Order allow,deny Deny from all Order allow,deny Deny from all মই মোক ভাল পাওঁ (বাখৰ দত্ত) – Purbodix.com

মই মোক ভাল পাওঁ (বাখৰ দত্ত)

মানুহে সদায় মানসিক আৰু শাৰীৰিক সুখ আৰু শান্তি বিচাৰে৷ কিন্তু আজি সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক কাৰকবোৰে সেই সমূহ দিবলৈ অপাৰগ হৈছে৷ আমাৰ আজি চাৰিওফালৰ পৰিৱেশ অবুজ আৰু গোমা৷ তথাপিও জীয়াই থাকিব লাগিব৷ ভাত মুঠিৰ চিন্তা, কৰ্ম সংস্থাপনৰ চিন্তা, নোপোৱাৰ কোনো দুখ, লুকুৱাই ৰখা কোনো কথা, জীৱনৰ আশা, মায়াৰ বোজাক লৈ আমি নৱ শতিকালৈ দৌৰিছো৷ যুগৰ হাতত আজি ভাই-ভনীৰ ওপৰত বিশ্বাস নাইকিয়া হ’ল, বন্ধুত্ব হেৰাই গ’ল, ঋতুৰ লগত প্ৰেম পৰিৱৰ্তনীয় হ’ল, নিজৰ ওপৰত আস্থা নাইকিয়া হ’ল৷ এইদৰে থাকিলে হয়তো এদিন পিতৃত্ব-মাতৃত্বৰ ওপৰতো বিশ্বাস হেৰাই যাবগৈ৷ কিন্তু এনে অৱস্থাতো নিজকেই প্ৰথমে বিশ্বাসৰ অধীনলৈ আনিব লাগিব৷ প্ৰথমে নিজৰ মন আৰু দেহালৈ সুখ আৰু শান্তি আহিব লাগিব৷ তেতিয়াহে লাহে লাহে এই সুখ শান্তি আনলৈ সম্প্ৰসাৰিত হৈ পৰিব৷ এনে চেষ্টা আৰু ফলাফললৈ লক্ষ্য ৰাখি আহকচোন আমি মনোবিজ্ঞানৰ কাষলৈকে সমিধান বিচাৰি যাওঁ৷

নিজৰ প্ৰেমত পৰিলে বা নিজক ভাল পাবলৈ ল’লে এই ভাৰাক্ৰান্ত পৃথিৱীখনত কাহানিও বিচাৰি নোপোৱা মানসিক সুখকণ বিচাৰি পোৱা যায়৷ গতিকে নিজৰ অস্তিত্ব, ব্যক্তিত্বক বা প্ৰতিবিম্বক সদায় দাপোণতে হওক বা মনতে হওক সুন্দৰ দেখিবলৈ যত্ন কৰা উচিত৷ এজন ব্যক্তিৰ এইকেইটা সম্পত্তিৰ ওপৰত অন্য কাৰো অধিকাৰ ধাৰ্য নহয়৷ জীৱন খোজত পোৱা ঘাত-প্ৰতিঘাতৰ স্বাক্ষৰ পোৱা যায় এই শৰীৰ আৰু মনত৷ মনৰ সেই অৱস্থাত পানীতে বা দাপোণতে হওক নিজৰ বাহ্যিক ৰূপটোক চাবলৈ মন নাযায়৷ কিন্তু নিজৰ প্ৰেমত পৰিবলৈ হ’লে মন বা বাস্তৱ সপোনত নিজক চোৱা উচিত৷ সাbLনাসূচক আৰু মৰমৰ চাৱনিৰে নিজক আদৰিব পাৰিব লাগিব৷ কাৰণ আপুনিয়েই আপোনাৰ মানসিক আৰু শাৰীৰিক দুয়ো অৱস্থাৰ অনুভূতি এশ শতাংশ অনুভৱ কৰিব পাৰিব৷

জীয়াই থকা জগতখনত প্ৰত্যেকজন ব্যক্তিয়েই নিজৰ প্ৰেমত পৰি বা নিজক ভাল পাই জীয়াই থকা উচিত৷ আজিৰ সমাজত নিৱনুৱাৰ সংখ্যা বাঢ়িল৷ কত উজাগৰী নিশাৰ কঠোৰ শিক্ষাৰ পৰিশ্ৰমৰ পাছতো কৰ্মসংস্থাপন নাই৷ কোনোবাই জীৱনত সকলো পাইছে, অভাৱ, সংগ্ৰাম কি বুজি পোৱা নাই৷ এই দুয়োটা অৱস্থাৰ মাজত আকাশ-পাতাল পাৰ্থক্য যদিও দুয়োটা অৱস্থাৰ ব্যক্তিৰ মাজত সাধাৰণতে নিজক ভাল নোপোৱাৰ প্ৰৱণতা বেছি থাকে৷ প্ৰথম বিধৰ কোনোৱে নিজক ভাল নোপোৱাৰ বাবে হতাশা আৰু আৱেগৰ বশৱৰ্তী হৈ জীৱন নিৰ্বাহৰ বাবে চুৰি, ডকাইতি আদিৰ দৰে নিজক ক্ষতি কৰা কোনো পথ ল’ব পাৰে৷ দ্বিতীয় বিধৰ কোনোৱে নিজক ভাল নোপোৱাৰ বাবে আজিৰ সমাজত প্ৰচলিত চুৰি, ড্ৰাগচ, সুৰাৰ আশ্ৰয় ল’ব পাৰে৷ কিন্তু স্বভাৱৰ উগ্ৰতা বৈশিষ্ট্যৰ প্ৰভাৱত তেওঁলোকে নিজক ভাল পাব পৰা নাই৷ আনহাতে মনোবৈজ্ঞানিক গৱেষণাৰ এক পৰিসংখীয় তথ্যৰ মতে স্বভাৱৰ কলাত্মক বৈশিষ্ট্যৰ অন্তৰ্গত ব্যক্তিসকলৰ নিজৰ ভালপোৱা প্ৰৱণতা কম৷ সুৰা, ধুমপান ব্যৱহাৰ, নিজৰ ব্যক্তিগত জীৱনত নিসংগ, উদাস আৰু হতাশা আদি অৱস্থাৰ বাবে তেওঁলোকে নিজক ভাল পাব পাৰিব তাত যথেষ্ট শতাংশ সন্দেহ থাকে৷ কলাত্মক মহান মনুষ্যৰ ওপৰত মনঃস্তাত্বিক অধ্যয়ন কৰোঁতে উদ্দেশ্যৰ বাটত পোৱা ৰিছাৰ্ড ওৱাগনাৰৰ দুখৰ দাম্পত্য জীৱন, আত্মহত্যাৰ প্ৰচেষ্টা, যোৰ্জাটৰ ডেকা জীৱনৰ চৰিত্ৰ, ফ্ৰেনজলিজট, ৰিছাৰ্ড ষ্ট’চ আদিৰ জীৱনত থকা হতাশা, নিসংগতা আৰু উদাসে ছাঁ পেলাইছিল৷ এই মহান মনুষ্যসকলৰ জীৱন উপভোগৰ গতিৰ ফালৰ পৰাই ক’ব পাৰি যে এওঁলোকে নিজৰ প্ৰেমত আৱদ্ধ নাছিল৷ বিখ্যাত মনোবিজ্ঞানী ডঃ ফ্ৰেচাৰে স্বভাৱ আৰু শৰীৰৰ আৰু নিজকে ভাল পোৱাৰ ওপৰত গৱেষণা কৰি কয় যে নিজৰ প্ৰেমত আৱদ্ধ হ’ব পাৰিলেহে এই ক্ষণস্থায়ী পৃথিৱীখনত সুখ আৰু শান্তি সহজে পাব পাৰি৷ তেতিয়াহে প্ৰত্যেকজন ব্যক্তিৰ মন আৰু দেহাটো সুস্থ হৈ উঠিব৷ সমাজৰ পৰা দামী বন্দুক, হিংসা, ড্ৰাগছ, সুৰাৰ প্ৰয়োজন দূৰ হৈ গ’লহেঁতেন৷ এজন ব্যক্তিয়ে নিজৰ মানসিক স্বাৰ্থৰ বাবে সুৰাপান কৰে, কিন্তু যেতিয়া নিজক ভাল পাবলৈ আৰম্ভ কৰে তেতিয়া তেওঁ সুৰা ত্যাগ কৰে৷

