শ্ৰীশ্ৰীশ্যামৰায় সত্ৰ ঃএক অৱলোকনড॰ (নগেন কলিতা) – Purbodix.com

শ্ৰীশ্ৰীশ্যামৰায় সত্ৰ ঃএক অৱলোকনড॰ (নগেন কলিতা)

নলবাৰী জিলাৰ লাউপাৰাত অৱস্থিত শ্ৰীশ্ৰী শ্যামৰায় সত্ৰখন অসমৰ প্ৰাচীন সত্ৰবোৰৰ ভিতৰত এখন উল্লেখযোগ্য সত্ৰ৷ গৰাখহনীয়াৰ প্ৰবলত সত্ৰখন কেতিয়া স্থাপন কৰা হৈছিল সেই বিষয়ে লিখিত তথ্য-প্ৰমাণ পাবলৈ নাই যদিও জনশ্ৰুতিৰ ওপৰত ভিত্তি কৰি ইয়াৰ প্ৰতিষ্ঠা কাল খ্ৰীষ্ট্ৰীয় পঞ্চদশ শতিকাৰ কিছুকাল আগৰ বুলি ক’ব পৰা যায়৷ 

লাউপাৰা পূৰ্বতে অবিভক্ত কামৰূপ জিলাৰ অন্তৰ্ভুক্ত আছিল৷ হাতীমূৰা পাহাৰৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এই গাঁওখন অৱস্থিত আছিল আৰু গোস্বামী, ব্ৰাহ্মণ, কোঁচ, কলিতাকে আদি কৰি বিভিন্ন জাতিৰ লোক বাস কৰিছিল৷ জনশ্ৰুতি অনুসৰি খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ আগতে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ মনপুৰৰ স্বৰ্গীয় সনাতন দেৱগোস্বামী (সন্তভূষণ)ৰ পুত্ৰ যাক সৰু গোঁসাই (জয়দেৰ) হিচাপে জনা যায়৷ জয়দেৱ গোস্বামীয়ে আগলতি কলপাত এখনত উঠি বাৰিষাৰ ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ হাতীমূৰা পাহাৰত অৱস্থান কৰিছিল৷ লাউপাৰাৰ গন্ধোৰদেলীয়া পৰগণীয়া ৰাইজ গয়ৰহক সপোন দেখুৱাই কৈছিল যে জয়দেৱ গোস্বামী হাতীমূৰা পাহাৰত আছে, তেওঁক লৈ যাব লাগে৷ তেতিয়া গন্ধোৰদেলীয়া পৰগনীয়া ৰাইজ গয়ৰহে সপোনত কোৱা মতে তেওঁক দেখি আদৰি