কথকতা ফাগুনৰ(ৰেখা ডেকা মহন্ত) – Purbodix.com

কথকতা ফাগুনৰ(ৰেখা ডেকা মহন্ত)

ঐ ক’লৈ যাৱ

যাওঁ ফাগুনক বিচাৰি, অৰঙে-দৰঙে

ঘূৰি আহ, ফাগুন শুষ্ক, ধূলিয়ৰী, বতাহত ৰোগৰ বীজাণু কঢ়য়িাই আনে৷ 

হাঃ হাঃ কালিৰ চিন্তাত আজি কিয় মৰো৷ চুই চাম ফাগুনক, উৰি লম মদাৰ, পলাশৰ ৰং৷ নীলিম আকাশত জুই ফুলৰ সৌন্দৰ্য পান কৰিম মন জুৰাই৷ 

আহিলি ন’? 

ও আহিলোঁ৷ 

ধূলিবোৰ গালে মুখে লৈ কি পাবি? 

ধূলিবোৰৰ আঁৰত থকা ৰঙবোৰ খেপিয়াই চা, বিচাৰি পাবি কি পাওঁ মই৷ কৃষ্ণচূড়াৰ প্ৰতি থকা হাবিয়াস আঙুলিৰ পাবৰ শেষত ঠিকেই দেখ, সেয়া যে প্ৰত্যক্ষ৷ ভালদৰে জুমি চালে দুচকুৰ গভীৰতাত ফাগুনৰ ৰঙবোৰো দেখা পাবি, মাথোঁ ধূলিবোৰ জোকাৰি ল’৷ 

থ তোৰ ডাঙৰ ডাঙৰ কথাবোৰ, বুজাৰ ইচ্ছা তিলমানো নাই৷ ধূলিয়ৰি বাট পথ আৰু সৰাপাতৰ কৰ্কশ শব্দৰ বাহিৰে ফাগুনত কি আছে৷

ও নাই ফাগুনত একো নাই, চাব নিবিচাৰিলে সকলো কেৱল এটা শূন্য মাথোঁ৷ চাবলৈ শিকিলেই দেখিবি সৰাপাতৰ আঁৰৰ ছবিখন৷ বসন্তৰ ৰাগীয়ে চোৱাৰ আগৰ পলসুৱা ভূমি৷ সেউজীয়াৰ প্ৰাণ প্ৰতিষ্ঠা হোৱাৰ প্ৰথম খোজ৷ য’ত বিচ্ছেদৰ বিবৰ্ণই সেউজীয়াক আঁকোৱালি লয়৷ ফাগুনে মায়া সানে  বৰণ মদৰুৱা৷ 

ঐ বতাহী, হ’লেই নে তোৰ আকৌ যাবলৈ? 

আজি যদি নাযাওঁ কেতিয়া যাম৷ এটা বছৰৰ অপেক্ষাক বুকুত বান্ধি যাবলৈ ওলাইছোঁ৷ অনাগত বছৰে বা আকৌ কি কঢ়িয়াই আনে? 

কথাবোৰ চিধাকৈ ক’লে নহয় নি তোৰ? 

মই কেনেকুৱা জানিও নজনাৰ ভাও ভাল ধৰিব জান৷ 

ক’লৈ যাৱ…বেলি লহিওৱাৰ পৰত? 

যাওঁ ফাগুনৰ পছোৱাই কঢ়িয়াই অনা অন্যতম সুখকণৰ সুধা পান কৰিবলৈ৷ এয়া যে আৰাধনাৰ সময়, মোৰ আৰাধ্যৰ৷ খোজত ফাগুনৰ কোলাহল৷ 

শুনচোন …..

উফ দিনটো দেখোন তোৰ কথা শুনি থাকোঁতেই যায় মোৰ৷ ক’ এতিয়া আকৌ কি হ’ল? 

নাই একো নহয়, ওও…আচলতে কথা এটা ভাবিছোঁ৷ 

হেৰি নহয়, তোৰ প্ৰিয় ৰঙটো কি বুলি কৈছিলি? 

এটা কথা তোৰ শেষ নৌহওঁতেই, আকৌ আন এটা কথা আৰম্ভ হয়েই যে? ভাল লগাবোৰ জানিও কিয় সুধি থাক? 

ধেৎ তোৰ মুখেৰে শুনি ভাল লাগে৷ 

চা আজি শেষবাৰলৈ কৈছোঁ আৰু সুধি নাথাকিবি মোক? 

দে দে হ’ব৷ ক’ এতিয়া৷ 

নীলা মোৰ প্ৰিয় ৰং৷  ঠিক আকাশখন দৰে যি সকলো সামৰি ৰাখে৷ 

ও ঠিকেই৷ তই নীলা ভাল পাৱ আৰু মোৰ আৰাধ্য নীলকণ্ঠ৷ বেচ কিছু কথা মিলে অথচ তই ফাগুনৰপৰা পলাই ফুৰ৷ 

নীলা ৰঙটো ভাল পাওঁ কৈছোঁ যিটো আকাশৰ, তোৰ আৰাধ্য ইয়াৰ মাজত ক’ৰপৰা আহিল…সংগতিহীন কথাৰ মাজত সংগতি বিচাৰি ফুৰা স্বভাৱ এৰ৷ 

তই ক’লি আৰু মই মানি ল’লোঁ৷ ফাগুনৰ মায়াময় আঁচলখন মেৰিয়াই ল’ব মই কোৱাও নাই জানো অবান্তৰ কথা এইটো৷ কেৱল মাত্ৰ ফাগুনৰ ৰঙাখিনি দেখুৱাইছোঁ তোক৷ আৰু শুন নাঙলৰ মুঠিটো টানকৈ ধৰিবি৷ ফাগুনেইটো ছটিয়াই যাব সম্ভাৱনাৰ আবিৰ, ৰং যাৰ সেউজীয়া৷ 

ফাগুন উদভ্ৰান্ত, পছোৱাৰ সঞ্চালনত ধূলিৰ  তৰপ, তৰপে তৰপে বিষাদ গাঁথা অথচ প্ৰেমিক মনত বসন্তৰ আগতীয়া ৰাগী৷ 

বতাহৰ লহৰত বসুন্ধৰাৰ সিক্ত গোg.. 

ফাগুনৰ ওভতনি যাত্ৰা১…

Leave a Reply

Your email address will not be published. Required fields are marked *