
বিহু অসমীয়াৰ জাতীয় জীৱনৰ এক অংগ যাক বাদ দি চিনাকি দিবলৈ থল নাই এটা জাতিৰ৷ এটা ভাষা, এটা কৃষ্টি, এটা সংস্কৃতি এটা জাতিৰ দাপোণ স্বৰূপ সেয়েহে অসমত পালন কৰা তিনিওটাই বিহুয়েই প্ৰকৃতিৰ সৈতে এক চিৰ প্ৰবাহমান নিবিড় আত্মীয়তা আছে৷
ব’হাগ বিহুৰ আৰম্ভণিয়েই হৈছিল গছৰ তলত তাকো ঐশ্বৰিক শক্তিৰে বৰ অসমৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চ্যুকাফাই কলিয়াবৰৰ পৰা তিনি গৰাকী দেৱীক নি আহোমৰ ৰাজধানী চৰাইদেউত প্ৰতিষ্ঠা কৰিছিল আৰু বিহুক নি সেই ঠাইত প্ৰতিষ্ঠা কৰা বাবেই ঠাইখনৰ নাম বিহুবৰ হ’ল৷ সেই তিনিগৰাকী দেৱীৰ পৰাই তিনি বিহুৰ উৎপত্তি হ’ল৷
ব’হাগ বিহুত প্ৰথম দিনা গৰু বিহু আৰু এই গৰু বিহুতো পানী পাচলি আৰু পিঠাৰে সৈতে এক সম্পৰ্ক আছে৷ গৰুক গা ধুৱাবলৈ পানী লাগে গৰুক গা ধুবাবলৈ মাহ-হালধি, চাটৰ বাবে পাচলি যেনে– লাও, বেঙেনা, তিতা কেৰেলা, হালধি, ঠেকেৰা এডাল শলাত দুইমৃৰে সিব লাগে৷
গধূলি গৰুক পিঠাপনা খুৱাই জাগ দিব লাগে– মৰলিয়া শুকান পাত পচতিয়া পাত কলগছৰ থোৰ ধানখেৰেৰে জাগ দিলে ম’হ ডাহ, পোক-পৰুৱা মৰে৷
ব’হাগ বিহুত নাচনীৰ বাবে জেতুকা বঢ়হমথুৰি, গগনা, টকা, ঢোলৰ মাৰি প্ৰকৃতিৰেই উপাদান৷
বিহুৰ নামবোৰো প্ৰকৃতিৰ উপাদানেৰে ৰজিতা খুওৱা৷
কাঁচিখনৰ নামত নাঙলৰ নাম, হালখনৰ নাম, ধান দোৱাৰ নাম, মুঠি বন্ধাৰ নাম, ডাঙৰি অনাৰ নাম৷ কপৌ ফুলৰ নামেৰে নাচনীক নাম গাই নচুৱায়৷
ধানে দাই আছিল এ ভনিটী কিচিলি ঐ কিচিলি
ভুই ৰুই আছিলা এ ভনিটী বোকা পানী খচকি
এনে ধৰণৰ বিহু নামবোৰ প্ৰকৃতিৰ নামৰেই সংযুক্ত৷
কাতি বিহুও প্ৰকৃতিৰ অন্যবদ্য উপাদানেৰে ভৰপুৰ৷ কাতি বিহু মালতি নামৰ দেৱী গৰাকীৰ বায়েকক কৈছিল কৈলাসৰ পৰা অনা চাউল মুঠি সিঁচি দিবলৈ৷ মালতী চুটি-চাপৰ আছিল বাবে চমুকৈ সিঁচি দিয়াত যদিও নদন-বদন হ’ল পিছে ধান নহল৷ গছত চাউল লগা দেখি আ বুলি মুখ মেলোতেই খোৱা-খুবি নামৰ এহাল বুঢ়া-বুঢ়ীয়ে মুখৰ পৰা ওলোৱা জুইয়ে পথাৰখন জলাই পেলালে৷ মহাদেৱে তাকে দেখি বিৰিয়াৰে খুচিলত এফাল আধা জ্বলা হ’ল আৰু সেইখিনি জহা ধান হল আৰু যিখিনি পুৰাকৈ জ্বলিল সেইখিনি বৰাধান হ’ল৷ কলিমতি মালতি আৰু সেউতি নামৰ তিনি গৰাকী দেৱীৰ পৰাই তিনিটি বিহুৰ প্ৰচলন হ’ল৷ সেয়ে খেতি উঠা পৰত লখিমীক তিনিজোপা ধান গছ একেলগে বান্ধি তুলসী এজোপা ৰুই পিঠা-পনা পায়স দি প্ৰাৰ্থনা গাই নতুন গামোছাৰে মেৰিয়াই আবিয়ৈ ছোৱালীৰ মূৰত উঠাই নীতি-নিয়মেৰে লখিমীক আনি ভঁৰালত সুমুৱাই থয়৷ কাতি বিহুত তুলসীৰ তলত চাকি-বন্তি জ্বলাই শৰাই এখন দি তুলসীৰ কাষত এভাগি যে প্ৰাৰ্থনা গায় তুলসীৰ তলে তলে মৃগ পহু চ’ৰে তাকে দেখি ৰাম চন্দ্ৰই শৰধেনু ধৰে৷ এই ফাঁকি নামৰো তাৎপৰ্য আছে দেৱীৰ সৈতে৷

মালতী নামৰ দেৱীগৰাকীয়ে খেতি কৰাৰ পৰা চাউল বিলাক খোবা-খুবনি নামৰ দম্পতীহালৰ মুখেৰে জুই ওলোৱা ঘটনাৰ দ্বাৰা মহাদেৱে সেয়ে সেই খোবা-খুবুনি নামৰ বুঢ়া-বুঢ়ী হালক অভিশাপ দিলে যে প্ৰত্যেক নতুন বছৰত নতুন নৰাৰে তেওঁলোকক জ্বলোৱা হ’ব৷
তাৰ পিছৰ পৰাই মাঘ বিহুৰ সংক্ৰান্তিৰ দিনা মেজি দুটাকৈ জ্বলায় এটা ডাঙৰ আৰু এটা সৰু৷
মাঘ বিহু ভোগালী হয় প্ৰকৃতিৰ উপাদানেৰে৷ খেতিৰ পৰা হোৱা শইচবোৰৰ বাবে ভোগৰ সামগ্ৰীৰে কৰা হয় যা-যোগাৰ৷
তদুপৰি ভেলাঘৰ বনাবলৈ কাঠ, বাঁহ, বেতৰ প্ৰয়োজন হয়৷ নৰাৰে সাজে মেজিঘৰটো আৰু কাঠ-বাহেৰে মেজিটো বনাই জ্বলাব লাগে নীতি-নিয়মেৰে৷ খেতি অবিহনে বিহুও নহয় সম্পূৰ্ণ৷
বিহুৰ উৎপত্তি সেয়েহে কলিয়াবৰতহে৷ কলিয়া বৰৰ পৰা তিনা গৰাকী দেৱীক নিবলৈ জ্জদিন ৭১াতি লাগিছিল বাবেই বিহু সাত দিনীয়া হ’ল৷ তাকো দেৱী তিনিও গৰাকীকে দোলাত কঢ়িয়াই নিছিল৷
তিনি গৰাকী দেৱী হ’ল কলীমতি, মালতী, সেউতি৷ তেওঁলোক কৈলাসৰ পৰা প্ৰেমিক শিৱক বিচাৰি ধনশিৰি নদীয়েদি আহিছিল আৰু কলিয়াবৰত বিহু মাৰিছিল৷ তেওঁলোকেই মনুষ্যই খাবলৈ লগত এমুঠি চাউল লৈ ইন্দ্ৰৰ পৰা গৰু বলোভদ্ৰৰ পৰা হাল আৰু ব্ৰম্মাৰ পৰা কঠীয়া খুজি মহাদেৱক খেতি কৰিবলৈ কৈছিল৷
দেৱী তিনি গৰাকীৰ মতে মহাদেৱে খেতি কৰাৰ বাবেই মানুহৰ মাজত খেতিৰ প্ৰচলন হ’ল আৰু খেতিৰ পৰাই বিহুৰ উৎপত্তি৷ এই বিহুৰ সৈতে প্ৰকৃতিৰ কি গভীৰ সম্পৰ্ক উপলব্ধি কৰিব পাৰি৷