নি লাউপাৰাত থকাৰ ব্যৱস্থা কৰি দিয়ে আৰু তাতেই তেওঁ প্ৰথমতে এটা বিষ্ণু মন্দিৰ স্থাপন কৰিছিল আৰু সৰু গোসাঁই (জয়দেৰ) য়ে এওঁলোকক ৰাইজগয়ৰহৰ লগত তাতেই মূৰ্তিবিহীনভাবে শ্ৰীশ্ৰী শ্যামৰায় সত্ৰ স্থাপন কৰিছিল৷ আৰম্ভণিৰে পৰা গোস্বামী পৰিয়ালে সত্ৰখন পৰিচালনাৰ ক্ষেত্ৰত আগভাগ লৈ আহিছে৷ সনাতন দেৱগোস্বামী ওৰফে সন্তভূষণ দেৱগোস্বামী কনৌজৰ পৰা অহা লোক আছিল৷ সনাতন দেৱগোস্বামীৰ পুত্ৰ জয়দেব গোস্বামী যাক সৰু গোঁসাই হিচাপেও জনা গৈছিল, তেঁৱেই শ্যামৰায় সত্ৰৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ৷ তেওঁৰ পিছত পুৰুষানুক্ৰমে সত্ৰাধিকাৰৰ দায়িত্ব লাভ কৰিছিল৷ জয়দেৱ গোস্বামীৰ পিছত তেওঁৰ পুত্ৰ শ্যামদেৱ গোস্বামী, শ্যামদেৰ গোস্বামীৰ পিছত তেওঁৰ পুত্ৰ কামদেব গোস্বামী, কামদেব গোস্বামীৰ পিছত তেওঁৰ পুত্ৰ বাসুদেৱ গোস্বামী, বাসুদেৱ গোস্বামীৰ পিছত তেওঁৰ পুত্ৰ ৰংদেব গোস্বামী, ৰংদেব গোস্বামীৰ পিছত তেওঁৰ পুত্ৰ থানদেব গোস্বামী আৰু তেওঁৰ পিছত তেওঁৰেই পুত্ৰ পূৰ্ণদেৱ গোস্বামীয়ে সত্ৰাধিকাৰ হিচাবে কাৰ্যনিৰ্বাহ কৰে৷ বৰ্তমান পূৰ্ণদেৱ গোস্বামীৰ পুত্ৰ দেৱেন্দ্ৰদেৱ গোস্বামীয়ে (মহন্ত, ভকত) শ্যামৰায় সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব পালন কৰি আছে আৰু সমস্ত গন্ধোৰদেলীয়া পৰগনীয়া ৰাইজে এওঁলোকৰ পৰায়ে শৰণ-ভোজন বৰ্তমানলৈ লৈ আহিছে আৰু এওঁলোককে গন্ধোৰদেলীয়া পৰগনীয়া ৰাইজৰ কুলগুৰু বুলি জনা যায়৷ 

শ্ৰী দেৱেন্দ্ৰদেৱ দেব গোস্বামী (মহন্ত, ভকত) বৰ্তমান ছয়গাঁৱৰ অন্তৰ্গত ভবাণীপুৰৰ বাসিন্দা৷ উল্লেখযোগ্য যে জয়দেব গোস্বামীয়ে লাউপাৰাত স্থাপন কৰা বিষ্ণু মন্দিৰটোৰ লগতে শ্যমৰায় সত্ৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ পৰে৷ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত মানুহবোৰ বিভিন্ন ভাগত ভাগ হৈ দূৰ-দূৰণিলৈ গুচি যায় আৰু সেইবোৰ ঠাইতে শ্যমৰায় নামেৰে মন্দিৰ, নামঘৰ, শাখা, সত্ৰ, শসং পাতি লয়৷ ভবাণীপুৰতে সেই মূল বিষ্ণু মন্দিৰ আৰু গুৰু শসং স্থাপন কৰি এটি নামঘৰ প্ৰতিপালন কৰি আছে দেৱেন্দ্ৰদেৱ গোস্বামীয়ে৷ লাউপাৰা অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাত একাংশ লোক ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশলৈ নিৰাপদ ঠাই বিচাৰি আগুৱাই যায় আৰু আন একাংশ লোক ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ আহি নিৰাপদ স্থানত আশ্ৰয় লৈ বসতি স্থাপন কৰে৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ভেৰভেৰী অঞ্চললৈ এওঁলোকৰ বংশসকল অহা বাবে এওঁলোকক ভেৰভেৰীয়া গোঁসাই নামেৰে জনা যায়, ইয়াৰ আগতে এওঁলোকক গন্ধোৰদেলীয়া পৰগনীয়া ৰাইজৰ গোঁসাই বুলি জনা গৈছিল৷ জনশ্ৰুতি অনুসৰি আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্ব কালত কছাৰীসকলৰ অত্যাচাৰৰ পৰা ৰক্ষা পোৱাৰ লক্ষ্যৰে গুৰু দামোদৰদেৱ নলছিয়া গাঁৱৰ পৰা ভটিয়াই আহি শিষ্যসহ এই লাউপাৰা শ্যামৰায় সত্ৰতে আছিল আৰু শ্যামৰায় সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক দীক্ষা দি মহন্ত হিচাপে স্বীকৃতি প্ৰদান কৰি সত্ৰৰ পূজা-সেৱাৰ লগতে ভোজন দীক্ষা দিয়াৰ বাবে দায়িত্ব প্ৰদান কৰিছিল৷ পৰৱৰ্তী সময়ত এওঁলোকৰ বংশয়ে বৰ্তমানলৈ ভোজন দীক্ষা আৰু শৰণ দি আহিছে৷ এই মহন্তসকল ভেৰভেৰীলৈ গুচি অহাত এওঁলোকক ভেৰভেৰীয়া গোসাঁই মহন্ত হিচাপে চিহ্নিত কৰা হ’ল৷ ভেৰভেৰী অঞ্চলতো ব্ৰহ্মপুত্ৰই খহনীয়া সৃষ্টি কৰাত এই ভেৰভেৰীয়া গোস্বামী মহন্তসকল ছয়গাঁৱৰ ভবাণীপুৰত থাকিবলৈ লয়৷ 