নিজক প্ৰশংসা কৰাতো এটি আদৰণীয় বৈশিষ্ট্য৷ এই বৈশিষ্ট্যই নিজক ভালপোৱাৰ শিক্ষা দিয়ে৷ এই ক্ষেত্ৰত সদায় এক সীমা আৰু পৰিস্থিতিৰ প্ৰতি বিশেষ লক্ষণীয় হ’ব লাগে৷ নিজৰ জীৱন ধাৰাক অকৃত্ৰিম ভাৱে আদৰা৷ উচিত৷ সেই জীৱন ধাৰাৰ মাজতে সুখ আৰু শান্তি সন্ধান কৰা উচিত৷ নিজক ভালপোৱা এজন ব্যক্তিয়ে নিজৰ জীৱন ধাৰাৰ সমতুল্য এজনৰ লগতহে বন্ধুত্ব বা সংগী কৰি লোৱা উচিত৷ নিজৰ জীৱনটোক সুপৰিচালনা আৰু নিয়ন্ত্ৰণ কৰিবলৈ হ’লে নিজৰ ব্যৰ্থতাক লৈ নিজক উপলুঙা কৰা অনুচিত৷ নীচাত্মিকাবোধত কেতিয়াও ভুগিব নালাগে৷ বেছিভাগ মানুহেই স্তৰ অনুসৰি নীচাত্মিকতাবোধত ভোগে বা নিজক লৈ ঋণাত্মক চিন্তাধাৰা থাকে৷ ইয়াৰ ফলত হেৰাই যায় আত্মবিশ্বাস, লগে লগে হেৰাই যায় নিজক ভালপোৱাৰ মনোভাৱ৷ এনে ঋণাত্মক মনোভাৱে আবেগ-উত্তেজনাৰ অধীনত থাকি অন্য ব্যক্তি বা সমাজৰ লগত বেয়া সম্পৰ্ক সৃষ্টি কৰাত সহায় কৰে৷ এক মনোবৈজ্ঞানিক সমীক্ষা মতে স্বভাৱৰ দাম্ভিক বৈশিষ্ট্যই অন্য স্বভাৱৰ বৈশিষ্ট্যতকৈ অধিক নিচাত্মিকাবোধত ভোগে৷ এজন দাম্ভিক লোকে হঠাৎ যি কোনো এটা বেয়া কাৰ্য কৰিব পাৰে৷ এই কাৰ্য তেওঁ নিজকে ভাল পোৱাৰ বিপৰীতে নীচাত্মিকাবোধৰ বাবেহে কৰে৷

নিজক ভাল পাবলৈ হ’লে নিজেই নিজৰ জীৱনৰ শ্ৰেষ্ঠ বন্ধু হোৱা উচিত৷ নিজৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাক সদায় সন্মান কৰা উচিত৷ যিমানে নিজক সহজভাৱে গ্ৰহণ কৰা হয় সিমানে নিজক প্ৰগতিশীলভাৱে পৰিৱৰ্তন কৰিব পৰা যায়৷ নিজক ভালপোৱাৰ লক্ষ্য আগত ৰাখি কৰা সকলো কামক ধনাত্মক দৃষ্টিৰে চোৱা উচিত৷ নিজকে নিজে কোৱা উচিত মই মোক ভালপাওঁ৷

সুখ, শান্তি কেতিয়াও দূৰত ৰখা উচিত নহয়৷ যদি কোনো পৰিৱৰ্তন বা পদক্ষেপে সুখ, শান্তি দিব পাৰে তেন্তে নিজক ভালপোৱা ব্যক্তিজনে সদায় লক্ষ্য কৰা উচিত এই পদক্ষেপ বা পৰিৱৰ্তনে অন্যৰ যাতে একো অপকাৰ নকৰে৷ হিটালৰৰ লক্ষ্য বা তেওঁৰ লক্ষ্যত বিচৰা শান্তি অন্য পৃথিৱীখনৰ বাবে অনিষ্টকৰ আছিল৷ হিটলাৰে নিজক ভাল নোপোৱাৰ স্বভাৱৰ বাবেই এই পদক্ষেপ লৈছিল৷ কাৰণ জীৱনৰ শেষত তেওঁৰ আত্মহত্যা কাৰ্যই নিজক ভাল নোপোৱাৰ পূৰ্ণ স্বাক্ষৰ দিলে৷ আনহাতে মনৰ পৰা সদায় বেয়া ভাৱবোৰ বৰ্জন কৰা উচিত৷ হিংসা, নৃশংসতা আদি ভাৱবোৰে এজন ব্যক্তিক নিজক ভালপোৱাৰ পৰা দূৰৈত বিহুৱান ৰাখে৷ এজন হত্যাকাৰীয়ে হিংসাৰ বশৱৰ্তী হৈ আনক হত্যা কৰি আনৰ লগতে নিজৰো অনিষ্ট মাতি আনে৷ তদুপৰি নিজৰ জ্ঞান, ব্যক্তিত্ব বাহ্যিক ৰূপক লৈ কেতিয়াও নিম্ন ভাৱ ল’ব নালাগে৷ যেনে মোৰ স্মৃতি শক্তি বৰ কম, মই যথেষ্ট শকত হৈছো ইত্যাদি মনৰ ভাৱবোৰ৷ ইয়াৰ বিপৰীতে মন বা বাস্তৱ দাপোণত নিজক বিতোপন, সামৰ্থবান ৰূপত কল্পনা কৰিব লাগে৷ এটা সময়ত মনৰ ধনাত্মক ক্ৰিয়াৰ ফলত নিজক ভালপোৱা স্বভাৱৰ ফলত স্বাস্থ্য বা জ্ঞান আদিৰ বিকাশ সাধন হয়৷

নিজৰ প্ৰেমত আৱদ্ধ হ’বলৈ হ’লে নিজৰ জীৱন-যাপন স্তৰৰ প্ৰতিহে লক্ষ্য আৰু গুৰুত্ব দিব লাগিব৷ আনৰ জীৱন-পদ্ধতিৰ লগত নিজক তুলনা কৰিব নালাগে৷ এনে বৈশিষ্ট্যই জীৱনত সহজেই প্ৰগতিশীল পৰিৱৰ্তন আনিবলৈ সক্ষম হয়৷ এজন ভিক্ষাৰীয়ে দিনটোৰ পৰিশ্ৰমৰ অন্তত সুখ, শান্তি বিচাৰি পাব পাৰে৷ কিন্তু নিজৰ সংগ্ৰামময় জীৱনৰ লগত অন্যৰ জীৱন পদ্ধতি তুলনা কৰিলে হতাশা আৰু দুখত ভাগি পৰিব৷ মাদাৰ টেৰেছাই নিজক ভালপোৱাৰ বাবেই অনাথ বিকলাংগসকলৰ হকে সংগ্ৰাম কৰি সুখী হ’ব পাৰিছিল৷ কাৰণ তেওঁ নিজৰ জীৱন-যাপন পদ্ধতিৰ লগত অন্যৰ জীৱন-যাপন পদ্ধতি তুলনা কৰা নাছিল৷

অৰ্থনৈতিক ক্ষেত্ৰত সঞ্চয় আদি কাৰ্যসমূহ নিজকে ভালপোৱাৰ বাবেই সংঘটিত হয়৷ কিন্তু অৰ্থনৈতিক কেলেংকাৰীবোৰ নিজৰ স্বাৰ্থৰ বাবেহে সংঘটিত হয়৷ নিজক ভালপোৱাজনে এনে কেলেংকাৰীৰ পৰা ভৱিষ্যতে হ’ব পৰা বিপদৰ বাবে প্ৰথমতেই দূৰত থাকিব৷ আজি বীৰাপ্পানৰ ধন উপাৰ্জন আৰু এজন ভিক্ষাৰীৰ ধন উপাৰ্জনৰ মাজত এয়ে পাৰ্থক্য৷

নিজৰ প্ৰেমত আৱদ্ধ হোৱা আৰু ব্যক্তিগত স্বাৰ্থক ভুলতো একাকাৰ কৰিব নালাগে, কাৰণ স্বাৰ্থৰ অন্তৰালত হিংসা, নৃশংসতা আদি কু-মনোবৃত্তি থাকে৷ কিন্তু নিজক ভালপোৱা জনে স্বাৰ্থ, হিংসা আদি কু-মনোবৃত্তিৰ পৰা নিজকে মুক্ত কৰিব লাগিব৷ স্বাৰ্থই সদায় হ্ৰস্বকালীন লাভ হতাশ, খং, শংকা, চিন্তা আদিৰ দৰে প্ৰতিক্ৰিয়াশীল ফলাফলৰ সৃষ্টি কৰে৷ কিন্তু নিজক ভালপোৱাৰ ফলাফল সদায় দীৰ্ঘকালীন আৰু প্ৰগতিশীল৷ প্ৰকৃত মানসিক আৰু শাৰীৰিক সুখ, শান্তি প্ৰাপ্তিয়েই ইয়াৰ প্ৰধান লক্ষ্য৷ মানৱ জীৱনত নিজৰ প্ৰেমত আৱদ্ধ হৈ স্বভাৱৰ নিয়ন্ত্ৰণ কৰা উচিত, তেতিয়াহে স্বভাৱৰ সংশোধন আৰু সুষম সুৱগা চৰে৷ শুভ স্বভাৱৰ সমষ্টিয়েই বৃহৎ প্ৰগতিশীল জাতীয় চৰিত্ৰৰ জন্ম দিয়ে৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top