উপন্যাস ঃ সাৰাংশঔপন্যাসিক ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত – Purbodix.com

উপন্যাস ঃ সাৰাংশঔপন্যাসিক ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত

মহাবীৰ ষ্টীলৰ পৰিচালনা নিৰ্দেশকৰ কোঠাত গৌতম অধিকাৰী আৰু কোম্পানিৰ জেনেৰেল মেনেজাৰ আ১. কে. সিং চিন্তামগ্ন হৈ বহি আছে৷ দুয়োৰে দৃষ্টি খিৰিকীয়েদি দেখা পোৱা মেঘা২৬ন্ন আকাশৰ ফালে৷ যিকোনো মুহূৰ্ততে বৰষিব পাৰে৷ 

নীৰৱতা ভংগ কৰি পৰিচালনা নিৰ্দেশক গৌতম অধিকাৰীয়ে সুধিলে, “তেনেহ’লে?”

পাটপুৰ প্ৰজেক্টৰ মন্থৰ গতিক লৈ তেওঁৰ মনত উদ্ভৱ হোৱা বিৰক্তি সংক্ষেপতে সোধা এই প্ৰশ্নটোৰ পৰাই বুজি পোৱা গৈছিল৷ 

জেনেৰেল মেনেজাৰ আ১. কে. সিঙে ভাবি-চিন্তি লাহেকৈ উত্তৰ দিলে, “ ছাৰ, আমাৰ লিগেল চেলে কৈছে যে তেওঁলোকে পাটপুৰৰ কেচটো জাতে এমাহলৈকে কোৰ্টত দায়ৰ নহয় তাৰ ব্যৱস্থা কৰিব পাৰিব৷ আৰু এইখিনি সময়তে যদি আমি বিবাদীয় মাটিখিনিৰ লগতে কোম্পানীৰ মাটিৰ পৰিসীমাত ৱাল উঠাই দিব পাৰোঁ, তেতিয়াহ’লে ষ্টে-অৰ্দাৰ ওলালেও আমাৰ বিশেষ কোনো ক্ষতি নহ’ব৷ তাৰে মাজত মই নিজেও এবাৰ ছাইট ভিজিট কৰি আহিম৷ হয়তো এমাহৰ ভিতৰতে…..”

ঃ যিটো কাম ছমাহে লাগিও কৰিব পৰা নাই, সেইটো এমাহৰ ভিতৰত কেনেকৈ কৰিব পাৰিব বুলি ভাবিছে আপুনি জেনেৰেল মেনেজাৰৰ কথাৰ ওপৰতে পৰিচালনা নিৰ্দেশক গৌতম আধিকাৰীয়ে সুধিলে৷ পাটপুৰৰ দৰে এখন মফচলীয় ঠাইৰ মানুহে হাইকোৰ্টত গৈ পি. আই. এল দাখিল কৰিব পৰা কথাটোক তেওঁ সমূলি গ্ৰহণ কৰিব পৰা নাছিল৷ তেওঁ মতে এইবোৰত মহাবীৰ কোম্পানিৰ শত্ৰু ‘এছিয়া ষ্টীলচ’ৰ বা বিৰোধী দলৰ হাত আছে৷ কিন্তু মানুহজনে মুকলিকৈ আ১. কে. সিঙক ক’ব হে পৰা নাছিল৷ আচলতে এই তথ্যবোৰ অনুসন্ধান কৰি তেওঁক দিয়াটোহে তেওঁ আশা কৰিছিল৷

জেনেৰেল মেনেজাৰে তেতিয়া ক’লে, “ছাৰ, আমি শুভেন্দুক ভৰসা কৰিব লাগিব৷ হয়, তাক ভয় খুৱাবলৈ আমি ছুটিত বহোৱাই থৈছিলোঁ, কিন্তু সিদ্ধাৰ্থই কোৱা মতে সি নিষ্ঠাসহকাৰে নিজৰ কামখিনি কৰি গৈছিল৷ মোৰতো এনে লাগিছে এই গাঁওখনৰ মানুহখিনি দেখাত যিমান সহজ, প্ৰকৃততে তেওঁলোক লগাতকৈও অধিক সৰল৷ নহ’লে তেওঁলোকে সেই মাটিখিনিত লাগি নাথাকি কোম্পানিৰ লগত ভাল কিবা চুক্তি কৰি ল’লে তাৰ পৰা কিমান লাভ হ’লহেঁতেন৷ কিন্ত পাইয়ো সেই সুযোগ তেওঁলোকে নল’লে৷ এতিয়া কিন্তু আমি আগতকৈ কঠিন হৈ আগবাঢ়িব লাগিব৷ আৰু এনেকৈ লুকাই মেলি কাম কৰিলে নহ’ব৷”

ঃ গুড৷ ভেৰি গুড৷ – সন্তুষ্টিৰ সুৰত গৌতম অধিকাৰীয়ে ক’লে৷ 

ঃ মই কালি শুভেন্দুৰ সৈতে কথা পাতিলোঁ৷ আপুনি যদি মোৰ প্ৰস্তাবনা খিনিক এপ্ৰুভ কৰি দিয়ে, মই বাকী ৰৈ যোৱা সকলোখিনি লাইনআপ কৰাই দিম৷ যিকোনো উপায়েৰে আমি এই পোন্ধৰ দিনৰ ভিতৰত গাঁৱৰ ফালৰ মাটিখিনিত পাঁচ ফুটিয়া ৱাল উঠাব লাগিব৷ ইয়াত আমাক প্ৰশাসনৰ সহায়ৰ প্ৰয়োজন হ’ব পাৰে৷ আপুনি এবাৰ মন্ত্ৰীৰ সৈতে কথাটো পাতি ললেও ভাল হ’ব৷ 

ঃ ফোনত কথা পাতিলেই হ’ব নে নিজে গৈ কথা পাতি আহিব গৈ লাগিব? সেইজন ইমান সহজতে ধৰা দিয়া মানুহ নহয়৷ আৰু জানেই, গ’লেতো হাতত মিঠাই লৈ যাবই লাগিব৷ 

চিন্তামগ্ন হৈ পৰিলেও এম. ডিৰ কথা শুনি জেনেৰেল মেনেজাৰৰ মুখত হাঁহি বিৰিঙি উঠিল৷ মিঠাইৰ টোপোলা মানে যে নোট ভৰ্তি ব্ৰীফকেচৰ কথা কৈছে, সেইয়া তেওঁ ভালদৰেই বুজি পাইছিল৷ তেওঁ এম.ডি ক ক’লে, “ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে আমাৰ লগত আগৰেই পৰা সহযোগ কৰি আহিছে৷ এতিয়া মাত্ৰ আগতকৈ অলপ বেছি সহযোগিতাৰ প্ৰয়োজন৷ এনেও গাঁওখনৰ বেছি ভাগ মানুহেই আমাৰ সপক্ষেই আছে৷ আনকি গ্ৰাম্য সভাতো হেনো অধিকংশৰ মত আমাৰ ফালেই আছিল৷ আমি এনেও এই বাৰিষাৰ পিছতে কাম আৰম্ভ কৰিবলৈ ৰৈ আছিলোঁ৷ কিন্তু হাইকোৰ্টৰ কেচটোৱে আহি আমাক আটকাই দিলে ছাৰ৷”

হাতৰ ঘড়িটোলৈ চাই এম. ডিয়ে মিটিঙখন শেষ কৰাৰ ইংগিত দি ক’লে, “আপুনি মিনিষ্টাৰ অফিচৰ সৈতে যোগাযোগ কৰি তেখেতক লগ ধৰাৰ ব্যৱস্থা কৰক৷ হ’লে মোক জনাব, মই নিজে গৈ মন্ত্ৰীক লগ ধৰি আহিম৷ আৰু এটা কথা, গোপীনাথপুৰৰ অফিচত ছিক্যুৰিটি বহাই দিয়ক৷ মিনিষ্টাৰ আৰু এম. এল. এ মিলি সমাধান উলিয়ালেতো ভালেই৷ নহ’লে আপুনিয়েই কিবা এটা কৰিব লাগিব৷”

আ১. কে. সিং অলপ উৎসাহিত হৈ বহাৰ পৰা উঠি ক’লে, “ছাৰ আপোনাক মই কথা দিলোঁ, এই গণেশ পূজাৰ দিনা পাটপুৰ প্ৰজেক্টৰ শুভাৰম্ভ হ’ব৷”

পাটপুৰ৷ সময় ৰাতিপুৱাৰ সাতমান হ’ব৷ ডাৱৰে ঢাকি থকাৰ কাৰণে তেতিয়াও গাঁওখনত বেলিৰ পোহৰ পৰা নাছিল হি৷ 

হঠাৎ কাৰোবাৰ মৰণ কাতৰ আৰ্তনাদ আহি অহল্যাৰ কাণত পৰিল৷ মানুহজনী চক খাই উঠিল৷ কি হ’ল এই পুৱাই পুৱাই৷ এনেকুৱা হৃদয় বিদাৰক কান্দোন কাৰোবাৰ চিৰবিদায়ত হে ওলায়৷ তেনেহ’লে ইমানদিনে যি আশংকা গোটেই গাঁওখনে কৰি আছিল, সেইয়া ঘটি গ’ল নেকি?

সেই সময়ত বাইটিয়ে বিছনাৰ পৰা উঠি মুখ ধুই আছিল৷ হঠাৎ এনেকুৱা চিঞৰ শুনি তেওঁৰ হাতৰ লোটাটো খহি তলত পৰি গ’ল৷ 

নাই, এনেকৈ ৰৈ থাকি লাভ নাই৷ নিজকে নিজে কৈ অহল্যাই দুৱাৰখন মাৰি সনাতন দাসৰ ঘৰৰ ফালে খৰখেদাকৈ ওলাই গ’ল৷ অৰ্জুন বাবাজীয়ে কোৱা মতে যদিও তাইক নীলাম্বৰে পানীৰ পৰা উলিয়াই আনিছিল, কিন্তু শিলত খুন্দা খাই তাই মূৰত ভালকৈয়ে আঘাত পাইছিল৷ তথাপিও কিয় জানো অহল্যাৰ মনে কৈছিল ছোৱালীজনী বাচিব৷ মহাদেৱ মন্দিৰৰ পুখুৰীটোৰ ফালৰ পৰা কাৰ্তিকে দীঘল দীঘল খোজেৰে আহি আছিল৷ অহল্যাক দেখি সি সুধিলে, বাইটি ইমান পুৱাই পুৱাই ক’লৈ যাৱ? 

“তই শুনা নাই নেকি? সেইফালে কন্দা-কটা আৰম্ভ হৈছে৷ মালতী কিজানি …./” অহল্যাই ক’লে৷ 

মালতীৰ আকৌ কি হ’ল? শুনিবলৈ পোৱা মতেতো তাই ভাল হৈ আহিছে৷ ক’ত কি শুনিলিনো?”, কাৰ্তিকে সুধিলে

এইবাৰ অহল্যা অলপ বিমোৰত পৰিল৷ তেনেহ’লে ইমান পুৱাই পুৱাই কোনে এনেকৈ কান্দিলে৷ কাৰ ঘৰত কি হ’ল? 

“এই প্ৰধানহঁতৰ বুঢ়া যোৱা ৰাতি গ’ল৷ মই সিহঁতৰ ঘৰৰ পৰাই আহি আছোঁ৷ বুঢ়াৰ জীয়েক আজি ৰাতিপুৱা আহি পাইছেহে৷ তায়ে কন্দা শুনিছ চাগে৷ “ কাৰ্তিকে ক’লে৷ 

অহল্যা অলপ ক্ষান্ত হ’ল৷ প্ৰধান ঘৰৰ বুঢ়া বিছনাত পৰি থকা এমাহৰ ওপৰ হ’ল৷ হাঁপানীয়ে বুঢ়াৰ অৱস্থা তথৈবচ কৰি পেলাইছিল৷ বয়সো বহুত হৈছিল৷ কথাটো গম পাই অহল্যাই মনতে ঈশ্বৰক ধন্যবাদ এটা দিলে৷ আচলতে মালতীৰ কথা চিন্তা কৰোঁতে কৰোঁতে মানুহজনী মানসিকভাৱে দুৰ্বল হৈ পৰিছিল৷ সেই কাৰণে ৰাতিপুৱাই এনেকৈ কন্দা-কটা শুনি মানুহজনীয়ে মালতীৰ কিবা হ’ল বুলি ভয় খাই গৈছিল৷ বেচেৰীৰ বাপেক আৰু ককায়েকে সকলো পাহৰি গাঁওখনৰ কাৰণেই লাগি আছে৷ এনেকুৱা অৱস্থাত ছোৱালীজনী মৰি থাকিলে তেওঁলোকৰ কি হ’ব? ছোৱালীৰ বদনামৰ লগতে অকাল মৃত্যুৱে সেই ঘৰখনক যে বিধস্ত কৰি পেলাব সেই কথা অহল্যাই ভালকৈয়ে অনুভৱ কৰিছিল৷ এনেকুৱা পৰিস্থিতিত সেই মানুহ দুটাই কোম্পানিৰ বিৰুদ্ধে কিটো স’তে যুঁজ দিব? 

বাইটি মই আহো দে৷ শুকান খৰি যোগাৰ কৰিব গৈ লাগে৷ এই বৰষুণৰ বতৰত শুকান খৰিনো ইমান সহজতে ক’ত বিচাৰি পাম? খৰি যোগাৰ কৰাৰ দায়িত্ব মোৰ ওপৰতে পৰিছে৷ বুঢ়াটো কিন্তু বৰ ভাল মানুহ আছিল হ’লে দেই৷” কথাটো কৈ কাৰ্তিকে খৰি বিচাৰিবলৈ গুছি গ’ল৷

তাতে কিছু সময় ৰৈ অহল্যাই কি কৰিব ভাবিলে- ঘৰলৈকে উভতি যাব নে প্ৰধানহঁতৰ ঘৰৰ পৰাই পাক এটা মাৰি আহিব? ইফালে মন্দিৰৰ ফালৰ পৰা মাধৱ পূজাৰী আহি আছিল৷ পূজাৰীক দেখি অহল্যাই আকৌ ভাবিলে– এই মানুহটোৰ মুখামুখি হোৱাতকৈ সিফালে প্ৰধানহঁতৰ ঘৰলৈ গৈ মাত এষাৰ লগাই অহাই ভাল৷ 

কিন্তু ভাবিলে হে কথাটো, পিছফালৰ পৰা মাধৱ পূজাৰীয়ে মাত লগালেই নহয়, “অ’ বাইটি, সময় বৰ ভাল চলি থকা নাই৷ পুৱাই পুৱাই গাঁৱৰ বয়সীয়াল এজন গ’ল৷ আৰু বা দিনটোত কি কি বেয়া খবৰ শুনিবলৈ পাওঁ ঠিক নাই৷” “তেনেকৈনো কেলৈ কৈছে৷ বয়স হ’লে মানুহ মৰিবই৷ আমিও এদিন বুঢ়া হ’ম আৰু সকলো এৰি গুছি যাম৷ জন্ম-মৃত্যু সংসাৰৰ নিয়মেই৷” বিৰক্তিৰ সুৰত অহল্যাই ক’লে৷ 

সেইয়াটো বাৰু হয়েই৷ কিন্তু কিয় জানো যোৱা কিছুদিনৰ পৰা কিছুমান অশুভ সংকেত পাই আছোঁ৷ বাওঁ চকুটো সঘনাই লৰি থকা হৈছে৷ ৰাতি হ’লেই কুকুৰবোৰে কন্দা হৈছে৷ এইবোৰ কিন্তু ভাল লক্ষণ নহয় হ’লে৷”- মাধৱ পূজাৰীয়ে ক’লে৷ 

অতিষ্ঠ হৈ মানুহজনৰ কাষৰ পৰা আঁতৰি আহোঁতে অহল্যাই কৈ কৈ আহিল, “গাঁওখনক বিপদে হেচি ধৰিলে, তাৰ পৰা উদ্ধাৰ কৰাৰ কাম তোমালোকৰ৷ দেৱী-দেৱতা, বাবাজী-পূজাৰী সকলৰ কামেই হৈছে জগত কল্যাণৰ কাৰণে প্ৰাৰ্থনা কৰা৷ গাঁওখনক বচাবলৈ তুমিয়েই মহাদেৱৰ ওচৰত প্ৰাৰ্থনা অলপ কৰাচোন আগতে৷”

মাধৱ পূজাৰীয়ে কথাবোৰ টানিব খুজিছিল যদিও অহল্যাই সুযোগ নিদিয়াত মানুহজনৰ আশাত চেঁচা পানী ঢলাৰ দৰে হ’ল৷ 

প্ৰধানহঁতৰ ঘৰলৈ যাওঁতে অহল্যাই সোণপাহাৰৰ ফালে চাই গ’ল৷ সেই পাহাৰৰ মাজেদি অহা বহল ৰাস্তাটো বাবাজীৰ পুখুৰীৰ ওচৰ পাই গ’ল হি৷ এটা সময় আছিল, যেতিয়া এই গাঁওখনৰ পৰা বাহিৰলৈ যাবলৈ মানুহখিনিৰ কিমান কষ্ট হৈছিল৷ কিন্তু আজি এই ৰাস্তাটোৱে সেই সমস্যাৰ সমাধান দিলে৷ কিন্তু এই সমাধান এতিয়া কি মূল্যৰ বিনিময়ত পাটপুৰবাসীয়ে পাব সেইটো হে আচল কথা৷ ইতিমধ্যে মানুহ দুভাগত বিভক্ত হৈ গ’ল৷ যোৱা কেইমাহৰ ভিতৰত কম গণ্ডগোল, টনা-আঁজোৰা, বিবাদখন নালাগিল নে৷ আৰু বা কিমান কি হ’বলৈ বাকী আছে/

আজি অহল্যাৰ নিশিগন্ধালৈ বৰ মনত পৰিছে৷ বৰ ভাল ছোৱালী আছিল তাই৷ কেনেকৈ যে এজাক বৰষুণৰ দৰে গাঁওখনলৈ আহি, ধুমুহাৰ দৰে আঁতৰি গুছি গ’ল৷ তায়ে কৈছিল মালতী যিমান দেখনিয়াৰ সিমানেই ছোৱালীজনী নিৰ্বোধ৷ এনেকুৱা ছোৱালীয়ে বৰ সহজতে ভুল যায়৷ সঁচাকে, একেবাৰে ঠিক কথাই কৈছিল নিশিগন্ধাই৷ কাৰ্তিকেতো তাইক দেৱী বুলিয়েই বিশ্বাস কৰিছিল৷ আনকি বলৰামেও৷ সঁচাকৈ তাইৰ মাজত কিবা ঐশ্বৰিক শক্তি আছিল/ নহ’লেনো মালতীৰ কথা তাই ইমান আগতেই এনেকৈ কিয় কৈছিল? আকৌ এবাৰ ছোৱালীজনীক লগ পোৱা হ’লে৷ যোৱাৰ সময়তে মাত এষাৰো তাই দি নগ’ল৷ সেই নাটকৰ দিনা উদ্ধৱ মহান্তিহঁতে ষ্টেজৰ ওচৰত তাইৰ বিষয়ে কিবা কিবি কোৱা অহল্যাই শুনিছিল৷ আনকি ইন্দ্ৰমণিটোৱেও সহযোগ কৰিছিল তাত৷ এজনী ছোৱালীয়ে সকলো সহ্য কৰিব পাৰে, কিন্ত তাইৰ চৰিত্ৰকলৈ কৰা মিছা অপবাদ কেনেকৈ সহ্য কৰিব৷ হয়তো সেই কাৰণেই তাই মনে মনে গুছি গ’ল ইয়াৰ পৰা৷ অহল্যাক ক’লে যাবলৈ নিদিব বুলিয়েই মাত এষাৰ নিদিয়াকৈ গুছি গ’ল৷ মালতীয়েই নিশিগন্ধাৰ কথা কিমান বেয়াকৈ কৈছিল৷ কিন্তু নিশিগন্ধাই হ’লে এটা কথাও মালতীৰ বিষয়ে বেয়াকৈ কোৱা নাছিল৷ অহল্যাৰ চকু দুটা সেমেকি উঠিল৷ 

আজিও মনত পৰে নিশিগন্ধাই কোৱা কথাষাৰ তাই হেনো অহল্যাৰে জীয়েক হৈ আজীৱন তেওঁৰ লগতেই এই গাঁওখনত ৰৈ যাব৷ বুকু ভৰি উঠিছিল অহল্যাৰ সেইদিনা৷ কাৰ তেজ আছিল জানো ছোৱালীজনীৰ গাত/ দেখাই শুনাই, স্বভাৱ চৰিত্ৰই, কথা-বতৰাই, ৰন্ধা-মেলাৰ পৰা লৰা-ছোৱালীক পঢ়োৱালৈকে ক’তো কম নাছিল৷ কিন্তু তেনেকুৱা ছোৱালী এজনীৰ লগতেই যে কিখন ঘটি গ’ল? আগতে পুৰাণত পঢ়া অহল্যাৰ মনত পৰে-সৰগৰ অপ্সৰাবোৰে হেনো অভিশাপৰ বলি হৈ মৰ্ত্যলৈ আহে৷ নিশিগন্ধাও তেনে এগৰাকী অপ্সৰা আছিল নেকি? কোনো বিশেষ কামৰ কাৰণে আহিছিল আৰু কামটো হৈ যোৱাৰ পিছত স্বৰ্গলৈ উভতি গৈছিল৷ কিন্তু সেই বিশেষ কামটোনো কি আছিল? 

হয়তো কাৰ্তিকৰ পুতেকক মৃত্যুৰ দুৱাৰ দলিৰ পৰা ওভতাই অনাই সেই কাম আছিল৷ 

এটা দীঘল উশাহ অহল্যাৰ ভিতৰৰ পৰা ওলাই আহিল৷ 

প্ৰধানহঁতৰ ঘৰত মানুহে জুম বান্ধিছে৷ বুঢ়াৰ কাৰণে চাঙি আৰু দাহ-সংস্কাৰৰ সামগ্ৰীৰ আয়োজন কৰা হৈ গৈছে৷ মদন প্ৰধানৰ জীয়েকে বুকুত ঢকিয়াই ঢকিয়াই কান্দি আছিল৷ ওচৰ পাজৰৰ মানুহখিনিয়ে পাৰে মানে তাইক বুজাবলৈ চেষ্টা কৰিছে৷ দেউতাকৰ প্ৰতি ছোৱালীবোৰৰ থকা অকৃত্ৰিম ভালপোৱাক দেখি অহল্যাৰো বুকুখন যেন বিষাই উঠিছিল৷ 

লাহেকৈ চাঙিত তুলি মদন প্ৰধানৰ মৃতদেহক লৈ যোৱা হ’ল বণিয়া চুবুৰীৰ ওচৰত থকা মৰিশালীটোৰ ফালে৷ হাতত আখৈ আৰু খুচুৰা পইছা ধৰি লগতে গৈছিল বুঢ়াৰ জোৱায়েক সৰ্বেশ্বৰ৷ 

অহল্যাও ঘৰলৈ ঘূৰি যাবলৈ ওলাল৷ ৰাতিপুৱাৰ পৰা পেটত একো এটা পৰা নাই৷ ঘৰতো এসোপা কাম পৰি আছে৷ প্ৰধানবুঢ়াৰ জীয়েকৰ হিয়াভগা কান্দোন দেখি অহল্যাৰ বেয়া লাগিলেও, মালতী কুশলে থকা বুলি জানি মনতে সকাহ পাইছিল৷ ৰাতিপুৱাই এনেকৈ কন্দা শুনিলে কাৰ ভয় নালাগিব?

Leave a Reply

Your email address will not be published. Required fields are marked *