অভিনয়ৰ প্ৰথম খোজ(চন্দ্ৰ দত্ত) – Purbodix.com

অভিনয়ৰ প্ৰথম খোজ(চন্দ্ৰ দত্ত)

অভিনয়ৰ প্ৰতি আকৃষ্ট একোজন অভিনয় প্ৰেমীয়ে নিজকে অভিনেতা বা অভিনেত্ৰী ৰূপে অৱতীৰ্ণ কৰাৰ আগমুহূৰ্তত কিছু কথা আৰু কিছু এই সম্পৰ্কীয় প্ৰয়োজনীয় দিশ জানি লোৱা প্ৰয়োজন৷ 

প্ৰথমতেই অভিনেতা জনে নাটকৰ যিটি চৰিত্ৰ তেওঁ অভিনয় কৰিব লাগে সেই চৰিত্ৰৰ বিষয়ে সকলো জানি একাত্ম হ’ব পাৰিব লাগিব৷ এই ক্ষেত্ৰত কিছু সীমাবদ্ধতা আছে৷ চৰিত্ৰৰ সতে একাত্ম হওঁতেও কিন্তু অভিনেতা বা অভিনেত্ৰীয়ে নিজৰ স্থিতি সম্পৰ্কে সম্পূৰ্ণ পাহৰি যাব নালাগিব৷ যিকোনো মুহূৰ্তত তেওঁ মনত ৰাখিব লাগিব যে তেওঁ একাত্মতাৰে অভিনয়হে কৰিছে৷ অভিনয়ৰ বাবে ঘাই সম্পদ হ’ল শৰীৰ, মন আৰু কণ্ঠ৷ এটা নিৰোগী শৰীৰ নহ’লে অভিনয় দুৰূহ কাৰ্য৷ সেইদৰে লাগিব এটি নিকা আৰু শিকাৰ আগ্ৰহী মন৷ তদুপৰি লাগিব চৰিত্ৰানুগ কণ্ঠ৷ (মূকাভিনয়ৰ বাদে) বহুতে কয় শিল্পীয়ে জন্ম লাভ কৰে৷ আচলতে পিছে শিল্পীৰ সৃষ্টিহে হয়৷ জন্মতে শিল্পী হৈ কোনো নোপজে৷ 

অভিনেতা অভিনেত্ৰীয়ে দৈহিক স্বাস্থ্য চৰ্চাৰ লগতে অভিনয়ৰ বাবে প্ৰয়োজনীয় ব্যায়াম আৰু অনুশীলন কৰা উচিত৷ অভিনয়ৰ বাবে কিছু যোগ চৰ্চাৰ উপৰিও বিজ্ঞান সন্মত শৰীৰ চৰ্চাৰ আধুনিক প্ৰণালী ইতিমধ্যে আৰম্ভ হৈছে৷ 

অভিনয়ৰ বাবে দ্বিতীয় মূল কথা হ’ল এটি সুন্দৰ নিকা মন৷ মন মুকলি ন’হলে মুকলি অভিনয়ো সম্ভৱ নহয়৷ এই মনৰ দ্বাৰাই একাত্মবোধ বা মনোযোগ (Consentation) আনিব লাগিব৷ অকল অভিনেতা অভিনেত্ৰীয়েই নহয় পৰিচালক কলা কুশলী সকলোৱে৷ তেতিয়াহে এখন সুস্থ নাটকৰ সফল অভিনয় সম্ভৱ হ’ব৷ 

তৃতীয়তে কণ্ঠ৷ কণ্ঠ যদিও ঈশ্বৰ প্ৰদত্ত তথাপি সাধনাৰ জৰিয়তে চৰিত্ৰাভিনয়ৰ বাবে প্ৰয়োজন হোৱা কণ্ঠ বিশেষভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি৷ সংলাপ নিক্ষেপৰ ক্ষেত্ৰত এজন অভিনেতাৰ কণ্ঠ কেনে হোৱা উচিত, সেই কণ্ঠ কেনেদৰে, কি ভাঁজত বা ঠাঁচত ব্যৱহাৰ কৰিব লাগে, নাটকৰ চৰিত্ৰ অনুযায়ী পৰিচালকৰ পৰা বুজি ল’ব লাগে৷ 

এখন নাটক ৰঙ্গমঞ্চত অভিনয় কৰিবলৈ যাওঁতে পৰিচালকৰ সুচিন্তিত পৰিকল্পনাত অভিনয় শিল্পী বিশ্বাসী হ’ব লাগিব৷ কাৰণ নাটক এখনৰ অভিনয়ৰ সফলতা-বিফলতাৰ সামগ্ৰিক দ্বায়বদ্ধতা পৰিচালকৰ৷ গতিকে পৰিচালকৰ লগত আলোচনা মৰ্মেহে এজন অভিনেতাই নাট্যানুগ অঙ্গী-ভঙ্গী বা সংলাপ নিক্ষেপণ কৰা উচিত৷ .

নাট্যশাস্ত্ৰত অভিনয়ক চাৰিটা বিশিষ্ট ভাগত ভাগ কৰা হৈছে৷ আঙ্গিক, বাচিক, আহাৰ্য আৰু সাত্বিক৷ আঙ্গিক অভিনয় অঙ্গ, প্ৰত্যঙ্গ, উপাংগ বিলাকৰ দ্বাৰা প্ৰকাশিত হয়৷ ভাৱ প্ৰকাশত সংলাপৰ মাজেৰে কৰা অভিনয় বাচিক অভিনয়৷ সাজসজ্জা, বেশভূষা আদিৰে কৰা অভিনয় হ’ল আহাৰ্য অভিনয়৷ সাত্বিক অভিনয় অংগ চালনা আৰু বেশভূষাৰ মাজেদি নৃত্য কৰি সম্পন্ন কৰা হয়৷ 

থুলমুলকৈ অভিনয়ৰ বিভাগ এই চাৰিটাই যদিও নাট্যশাস্ত্ৰত ইয়াৰ বহুল বিৱৰণ আৰু প্ৰত্যেকটো অংগ-প্ৰত্যগ, উপাংগৰ সংজ্ঞাৰ ব্যাখ্যা দিয়া আছে৷ এই সকলো বিলাকৰ সম্যক জ্ঞান নাথাকিলেও অন্ততঃ বিভাগ কেইটাৰ কথা ভালকৈ এজন নতুন অভিনেতাই বুজি ল’ব লাগিব৷ অৱশ্যে আজিৰ প্ৰেক্ষাপটত নাট্যশাস্ত্ৰৰ ওপৰোক্ত বিভাগ কেইটিৰ সংজ্ঞাৰ ব্যাখ্যা সমূহৰ কিছু যোগ বিয়োগ ঘটিছে যদিও মূল বিভাগ কেইটি সদায় একে আছে৷ এই বিভাগ কেইটিক অনুধাৱন নকৰাকৈ অভিনয়ৰ বাবে উত্তাল হোৱা অভিনেতা বা ওপৰোক্ত বিভাগৰ সাম্যক জ্ঞান নথকা প্ৰশিক্ষকৰ অভিনয় শিক্ষাই অভিনয় শিল্পীক বিভ্ৰান্তহে কৰিব৷ ব্যাকৰণ নিশিকাকৈ যেনেকৈ এটি বাক্যৰ বিন্যাস কৰিব নোৱাৰি, তেনেকৈ অভিনয়ৰ মূল বিভাগ সমূহৰ জ্ঞান অবিহনে অভিনয় অসাৰ৷ শিক্ষা দিবলৈ যোৱাটোও প্ৰহসনৰ অন্য নাম৷ 

ওপৰোক্ত মূল বিভাগ চাৰিটিৰ উপৰিও আন চাৰিটি অন্যতম প্ৰশ্নৰে মঞ্চত উঠিবলৈ যোৱাৰ আগতেই আখৰা গৃহতে নিজক সাজু কৰি তুলিব লাগিব৷ সেয়া হ’ল– মই কোন? মই ক’ত? মই কেতিয়া? আৰু মই কিয়?–

প্ৰথম প্ৰশ্নৰ উত্তৰ হিচাবে অভিনেতাজনে সকলো পাহৰি নাটকৰ চৰিত্ৰৰ মাজত একাত্ম হৈ পৰিব৷ তেওঁ বুজি উঠিব যে তেওঁ মাত্ৰ নাটকৰ সেই নিৰ্দিষ্ট চৰিত্ৰটিহে৷ অন্য কোনো নহয়৷ দ্বিতীয় প্ৰশ্নৰ উত্তৰ স্বৰূপে তেওঁৰ স্থিতি ক’ত, মঞ্চৰ কোন স্তৰত, উচ্চ মঞ্চত নে নিম্ন মঞ্চত? বাওঁ মঞ্চত নে সোঁমঞ্চত? তেওঁৰ নাটকীয় স্থিতি ক’ত সেই প্ৰশ্নৰ উত্তৰো তেতিয়াই পাব৷ অৰ্থাৎ তেওঁ ঘৰত নে ৰাজপথত, অৰণ্যত নে কোনো ৰাজ অট্টালিকাত বা অন্য তেনে কোনো পৰিৱেশত তাৰ উত্তৰ পাব৷ তৃতীয় প্ৰশ্নৰ উত্তৰ হিচাবে অভিনেতাই জানিব পাৰিব তেওঁ অৰ্থাৎ নাটকীয় চৰিত্ৰ কোন যুগৰ, অৰ্থাৎ আধুনিক নে পৌৰাণিক? বৰ্তমানৰ নে অতীতৰ? পুৱাৰ পোহৰত নে ৰাতিৰ আন্ধাৰত৷ চতুৰ্থ আৰু পৰিশেষ প্ৰশ্নৰ উত্তৰ হিচাবে অভিনেতাই নিজৰ কৰ্তব্য নাটকীয় নিৰ্দেশনা মতে তেওঁ কিয় আহিছে, কি কৰিব বা ক’লৈ যাব ইত্যাদি বুজি উঠিব৷ 

এই সকলো বিলাকৰ উপৰিও অভিনেতাৰ মঞ্চ সম্পৰ্কে গভীৰ জ্ঞান থাকিব লাগিব৷ মঞ্চত অভিনয় কৰোঁতে ভাৰসাম্যতা ৰক্ষা কৰাৰ (Stage Balance) বিষয়ে জানিব লাগিব, আৰু জানিব লাগিব অগণন জনতাৰ প্ৰতি থকা দ্বায়বদ্ধতাৰ কথা, সেয়া এক বেলেগ আলোচনা হ’ব৷ 

মুঠ কথা নাটক বহু মানুহে পঢ়িব নোৱাৰিব পাৰে কিন্তু অলেখ নিৰক্ষৰ লোকে অভিনয়ৰ নান্দনিক শিল্প কলা আনন্দৰে উপভোগ কৰিব পাৰে৷ গতিকে অভিনেতাৰ দৌৰ সাক্ষৰিকৰ পৰা নিৰক্ষৰ দীনহীন জনতাৰ মাজলৈকে প্ৰসাৰিত৷

Leave a Reply

Your email address will not be published. Required fields are marked *