(ঊপাৰিজাত বৰুৱা)

জীৱনৰ চাৰিটা স্তৰ– শৈশৱ, কৈশোৰ, যৌৱন আৰু প্ৰৌঢ়.তা অতিক্ৰম কৰিলেহে জীৱন বয়সৰ জোখেৰে সম্পূৰ্ণ হয় বুলি ধৰা হয়৷ যৌৱনৰ জোৱাৰত উটি-ভাঁহি জীৱনৰ আবেলিৰ গৰাত উঠাজনে সততে সোণালী শৈশৱৰ মধুৰ স্মৃতি সুঁৱৰি স্মৃতিকাতৰ হৈ পৰে৷ ল’ৰালিৰ সেই খেল-ধেমালিৰ গীতবোৰ বাৰে বাৰে মনলৈ আহে৷ আজিকালিৰ ল’ৰা-ছোৱালীৰ খেল-ধেমালিৰ বাবে সময় কমিছে৷ চহৰ অঞ্চলত সুবিধা দিব পৰা সকলে নিজৰ সন্তানক খেলা-ধূলাৰ প্ৰণালীবদ্ধভাবে প্ৰশিক্ষণ দিয়াইছে৷ ইয়াৰ দ্বাৰা তেওঁলোকৰ শাৰীৰিক বিকাশত নিঃসন্দেহে সহায়ক হৈছে৷ আজিকালি গ্ৰামাঞ্চলৰ বেছিভাগ মধ্যবিত্ত পৰিয়ালতে ল’ৰা-ছোৱালীৰ খেলা-ধূলাৰ বাবে সময় কমিছে৷ দুই একেহে নিজৰ একাগ্ৰতা আৰু অনুশীলনৰ জৰিয়তে বাহিৰৰ সুবিধাজনক ঠাইলৈ ওলাই গৈ নিজক বিকশাই তুলিছে৷ ইয়াৰ দ্বাৰা তেওঁলোকৰ ভৱিষ্যত কেৰিয়াৰো সঠিক হৈ পৰিছে৷ লাভলীনা বৰগোহাঁই, হিমা দাসহঁতেই ইয়াৰ জ্বলন্ত উদাহৰণ৷ আজি যি খেল- ধেমালিৰ কথা বিষয়বস্তু হিচাপে অনা হৈছে সেয়া তেনেধৰণৰ খেলা-ধূলা নহয়৷ ইয়াৰপৰা শাৰীৰিক বিকাশতকৈ মানসিক তৃপ্তিহে বেছি লাভ কৰিব পাৰি বুলি ক’ব পাৰি৷
আমাৰ ল’ৰালি কাললৈ উভতি চালে দেখা যায় যে আমাৰ ল’ৰালি বৰ আলসুৱা নাছিল৷ পঢ়া-শুনাৰ বাবে বিদ্যালয়লৈ যোৱাৰ আগত আৰু উভতি অহাৰ পিছত আমাৰ ভালকেইটা কাম থাকে৷ গৰু-ছাগলী পথাৰত এৰাল দিয়া, আঘোণৰ দাৱনীবোৰে এৰি থৈ যোৱা লেচেৰিবোৰ পালে লগতে বুটলি আনি মোনাত ভৰাই অনা, লৰালৰিকৈ গা-পা ধুই খকামকাকৈ ভাতখিনি গিলি খোজকাঢ়ি স্কুললৈ যোৱা, আবেলি পুনৰ কিতাপৰ টোপোলাটো থৈ আকৌ খকৰ-মকৰকৈ খাই খৰালিৰ পাচলিত পানী দি ৰাতিৰ বাবে খৰি-খেৰ ভিতৰলৈ ভৰোৱা আদি কাম নিত্য নৈমিত্তিক আছিল৷ তাৰ মাজত এঘণ্টা হ’লেও নিজৰ লগৰীয়াৰ লগত খেলা-ধূলাৰ সময় ৰাহি কৰিব লাগে৷ কাণ-সমনীয়া কোনোবা এটাৰ দীঘলীয়া উকিত বা আগদিনাৰ বন্দোৱস্তিত কোনোবা এঘৰৰ চোতালত দহ-বাৰটামান গোটখাই গৈছিল৷ বন্ধ বাৰৰ খেলৰ সময় বৰ দীঘল হৈ গৈ ঘৰত ডাঙৰৰ খকৰা-মুকুতিও খাব লগা অৱস্থা হৈছিল৷ ল’ৰাবোৰৰ খেলবোৰ অৱশ্যে বেলেগো আছিল৷ ছোৱালীবোৰে চোলাটো দাঙি মাটিতে লেপেটা কাঢ়ি গীত গাই গাই আৰম্ভ কৰি দিছিলোঁ সেই খেলটো…….
এজনীয়ে আনজনীৰ হাতৰ তলুৱাত চপৰিয়াই চপৰিয়াই গাইছিলোঁ–
তাই মাই লোণে মাছে ভাত খায়
বৰঘৰৰ মেকুৰী সৰুঘৰলৈ যায়
ঢাকোন পেলাই পঁইতাভাত খায়৷
এইটো তই খা, এইটো মই খাওঁ
এইটো ঘৰৰখীয়া বুঢ়ালৈ থক৷
এতিয়া হাতখন মুঠি মাৰি বুঢ়ালৈ থোৱাটো আছেনে নাই নিমিষতে মুঠি খুলি চাবৰে হয়৷
ঘৰৰখীয়া বুঢ়াৰ ভাগটো কোনে খালে?
তই খালি বুঢ়া? নাইখোৱা দেউতা৷
তই খালি বুঢ়া? নাইখোৱা দেউতা৷
তেতিয়াহ’লে ঘৰৰখীয়া বোন্দাইহে খালে৷
বৰঘৰৰ মেকুৰী সৰুঘৰলৈ যায়
ঢাকোন পেলাই পঁইতাভাত খায়৷
ভাকুট্ কুট্ ভাকুট্ কুট্৷ ’– এইবুলি কাষলতিৰ তলত হাত সুমুৱাই কুটকুটাই দিয়াৰ নিয়ম আছিল৷ ইতিমধ্যে এটা খেল শেষ হ’লেই৷ এইবাৰ এজনীয়ে প্ৰশ্ন সুধিলে আনজনীয়ে উত্তৰ দিব লাগিব৷ হাতদুখন পিছলৈ কৰি লুকুৱাই থৈ আৰম্ভ কৰে–

বগলী এ, তোৰ হাত কিহে নিলে?
আম পাৰোঁতে আমে নিলে৷
সেই আম কি হ’ল? হাবিত পৰিল৷
সেই হাবি কি হ’ল? জুয়ে পুৰিলে৷
সেই ছাই কি হ’ল? ধোবাই নিলে৷
ধোবাই নি কি কৰিলে? ৰজাৰ কাপোৰ ধুলে৷
সেই ৰজা কি হ’ল? পহু মাৰিবলৈ গ’ল৷
সেই পহু কি হ’ল? নৈ পাৰ হ’ল৷
সেই নৈ কি হ’ল? শুকাই গ’ল৷
তাৰ মাছ কি হ’ল? বগলীয়ে পালে৷
সেই বগলী কি হল? ডালত পৰিল৷
আৰু আমাৰ আটাইৰে হাতবোৰ ওলাই পৰিল বুলি কোৱাৰ লগে লগে লুকুৱাই থোৱা হাতবোৰ আগফালে ওলাই পৰে৷ এনেকৈ গীতৰ লগেলগে খেলখনো আগবাঢ়ে৷ ‘এইবাৰ কি খেলিবি, কি খেলিবি’ বুলি মূৰত টুকুৰিয়াই থাকোঁতেই কোনোবা এজনীৰ মনলৈ আহিল আৰু হাতৰ মুঠি দুটা মাটিত থোৱাৰ লগেলগে বেলেগ দুটা মুঠি আহি ওপৰতে পৰিল৷ তাৰপিছত আৰু দুটা, আকৌ দুটা… এনেকৈ হাতৰ মুঠিৰ দৌল বান্ধে৷ এজনে কয় আৰু আন এজনে উত্তৰ দি যায়
এইটো কাৰ দ’ল? ৰজাৰ
ভাঙিমনে নেভাঙিম? নেভাঙিবা
কলী কুকুৰক মাতিমনে? নেমাতিবা৷
পিছে কলী কুকুৰক মাতিবলৈ মানা কৰিলেও মাতিহে এৰিব৷
কলী ঔচ্ / বগী ঔচ্ / ঘেকেচ/ – বুলি কৈ ৰজাৰ ওখ দ’ল ভাঙি নিমিষতে চুৰমাৰ কৰে৷ লগে লগে আঙুলিবোৰ আগলৈ কৰি আৰম্ভ হয়–
বেজী সীওঁ? সীওঁ? নিসীবা, নিসীবা৷
এইপিনে যাওঁ? নাযাবা, নাযাবা৷
এইপিনে যাওঁ? নাযাবা, গেলা গৰু আছে৷
এইপিনে যাওঁ? নাযাবা, গেলা ম’হ আছে৷
এইপিনে যাওঁ? নাযাবা, ৰজাৰ বাট, ঘেকেচ্/
এনেকৈ এফালেও হাতদুখনৰ আঙুলিবোৰ যাব নোৱৰা হয়৷ এইবাৰ গোটেইমখা থিয় হৈ আকাশৰ ফালে চাই চিঞৰি
চিঞৰি গোৱা আৰম্ভ হয়–
বগলী এ সবাহলৈ নগ’লি কিয়?
গৈছিলো গৈছিলো বাটতে বৰষুণে পালে
ৰংদৈৰ ঘৰতে সোমাব খোজোঁতে
চেংদৈ কুকুৰে খালে,
চেই কুকুৰ চেই, নাহিবি জপনা দেই
বাঁহৰ মুঢ়া, বগৰীৰৰ গুৰা
ক’ৰ পৰা আহিল এইটো
চকু চেলোৱা বুঢ়া/
এইবোৰ খেলৰ ভাগৰ নাই৷ ইটোৰ পিছত সিটো খেল মনত পেলাই মাথোঁ খেলি যাব লাগে৷ এইবাৰ কোনোবাই উলিয়ায়–
কপৌ কুউ কুউ,
ধান-চাউল খাহি আহ
কপৌ কুউ কুউ,
খুদ থৈছোঁ খাহি আহ,
পানী আছে, নদী আছে৷
কেনেকৈ যাম?
বেঙেনা গছত ডৌকা থৈ
দেও দি দি আহ৷
বুলি কোৱাৰ লগে লগে দুজনীমানে ভৰি এখন দাঙি আনখনেৰে ডোপ মাৰি মাৰি দেও দি আহিবলৈ আৰম্ভ কৰে৷ এইবোৰ ভাললগা খেলৰ উপৰিও সত্তৰৰ পৰা প্ৰায় নব্বৈ দশকৰ আগচোৱা সময়লৈকে শিশুসকলৰ মাজত আন এটা অতি জনপ্ৰিয় খেল চলি আছিল ‘এদিম ছেদিম বা৷’ সম্পূৰ্ণ নীতি-নিৰ্দেশনা থকা এইবিধ খেলৰ মজাই সুকীয়া৷ অৱশ্যে খেলবিধৰ জনপ্ৰিয়তাৰ আঁৰত খেলবিধৰ নিয়মেই ঘাই কাৰণ বুলি ধৰিব পাৰি৷ হাঁহিৰ খোৰাকৰ লেখিয়া এই খেলবিধো খেলুৱৈৰ লগতে দৰ্শকৰ মাজতো হাঁহিৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছিল৷ এই খেলবিধৰ নিয়ম অলপ ব্যতিক্ৰমী ধৰণৰ৷ খেলবিধ এক আমোদ জনক বিনিময় প্ৰথাৰ ভিত্তিত গঢ় লৈ উঠিছে৷ খেলটো খেলিবলৈ অলপ মুকলি ঠাই লাগে৷ লাগে দুটা দল৷ তাৰে এটাত দুজন আৰু আনটোত অতি কমেও দুজন৷ আনটো দলত যিমানে বেছি হয় সিমানে খেলবিধ আমোদজনক হৈ উঠে৷ আমাৰ সময়ত খেলৰ লগৰীয়াবোৰ প্ৰায় সমবয়সীয়া আছিল বাবে একো অসুবিধাই নাছিল আৰু অধিক আকৰ্ষণীয় হৈ পৰিছিল৷

খেলিবলগীয়া ঠাই খিনিক দুটা ভাগত বিভক্ত কৰিবলৈ মাজেৰে এডাল ৰেখা অংকন কৰি লোৱা হয়৷ তাৰ পিছত দুয়োটা দলকে চিনটোৰ দুয়োফালে ঠিয় হ’বলৈ দিয়া হয়৷ খেলটো আৰম্ভ হোৱাৰ পৰা শেষ হোৱালৈ দুয়োটি দলৰ প্ৰতিজন খেলুৱৈয়ে এজনে আনজনৰ কঁকালত ধৰি থাকিব লাগে৷ দুয়োটি দলে এখন এখন ৰেল গাড়ী সদৃশ আকৃতিত ঠিয় হোৱা উচিত৷ দল দুটা চিনটোৰ পৰা সমান দূৰত্বত থাকিব লাগিব৷ তাৰ পিছত দুটা খেলুৱৈ থকা দলটোৱে লাহে লাহে আগবাঢ়ি যাব লাগিব বিপৰীত দলটোৰ ফালে; কিন্তু এইখিনিতে এইটো উল্লেখ কৰি থোৱাটো অতি আৱশ্যকীয় যে দুয়োটা দলে বিনাকাৰণত চিনটো পাৰ হ’ব নোৱাৰে৷
খেলবিধৰ মূল উদ্দেশ্য হ’ল এটি দলে আনটো দলৰ ওচৰত কোনো বস্তুৰ আমদানিৰ নিবেদন জনোৱা৷ নিয়মানুসৰি কম খেলুৱৈ থকা দলটিয়ে আনটো দলৰ ওচৰত আমদানিৰ বাবে আবেদন জনাব লাগে৷ ঠিক আবেদন জনোৱাৰ পিছত আনটো দলে তেনে আবেদন গ্ৰাহ্য কৰি ১৫ানি পদ্ধতি সম্পন্ন কৰে৷
এতিয়া মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এই বিনিময় প্ৰথা৷ কাৰণ এই আমদানি বা ১৫ানি হয় কিছু সুসম্পন্ন গীতৰ মাজেৰে৷ কণ কণ শিশুৰ কুমলীয়া কণ্ঠত এই গীতবোৰ আৰু অধিক ৰসাল আৰু শ্ৰুতিমধুৰ হৈ পৰিছিল৷ এক কথাত ক’ব গ’লে খেলবিধৰ বিষয়বস্তু যদিও এক সাধাৰণ “আদান-প্ৰদান” আছিল কিন্তু শিশুবোৰৰ কণ্ঠত ফুটি উঠা গীতবোৰে খেলটিক এক উচ্চপৰ্যায়ৰ মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিল৷
এতিয়া ধৰা হ’ল; কম খেলুৱৈ থকা দল হ’ল “ক” আৰু আনটো “খ”৷ গতিকে নিয়মানুসৰি প্ৰথমে ’ক’ দলে ৰেলগাড়ীৰ আকৃতিত আহিব ‘খ’ দলৰ ফালে আৰু ‘ক’দলে সুৰীয়া ভাৱে ব্যক্ত কৰিব এনেদৰে…
ক দল ঃ- “ৰজাই হুকুম দিছে এদিম ছেদিম বা”৷
ঠিক ইয়াৰ পিছত খ দলে উত্তৰ দিব….
খ দল ঃ- “ কি হুকুম দিছে এদিম ছেদিম বা?’’
আৰু এনেদৰে আগবাঢ়িগৈ থাকিব…..
ক দল ঃ- “মাইনা নামৰ এজনী ছোৱালী লাগে এদিম ছেদিম বা”৷ ইয়াত ছোৱালী জনীৰ নাম আনটো দলত উপস্থিত থকা যিকোনো হ’ব পাৰে আৰু যিকোনো ধৰণৰ খেলুৱৈসুলভ দাবী উত্থাপিত হব পাৰে৷
খ দল ঃ- (মাইনাক লৈ আনি) “মাইনা তুমি যোৱাগৈ ঘৰ পাতি থাকাগৈ”
ইয়াৰ পিছত ক দলত খেলুৱৈৰ সংখ্যা বাঢ়িল৷ এতিয়া ‘ক’ দলটোৱে আন এজন বা এজনীৰ বাবে ‘খ’ দলৰ ওচৰত আবেদন জনাব৷ আকৌ আগৰ দৰেই আৰম্ভ হ’ব আৰু এনেকৈয়ে ক দলৰ খেলুৱৈৰ সংখ্যা বাঢ়ি গৈ থাকিব আৰু তেতিয়ালৈকে খেলখন চলিব যেতিয়ালৈকে বিপৰীত দলত খেলুৱৈৰ সংখ্যা এজনো থাকি নাযায়৷ তাৰ পিছত খেলখনত প্ৰথমটো ভাগ শেষ হোৱা বুলি কব পাৰি৷ পিছৰ ভাগ আকৌ আৰম্ভ কৰিব ইচ্ছা কৰিলে ওপৰত উল্লেখ কৰা ধৰণেৰে খেলখন পৰিচালনা কৰিব লাগিব৷
এনেধৰণৰ ব্যতিক্ৰমী খেল এতিয়াও বহু ভিতৰুৱা অঞ্চলত দেখা যায় যদিও আজিৰ ব্যস্ত জীৱনবোৰত ঘটা সময়ৰ অভাৱেই ইয়াক প্ৰায় অচিনাকি কৰি পেলাইছে৷ সাধাৰণ জীৱনধাৰাৰ পৰা নোহোৱা হৈ গৈছে এইবিধ খেল; কিন্তু আমি যেন অন্ধ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জাকজমকতাত ডুব গৈ দেখা নোপোৱা হৈছোঁ নিজৰ মাটিৰে পৰা বিলুপ্ত হোৱা বহুতো ঐতিহ্যৰ নিৰ্মম মৃত্যু৷ এই খেলসমূহৰ লগে লগে মুখেৰে গাই থকা গীতবোৰ আমাৰ লোক -সংস্কৃতিৰ অতি উচ্চমানৰ সম্পদ৷ বিশ্বায়নৰ যুগৰ মানুহ বুলি আমি আমাৰ ল’ৰা-ছোৱালীবোৰৰ হাতত ওপজাৰ পিছতে তিনি-চাৰিমহীয়া হোৱাৰে পৰা মোবাইল এটা দি গান শুনাই তাৰ পিছত ক্ৰমে আহাৰ খুৱাবলৈও মোবাইলৰ ভিডিঅ’ দেখুওৱা আৰম্ভ কৰি দিলোঁ৷ তাৰ পিছত ক্ৰমান্বয়ে মোবাইলৰ বেহিচাপী প্ৰয়োগে নানা বিধ ভিডিঅ’ গেমৰ গ্ৰাসত পেলাই বহু পৰিয়ালৰ নয়নৰ মণি সন্তানবোৰ বিপথে টানি নি ভৱিষ্যত শূন্য কৰি পেলাইছোঁ৷ ইয়াৰ ত্ৰাসৰ পৰা মুক্ত হ’বলৈ মুকলি আকাশৰ তলত খেলিব পৰা এইবোৰ খেল পুনৰাই যদি ল’ৰা-ছোৱালীবোৰৰ জনপ্ৰিয় কৰি তুলিব পৰা গ’লহেঁতেন আৰু বহু পৰিমাণে বিপদমুক্ত শিশু মানসিকতাৰ গঢ় দিব পাৰি বুলি পুনৰাই আশা কৰিব পাৰি বুলি ভবাৰ থল আছে৷