অষ্টিঅ’ আৰ্থাইটিছ্‌ (Osteoarthritis) – Purbodix.com

অষ্টিঅ’ আৰ্থাইটিছ্‌ (Osteoarthritis)

(ঊ প্ৰাঞ্জল প্ৰতীম বৰা)

বৰ্তমান সময়ত আঁঠু বা Knee joint ত হোৱা অষ্টিঅ’আৰ্থাইটিছ্‌ (Osteoarthritis) আৰু ইয়াৰ ফলত হোৱা আঁঠুৰ বিষৰ সমস্যাৰ লগত প্ৰায় সকলোৱে পৰিচিত৷ ৰাতিপুৱা বিছনাৰ পৰা উঠাৰ লগে লগে আঁঠুৰ বিষ, পিছত দিনটোত চলা-ফুৰা কৰাৰ লগে লগে অলপ আৰাম পোৱাৰ দৰে লগা আৰু পিছলৈ সকলো সময়তে নেৰা নেপেৰাকৈ লাগি থকা এটা আঁঠুৰ বিষ, এনে সমস্যাৰে আৰম্ভ হোৱা আঁঠুৰ বিষ বহুতৰে থাকে৷ এয়া ৮০ শতাংশই অষ্টিঅ’আৰ্থাইটিছ্‌ৰ লক্ষণ বুলি ধৰিব পাৰো৷ কিন্ত অষ্টিঅ’আৰ্থাইটিছ্‌ ১ সমস্যা যে বৰ্তমান সময়তহে বেছি হৈছে তেনে নহয়৷ ইয়াক আমি শৰীৰৰ গাঠি বা Joint সমূহত সময় আৰু বয়সৰ লগে লগে হোৱা সলনিৰ ফলত পৰা প্ৰভাৱ বুলিব পাৰো৷ শৰীৰৰ সকলোবোৰ গাঠিৰ ভিতৰত যিহেতু আঁঠু বা knee joint য়েই শৰীৰৰ অধিক ওজন বহন কৰিবলগীয়া হয়, গতিকে আমাৰ বাবে আঁঠুৰ অষ্টিঅ’আৰ্থাইটিছ্‌ত ভাগাটো এটা সাধাৰণ কথা৷  আৰ্থাইটিছ্‌ৰ কাৰণ বিভিন্ন হব পাৰে৷ যেনে বিভিন্ন Infection, inflammation বা autoimmune disease আদি৷ কিন্তু অষ্টিঅ’আৰ্থাইটিছ্‌ পৃথক আন আৰ্থাইটিছতকৈ৷ কাৰণ অষ্টিঅ’আৰ্থাইটিছ্‌ আমাৰ সকলোৰে হ’ব পাৰে৷ আমি এনেদৰেও ক’ব পাৰো যে এই সমস্যাত আমি প্ৰায় সকলো লোকেই ভুগিব লাগিব৷ কাৰণ অষ্টিঅ’আৰ্থাইটিছ্‌ হল এটা বয়সৰ লগে লগে শৰীৰৰ গাঠিবোৰত হোৱা Change৷ একপ্ৰকাৰৰ গাঠিত হোৱা wear and tear change৷  প্ৰায় পঞ্চাছ বছৰৰ পিছত এজন লোকৰ এনে সমস্যা হোৱাৰ সম্ভাৱনা বহুতেই বাঢ়ি যায়৷ কাৰণ বয়সৰ লগে লগে গাঠি বা জইণ্ট্‌ বোৰৰ কাম কৰিব পৰা ক্ষমতা কমি আহে৷  ৫০ বছৰৰ আগতেও অষ্টিঅ’আৰ্থাইটিছ্‌ৰ সমস্যা হ’ব পাৰে আৰু পুৰুষ আৰু মহিলা দুয়োৰে সমানে সম্ভাৱনা থাকে৷ কিন্তু ৫০ বছৰৰ পিছত পুৰুষতকৈ মহিলাৰ এনে সমস্যাৰ সম্ভাৱনা দুগুন তিনিগুন বাঢ়ি যায়৷ কাৰণ ৫০ ১ পিছত মহিলাৰ মেন’পজ্‌ ১ পিছত Oestrogen হৰমণ প্ৰায় শেষ হৈ যায়৷ ফলত হাড়, গাঠি আৰু কাৰ্টিলেজত ক্ষয় আৰম্ভ হয়৷ 

এতিয়া একেবাৰে সহজ ভাৱে জানিবলে চেষ্টা কৰো আহক আঁঠুৰ অষ্টিঅ’আৰ্থাইটিছ্‌ কি৷ আমাৰ শৰীৰত যতেই গাঠি বা joint আছে, তাতেই ওপৰ আৰু তলৰ পৰা দুডাল বা তাতকৈ বেছি হাড় লগ লাগিহে গাঠি বা joint ১ সৃষ্টি হৈছে৷ ঠিক সেইদৰে আঁঠুৰ গাঠিটোও ওপৰৰ পৰা Feumar আৰু তলৰ পৰা Tibia আৰু Fibula নামৰ দুডাল হাড় লগ লাগি গঠন হৈছে৷ ওপৰৰ আৰু তলৰ হাড়ৰ মাজত, ঠিক গাঠিটোত কাৰ্টিলেজ (Cartilage) নামৰ ৰবৰৰ দৰে অংশ থাকে৷ কাৰ্টিলেজ (Cartilage) হ’ল ৰবৰৰ দৰে এক Tissue যি ওপৰৰ আৰু তলৰ হাড়ৰ মাজত Cushion ১ দৰে কাম কৰে৷ আমি যিকোনো মুভ্‌মেণ্ট (Movement) কৰোঁতে আঁঠুৰ গাঠিৰ ওপৰৰ আৰু তলৰ হাড় সুন্দৰভাৱে যাতে এডালৰ ওপৰেদি আনডাল পিছলি যায় বা glide হয় তাক নিয়ন্ত্ৰণ কৰে৷ কিন্তু কোনো কাৰণে যদি এই কাৰ্টিলেজ Damage হয়, ছিঙি যায় বা ক্ষয় হয়, তেতিয়া আমি movement কৰিলে ওপৰৰ আৰু তলৰ হাড়ৰ মাজত ঘৰ্ষণ হয় বা ঘহনি খায়, ফলত অত্যন্ত বিষ অনুভৱ হব পাৰে৷ যিমানে ঘহঁনি খাব সিমানে কাৰ্টিলেজৰ ক্ষয় হ’ব আৰু সেই অংশত কিছুমান সৰু সৰু হাড়ৰ দৰে অংশৰ গঠন হ’ব৷ লগতে গাঠিৰ ওচৰৰ মাংসপেশী আৰু লিগামেণ্ট সমূহ দুৰ্বল হৈ পৰিব৷ আঁঠুত বিষ হব আৰু আঁঠু ফুলি যাব৷ 

আঁঠুৰ অষ্টিঅ’আৰ্থাইটিছ্‌ৰ প্ৰধান কাৰণ কেইটা জানো আহক ঃ-

(ৰ) বংশগ কাৰণ

(২) বয়স আৰু হৰমণৰ প্ৰভাৱ

(৩) Overwight, শৰীৰৰ excess weight ১ বাবে অতি সোনকালেই আঁঠুৰ গাঠিত wear and tear change আহে

(৪) আগতে যদি হাড় আৰু কাৰ্টিলেজত আঘাত হৈছিল সিয়ো পিছলৈ অষ্টিঅ’আৰ্থাইটিছ্‌ ১ কাৰণ হ’ব পাৰে

(৫) অধিক সময় যদি আঁঠু কোচাই কাম কৰিব লগীয়া হয়, বা অধিক ওজন দাঙিব লগীয়া হয়

(৬) খেলোতে যদি কেতিয়াবা আঘাত পাইছে, যেনে যদি আঁঠুত জোৰকৈ বল লাগিছে বা দৌৰা দৌৰি কৰোঁতে ভৰি কেতিয়াবা জোৰকৈ পাক খাই গৈছে

(৭) Avascular necrosis বা যেতিয়া হাড়ত তেজৰ চলাচল কমি যায়

(৮) অধিক ইউৰিক এছিড্‌

 

আঁঠুৰ অষ্টিঅ’আৰ্থাইটিছ্‌ৰ লক্ষণ সমূহ

(ৰ) প্ৰধান লক্ষণ হল আঁঠুত বিষ, জঠৰতা আৰু খোজ কাঢ়িবলৈ অসুবিধা

(২) প্ৰথম অৱস্থাতত কোনো কাম কৰিলে আঁঠুৰ আৰু ভৰিৰ বিষ, বিশ্ৰাম কৰিলে আৰাম পায়, কিন্তু পিছত সকলো সময়তে বিষ

(৩) আঁঠুত Swelling বা ফুলি উঠা

(৪) আঁঠুৰ ওপৰত কোনো সময়ত ৰঙা পৰিব পাৰে আৰু চুলে গৰম অনুভৱ কৰিব পাৰে

(৫) আঁঠু কোচালে ভিতৰৰ পৰা কট্‌ক কট্‌ক শব্দ পাব পাৰে, যাক Crapitus বুলি জনা যায়

(৬) মন কৰিবলগীয়া, কিছুমান লোকৰ নাৰ্ভ দুৰ্বল হোৱাৰ ফলত আঁঠুত কোনো বিষ অনুভৱ নকৰিব পাৰে, কিন্তু আঁঠুত swelling আৰু stiffness থাকিলে অষ্টিঅ’আৰ্থাইটিছ্‌ৰ সমস্যা হ’ব পাৰে যদিওবা বিষ নাথাকে৷

 

এতিয়া চিকিৎসাৰ দিশটোলৈ আহো….

প্ৰথমে ক’ব লাগিব অষ্টিঅ’আৰ্থাইটিছ্‌ক আমি একেবাৰে ভাল কৰিব নোৱাৰো৷ নিয়ন্ত্ৰণ কৰিব লাগিব৷

চিকিৎসাৰ প্ৰথম অৱস্থাত বিষৰ বাবে আৰু কাৰ্টিলেজৰ ক্ষয় কম কৰিবলৈ ঔষধ দিয়া হয়৷ লগতে chronic বা পুৰণা বিষৰ ক্ষেত্ৰত

Antidepressant জাতীয় ঔষধ দিয়া হয়৷

ফিজিঅথেৰাপি চিকিৎসা অতি গুৰুত্বপূৰ্ণ৷ Electrical TENত্ৰ, IFT, LASER THERAPY আদিৰ সহায়ত বিষ কম কৰা হয় আৰু বিভিন্ন ধৰণৰ Strenthening exercise, quadricep exercise, stretching exercise, PNF আদিৰ সহায়ত আঁঠুৰ মাংসপেশীক শক্তিশালী কৰি ৰখা হয়৷

অষ্টিঅ’আৰ্থাইটিছ্‌ ত ভোগা লোক এজনে এক সুষম আহাৰৰ তালিকা অনুসৰণ কৰা আৰু যথেষ্ট পৰিমাণে পানী খোৱাটো অতি প্ৰয়োজন৷ 

অত্যধিক খোজ কাঢ়িব নালাগে আৰু খোজ কাঢ়োত knee cap ১ ব্যৱহাৰ কৰিব লাগে৷ 

আঁঠু কোঁচোৱা বা squatting, চাপৰ ঠাই বা তলত আঁঠু কোচাই বহা, চিৰি বগোৱা, ভৰিৰ ওপৰত ভৰি তুলি বহা বা Cross leg sitting কৰিব নালাগে৷ 

হাতত ওজন লৈ খোজ কাঢ়িব নালাগে কাৰণ সেই ওজন আঁঠুতে পৰিব৷ 

বেগাই খোজ কাঢ়িব কেতিয়াও নালাগে আৰু বিষ থাকিলে যিমান পাৰে সিমান খোজ পেলাব লাগে, অৰ্থাত একেবাৰে নহলে নোহোৱাখিনিহে খোজ দিব লাগে৷ 

যদিহে একেবাৰে আঁঠুৰ গাঠিৰ হাড়ৰ মাজৰ Space কমি যায়, তেনেহলে তাত নাৰ্ভ এনে ভাৱে চেপা খাই যে কোনো প্ৰকাৰে বিষ নিয়ন্ত্ৰণ নহয়৷ সেই অৱস্থাত knee replacement surgery ১ বাহিৰে আন উপায় নাথাকে৷ বৰ্তমান সময়ত অতি সহজে এই surgery কৰা হয়, আৰু এই surgery ১ পিছত প্ৰায় ১৫-২০ বছৰলৈ এজন লোকে কোনো বিশেষ অসুবিধা নোহোৱাকৈ চলা ফিৰা কৰিব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *