজন কৰি সংশ্লিষ্ট বিষয়বোৰৰ আলোচনা আৰু এখন সৰ্বজনগ্ৰাহ্য নিয়মাৱলীৰ পোষকতা কৰিছিলোঁ৷ বিষয়টোৰে কাৰো পৰা কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *