নিশাৰ নৈঃশব্দ(দীপিকা সভাপণ্ডিত) – Purbodix.com

নিশাৰ নৈঃশব্দ(দীপিকা সভাপণ্ডিত)

স্নেপশ্বট-এক

 

নিশাৰ নৈঃশব্দৰ তাৎক্ষণিক মৃত্যু হয় 

আস্থাৰ আকুলতাই যে

বুকুত কুৰুকি কুৰুকি সোমাই, 

কিম্বা অপৰিসীম চেনেহৰ নিৰ্ভয়তাত ভৰপূৰ হোৱা যায়৷ 

 

স্নেপশ্বট-দুই

তিলতিলকৈ নিশাটোৱে আমন্ত্ৰণ দিয়ে 

এক আস্থাহীনতাৰ দৈত্যই নিশাটো-গিলি থয়, 

ঘৃণা আৰু শঙ্কাই তাইক অজগৰৰ দৰে 

মেৰিয়াই মেৰিয়াই গিলি থয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *