নাৰী তুমি অন্যনা
ন ন ৰূপত তোমাৰ ভিন্নতা৷
তুমিয়েই আৰাধ্যা, তুমিয়েই লাঞ্চিতা
আৰু তুমিয়েই অন্তঃস্ৰাৱী নিজৰা৷
থাপি লৈছা কত বেদনা
তোমাৰ বুকুতেই,
আৰু বাকী দিছা
নিঃস্বাৰ্থ প্ৰেমৰ মদিৰা
স্বাৰ্থপৰ হ’ব নোৱাৰানে তুমি কিমান সহিবা পৃথিৱীৰ বেদনা নাৰী তুমি অন্যনা৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]