মনুষ্যত্বৰ বিকাশ হওক (কমলাক্ষী বৰা) – Purbodix.com

মনুষ্যত্বৰ বিকাশ হওক (কমলাক্ষী বৰা)

বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ জীৱন ধাৰণৰ মানদণ্ড কিমান উন্নত কৰিছে তাক আৰু দুনাই কোৱাৰ প্ৰয়োজন নাই৷ সংকীৰ্ণতাৰ পৰিধি ভাঙি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ পৰশত গঢ়ি উঠা এখন গাঁও হেন ধুনীয়া পৃথিৱীত এনেকুৱা লাগে যেন মানুহৰ মনবোৰো সকলো সংকীৰ্ণ ভাবৰ পৰা মুক্ত হৈ মানৱীয় অনুভূতিৰ এক উচ্চ স্তৰত উপনীত হৈছে৷ পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন ধৰ্মাৱলম্বী, বিভিন্ন জাতিৰ মানুহৰ মাজত এটাই ধৰ্ম হ’ব মানৱতা৷ এটাই জাতি হ’ব মানৱ জাতি৷ কিন্তু কথাতে কয় নহয় আলচা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি৷ বহুতো উদাৰ মনোভাৱৰ লোকে এনে এখন সুন্দৰ পৃথিৱীৰ কল্পনা কৰে যদিও কিছু গোড়া, ধৰ্মান্ধ প্ৰকৃতিৰ মানুহৰ বাবে মানুহৰ এনে মহৎ চিন্তা কেতিয়াও সম্ভৱ নহয়৷ 

ধৰ্ম মানেনো কি? পুৰণিকলীয়া ৰীতি-নীতিৰে নিজৰ নিজৰ উপাস্য দেৱতা বা ধৰ্মগুৰু সকলক পূজা কৰা, প্ৰাৰ্থনা কৰা অথবা নামাজ পঢ়া আদি কাৰ্যকে ধৰ্ম বুলি কয় নেকি? নিজৰ ধৰ্ম সৰ্বশ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰি আনৰ ধৰ্মক ঘৃণা কৰাটোৱেই ধৰ্ম নেকি? নিজৰ ধৰ্মটো পৃথিৱীৰ সকলোৱে পালন কৰিব লাগে আনৰ ধৰ্ম নিঃশেষ হৈ যাব লাগে– এনে চিন্তাবোৰকে ধৰ্ম বুলি কয় নেকি? প্ৰকৃত ধৰ্মই কেতিয়াও আনৰ ধৰ্মক ঘৃণা কৰিবলৈ নিশিকায়৷ পৃথিৱীৰ সকলো ধৰ্মৰ সাৰমৰ্ম একেই৷ আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে গীতা, বাইবেল, কোৰান আদি ধৰ্ম গ্ৰন্থ সমূহ সৃষ্টি হৈছিল সেই সময়ৰ পৰিৱেশ, পৰিস্থিতি অনুসৰি৷ মানুহক শুদ্ধ পথ দেখুৱা আৰু সমাজত শান্তি প্ৰতিষ্ঠা কৰাই যে ধৰ্ম গ্ৰন্থ সমূহৰ মূল উদ্দেশ্য আছিল তাত কোনো সন্দেহ নাই৷ কিন্তু আজিৰ এচাম তথাকথিত ধাৰ্মিকে সেই মহৎ ধৰ্ম গ্ৰন্থ সমূহৰ ভুল ব্যাখ্যা দি মানুহক বিপথে পৰিচালিত কৰিছে৷ আজিৰ এই ডিজিটেল পৃথিৱীত এলান্ধুকলীয়া ধৰ্মীয় নীতি-নিয়ম সমূহ পুনৰ প্ৰতিষ্ঠা কৰি ইটোয়ে-সিটো ধৰ্মক ঘৃণা কৰিবলৈ প্ৰৰোচিত কৰা কাৰ্য মানৱ সমাজৰ বাবে কিমান ভয়ংকৰ হ’ব পাৰে?  

ভগৱান ক’ত থাকে? এবাৰ গুৰু নানকদেৱে সুদূৰ আৰৱৰ দুস্তৰ মৰুভূমি অতিক্ৰম কৰি সত্যৰ সন্ধানত মক্কা নগৰীত উপস্থিত হৈছিল৷ কথিত আছে, মক্কাত তেওঁ এদিন মছজিদৰ ফালে ভৰি দি শয়ন কৰিছিল৷ তাকে দেখি মৌলবীয়ে অতিশয় ক্ৰোধান্বিত হৈ তেওঁক তিৰস্কাৰ কৰাত তেওঁ অতি বিনয় ভাবে ক’লে, “মৌলবী চাহাব, খং কৰিছে কিয়? পৰমেশ্বৰ যি ফালে নাই অনুগ্ৰহ কৰি মোৰ ভৰি দুখন সেইফালেই ঘূৰাই দিয়ক৷ “এই কথাত মৌলবী নিৰ্বাক হ’ল৷ গতিকে ভগৱান ক’ত নাই? কেৱল মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰাতহে যে ভগৱান থাকে এনে নহয়৷ পৃথিৱীৰ সকলো জীৱৰ অন্তৰত ভগৱান থাকে৷ ভগৱান সত্যত থাকে৷ ভগৱান প্ৰেমত থাকে৷ ভগৱান ন্যায়ত থাকে৷ দয়া, ক্ষমা, ত্যাগ, সহিষ্ণুতা আদি সকলো সৎ চিন্তাত ভগৱান থাকে৷ প্ৰতিটো সৎ চিন্তা আৰু সৎ কৰ্মতে ঈশ্বৰ, আল্লা, গড বিমূৰ্ত অৱস্থাত থাকে৷ যিহেতু ভগৱান নিৰাকাৰ৷ ভগৱানক কোনেও দেখা নাই৷ গীতাত কৈছে কৰ্মই ধৰ্ম৷ কৰ্মতকৈ ডাঙৰ ধৰ্ম পৃথিৱীত একো নাই৷ সৎ, শুদ্ধ, সুন্দৰ কৰ্মৰ দ্বাৰাই মানুহে স্বৰ্গ সৃষ্টি কৰিব পাৰে আৰু কুকৰ্ম কৰি মানুহে নৰকো সৃষ্টি কৰিব পাৰে৷ মানুহে মানুহৰ বাবে ভগৱান হ’ব পাৰে৷ আজি মানুহ ৰূপী ভগৱান বোৰেই পৃথিৱীত স্বৰ্গ সৃষ্টি কৰিছে আৰু মানুহ ৰূপী চয়তান বোৰেই পৃথিৱীত নৰকো সৃষ্টি কৰিছে৷ মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰাত পূজা, প্ৰাৰ্থনা কৰিলে ভগৱান নামি নাহে পৃথিৱীলৈ মানুহৰ দুখ-দুৰ্দশা দূৰ কৰিবলৈ৷ মানুহে নিজেই নিজৰ দুখ-দুৰ্দশা দূৰ কৰিব লাগিব৷ ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধত হাজাৰ হাজাৰ শিশুৰ মৃত্যু হৈছে৷ এই নিষ্পাপ শিশুবোৰক ভগৱানে বচাব নোৱাৰে কিয়? কাৰণ মানুহৰ কৰ্মৰ বাবে ভগৱান দায়ী নহয়৷ ইয়াৰ বাবে দায়ী একমাত্ৰ মানুহ৷ মানুহেই যুদ্ধ সৃষ্টি কৰিছে৷ গতিকে মানুহেই বন্ধ কৰিব লাগিব এই যুদ্ধ, হত্যা-লীলা৷ মানুহেই প্ৰতিষ্ঠা কৰিব লাগিব শান্তি৷ 

২০১৭ চনত সমাজ বিজ্ঞানী এৰিএলা কাইছাৰ (Ariela Keysar) আৰু জুহেম নাভাৰু ৰিভেৰাই (Juhem Navarro Rivera) কৰা এক সমীক্ষা অনুসৰি পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ নাস্তিক মানুহৰ সংখ্যা জ্জণ৷ ইয়াৰ পৰা বুজা যায় পৃথিৱীত আস্তিক অৰ্থাৎ ভগৱানক বিশ্বাস কৰা মানুহেই বেছি৷ চীন, জাপান, অষ্ট্ৰেলিয়া, ছুইডেন, ইউ কে, দক্ষিণ কোৰিয়া আদি দেশৰ আধাতকৈ বেছি মানুহেই নাস্তিক৷ ২০২৩ ১ এক সমীক্ষা অনুসৰি চীনৰ সৰ্বমুঠ জনসংখ্যাৰ ৯১ণক্মমানুহেই নাস্তিক৷ বেছি সংখ্যক মানুহ নাস্তিকৰে ভৰা এই দেশবোৰ পৃথিৱীৰ চহকী, ধনী দেশ হোৱাৰ উপৰিও ইয়াৰ মানুহৰ মাজত সুখ, শান্তি, কেনেকৈ বিৰাজমান হৈ আছে? কাৰণ ইয়াৰ মানুহে কৰ্মক বিশ্বাস কৰে৷ চৰকাৰখনে দেশৰ লগতে জনসাধাৰণৰ উন্নতিৰ হকে কাম কৰে৷ দুৰ্নীতিক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে৷ এই দেশত বেছিভাগ লোকেই শিক্ষিত হোৱাৰ বাবে জনসাধাৰণ সজাগ হয় চৰকাৰৰ কৰ্মৰাজিৰ প্ৰতি৷ মানুহে শুদ্ধ, সৎ চিন্তা, যুক্তি আৰু উচিত বিবেচনাক গুৰুত্ব প্ৰদান কৰে৷ শান্তি, সম্প্ৰীতি আৰু একতা বজাই ৰাখে৷ মানুহে মানুহৰ বাবে চিন্তা কৰে৷ মানুহক জীৱন নিৰ্বাহ কৰিবলৈ অন্ন, বস্ত্ৰ বাসস্থানৰ লগতে নিৰাপত্তাৰ প্ৰয়োজন৷ কিন্তু সম্প্ৰতি পৃথিৱীৰ বহুত মানুহে অনৰ্থক ধৰ্মক লৈ কৰা হৈ-চৈ, অঁৰিয়া-অঁৰি আৰু যুদ্ধ-বিগ্ৰহ বোৰৰ বাবে জীৱন নিৰ্বাহৰ বাবে মৌলিক প্ৰয়োজন খিনিৰ পৰাও মানুহ বঞ্চিত হৈছে৷ মানুহে জীয়াতু ভুগিছে৷ তথাপিও ধৰ্মক লৈ অঁৰিয়া-অঁৰি কৰিবলৈ এৰা নাই৷ গতিকে বৰ্তমান বিজ্ঞানৰ এই চৰম উন্নতিৰ যুগত মানুহে ধৰ্ম ধৰ্ম কৰি অথবা যুদ্ধ-বিগ্ৰহ কৰি জীৱনৰ বহু মূল্যৱান সময় নষ্ট কৰি পৃথিৱীখন ৰক্তাক্ত কৰাতকৈ মানৱ প্ৰেমেৰে আগবাঢ়ি যাওক৷ মানুহে মানুহৰ বাবে ভাৱক৷ মনুষ্যত্বৰ বিকাশ কৰক৷ মানুহেই মানুহৰ বাবে ভগৱান হওক৷ যিহেতু মানৱ সেৱাই ঈশ্বৰ সেৱা৷

Leave a Reply

Your email address will not be published. Required fields are marked *