
২০১৯ চনৰ নবেম্বৰ মাহত প্ৰথমে আবিৰ্ভাৱ হৈছিল ক’ৰণা ভাইৰাছ নামৰ ৰোগবিধৰ৷ এই ৰোগবিধে বিশ্বজোৰা আতংকৰ সৃষ্টি কৰিছিল৷ কোনো এখন দেশেই ক’ৰণাৰ সংক্ৰমণৰ পৰা ৰক্ষা পোৱা নাছিল৷ সেই সময়তে লক ডাউনৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈছিল৷ তেতিয়া সমগ্ৰ দেশতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্মাৰ্ট ফোনৰ ব্যৱহাৰ হৈছিল৷ আনকি বনকৰা বাইজনীয়েও ল’ৰা-ছোৱালীৰ পঢ়াৰ বাবে স্মাৰ্ট ফোন কিনি দিবলৈ বাধ্য হৈছিল, যাতে ল’ৰা-ছোৱালীয়ে পঢ়া-শুনাৰ বাবে অনলাইন ক্লাচ, গুগল মিট আদিৰে জ্ঞান আহৰণ কৰিব পাৰে৷ সময়ত ক’ৰণা মহামাৰীও শেষ, কিন্তু ছাত্ৰ-ছাত্ৰীৰ হাতত স্মাৰ্ট ফোনটো থাকিয়েই গ’ল৷ বেছিভাগ ছাত্ৰ-ছাত্ৰীৰ ফোনটো এতিয়া নিচাত পৰিণত হৈছে৷ নতুন নতুন আবিস্কাৰৰ ফলত আমি মোবাইলৰ মেৰপেচত সোমাই পৰিছোঁ৷ অত্যাধিক ব্যৱহাৰৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ বিকাশত বাধাৰ সৃষ্টি হৈছে৷ শিশুসকলে মোবাইলত ভিডিঅ’ গেম খেলি মোবাইলৰ প্ৰতি অত্যাধিক আকৰ্ষিত হোৱাৰ ফলত মগজুৰ বিকাশত বাধাৰ সৃষ্টি কৰিছে৷ অধিক সময় ব্যৱহাৰ কৰাৰ ফলত শিশুৰ মানসিক স্থিৰতাত নেতিবাচক প্ৰভাবপৰিছে৷ ইয়াৰ ফলত অভিভাৱক, শিক্ষক, সচেতন সমাজ চিন্তিত হৈ পৰিছে৷
সকলো বস্তুৰে ভাল-বেয়া দুটা দিশ আছে৷ কথা হ’ল মোবাইল ফোনটো আমি কি ধৰণে বা কি কামত ব্যৱহাৰ কৰো সেইটোৰ ওপৰতে সকলো নিৰ্ভৰ কৰে৷ ফোনটো নহ’লে আমাৰ জীৱন অচল হৈ পৰিব৷ আজি-কালি মোবাইল ফোনটো আমাৰ অবিচ্ছেদ্য অঙ্গ হৈ পৰিছে৷ ক’ৰণা মহামাৰীৰ সময়ত বহু ছাত্ৰ-ছাত্ৰীয়ে ঘৰতে থাকি মোবাইল আৰু লেপটপৰ সহায়ত সৰ্ব ভাৰতীয় প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ আমি পৃথিৱীৰ য’তেই নাথাকো কিয়, মন গ’লেই আমি সকলোৰে লগত কথা পাতিব পাৰো৷ ভিডিঅ’ কল কৰি দূৰ-দূৰণিত থকা ল’ৰা-ছোৱালী, আত্মীয়-কুটুমৰ লগত দেখা হ’ব