ৰঙালী বিহু আৰু অসমীয়া লোকমন – Purbodix.com

ৰঙালী বিহু আৰু অসমীয়া লোকমন

(ড॰ জ্যোতিৰেখা হাজৰিকা)

বিহু বুলিলেই আমাৰ মনলৈ পোনচাটে আহে ৰঙালী বিহুটিৰ কথা৷ অসমীয়া চহা মনৰ সৰল প্ৰাণৰ স্বাভাৱিক অভিব্যক্তিৰ বাংময় প্ৰকাশ ঘটে ৰঙালী বিহুটিৰ মাজেৰেই৷ হাজাৰ অভাৱে লাগিলে কোঙা কৰক মন, তথাপি অসমীয়া চহা খেতিয়কে বিহুটি নপতাকৈ থাকে কোন স’তে? 

অতিকৈ চেনেহৰ                       মুগাৰে মহুৰা

তাতোকৈ চেনেহৰ মাকো; 

তাতোকৈ চেনেহৰ                        ৰঙালী বিহুটি

নাপাতি কেনেকৈ থাকো৷ 

ৰঙালী বিহুৰ আচাৰ-অনুষ্ঠানৰ মাজতে লুকাই থাকে কৃষিভিত্তিক লোকমন, লোকজীৱন৷ চ’ত মাহ সোমোৱাৰ লগে লগে কৃষিজীৱী অসমীয়া সমাজত মানুহৰ ব্যস্ততা বাঢ়ে৷ বিহুৰ ৰং-ৰহইচৰ বাবে চ’ৰাঘৰৰ বেৰত ওলোমাই থোৱা ঢোলটি নমাই চোৱাবলৈ বুলি চহৰলৈ চাইকেল উঠি যাত্ৰা৷ বিহু চেৰা হোৱাৰ ভয়ত তাঁতশালত শিপিনীৰ ব্যস্ততা দুগুণে বাঢ়ে৷ নাচনী জৰীৰ উঠা-নমা খৰ হয়৷ বিহু আহিছে বুলি ল’ৰা-ডেকা-বুঢ়া কাৰো গাত তৰণি নাই৷ 

নগাৰে চাঙতে            পেঁপাটি বজালে

ডফলাই বজালে টকা; 

ল’ৰা-বুঢ়া-জীয়াৰী                ৰঙতে বলিয়া

ব’হাগৰ বিহুৱা ডেকা৷ 

– বিহুৰ দিনা সন্ধিয়া গৰুৰ ডিঙিত পিন্ধাবলৈ হাবিৰ পৰা তৰা গছ কাটি আনি পদ্মা তৈয়াৰ নকৰা মানে গঞালোকৰ গাত তৰণি নাই৷ হাবিৰ পৰা আগতীয়াকৈ থেকেৰা বিচাৰি অনা, গৰু বিহুৰ দিনা চাটৰ বাবে বাৰীৰ পৰা লাও, বেঙেনা, কেৰেলা, কেঁচা হালধি বিচাৰি খোচাৰি অনা, পুৱাতে বটিবলৈ বুলি মাটি মাহ আগৰাতিতে তিয়াই থোৱা কতযে কাম ৰঙালী বিহুটি আদৰাৰ নামত কৰা হয়৷ গৰু বিহুৰ দিনা বিহুৱানখন ডিঙিত পিন্ধাই জ্যেষ্ঠজনৰ পৰা আশিস ল’বলৈ কনিষ্ঠজনে উথপথপ লগায়৷ বিহুনামতো উল্লেখ আছে

চ’ততে চকৰি               ব’হাগত বগৰী

জেঠতে আমনা ধান; 

গৰু বিহু দিনাখন              ল’বা আশীৰ্বাদে

দেহে পাবা বৈকুণ্ঠত স্থান৷ 

অতিকৈ চেনেহৰ বিহুটি আদৰা মানেই খেতিলৈ নিজকে সাজু কৰাৰ প্ৰস্তুতি৷ গোহালিৰ বলধকেইটা নোৱাই- ধুৱাই খেতিৰ বাবে সাজু কৰিবৰ হয়৷ দমৰাকেইটাও সোনকালে ডাঙৰ হ’বৰ বাবে চাটৰ লাও, বেঙেনা আদি গালৈ দলিয়াই গৃহস্থই গায়—

লাও খা            বেঙেনা খা

বছৰে বছৰে বাঢ়ি যা;

মাৰ সৰু          বাপেৰ সৰু

তই হবি বৰ গৰু৷

বিহু অসমীয়াৰ প্ৰাণস্বৰূপ৷ যান্ত্ৰিকতাই তিল তিলকৈ আমাৰ সৰ্বস্ব আঁজুৰি নিয়াৰ সময়তো বিহু আহিছে বুলি মন-প্ৰাণ উথলি নুঠা মানুহ খুব কমেই আছে৷ বিহুপ্ৰাণা সকলোৱে এতিয়াও আঙুলিৰ মূৰত দিন গণে—বিহুলৈ আৰু কেইদিন বাকী? 

বিহুলৈ কেইদিন             আছে সমনীয়া

বিহুলৈ কেইদিন আছে; 

উজনি নামনি                মাৰোঁ কেউখনি

বিহুলৈ দহ দিন আছে৷ 

মানুহ বিহুৰ দিনাৰ পৰা নামঘৰত হুঁচৰি যোৰাৰ পাছতে ঘৰে ঘৰোৱাহে গোৱা আৰম্ভ হয়৷ হুঁচৰি বুলিলেই মনলৈ আহে সেই পদফাঁকি—

হুঁচৰি এ চ’ত

আমি যে ওমলোঁ য’ত

দূবৰি নগজে ত’ত৷ 

হুঁচৰি বুলিলে গাঁৱৰ বঢ়া-মেথা সকলোৰে সহযোগিতা৷ ভকতৰ পদধূলা অবিহনে ঘৰখন শুদ্ধই বা হ’ব কেনেকৈ? বয়োজ্যেষ্ঠ এজনে হাতত ছাতিটো লৈ ইফালে জুৰিলেই নহয় পদ–

গোবিন্দ কৃষ্ণ ৰাম নাৰায়ণ এহে জয়…..

হুঁচৰিৰ পদত আধ্যাত্মিকতাৰ ভাব সততে বিদ্যমান৷ কৃষ্ণ, লক্ষ্মী, ৰাধা, ৰাম, সীতা, শিৱ, পাৰ্বতী আদি চৰিত্ৰক সাঙুৰি গোৱা পদবোৰৰ মাজত অসমীয়া লোকমন জড়িত হৈ আছে৷ তেনে কেইটিমান পদ হ’ল–

কৃষ্ণাইৰ মূৰতে বকুল ফুল এপাহি 

নিয়ৰ পাই মুকলি হ’ল হ’ল ঐ গোবিন্দা ৰাম৷ 

ৰাধাই বোলে কৃষ্ণাই মোকে পাৰে কৰা

এৰি যমুনাৰে জল ঐ গোবিন্দাই ৰাম৷ 

ৰাইজেই লক্ষ্মী          শুকুলী পাৰৈ

ফুৰে ঘৰে ঘৰে ৰৈ

ৰত্নৰ খাটতে              প্ৰভু শুই আছিলে

লক্ষ্মী জগালে গৈ৷ 

হুঁচৰিয়ে একতাৰ ভাবো দৃঢ় কৰে৷ বিপদৰ মুহূৰ্তত গাঁৱৰ সকলো মানুহ একগোট হৈ শতৰুৰ বিপক্ষে এঘড়ি যুঁজাৰ মানসিকতাও হুঁচৰিৰ পদত পৰিলক্ষিত হয়৷ 

হাতত কাৰেফাই

ল হেৰ’ দদাই

মাৰ ঐ মাৰ ঐ বালি চৰাই৷ 

বিহুনামৰ বিষয় বহুমাত্ৰিক৷ যুগ যুগ ধৰি প্ৰেম- প্ৰণয়, বিৰহ-মিলন, ধৰ্মীয় কিম্বা আধ্যাত্মিক ইত্যাদি বিবিধ বিষয়ক বিহুনাম অসমীয়া লোক সমাজত মুখে মুখে ৰচিত হৈ আহিছে৷ সংসাৰৰ অসাৰতা সম্পৰ্কেও বিহুনামত উল্লেখ পোৱা যায়৷ 

আহিছা অকলে              যাবাগৈ অকলে

পাৰ হৈ জীৱনৰ সাঁকো

দুদিনীয়া সংসাৰত                ধেমালি কৰিবা

লগত লৈ নোযোৱা কাকো৷ 

অসমীয়া লোক-সংস্কৃতিত তামোল-পাণৰ ভূমিকা অপৰিসীম৷ দৈনন্দিন জীৱনত তামোল-পাণ নহলেই নচলে৷ বিহুৰ স’তেও তামোল-পাণৰ অবিচ্ছেদ্য সম্পৰ্ক৷ পদূলিত জপাৰ চেলেং পাৰি হুঁচৰি আদৰোঁতে শৰাইত এখনি৷ গামোচাৰ স’তে এথোকা তামোল আৰু চৈধ্য গুছি পাণ নহ’লেই নহয়৷ প্ৰণয়সূচক বিহুনামত থুৰীয়া তামোলখনৰ সঘন উল্লেখ পোৱা যায়৷ ৰাতি বিহু মাৰোঁতে হাতৰ টিপতে চেনেহীয়ে ধনক দি যোৱা থুৰীয়া তামোলখনৰ কথাই যে সুকীয়া–

কি কথা কৰিলা               কি বুধি কৰিলা

থুৰীয়া তামোলৰ লগত; 

খাওঁতে শোওঁতে               উঠোঁতে বহোঁতে

সদায় পৰি থাকে মনত৷ 

বিহু অসমীয়াৰ বাপতিসাহোন৷ অসমীয়া লোকমনৰ স’তে ওতঃপ্ৰোতভাৱে সম্পৃক্ত হৈ থকা বিহুকেন্দ্ৰিক লোকাচাৰ আৰু বিহুনামৰ গুৰুত্ব দিনক দিনে কমি আহিছে৷ কেছেটৰ দোকানৰ বিহুনামেহে আজিকালি পোনপ্ৰথম বতৰা আনে—বিহু আহিছে৷ আজিৰ ব্যস্ততাপূৰ্ণ প্ৰাত্যহিক জীৱনত বিহু বুলি সুকীয়াকৈ অনুভৱ কৰাৰ সুৰুঙাই বা ক’ত? বতৰে ঠিকেই বতৰা আনে বসন্তৰ৷ প্ৰকৃতিয়ে ফুলৰ মেলা পাতি জনাই দিয়ে বসন্ত অহাৰ খবৰ৷ পহিলা বৰষুণে চিৰাল ফটা মাটি কোমল কৰি খেতিয়কক প্ৰথম হাল জোৰাৰ বাবে উপযোগী কৰি তোলে৷ কিন্তু আমাৰ মনবোৰহে দেখোন ক্ষিপ্ৰ গতিত শিপাবিচ্ছিন্ন হ’বলৈ ধৰিছে৷ সকলোকে বিপুল পৰিৱৰ্তন৷ গাঁৱৰ হুঁচৰিয়ে গাঁও এৰি নগৰৰ বিহুমেলাৰ সৌন্দৰ্য বঢ়াইছেহি৷ বিহু বুলিলে পেটলৈ ভাত নোযোৱা বিহুৱা-বিহুৱতী আজি আৰু নাই৷ হেঁপাহৰ বিহুৱানখনিও আজি আমদানিকৃত৷ তাঁতশালত আজিৰ গাভৰুৱে সপোনৰ ফুল নাবাছে৷ যান্ত্ৰিক সুবিধাৰ বাবে ঢেঁকীৰ মাত গাঁৱতো লাহে লাহে কমি আহিছে৷ 

বিহুনামৰ অডিঅ’ কেছেট, ভিচিডিৰ সংখ্যা বাঢ়িছে৷ পুৰণি বিহুনামৰ ঠাইত ন-সৃষ্ট বিহুনামৰ অতি আধুনিক সুৰ সঞ্চাৰে বিহুক ক’লৈ লৈ গৈ আছে সৰহসংখ্যক অসমীয়াই আজিও উপলব্ধি কৰা নাই৷ কেছেট-পাৰ্লাৰৰ পৰা বিহুনাম এফাকি উফৰি আহি কাণত সোমালেও কেতিয়াবা উৎকট যৌনগন্ধী ভাষাৰ বাবে কাণত ঠিলা দিবলগীয়া অৱস্থাও হয়৷ বাছত যাওঁতে এনে অৱস্থাৰ সন্মুখীন হৈ পৰিচালকক এনে কেছেট নবজাবলৈ আমি বহুদিন বাৰণ কৰিছোঁ৷ বিশেষকৈ নাৰীৰ আংগিক সুষমাক কিছুসংখ্যক ন-বিহুনাম প্ৰণেতাই সম্প্ৰতি উদ্ভট ৰূপ দিয়াটো সঁচাকৈয়ে বিচাৰ্যৰ বিষয়৷ 

সংস্কৃতিৰ গতি বোৱতী নৈৰ পানীৰ দৰে৷ নিতৌ নতুন সমলৰ প্ৰৱেশ একো অস্বাভাৱিক কথা নহয়৷ মাথোঁ বিকৃতি হোৱাৰ পৰা বচোৱাৰ দায়িত্ব প্ৰতিগৰাকী অসমীয়াই কান্ধ পাতি ল’ব লাগিব৷ বিহু সংস্কৃতিৰ ক্ষেত্ৰত পুৰণি বিহুনামবোৰ বিচাৰি খোচাৰি পাৰিলে সুৰ সংগ্ৰহ কৰি সংৰক্ষণ কৰাটো সকলোৰে বাবে এটা নৈতিক দায়িত্ব৷ 

পৰিৱৰ্তন যিমানেই নাহক লাগে, প্ৰকৃত অসমীয়া দেহ-মনৰ গৰাকীজনে বিহু আহিলে অকলে হ’লেও অনুভৱ কৰিব বিহুৰ গৰিমাময় ঐতিহ্যৰ কথা৷ গ্ৰাম্য জীৱনৰ পৰা জীৱিকাৰ তাড়ণাত চহৰত বসবাস কৰা প্ৰতিগৰাকী অসমীয়াই আজিও নি(য় গৰুবিহুৰ দিনা হাটৰ পৰা জেতুকা, কেঁচা হালধি, মাটিমাহ আনিবলৈ নাপাহৰে৷ গৰু নাথাকিলেও মাহ-হালধিৰে গা ধুই বছৰটোলৈ  ন সংকল্প লয়৷ ৰঙালী বিহুটি অসমীয়া লোক মনৰ সাৰ্থক পৰিচায়ক—এই কথা আমি পাহৰিলে নচলিব৷ অতি চেনেহৰ ৰঙালী বিহুটি হাততে মলঙি যাবলৈ জানো দিব পাৰি? আহক আমি সকলোৱে জাতিৰ প্ৰাণৰ স্পন্দনস্বৰূপ, বিহুনাম এফাকি একেলগে গাওঁ—

কিনো কাপোৰখনি           ফুলে জকে কি

উৰি যায় বতাহৰ লগত; 

নাখাই চাৰিসাজি                থাকিব পাৰোঁ মই

ব’হাগৰ বিহুৰে লগত৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *