ব’হাগ মাথোঁ এটি ঋতু নহয়,
নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ
অসমীয়া জাতিক সাংস্কৃতিক, বৌদ্ধিক বা সাহিত্যৰ দিশৰ পৰা যিকেইজন বৰেণ্য ব্যক্তিয়ে নিজৰ সৃষ্টিশীলতাৰে জগতসভালৈ আগবঢ়াই নিলে তাৰ ভিতৰত ড॰ ভূপেন হাজৰিকা দেৱ অন্যতম৷ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ অথবা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পাছতেই জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাভা আৰু একেবাৰে শেষৰজন ড॰ ভূপেন হাজৰিকা৷ ড॰ ভূপেন হাজৰিকাৰ মেটমৰা বিশাল সৃষ্টিৰাজিৰে অসমীয়া জাতিক জগতসভাত অন্যতম মৰ্যাদা প্ৰদান কৰি গ’ল৷ জীৱিত কালত নোৱাৰিলেও তেখেতৰ বৈকুণ্ঠপ্ৰয়াণৰ পাছত হ’লেও অসমীয়া জাতিয়ে সেয়া স্বীকাৰ কৰি লৈছে৷
ড॰ ভূপেন হাজৰিকাদেৱৰ দ্বাৰা পৰিবেশিত প্ৰতিটো গীতেই আচলতে এটি এটি মুকুতা৷ আজিৰ যুগৰ পেনপেনীয়া গীততকৈ তেওঁৰ গীতৰ কথা-সুৰ তথা আধুনিক, সাহসী, সংবেদনশীল৷ তেওঁৰ প্ৰতিটো গীততেই আছে সমাজৰ উদ্দেশ্যি কিছু বাৰ্তা– কেতিয়াবা দুখৰ, কেতিয়াবা সুখৰ আৰু প্ৰায়েই ক্ষোভৰ৷ সমাজৰ ধনী-দুখীয়া, ধৰ্ম, ৰাজনীতিৰ চক্ৰবেহুৰ কথাবোৰ তেওঁ গীতৰ কথাৰে সাধাৰণ ৰাইজৰ মাজত বিলাই দিছিল৷ তেওঁৰ হাতৰ পৰশত প্ৰতিটো গীতৰ কথাই হৈ পৰিছিল অসাধাৰণ আৰু কালজয়ী আৰু যেতিয়া তেওঁ এই কথাবিলাক সজাই-পৰাই গীতেৰে-সুৰেৰে নিজৰ ঈশ্বৰ প্ৰদত্ত কণ্ঠেৰে পৰিবেশন কৰিছিল সেই গীত হৈ পৰিছিল সময়ৰ পৰিধি ভঙা গীত৷
হয়তো ড॰ ভূপেন হাজৰিকাদেৱে আজিৰ পৰা কেইবা দশক আগেয়েই অসমীয়া জাতিৰ সংকটৰ কথা ভাবিছিল৷ হয়তো তেওঁ অনুমান কৰিছিল খোদ অসমতেই অসমীয়া জাতি এদিন ভাষাৰ সংকট, কৃষ্টিৰ সংকটত ভুগিব৷ অসমতেই অসমীয়া এদিন সংখ্যালঘু সম্প্ৰদায় হ’বগৈ৷ তেওঁ সেইবাবেই তেওঁৰ গীতৰ মাধ্যমেৰে বাৰে বাৰে সকীয়াই দিছিল– ‘‘আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব’’৷
হয়– আমি সজাগ হ’বৰ হ’ল৷ ড॰ হাজৰিকাদেৱে কৈ গৈছে ব’হাগেই আমাৰ চেতনাত জোৱাৰ অনাৰ সময়– ব’হাগ কোনো মাহ নহয়, ব’হাগ কোনো ঋতু নহয়– ই অসমীয়া জাতিৰ আয়ুস ৰেখা৷ যেতিয়ালৈ আমাৰ ভাষা, সংস্কৃতি জীয়াই থাকিব, আমাৰ জাতীয়তাবাদ জীয়াই থাকিব তেতিয়ালৈ আমি অসমীয়া হিচাপে বিশ্বত পৰিচয় দি থাকিব পাৰিম৷ এই ব’হাগতেই আমি আমাৰ ভুল-ত্ৰুটিবোৰ সুধৰাই জাতিটোক পুনৰ ঠন ধৰি তুলিবলৈ পণ কৰিব লাগিব৷ একতাৰ দোলেৰে আমি সকলো বান্ধ খাব লাগিব৷ বড়ো, ৰাভা, মিচিং আদি সকলো জাতি-উপজাতি পুনৰ একত্ৰ হ’ব লাগিব৷ বিভেদকামীৰ ষড়যন্ত্ৰৰ পৰা বৃহত্তৰ অসমীয়া জাতিক ৰক্ষা কৰিব লাগিব৷ আৰু এই সাহস আমাক দিব ব’হাগেই৷ কাৰণ ড॰ ভূপেন হাজৰিকাই কৈ গৈছে– ব’হাগ গণ জীৱনৰ সাহ৷৷
অসমীয়া ৰঙালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছাৰে–