২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ বাজেটত সাধাৰণ আয়কৰৰ বিভিন্ন স্তৰ, কৰ ৰেহাই আৰু মধ্যবিত্তৰ বাবে কিছু সকাহ ঃ ২০২৪-২০২৫ বিত্তীয় বৰ্ষৰ আয়কৰৰ হিচাপত এক তুলনামূলক বিশ্লেষণঊ ড॰ দিলোৱাৰ হক – Purbodix.com

২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ বাজেটত সাধাৰণ আয়কৰৰ বিভিন্ন স্তৰ, কৰ ৰেহাই আৰু মধ্যবিত্তৰ বাবে কিছু সকাহ ঃ ২০২৪-২০২৫ বিত্তীয় বৰ্ষৰ আয়কৰৰ হিচাপত এক তুলনামূলক বিশ্লেষণঊ ড॰ দিলোৱাৰ হক

আগন্তুক ২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ বাজেটত ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ বাবে অতি প্ৰয়োজনীয় আয়কৰৰ ৰেহাইৰ ক্ষেত্ৰত কিছু ইতিবাচক চিন্তা আৰু ব্যৱস্থা কৰা হৈছে৷ এই ব্যৱস্থা কাৰ্যকৰী হোৱাৰ লগে লগে আয়কৰ ৰেহাইৰ সুবিধাৰ ক্ষেত্ৰত বৰ্তমানৰ ৭ লাখ টকাৰ পৰা ১২ লাখ টকালৈকে বৃদ্ধি হ’ল৷ ইয়াৰোপৰি বৰ্তমানৰ বিশেষ কৰ্তন বা ৰেহাইৰ পৰিমাণো (Standard Deduction) ৫০, ০০০ টকাৰ পৰা ৭৫, ০০০ টকালৈকে বৃদ্ধি কৰা হৈছে৷ ফলত বৰ্তমানৰ জ্জ, ৫০, ০০০ টকাৰ ক্ষেত্ৰত শূন্য কৰৰ অৱস্থাটো অহা বিত্তীয় বৰ্ষত ১২, ৭৫, ০০০ টকালৈকে বৃদ্ধি কৰা হৈছে৷ ইয়াৰ ফলত নি(য়কৈ মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে কিছু ভাল খবৰ৷ কাৰণ এই কৰ ৰেহাইৰ ব্যৱস্থাই তেওঁলোকৰ ব্যয়যোগ্য বা ব্যৱহাৰযোগ্য আয় বৃদ্ধি কৰিব আৰু ই তেওঁলোকৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰিব৷ 

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পূৰ্বৰ নতুন কৰ ব্যৱস্থাত মৌলিক আয় ৰেহাইৰ সীমা ৭ লাখ টকাৰ পৰা আগন্তুক বিত্তীয় বৰ্ষৰ প্ৰস্তাৱিত কৰ ব্যৱস্থাত ১২ লাখ টকালৈ বৃদ্ধি কৰে৷ প্ৰস্তাৱিত নতুন আয়কৰ ব্যৱস্থাৰ অধীনত নতুন কৰ সেvবসমূহ বা সত্ৰসমূহ হ’ল ঃ

 

 

 

 

 

 

 

 

 

 

 

আগন্তুক ২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ বাবে প্ৰস্তাৱিত আয়কৰ ব্যৱস্থাপনাৰ অধীনত ৪ লাখ টকালৈকে বছৰেকীয়া আয়ৰ বাবে কোনো কৰ আৰোপ কৰা হোৱা নাই৷ ৪ লাখ টকাৰ পৰা ৮ লাখ টকালৈ বছৰেকীয়া আয়ৰ ওপৰত প্তণক্ম কৰ আৰোপ কৰা হৈছে৷ ৮ লাখ টকাৰ পৰা ১২ লাখ টকালৈ বছৰেকীয়া আয়ৰ ওপৰত ১০ক্ম কৰ আৰোপ কৰা হৈছে৷ ১২ লাখ টকাৰ পৰা ১৬ লাখ টকালৈ বছৰেকীয়া আয়ৰ ওপৰত ১৫ণ কৰ আৰোপ কৰা হৈছে৷ ১৬ লাখ টকাৰ পৰা ২০ লাখ টকালৈ বছৰেকীয়া আয়ৰ ওপৰত ২০ণ কৰ আৰোপ কৰা হৈছে৷ ২০ লাখ টকাৰ পৰা ২৪ লাখ টকালৈ বছৰেকীয়া আয়ৰ ওপৰত ২৫ণ কৰ আৰোপ কৰা হৈছে৷ ২৪ লাখ টকাতকৈ ওপৰৰ বছৰেকীয়া আয়ৰ ওপৰত ৩০ণক্মকৰ ধায্য কৰা হৈছে৷ 