অন্য এক জনশ্ৰুতি অনুসৰি শ্ৰীশ্ৰী শংকৰদেৱে নাৱেৰে ভটিয়াই আহোঁতে লাউপাৰাত শ্ৰীশ্ৰী দামোদৰ দেৱৰ সৈতে সাক্ষাত হয় আৰু দুয়োগৰাকীয়ে ভাগৱত চৰ্চাত ব্যস্ত হৈ পৰে৷ ইয়াতেই শংকৰদেৱ আৰু গুৰু দামোদৰদেবে সত্ৰবাসী ৰাইজক নাম-কীৰ্তনৰ উপৰিও ‘গোন্ধ’ বা সত্ৰৰ বাৰ্ষিক সভা পাতি ভাওনা প্ৰদৰ্শনেৰে কৃষ্ণৰ মাহাত্ম্য প্ৰচাৰ কৰাৰ পৰামৰ্শ দিছিল৷ শংকৰদেৱৰ আৰু গুৰু দামোদৰদেৱৰ পৰামৰ্শ অনুসৰি ভাওনা পাতি ধৰ্মৰ গোন্ধ বিলাইছিল বাবেই এই গাঁওখন ‘গোন্ধৰ দিয়া’ বা ‘গোন্ধদিয়া’ গাঁও হিচাপে আৰু গাঁওখনৰ বাসিন্দাসকলক ‘গোন্ধৰদেলী’ বা ‘গোন্ধৰদেলীয়া’ হিচাপে অভিহিত কৰা হৈছিল৷ গুৰু দামোদৰদেৱৰ প্তজন আচাৰ্যৰ ভিতৰত প্ৰধান আছিল সনাতন দেৱ (সন্তভুষণ) আৰু এওঁৰ পুত্ৰই আছিল সৰু গোঁসাই অৰ্থাৎ জয়দেৱ গোস্বামী৷ গুৰু দামোদৰদেৱৰ আধ্যাত্মিক সৃষ্টি আছিল ভকত সেৱা, পূৰ্ণ সেৱা, অৰণি সেৱা আৰু মেৰু সেৱা৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াত পৰি গোন্ধৰদেলীয়াসকল বিভিন্ন ঠাইত সিঁচৰতি হৈ পৰে৷ এই কথাৰ ইংগিত ইতিমধ্যে ওপৰত দি অহা হৈছে৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে আগুৱাই গৈ থকা লোকসকল বামন্দী, শ্ৰীহাটী, কয়াটোল, বৰলাহ, সৰু লাহ, বাথান কমাৰতোলা, হাবদিয়া, বড়ীগাঁও, কছাৰীভিঠা, ছান্দা, দৌলাশাল, কেকানকুছি, বৰভাগ, কালাগ, পাণ্ডুলা, পাটবাউসী আৰু নতুনকৈ গাওঁ যেনে– কালডি, জাগৰাপাম, তেঘৰেতাৰি, মুকালমুৱা ৰিজাৰ্ভ, বৰুৱা পুটা, গঙ্গাপুৰ, দংৰিপাৰা ৰিজাৰ্ভ, নতুন লাউপাৰা (লোৱাৰকথা) আদি বিভিন্ন ঠাইত থিতাপি লয়৷ অনেক পৰিয়াল ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ বিভিন্ন ঠাই যেনে– আগণ্ডমী, পাছগুমী, উদমূৰী, কালাদ দিয়া, গণকপাৰা, উত্তৰ বাংকাকাটা, নতুন সাপৰৰ্টাৰী, ভবাণীপুৰ, বাঁহজানী, বাঘৰদিয়া, চমৰীয়া, চৌধুৰিপাৰা আদি ঠাইত বসতি স্থাপন কৰে৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰতো খহনীয়া হোৱাত পলাশবাৰী, বৰটাৰী আদি অঞ্চলৰ পৰা অনেক লোক চন্দ্ৰপুৰ, মৰিগাঁৱৰ বিভিন্ন ঠাই যেনে– ৰহা, বৰঝাৰী, মালয়বাৰী আদি ঠাইলৈ গুচি যায়৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ আগুৱাই যোৱা লোকসকল বিভক্ত কামৰূপ জিলাৰ তামুলপুৰৰ পাৰ্শ্ববৰ্তী বিভিন্ন অঞ্চল, যেনে– পূব কচুকাটা, গান্ধীবাৰী, লটিবাৰী, কয়াতুল চুপা, মাজগাৰি, দোৱামাখা, জাজীকোণা, ঢেঁকীপোতা আদি ঠাইলৈ গুচি যায়৷ জাজীকোণাত মূল শ্যামৰায় সত্ৰৰ পৰা বন্তিশিখালৈ গৈ সত্ৰখনৰ শাখা স্থাপন কৰি অক্ষয় বন্তি প্ৰজ্বলিত কৰি ৰখা হৈছে৷ মূল লাউপাৰাৰ পৰা পৰিয়ালবোৰ দূৰ-দূৰণিলৈ আঁতৰি গ’লেও সেইবোৰ ঠাইত শ্যামৰায় সত্ৰৰ শাখা আৰু নামঘৰ স্থাপন কৰি ধৰ্মচৰ্চা অব্যাহত ৰাখিছে৷ ফলত মূল শ্যামৰায় সত্ৰৰ শাখা-প্ৰশাখাৰ সংখ্যা বাঢ়ি গৈ আছে৷ 

ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে শ্যামৰায় সত্ৰখন পাঁচ-ছয়বাৰ স্থানান্তৰিত কৰিবলগীয়া হয়৷ বৃহৎ লাউপাৰাবাসীক ব্ৰহ্মপুত্ৰৰ খহনীয়াই ছেদেলি-ভেদেলি কৰিলে যদিও প্ৰায় এশমান পৰিয়াল ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশলৈ আগুৱাই গৈ থাকি শেষত পুৰাণ আখিয়া ৰাজহ গাঁৱৰ কাষতে শনিৰোড চ’কৰ দক্ষিণে নিগাজীকৈ বসতি স্থাপন কৰিবলৈ গৈ গাঁওখনৰ নামকৰণো লাউপাৰা হিচাপেই ৰাখি মূল শ্ৰীশ্ৰী শ্যামৰায় সত্ৰখন তাতেই পুনৰ স্থাপন কৰে আৰু মূল শ্যামৰায় সত্ৰৰ বৰ্তমানৰ ঠিকনা এয়াই৷ 

সত্ৰত বিভিন্ন উৎসব-পাৰ্বন অনুষ্ঠিত হয়৷ দামোদৰ দেৱৰ তিথি বহল পৰিসৰেৰে হোম যজ্ঞসহ পালন কৰা হয়৷ জেঠৰ মাহত ‘জেঠুৱা নাম’ আৰু ‘গোৱালৰ নাম’ অনুষ্ঠিত কৰা হয়৷ ভাদ মাহত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু কৃষ্ণৰ জন্মতিথিৰ পঞ্চম দিনা ‘পাঁচটি’ উৎসব অনুষ্ঠিত হয়৷ পাঁচটি উৎসৱৰ সৈতে সংগতি ৰাখি ‘আই নাম’, ‘সংকীৰ্তন’, ‘দধিমথন’, ‘নাও খেল’, ‘নাৰিকল ভঙা’আৰু ‘পুতনা বধ’ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ শৰৎ কালত লক্ষ্মীপূজা, মাঘৰ মাহত ‘সভা’ আৰু ‘গোন্ধ’ অনুষ্ঠিত হয়৷ প্ৰথম দিনা গোন্ধ বা গন্ধ আৰু দ্বিতীয় দিনা সভা অনুষ্ঠিত হয়৷ গোন্ধৰ দিনা ঢুলীয়া, ওজাপালি, নাম কীৰ্তন আৰু নিশাৰ ভাগত যাত্ৰাভিনয় প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়৷ উৎসৱৰ সময়ত সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ আজ্ঞামতে আলহী-অতিথি, আৰু নিমন্ত্ৰিত অতিথি ভকত আৰু পুৰোহিতক নিয়ম অনুসৰি সিধা প্ৰদান কৰা হয়৷ সিধা প্ৰদানৰ সময়ত প্ৰভু ঈশ্বৰ আৰু ৰাইজৰ পুৰোহিত উপস্থিত থকাটো বাঞ্ছনীয়৷ গোন্ধৰ দিনা সন্ধিয়া প্ৰথমতে সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ দ্বাৰা ‘মালোৱা’ (আৰিয়া) জ্বলোৱা হয়৷ প্ৰথমে ৰাইজৰ ‘মালোৱা’ জ্বলোৱা হয় আৰু তাৰ পিছতহে ব্যক্তিগতভাবে আগবঢ়োৱা ‘মালোৱা’বোৰ জ্বলোৱা হয়৷  সত্ৰৰ ভিতৰত জ্বলি থকা বন্তিগছি অক্ষয় বন্তি৷ সেয়েহে বিভিন্ন ঠাইৰ পৰা তীৰ্থযাত্ৰীসকলে আহি শ্যামৰায়ৰ চৰণত সেৱা লোৱাৰ আগতে সাধ্যানুসাৰে মিঠাতেল সত্ৰলৈ আগবঢ়াই প্ৰভুৰ আশীৰ্বাদ বিচাৰে৷ এনেদৰেই শ্ৰীশ্ৰী শ্যামৰায় সত্ৰই প্ৰায় পাঁচ শতিকাজোৰা দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰি আজিৰ অৱস্থা পাইছে৷ নতুনকৈ গঢ়ি উঠা লাউপাৰাত শ্ৰীশ্ৰী শ্যামৰায় সত্ৰ স্বমহিমাৰে জিলিকি উঠি এক সুস্থিৰ-সমাহিত আধ্যাত্মিক পৰিবেশ সৃষ্টিৰে ৰাজ্য তথা আমাৰ দেশত এক শান্তিৰ পৰিবেশ গঢ়ি তোলাত বিশেষ অৰিহণা যোগাই আহিছে৷ 

জয়তু শ্ৰীশ্ৰী শ্যামৰায় সত্ৰ৷ 

কৃতজ্ঞতা ঃ

(শ্ৰী শ্ৰী শ্যমৰায় সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু- ঈশ্বৰ আৰু শ্যমৰায় সত্ৰৰ পৰিচালনা সমিতিৰ বিষয়ববিয়া সকললৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *