অনুভৱৰ গুণগুণনি বনৰীয়া যৌৱনৰ কবিতা ( মৌচুমী ঘোঁৰাচোৱা ) – Purbodix.com

অনুভৱৰ গুণগুণনি বনৰীয়া যৌৱনৰ কবিতা ( মৌচুমী ঘোঁৰাচোৱা )

যোৱা কালি স্বৰ্গগামী হোৱা ৰাজ্যখনৰ সাহিত্য সংস্কৃতিৰ অন্যতম সাধক জয়কান্ত গন্ধীয়াৰ ডিগবৈত শেষকৃত্য সম্পন্ন কৰা হয় ৷ ডিগবৈ জ্যোতিনগৰৰ বাসগৃহত অজস্ৰ গুনমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনাই ৷বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা লোহিত গগৈ, সভাপতি গোলোক মৰান, সচিব প্ৰধান পবিত্ৰ মহন ফুকনৰ লগতে কেইবাখনো জিলা সমিতিৰ বিষয়ববীয়া, অসম সত্ৰ মহাসভাৰ কুসুম্ব মহন্ত ৰ লগতে কেইবাজনো বিষয়ববীয়াকে ধৰি বহু জনে শ্ৰদ্ধাঞ্জলি জনাই ৷জয়কান্ত গন্ধীয়াৰ মৃত্যু   আমাৰ বাবে অপূৰনীয় ক্ষতি বুলি শোকপ্ৰকাশ কৰে বিহু সুৰক্ষা সমিতিৰ সচিব প্ৰধান পবিত্ৰ মহন ফুকনে ৷ শ্ৰদ্ধাঞ্জলিৰ পাছত গায়ন বায়নেৰে সমদল কৰি গন্ধীয়াৰ নশ্বৰ দেহ লৈ যোৱা হয় ইটাভাটাৰ শ্মশানলৈ ৷ মাংগলিক ৰীতি নীতিৰে গন্ধীয়াৰ নশ্বৰ দেহ শেষকৃত্য সম্পন্ন কৰা হয় ৷ ৰাজ্যখনৰ বিশিষ্ট্য সাহিত্যিক, সংস্কৃতিৰ গৱেষক গন্ধীয়াক অজস্ৰ গুনমুগ্ধই শ্ৰদ্ধাঞ্জলি জনাই শেষবিদায় দিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *