বীটৰ হালোৱা


উপকৰণ ঃ-
চ্ঞ ২ টা ডাঙৰ বীট
চ্ঞ ১ কাপ গাখীৰ
চ্ঞ ৩য৪ চামুচ ঘিউ
চ্ঞ কনডেন্সড মি{¨
চ্ঞ ১ চামুচ ইলাচি গুৰি
চ্ঞ কাজু-কিচ্মিচ্ (কাটি থোৱা)
প্ৰণালী ঃ প্ৰথমতে বীট কেইটাৰ বাকলি গুচাই ৰুকি ল’ব লাগিব৷ তাৰ পিছত এখন কেৰাহী গেছৰ চুলাত তুলি দি ৩য৪ চামুচ ঘিউ দিব লগাবি৷ ঘিউ খিনি গৰম হোৱাত তাত ৰুকি ৰখা বীট খিনি কম জুইত লাহে লাহে ভাজি থাকিব লগিব৷ অলপ ভজা যোৱাত তাত গাখীৰ ১ কাপ ঢালি দি পুনৰ তলত লাগি নোযোৱাকৈ ভাজিব লাগিব৷ ইয়াৰ পিছত গুৰি কৰি ৰখা ইলাচি গুৰিখিনি তাত দিব লাগিব লগতে মিঠাৰ বাবে প্ৰয়োজন অনুযায়ী কনডেন্সড মি{¨ দিব লাগিব৷ যেতিয়া অলপ ডাঠ হৈ আহিব তেতিয়া কাটি ৰখা কাজু-কিচ্মিচ্ খিনি দি গেছটো নুমুৱাই দিব৷
এনেকৈয়ে কম সময়ত বনাব পাৰি সুস্বাদু আৰু পুষ্টিকৰ বীটৰ হালোৱা৷
শিখা তামুলী
ফুলকবিৰ মলাই ডাল্না
উপকৰণ ঃ-
চ্ঞ ফুলকবি
চ্ঞ পিয়াজ
চ্ঞ আদা
চ্ঞ জলকীয়া
চ্ঞ গাখীৰ
চ্ঞ বাটাৰ
চ্ঞ ক্ৰিম
চ্ঞ ৰিফাইন
চ্ঞ মগজ
চ্ঞ কাজু
প্ৰণালী ঃ
প্ৰথমতে ফুলকবিখিনি ৰিফাইন তেলত ভাজি লৈ আন এঠাইত উঠাই থৈ তাৰ পিছত পিয়াজ, আদা, নহৰুও অলপ ভাজি তাত গুৰি কৰি থোৱা মগজ আৰু কাজু দি আকৌ অলপ ভাজি ল’লো৷ তাৰ পিছত ফুলকবিখিনি তাত দি দিছো৷ আধা ভজা হোৱাৰ পিছত গাখীৰ ১ কাপ দিলো৷ ফুলকবিখিনি সম্পূৰ্ণ সিজাৰ পাছত ৰয২ কাপ ক্ৰিম আৰু অলপমান দি উতল আহিব দি হোৱাৰ আগমুহুৰ্তত বাটাৰ আৰু জালুকৰ গুৰি দিছো৷ এনেদৰেই প্ৰস্তুত কৰা হ’ল ফুলকবিৰ মলাই ডাল্না৷
শিখা তামুলী
[DISPLAY_ULTIMATE_SOCIAL_ICONS]