কিন্ত কোনো এজন ব্যক্তিৰ বছৰেকীয়া সাধাৰণ আয় ১২.৭৫ লাখ টকালৈকে কৰমুক্ত হ’ব৷ কিন্তু কিদৰে তেওঁৰ কৰ শূন্য হ’ব? নি(য়কৈ জানিবলৈ মন গৈছে, নহয় জানো? তেন্তে জানো আহক৷ 

ধৰি লোৱা হ’ল কোনো এজন চাকৰিয়াল ব্যক্তিৰ বছৰেকীয়া সাধাৰণ আয় ১২, ৭৫, ০০০ টকা৷ গতিকে আয়কৰৰ স্তৰ মতে তেওঁৰ কৰৰ পৰিমাণ হ’ব ঃ প্ৰথম ৪ লাখ টকাৰ বাবদ কৰৰ পৰিমাণ হ’ব ০ টকা৷ ইয়াৰ পিছত ৪ লাখ টকাৰ পৰা ৮ লাখ টকা আয়ৰ বাবদ কৰৰ পৰিমাণ হ’ব ২০, ০০০(ৃপ্তণঘ৪), ০০, ০০০) টকা৷ ইয়াৰ পিছত ৮ লাখ টকাৰ পৰা ১২ লাখ টকা আয়ৰ বাবদ কৰৰ পৰিমাণ হ’ব ৪০, ০০০ (ৃ১০ণঘ৪) ০০, ০০০) টকা৷ ইয়াৰোপৰি ১২ লাখ টকাৰ পৰা ১২, ৭৫, ০০০ টকা আয়ৰ বাবদ কৰৰ পৰিমাণ হ’ব ১১, ২৫০ (ৃ১৫ণঘ৭৫,০০০) টকা৷ অৰ্থাৎ ১২, ৭৫, ০০০ টকা আয় উপাৰ্জনকাৰীৰ কৰৰ পৰিমাণ হ’ব ৭১, ২৫০ টকা৷ 

কিন্তু তেওঁ কৰ পৰিশোধ কৰিব নালাগিব৷ কিয় আৰু কিদৰে? হিচাপটো চাওঁ আহক, এনেদৰে ঃ

প্ৰথম ৪ লাখ টকালৈ কৰ মুক্ত৷ গতিকে ১২, ৭৫, ০০০ টকাৰ পৰা ৪, ০০, ০০০ টকা বাদ দিয়াৰ পিছত বাকী থাকিল জ্জ্ব, ৭৫, ০০০ টকা৷ ৪ লাখৰ পৰা ৮ লাখ টকালৈ প্তণ কৰৰ হাৰত কৰৰ পৰিমাণ হ’ব ২০, ০০০ টকা৷ ৮ লাখ টকাৰ পৰা ১২ লাখ টকালৈ ১০ণ সুতৰ হাৰত কৰৰ পৰিমাণ হ’ব ৪০, ০০০ টকা৷ গতিকে ৪ লাখ টকাৰ পৰা ১২ লাখ টকালৈকে মুঠ কৰযোগ্য আয় ৮ লাখ টকাৰ বাবদ মুঠ কৰৰ পৰিমাণ হ’ল ২০, ০০০ঋ৪০, ০০০ৃ৬০, ০০০ টকা৷ আয়কৰৰ হিচাপৰ ৮৭ক (৮৭ট্ট) সুবিধা অনুসৰি যদিহে আয়কৰ ৬০, ০০০ টকাৰ ওপৰত নহয়, তেতিয়া সমগ্ৰ ৬০, ০০০ টকাৰ কৰ ৰেহাই পাব৷ এই কৰ ৰেহাইৰ ফলত তেওঁৰ আয়কৰ ১২ লাখ টকালৈকে শূন্য হ’ব৷ বাকী থকা ৭৫, ০০০ টকা বিশেষ কৰ্তন বা ৰেহাইৰ (Standard Deduction) অধীনত কৰ আদায়ৰ পৰা ৰেহাই পাব৷ এইদৰে কোনো এজন ব্যক্তিৰ অহা বিত্তীয় বৰ্ষত ১২.৭৫ লাখ টকালৈকে কৰৰ পৰিমাণ শূন্য হ’ব৷ কিন্তু আয় ১২.৭৫ লাখ টকাৰ ওপৰৰ হ’লেই আয়কৰৰ স্তৰৰ কৰ হাৰৰ হিচাপত কৰ পৰিশোধ কৰিব লাগিব৷ 

অহা বিত্তীয় বৰ্ষৰ বাবে প্ৰস্তাৱিত আয়কৰ ব্যৱস্থাপনাৰ তুলনাত চলিত বিত্তীয় বৰ্ষৰ আয়কৰৰ ব্যৱস্থাপনাৰ অধীনত আয়কৰৰ স্তৰ আৰু হাৰ তলত উল্লেখ কৰা হ’ল ঃ

চলিত বিত্তীয় বৰ্ষৰ আয়কৰৰ ব্যৱস্থাপনাৰ অধীনত ৭ লাখ টকালৈক কৰ শূন্য আৰু ৫০, ০০০ টকা বিশেষ কৰ্তন বা ৰেহাইৰ (Standard Deduction) সুবিধা আছে৷ ফলত মুঠ আয় যদিহে জ্জ, ৫০, ০০০ টকা হয়, তেতিয়াহ’লে তেওঁ আয়কৰৰ হিচাপত কোনো আয়কৰ পৰিশোধ কৰিব নালাগিব৷ কিদৰে ৭.৫০ লাখলৈকে আয়কৰৰ হিচাপত কৰ শূন্য হ’ব তাৰ হিচাপ আৰু বৰ্ণনা তলত উদাহৰণৰ সহায়ত আগবঢ়োৱা হৈছে৷ 

 

 

 

 

 

 

 

 

 

ধৰি লোৱা হ’ল কোনো এজন চাকৰিয়াল ব্যক্তিৰ বছৰেকীয়া সাধাৰণ আয় জ্জ, ৫০, ০০০ টকা৷ গতিকে আয়কৰৰ স্তৰ মতে তেওঁৰ কৰৰ পৰিমাণ হ’ব ঃ প্ৰথম ৩ লাখ টকাৰ বাবদ কৰৰ পৰিমাণ হ’ব ০ টকা৷ ইয়াৰ পিছত ৩ লাখ টকাৰ পৰা ৭ লাখ টকা আয়ৰ বাবদ কৰৰ পৰিমাণ হ’ব ২০, ০০০ (ৃপ্তণঘ৪,০০,০০০) টকা৷ যদিহে আয়কৰ ২৫, ০০০ টকাৰ সমান বা তাতোকৈও কম হয়, চলিত আয়কৰৰ ব্যৱস্থাপনাৰ হিচাপত ৮৭ ক (৮৭ট্ট) ১ অধীনত ২৫, ০০০ টকা কৰ ৰেহাই পাব৷ যিহেতু ৩ লাখ টকাৰ পৰা ৭ লাখ টকালৈকে আয়কৰৰ পৰিমাণ ২০,০০০ টকা হয়, সেইবাবেই ৮৭ট্ট ১ অধীনত এই কৰৰ পৰিমাণ সম্পূৰ্ণ ৰেহাই পাব৷ অৰ্থাৎ ৭ লাখ টকালৈকে কৰ শূন্য হ’ব৷ বাকী থকা ৫০,০০০ টকা বিশেষ কৰ্তন বা ৰেহাই (Standard Deduction) ১ অধীনত আয়কৰৰ হিচাপৰ পৰা বাদ দিয়া হ’ব৷  এইদৰেই কোনো এজন আয়কৰ দাতাই যদিহে তেওঁৰ আয় ৭.৫০ লাখ বা কম হয়, চলিত আয়কৰৰ হিচাপত তেওঁৰ কৰৰ পৰিমাণ শূন্য হ’ব৷ অৰ্থাৎ ৭.৫০ লাখ বা তাতকৈ কম আয়ৰ ব্যক্তিয়ে কৰ পৰিশোধ কৰিব নালাগিব৷ 

গতিকে তুলনামূলক বিশ্লেষণ আৰু আলোচনাৰ পৰা দেখা গ’ল যে চলিত ২০২৪-২০২৫ বিত্তীয় বৰ্ষৰ আয়কৰৰ হিচাপৰ তুলনাত আগন্তুক ২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ আয়কৰৰ হিচাপত মধ্যবিত্ত শ্ৰেণীৰ কৰদাতাসকলে প্ৰস্তাৱিত কৰ ৰেহাইৰ ব্যৱস্থাৰ ফলত কিছু পৰিমাণে হ’লেও আয়কৰৰ পৰা সকাহ পাব আৰু লাভবান হ’ব৷

ড॰ দিলোৱাৰ হক 

সহযোগী অধ্যাপক আৰু বিভাগীয় মুৰব্বী, অৰ্থনীতি বিভাগ 

ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় 

ই-মেইল ঃ diluwarঞ্ঝgmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *