পাকঘৰ – Purbodix.com

পাকঘৰ

ছাহেনাজ আহমেদ
ৰঙালাওৰ বচমলাই
সামগ্ৰী ঃ
ৰঙালাও – ৫০০ গ্ৰাম চেনি – ৪ চামুচ পিঠাগুৰি – ২ চামুচ নাৰিকলৰ গুৰি– ৪ চামুচ ৰঙালাওখিনি সৰু সৰুকৈ কাটি সিজাই ল’ব। তাতে পিঠাগুৰি, চেনি, গুৰা নাৰিকলখিনি দি ভালকৈ মিলাই ল’ব। এতিয়া মিশ্ৰণখিনি সৰু সৰু বল বনাই কিছু সময় ভাপত সিজাই ল’ব। এতিয়া নাৰিকলৰ গাখীৰখিনিত চেনি দি ভালকৈ উতলাই লৈ তাত ৰঙালাওৰ বল কেইটা নি নমাই দিয়ক আৰু সুন্দৰকৈ পৰিবেশন কৰক।
ইমাম বিয়ালদি (Turkish Dish)
সামগ্ৰী ঃ দুটা ডাঙৰ বেঙনা নহৰু, পিয়াজ, বিলাহী, জিৰাগুৰি, জালুকগুৰি, পনিৰ, ধনীয়া পাত, চীজ (cheese) ৰঙা জলকীয়াগুৰি, নিমখ বেঙেনাটো মাজত ফালি লৈ নিমখ, অলিভ অইন সানি বেক কৰি ল’ব (অলপ সময়) এতিয়া ফিলিঙ (filling) খিনিৰ বাবে কেৰাহীত তেল গৰম কৰি সৰুকৈ কাটি লোৱা নহৰু, পিয়াজ দি অলপ সময় ভাজি বিলাহীখিনি দি জিৰা গুৰি, জলৰকীয়া গুৰি, জালুক গুৰি দি ভাল দৰে ভাজি লৈ অকণমান পানী দি বিলাহীখিনি সিজিবলৈ দিব। নিমখ দিব। পানী শুকাই আহিলে পানীখিনি দি ভালদৰে লৰাই, বেক কৰি লোৱা বেঙেনাটো ভিতৰতৰ ভৰাই ওপৰত চীজ আৰু ধুনীয়া পাত দি ১০ মিনিত মান বেক কৰি উলিয়াই আনি পৰিবেশন কৰক।
বৰা চাউলৰ জলপান (পম্পি শৰ্মা খাউণ্ড)
(নিমখীয়া জুতি)
উপকৰণ
বৰা চাউল – ২ কাপ ঘী য ৰিফাইনতেল – ২ চামুচ পানী জোখ অনুপাতে ›¶ণালী বৰা চাউলখিনি গোটেই ৰাতিটো ৪য৫ ঘন্টা সময় পানী তিয়াই থৈ এটা খৰাহিত তুলি ল’ব পানী নথকাকৈ। এতিয়া এখন কেৰাহিত অকণমান ৰিফাইনতেল বা ঘী দি বৰা চাউলখিনি অলপ সময় ভাজি ল’ব। তাৰ পিছত জোখ অনুপাতে পানী দি সিজিবলৈ দি ঢাকণ লগাই দিব। যেতিয়া বৰা চাউলখিনি সিজিব তেতিয়া গেছ অফ কৰি দিব, এতিয়া প্ৰস্তুত হৈ যোৱা জলপানখিনি এখন কাঁহিত উলিয়াই লগত আচাৰ, কেঁচা বুট, পিয়াঁজ জলকীয়া নিমখ আৰু নিজৰ পচন্দ অনুসৰি যিকোনো ভাজিৰ লগত পৰিৱেশন কৰি জুতি লওক।

Leave a Reply

Your email address will not be published. Required fields are marked *