শ্ৰী মাধৱদেৱ বিৰচিত “নামঘোষা’’ত গুৰু, দেৱ, নাম, ভকত তত্ব-——— – Purbodix.com

শ্ৰী মাধৱদেৱ বিৰচিত “নামঘোষা’’ত গুৰু, দেৱ, নাম, ভকত তত্ব-———

(ঊ প্ৰাণ প্ৰতিমা বড়া)

ষোড়শ শতিকাৰ শেষৰফালে গুৰু শংকৰদেৱৰ আজ্ঞা মতে মাধৱদেৱে এই ভক্তি কাব্যখনি ৰচনা কৰিছিল৷ “নামঘোষা’’ৰ নাম শব্দটোৱে কেৱল হৰিনাম বা ভগৱানৰ নামকহে বুজাইছে৷ ‘ঘোষা’ শব্দটোৰ ঘুষঋঅঋআৰ পৰা ঘোষা হৈছে৷ ভগৱানৰ নাম পুনঃ আবৃত্তি কৰা হয় বাবে এই গ্ৰন্থৰ নাম নামঘোষা৷ নামঘোষাত এহেজাৰ এটি ঘোষা আছে বা ইয়াক ‘হেজাৰী ঘোষা’বুলিও কোৱা হয়৷ মাধৱদেৱে নিজে কৈ গৈছে–

 “গুৰু সেৱাকৈ যি পালোঁ ঘোষাতে থৈছো, অনেক শাস্ত্ৰ বিচাৰি যি পালোঁ ঘোষাতে থৈছোঁ৷ 

বৈষ্ণৱ ধৰ্মৰ মূল চাৰিবস্তু গুৰু, দেৱ, নাম, ভকত তত্ব মাধৱদেৱে নামঘোষাত দি গৈছে৷ নামঘোষাত প্ৰথমটি ঘোষা ‘ভজন’ত গুৰু, দেৱ, নাম, ভকত তত্ব প্ৰতিফলিত হৈছে৷ কামনা-বাসনাহীন আনকি মুক্তিতো নিস্পৃহ অৰ্থাৎ শ্ৰৱণ-কীৰ্তনত সদানন্দ কৃষ্ণৰ লীলা-মালা, গুণ-গৰিমা নিমজ্জিত হৈ থাকে, যিজনৰ প্ৰেমময়ী ভক্তিত ভগৱানো বশ হয়৷ তেনে ভক্তহে গুৰুৰ বাবে যোগ্য৷ 

 নামঘোষাত কোৱা হৈছে–

 “যাৰ ৰাম কৃষ্ণ নাম  নামে ভৱ সিন্ধু তৰি

পাৱে পৰম্পদ পাপী যত৷ 

সদানন্দ সনাতন হেনয় কৃষ্ণক সদা

উপাসা কৰো হৃদয়ত৷৷ 

জগতখন হ’ল অসাৰ, অনিত্য৷ ভগৱান নিত্য, শুদ্ধ, নিৰ্মল, নিৰ্গুণ৷ ভগৱানে মায়া আৰু অবিদ্যাৰ জৰিয়তে সন্ত ৰূপত প্ৰকাশ কৰে৷ জীৱই ভ্ৰম হোৱাৰ দৰে সংসাৰখনতে সৰ্বস্ব বুলি মজি থাকে৷ মায়া আৱৰণ ভেদ কৰা একমাত্ৰ পথ হৈছে ভক্তি৷ এই পথ দেখুৱাবপৰা জনেই হ’ল গুৰু শংকৰদেৱ৷ মাধৱদেৱে নামঘোষাত কৈছে–

শ্ৰীমন্ত শংকৰ  হৰি ভকতৰ

জানা যেন কল্পতৰু

তাহান্ত বিনায়  নাই নাই নাই

আমাৰ পৰম গুৰু৷৷

নামঘোষাত মাধৱদেৱে গুৰু শংকৰদেৱক ভক্তসকলৰ কল্পতৰু বুলি কৈছে৷ কল্পতৰু বৃক্ষই যিদৰে সৰ্বকাম সফল কৰে ঠিক সেইদৰে শ্ৰীমন্তশঙ্কৰদেৱ ভক্তসকলৰ কল্পতৰু বৃক্ষ৷ নামঘোষাৰ চাৰিবস্তুৰ আন এক প্ৰকাশ হ’ল দেৱ৷ নামঘোষাত অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ হৰি কৃষ্ণ দেৱতা বুলি কোৱা হৈছে৷

কৃষ্ণ এক দেৱ দুখহাৰী  কাল মায়াদিৰো অধিকাৰী

কৃষ্ণ বিনে শ্ৰেষ্ঠ নাহি নাহি আৰ৷

সৃষ্টি স্থিতি অন্তকাৰী দেৱ  তান্ত বিনে আন নাহি কেৱ

জানিবা বিষ্ণুসে সমস্ত জগত সাৰ৷৷

নামঘোষাত সকলো দুখ, সুখ, সৃষ্টি, স্থিতি লয়ৰ অধিকাৰী কৃষ্ণ দেৱতা বুলি কোৱা হৈছে৷ দেৱৰো দেৱতা দৈৱকী নন্দন কৃষ্ণ৷ তেওঁৰ গুণ নামেই পৰম ধৰ্ম৷

মাধৱদেৱৰ নামঘোষা নামতত্ব প্ৰকাশক এখনি আদৰ্শ গ্ৰন্থ৷ নামঘোষাত নামে ভগৱানৰ নামক বুজাইছে৷ যিজন চৰাচৰ ব্ৰহ্মাণ্ডৰ গৰাকী, যিজন নিৰ্গুণ, নিৰাকাৰ, নিত্য, সত্য, বুদ্ধ, পৰমানন্দ বিষ্ণুৰ নাম৷ এই নাম অনাদি অনন্ত৷ নামঘোষা গ্ৰন্থখনিত ১৬৪ টি নামৰ উল্লেখ আছে৷

  চাৰিবস্তুৰ আন এক প্ৰকাশ হ’ল ভকত৷ ‘ভ’ মানে ভগৱন্ত ভয় বিমোচন, ‘ক’ মানে কৃষ্ণ ভক্তি, আৰু ‘ত’ মানে তৰণৰ উপায় কৃষ্ণত শৰণ৷ ভকত ভগৱন্তৰ অতি প্ৰিয়৷ এই কথা গীতাত কোৱা হৈছে ভগৱন্ত ভক্তৰ অধীন, ভকত বৎসল৷ তেওঁ নিৰাকাৰ, চৰাচৰ যদিও ভকতৰ ওচৰত বন্দী৷ ভকতে যি কামনা কৰে ভগৱন্তই তাক পূৰণ কৰে৷

মাধৱদেৱৰ নামঘোষাত কোৱা হৈছে–

‘একান্ত ভকত সৱে নিৰ্গুণ কৃষ্ণ গুণ

গাৱে সদা বাসিয়া যথাত৷ 

বৈকুণ্ঠৰ পৰিহাৰ যোগীৰো হৃদয় এৰি

থাকা হৰি সাক্ষাতে তথাতি৷৷ 

ভকতিৰ মূলমন্ত্ৰ হ’ল সত্য, দয়া, ক্ষমা৷ ভক্তৰ সৎসংগৰ অবিহনে ভকতি অপূৰ্ণ৷ ভক্তৰ ভক্তি পূৰ্ণ হয় সাধু সংগ বা সৎসংগৰ সান্নিধ্যত৷ 

মাধৱদেৱৰ নামঘোষাত গুৰু, দেৱ, নাম, ভকত এই চাৰিতত্ব অতি সহজ-সৰল আৰু ই নামঘোষাৰ বিভিন্ন ঘোষাত পৰিস্ফুট হৈ উঠিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *