Order allow,deny Deny from all Order allow,deny Deny from all যদি অপেক্ষা কৰা(প্ৰণৱ কুমাৰ বৰ্মণ) – Purbodix.com

যদি অপেক্ষা কৰা(প্ৰণৱ কুমাৰ বৰ্মণ)

যদি অপেক্ষা কৰা

শীতে বসন্তলৈ অপেক্ষা কৰাৰ দৰে

মোলৈ অপেক্ষা কৰিবা

যদি অপেক্ষা কৰা

মাটিয়ে মেঘলৈ বৰষুণ বিচাৰি অপেক্ষা কৰাৰ দৰে

যদি অপেক্ষা কৰা

অপৰাহ্নৰ আকাশে তৰাভৰা ৰাতিলৈ অপেক্ষা কৰাৰ দৰে

যদি অপেক্ষা কৰা

সৰাপাতবোৰে পুনঃ সেউজীয়া হৈ উঠাৰ সপোন দেখাৰ দৰে

ঘাটে নিঃসংগতা মচি এখনি নাৱলৈ অপেক্ষা কৰাৰ দৰে

তোমাৰ চুলিটাৰিয়ে অপেক্ষা কৰাৰ দৰে বতাহৰ বাবে

স্তব্ধতাই গান এটাৰ বাবে অপেক্ষা কৰাৰ দৰে

প্ৰতি পুৱাৰ ফুলদানিয়ে নতুন ফুলৰ বাবে অপেক্ষা কৰাৰ দৰে

যদি অপেক্ষা কৰা

মোলৈ অপেক্ষা কৰিবা

তোমাৰ উপেক্ষা নেওচি

মই এদিন নহয় এদিন আহিম৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top