পাৰো৷ ফোনটোৰ যোগেদিয়ে আমি ঘৰতে বহি বেংকৰ কাম, টকা-পইচাৰ লেন-দেন, বিদ্যুৎ বিল পৰিশোধ কৰা, ডাক্তৰৰ লগত ভিডিঅ’ কল কৰি পৰামৰ্শ ল’ব পাৰো৷ দৈনন্দিন জীৱনত এই যন্ত্ৰটোৰ সহায়ত হেজাৰটা কাম সমাধান কৰিব পাৰোঁ৷ ফোনটোত গুগল, ইউটিউব খুলিয়েই দেশ-বিদেশৰ খবৰ ল’ব পাৰো আৰু বহু নজনা কথা জানিব পাৰো৷ বিয়া-বিহু, সামাজিক, ধৰ্মীয় কাজ, নিজৰ আত্মীয়-কুটুমক নিমন্ত্ৰণ দিয়াৰ বাবে মোবাইল ফোনটোৱে আমাৰ বহু সময় ৰাহি কৰি দিছে৷ এতিয়া এনেকুৱা সময় আহি পৰিছে যে মোবাইল বা লেপটপটো নহ’লে আমি এনেয়ে থাকিব নোৱাৰা হৈ পৰিছো৷ নতুন নতুন আবিষ্কাৰৰ ফলত আমি মোবাইলৰ মেৰপেচত সোমাই পৰিছো৷ আজি-কালি সৰু ল’ৰা-ছোৱালীবোৰে ফোনটো নহ’লে খেলিবই নজনা হ’ল৷ প্ৰায়ভাগ ল’ৰা-ছোৱালীৰে ঘৰলৈ আলহী আহিলে মাত এষাৰ দিবলৈও সময় নোহোৱা হ’ল৷ কোঠাৰ ভিতৰতে ব্যস্ত হৈ থকা দেখা যায়৷ আজি-কালি প্ৰায়ভাগ সৰু ল’ৰা-ছোৱালীক মাকবোৰে কাৰ্তুন দেখুৱাই ভাত খুৱায়৷ প্ৰায়ভাগ পৰিয়ালৰে স্বামী-স্ত্ৰী দুয়োজনে চাকৰি বা ব্যৱসায় কৰি পৰিয়াল চলায়৷ ঘৰত বনকৰা মানুহজনীয়ে শিশুটিৰ হাতত মোবাইলটো দি ঘৰুৱা কাম-বন কৰা দেখা যায়৷ ফলত সৰুৰে পৰা মোবাইলৰ প্ৰতি আসক্তি বাঢ়ি যায়৷ মোবাইলটোৱে আমাক ইমানেই আসক্ত কৰি তুলিছে যে ঘণ্টাৰ পিছত ঘণ্টা সময় পাৰ হৈ যায়৷ অত্যাধিক ব্যৱহাৰৰ ফলত ল’ৰা-ছোৱালী আনকি ডাঙৰ সকলোৰে টোপনিত বাধাৰ সৃষ্টি কৰাৰ লগতে মানসিক ৰোগৰো চিকাৰ হ’ব লগা হৈছে৷ অশ্লীল ভিডিঅ’ ছবি চোৱাৰ ফলত সমাজত অনৈতিক কাৰ্য, অপহৰণ, অপৰাধ, হত্যা, আত্মহত্যা ইত্যাদি অসামাজিক কাম কৰিবলৈ ভয় নকৰা হ’ল৷ অতিমাত্ৰা মোবাইলৰ প্ৰতি আসক্ত হোৱাৰ ফলত সমাজত বিভিন্ন বেমাৰে আগুৰি ধৰিছে৷ মুঠৰ ওপৰত ডাঙৰ বা অভিভাৱকসকলে, শিক্ষাৰ্থীসকলক প্ৰযুক্তিৰ ভাল দিশটোৰ প্ৰতি অৱগত কৰি জীৱনৰ বাটত সফলতাৰে আগবাঢ়িবলৈ শিকাব লাগে৷ মুঠৰ ওপৰত ডাঙৰে হওক বা সৰুৱেই হওক মোবাইলটো নিচাত পৰিণত কৰিব নালাগে৷

সৌ সিদিনাৰ ঘটনা৷ এটা পৰিয়ালৰ চাৰিটা সদস্য৷ দেউতাক কলেজৰ অধ্যাপক৷ মাক হাইস্কুলৰ শিক্ষয়িত্ৰী৷ ঘৰত ল’ৰা-ছোৱালী দুটাক বনকৰা বাইজনীয়ে ৰন্ধা-বঢ়া কৰি খুৱাই-বুৱাই স্কুললৈ পঠিয়ায়৷ ঘৰখনৰ সমস্ত দায়িত্ব পালন কৰে বাইজনীয়ে৷ অভাৱ-অভিযোগ নাই৷ ছোৱালী নম্ৰতাই এইবাৰ প্ৰাক্ বিশ্ববিদ্যালয়ৰ শেষ বৰ্ষৰ ছাত্ৰী আৰু ল’ৰা দৰ্শন দশম শ্ৰেণীৰ ছাত্ৰ৷ মাক-বাপেক দুয়ো সময়মতে নিজৰ নিজৰ কৰ্মস্থলীলৈ যায়৷ সৰুৰে পৰা বাইজনীয়ে সিহঁত দুয়োটাকে খুৱাই, টিফিন দি স্কুললৈ পঠিয়ায়৷ দুয়ো নিত্য-নৈমিতিক কামখিনি কৰি স্কুললৈ যায়গৈ৷ গধুলি মাক-বাপেকে ল’ৰা-ছোৱালী দুটাক পঢ়া টেবুলতে দেখা পায়৷ বন্ধ বাৰতহে মাক-বাপেকে ল’ৰা-ছোৱালী দুটাক ভালকৈ লগ পায়৷ মাক-বাপেকেও নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে৷ এনেকৈ সিহঁতৰ জীৱনৰ গতি প্ৰবাহিত হৈ আছিল৷ দুয়োটা ল’ৰা-ছোৱালীয়ে সকলো পৰীক্ষাতে ভাল ফল দেখুৱাইছিল৷ দৰ্শনে সৰুৰে পৰা চিকিৎসক হ’ম বুলি মনতে এটা সপোন পুহি ৰাখিছিল৷ সময় কাৰো বাবে ৰৈ নাথাকে৷ আজি কিছুদিনৰ পৰাহে ঘৰখনত অশান্তিৰ বীজ অঙ্কুৰিত হ’বলৈ ধৰিলে৷ বনকৰা বাইজনীৰ উমাল মৰমৰ আৱেশত লালিত-পালিত হোৱা নম্ৰতাই [ছোৱালীজনী] কাৰো লগতে কথা-বতৰা নোকোৱা হ’ল৷ কেৱল নিজৰ কোঠাটোৰ ভিতৰতে সোমাই থাকে৷ মাকে কিবা সুধিলে টিঙিৰি তুলা হৈ মাকক বহুত কথা শুনায়৷ কেতিয়াবা মাকক এনেকুৱা কিছুমান কথা কয়, মাকৰ হৃদয় ক্ষত-বিক্ষত হৈ পৰে৷ প্ৰতিদিন, প্ৰতিপল সন্তানক বুকুত বান্ধি এগৰাকী মাতৃয়ে ৰচে ভবিষ্যতৰ সোণালী ইতিহাস৷ ঘৰখনৰ অভাৱ-অভিযোগ নহওক বুলিয়ে ৰাতি পুৱাই ওলাই যায় চাকৰিটোৰ বাবে৷ মাকে মনে মনে ভাবে– ক’ৰবাত কিবা অসুবিধা পাইছে নেকি তাই৷ মাকৰ মনত বিভিন্ন চিন্তা অগা-দেৱা কৰিবলৈ ধৰিলে৷ এদিন তাই মোবাইলটো পঢ়া টেবুলত থৈ বাথৰূমত সোমাইছিলহে মাত্ৰ, মাকে মোবাইলটো খুলি চাওতে এজন ল’ৰাৰ ফটো দেখা পালে৷ মাকে তাইক সুধিলে– মোবাইলত কোন ল’ৰাৰ ফটো ৰাখিছে? তাই খঙতে উগ্ৰমূৰ্ত্তি ধৰি কান্দি কাতি অস্থিৰ হৈ পৰিল৷ অলপ পিছত শান্ত হৈ তাই মাকক ক’লে মই তাক ভাল পাওঁ৷ ফেচবুকতে তাৰ লগত চিনাকী হৈছো৷ মাকে তাইক দুই কোব মাৰি ক’লে– তোৰ এতিয়াৰে পৰা ভাল পাবৰ হ’লনে? ভালদৰে পঢ়ি-শুনি নিজৰ ভৰিৰ ওপৰত ঠিয় দিব পাৰিব লাগিব৷ কিছুদিন ছুটি লৈ মাকে ঘৰতে থাকিল যদিও তাৰে মাজতে ল’ৰাজনক মাতি তাই পলাই গ’ল৷
ইফালে ল’ৰা দৰ্শনে কোঠাৰ ভিতৰতে সোমাই থাকি ভাল পোৱা হ’ল৷ সি দৰ্জা মাৰি মোবাইলত গেম খেলি বহু সময় পাৰ কৰে৷ বনকৰা বাইজনী চাহ-ভাত খাবলৈ মাতিলেও কোঠাৰ ভিতৰৰ পৰা ওলাই নাহে৷ মাকে মাতিলেও পঢ়ি থকা বুলি কয়৷ সপ্তাহত তিনিদিন মানহে কলেজলৈ যায়৷ বাথৰূমত গা-ধুব গ’লেও মোবাইলটোত গেম খেলি থাকে৷ খোৱা-শোৱাৰ একো ঠিকনা নোহোৱা হ’ল৷ সৰুৰে পৰা চিকিৎসক হোৱাৰ সপোন পুহি ৰখা ল’ৰাজনে খোৱা, শোবা বাদ দি ঘৰৰ ভিতৰতে জহি-পমি যাবলৈ ধৰিলে৷ পঢ়া-শুনাৰ প্ৰতি ধাউতি নোহোৱা হ’ল৷ মোবাইলতে গেম খেলি, ফেচবুক চাই থাকে৷ মোবাইলটো নহ’লে পাগলৰ দৰে হৈ যায়৷ এদিন বাইজনীয়ে মাক-বাপেকক সকলো কথাই জনাই দিলে৷ মাক-দেউতাকৰ মূৰত সৰগ ভাঙি পৰা যেন হ’ল৷ বহু চেষ্টা কৰিও মোবাইলটোৰ পৰা তাক এৰুৱাব নোৱাৰিলে৷ বিষাদে ঘৰখন টানি ধৰিলে৷ ডাক্তৰক দেখুৱালে যদিও ডাক্তৰে মানসিক ৰোগ হোৱা বুলি ক’লে৷ বহু চিকিৎসা কৰিও ভাল নাপালে৷ ছোৱালীজনীও যৌতুকৰ বাবে গিৰিয়েকৰ মাৰ খাই, কটু কথা শুনি ঘৰলৈ গুছি আহিল৷ মাকে মনে মনে ভাবিলে– নিজৰ কৰ্ম ব্যস্ততাৰ বাবে ল’ৰা-ছোৱালী দুটাক সময় দিব নোৱাৰিলো৷ আলহী, অতিথি, ইষ্ট-কুটুম্বৰ সম্পৰ্কতো ঘূণে ধৰিলে৷ ভবাই নাছিলো ল’ৰা-ছোৱালীয়ে বন্ধু-বান্ধব, সভা-সমিতিৰ কুটুমৰ পৰাও বহু কথা শিকিব পাৰে বুলি৷ টকাৰ পাছত ঘূৰি আজি অনুতাপত দগ্ধ হৈ পৰি পিতৃ-মাতৃ৷