
শৰৎ কালৰ এটি কোমল আবেলি৷ নীলিম আকাশত জাকে জাকে চৰাই উৰিছে৷ হয়তো সিহঁত ঘৰমুৱা হৈছে৷ চোতালৰ তলসৰা শেৱালিবোৰে আবেলিৰ মাদকতা বঢ়াই তুলিছে৷ চহৰৰ নামি-দামী হাস্পতালৰ চিকিৎসক ৰিপাই নিজৰ গাঁৱৰ ঘৰৰ নিজৰ চেম্বাৰত বিনামূলীয়াকৈ দুখীয়া-নিছলাক চিকিৎসা কৰিছে৷ তেখেতে প্ৰতি দেওবাৰে এই মহান সেৱা কৰি আহিছে৷ প্ৰেচাৰ জুখি থাকোঁতে হঠাৎ ৰিপাই এজন বয়সস্থ লোক (ওচৰৰ গাঁৱৰ সম্পৰ্কীয় খুড়া হয়)ক দেখি হাওহাওকৈ কান্দিবলৈ ধৰিলে৷ আচলতে মানুহজন দেখাত ৰিপাৰ দেউতাক ৰহিমৰ লেখীয়া৷
হোজা কিন্তু সত্যবাদী ৰহিমে চৌপাশৰ পৰা কেৱল মাথোঁ পাই আহিছিল অপযশ, লাভ কৰিছিল দুৰ্নাম৷ এজন ল’ৰা আৰু তিনিজনী ছোৱালী তেখেতৰ৷ ল’ৰাজন পাঁচ বছৰ নৌহওঁতেই ঢুকাল৷ পাঁচজনীয়া পৰিয়ালৰ পোহপাল দিয়াৰ সম্পূৰ্ণ দায়িত্ব তেওঁৰেই৷ দৰিদ্ৰ পিতৃৰ দুজন ল’ৰা থকা হেতুকে কেৱলমাত্ৰ নিজৰ ঘৰ বনাবলৈ দুই কঠা ভেটি-মাটি পিতৃৰ পৰা লাভ কৰে৷ ইতিমধ্যে আনজন ককায়ো হাৰ্ট এটেকত ঢুকাইছিল৷ অতি প্ৰখৰ মেধা সম্পন্ন ৰহিমে আৰ্থিক সমস্যাৰ বাবেই দ্বিতীয় শ্ৰেণীৰ পৰাই শিক্ষা গ্ৰহণক বিদায় দিবলগীয়া হৈছিল৷ গাঁওখনৰ এজন ভাল শ্ৰমিক হিচাপে সকলোৱে জানে আৰু কামো দিয়ে৷ এগৰাকী সত্যবাদী আৰু ন্যায়পৰায়ণ গুণৰ অধিকাৰী ৰহিমৰ কামৰ শেষ নাই৷ সি কিন্তু পঢ়া-শুনাৰ প্ৰতি ধাউতি থকা হেতুকে নিজৰ সন্তানক ভালদৰে পঢ়া-শুনা কৰাইছে৷ মেট্ৰিকৰ ফলাফলত ডাঙৰ ছোৱালী ৰিপাই ডিষ্টিংচনসহ উত্তীৰ্ণ হয়৷ এই ছোৱালী কেইজনীক লৈয়ে তেখেত জীয়াই আছিল৷ বাকী কেইজনী ছোৱালীও ডাঙৰ হৈ আছে, পিতাকৰ চিন্তা বাঢ়ি যাবলৈ ধৰিছে দিনকদিনে৷ ডাঙৰ জনীক কলেজত দিলে বিজ্ঞান শাখাত৷ খৰচ বৃদ্ধি হ’বলৈ ধৰিছে৷ নিজকে গাত ৰ’দ নলগা আৰু বৰষুণ নপৰা ব্যক্তি হিচাপে গঢ় দিলে৷ স্বাস্থ্যৰ কথা নাভাবি কেৱলমাত্ৰ হাজিৰাত গুৰুত্ব৷ লাহে লাহে মানহজন অসুস্থ হ’ব ধৰিলে৷ এদিনৰ কথা৷
ৰিপা ঃ দেউতা তই আৰু কাম নকৰিবি৷ এই পুহমাহৰ কুঁৱলীৰ মাজত ৰোৱা পুতা বৰফৰ লেখীয়া পানীত৷ এনেই তোৰ জ্বৰ৷
দেউতা ঃ নাই অ’ মাজনী একো নহয় বুজিছ৷ ঠাণ্ডা দিন চাওঁতে চাওঁতে বেলি বহিব৷
ৰিপা ঃ প্ৰয়োজনত পঢ়া-শুনা বাদ দিম, তই আমাৰ বাবে আৰু কষ্ট নকৰিবি৷
দেউতা ঃ নাপায় মাজনী, তেনেকৈ ক’ব নাপায়৷ তহঁতেই মোৰ জীৱন, তহঁতক মানুহ কৰি গঢ় দিব পাৰিলেহে মই শান্তি পাম৷
বৃদ্ধ পেঞ্চনৰ টকাখিনি বেংকৰ পৰা উঠাবলৈ গ’ল৷ তিনিদিন ঘূৰি যোৱাৰ পিছত চাৰি দিনৰ মূৰত ৰহিমে অতি কাতৰ সুৰেৰে ক’লে, “ছাৰ, মোৰ পাছবুকখন চাওক৷ আপুনি প্ৰতিদিনেই দেৰি হৈ গ’ল আৰু মোৰ আধাৰ কাৰ্ডৰ নম্বৰ লাগিব বুলি কৈ কাইলৈ লৈ আহিব বুলি কয়৷ আজি কাৰ্ডখনো লগত আনিছোঁ আৰু শাৰীত দ্বিতীয় নম্বৰত আহিছোঁ ছাৰ, আজি কামটো কৰি দিয়ক ছাৰ৷ “শুনিয়েই বিষয়াগৰাকী গৰজি উঠিল আৰু ক’বলৈ ধৰিলে, “বেছি কথা নক’ব৷ আপোনাৰ কামটো অকণমান পিছতহে কৰিব লাগিব এতিয়া নেটৰ অসুবিধা৷’’
ৰহিমে পুনৰ অনুৰোধৰ সুৰতে ক’লে, “ছাৰ আৰু দেৰি নকৰিব, মোৰ হাজিৰা খতি হৈছে৷ প্ৰতিদিনে হাজিৰা কৰা মানুহ মই৷’’
“সেইবোৰ কৈ লাভ নাই বুজিলে, আপুনি ক’লা নেকি আজি নেট নাই বুলি ক’লো নে৷ কি মুৰ্খ মানুহ আৰু/– এই বুলি বিষয়াজনে খং কৰিলে৷

উপায় নাপাই এসপ্তাহে নিজৰ কামক দলিয়াই দি পেঞ্চনৰ টকাখিনি কোনোমতে যেন উদ্ধাৰ কৰিলে৷ সেই একেদৰেই ৰিপাৰ কলেজৰ ফিচ ৰেহাই পাবৰ বাবে নিজৰ উপাৰ্জনৰ চাৰ্টিফিকেট পাবলৈ হাজিৰা খতি কৰি সপ্তাহ- দহদিন ঘূৰি বিষয়া সকলৰ কত ধমকি শুনি আনিবলগীয়া হ’ল তাৰ লেখ-জোখ নাই৷
মানুহজন বৃদ্ধ হ’ল৷ তেখেতৰ মাতবোৰ ক্ৰমান্বয়ে বৰ চুটি হৈ আহিছে৷ ৰিপাই পঢ়ি থকা দিনত নিজৰ কেৰিয়াৰৰ কথা ভাবি অকল পঢ়া-শুনাতেই ব্যস্ত হৈ থাকিল৷ ৰূপ যৌৱনৰ অভাৱ নাছিল তাইৰ৷ বহুতে মনৰ দুৱাৰত টোকৰ দিবলৈ চেষ্টাও কৰিছিল৷ কিন্তু তাই সঁহাৰি দিয়া নাছিল৷ একমাত্ৰ পিতাকৰ কথা ভাবি৷ দেউতাকৰ চেষ্টাত আৰু সময়ৰ গতিত নিজৰ কৰ্মদক্ষতাৰে ৰিপাই উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত পুনৰ ডিষ্টিংচন সহ উত্তীৰ্ণ হয়৷ আপোন সন্তানৰ সফলতাত পিতৃ-মাতৃৰ কি যে সুখ সেয়া হয়তো পিতৃ-মাতৃৰ বাহিৰে অইন কোনেও নুবুজে৷ গাঁৱৰ মানুহৰ মাজত এই লৈ কিছু আলোচনা কৰা দেখা গৈছে৷ কোনোৱে প্ৰশংসা কৰিছে আন কোনোবাই হিংসাৰ চকুৰে চাইছে আৰু মুখেৰে উচ্চাৰিত কৰিছে চিনাকি বচন- “দুখীয়া শ্ৰমিকৰ ছোৱালী, ইমান পঢ়া-শুনা কৰিনো কি হ’বঞ্জ যি পঢ়িলে হ’ল আৰু, এতিয়া বিয়া-বাৰুৰ চিন্তা কৰিব লাগে৷ “দুই-চাৰি বিয়াৰ ঘৰৰ কথা পৰিল দেউতাৰাৰ কাণত৷ এইবোৰ কেৰেপ নকৰি দেউতাৰাই গাঁৱৰে মহাজনৰ পৰা নিজৰ ঘৰৰ ভেটিৰ চুক্তিত টকা লৈ আদৰৰ কন্যাক নীটৰ ক্ৰচিঙত নামভৰ্তি কৰিলে৷ এই লৈ বহুতে হাঁহিছে৷ কিছুৱে পিতাকৰ সন্মুখতে শুনাই শুনাই কৈছে, “ছোৱালীক বাৰু ডাক্তৰ বনাই কি পাবা, এদিন পলাই যাব বেলেগৰ লগত৷ ডাক্তৰ পঢ়োৱা ইমান সহজ নহয়৷ তোমাৰ দৰে শ্ৰমিকৰ ছোৱালীয়ে ডাক্তৰ হ’ব/ সেয়া জানো সম্ভৱঞ্জ কিছুৱে আনকি ছোৱালী দোকানী বুলি জোকাবলৈ আৰম্ভ কৰিলে৷ “প্ৰতিজন লোকৰ প্ৰতি২৬বিবোৰ নিতৌ ভাহি থাকে ঠিক চিনেমাৰ ৰিলৰ দৰে৷ তেওঁলোকৰ নীৰস বচনবোৰ সৰ্বদা গীতৰ দৰে বাজি থাকে ৰহিমৰ কাণত৷
আঘোণৰ এটি আতোলতোল সন্ধিয়া৷ চোতালৰ শেৱালি জোপাই সুগন্ধি ছটিয়াই সুবাস বৃদ্ধি কৰিছে দুগুণে৷ ৰহিমে বহি কিবা কাম কৰিছে৷ পত্নীয়ে চাহ একাপ আনি দিছে৷ এনেতে মহাজনৰ আগমন৷
ঃ যোৱা মাহৰ সুদটো পোৱা নাই কিন্তু মই, এই মাহটো শেষ হ’বৰ হ’ল৷ দুই মাহৰ সুদৰ টকাখিনি একেলগে দিবি ৰহিম৷
ঃ মহাজন, ক্ষমা কৰিব আৰু দুটা মাহ ধৈৰ্য ধৰক৷ মই গোটেই টকাখিনি একেলগে দি দিম৷ আপুনি একেবাৰেই চিন্তা নকৰিব৷
ঃ নহ’ব নহ’ব এইবোৰ বেহুদা কথা কৈ লাভ নাই, কাইলৈলৈ মোৰ টকা লাগিব৷ নহ’লে তোক ঘৰতে পিঠি ফালি দিম বাপ্পেকে, মানুহ চিনি নাপাওঁ৷ লোকৰ টকাৰে ছোৱালীক পঢ়াব আহিছ, ছোৱালীৰে ব্যৱসায় কৰ৷ ছোৱালী কেইজনী ধুনীয়া আছে না৷
ঃ মহাজন তেনেকৈ নক’ব৷ মোক বিশ্বাস কৰক৷ মই আপোনাৰ টকা পৰিশোধ কৰিমেই৷ নহ’লে মোৰ ভেটি মাটি দি দিম৷ ছিঃ ছি ইমান নিম্ন খাপৰ কথা আপোনাৰ মুখেৰে উচ্চাৰিত কৰিছে/
ঃ কি বেয়া কথাডাল ক’লো৷ বেয়া তই কি শুনিছঞ্জ সময়ত নিদিলেহে শুনিবি৷ মনত ৰাখিবি কিন্তু৷ আজিলৈ আহিছোঁ৷
ৰিপাই কলেজত ক্ৰচিং প্ৰায় শেষ কৰিছে৷ ইতিমধ্যে আন দুজনী ছোৱালীয়ে মেট্ৰিকত ষ্টাৰ পাই উত্তীৰ্ণ হৈছে৷ ৰহিমে আনন্দৰ পৰিৱৰ্তে উত্তপ্ত হুমুনিয়াহ পেলালে৷ আশা আৰু সপোনৰ প্ৰবল হেঁচাত মানুহজন বাট নেদেখা হৈ পৰিল৷ চিন্তা আৰু লাঞ্ছনাৰ অন্তিমটো পৰ্যায়ত ককবকাই ভেটি মাটিৰ পৰা এক কঠা মহাজনক চমজাই দিলে৷ গাঁৱৰ প্ৰায় অধিকাংশ লোকৰ তিৰষ্কাৰৰ পৰিমাণ বাঢ়ি গৈ থাকিল আৰু দুৰ্বল ৰহিম দুৰ্বল হৈ থাকিল৷ পত্নীৰ সৈতে এইবোৰ কথা পাতি কিছু সময় চকু বন্ধ কৰি শুবলৈ ল’লে৷ গা বেয়া লাগিছে বুলি কৈ টোপনি গ’ল যদিও উভতি নহাৰ বাটেৰে গুচি গ’ল৷
অৱশেষত ৰিপাই নীটত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল,