Order allow,deny Deny from all Order allow,deny Deny from all মইতো তেওঁৰ প্১২৬ায়া হোৱাৰ কথা নাছিল…. – Purbodix.com

মইতো তেওঁৰ প্১২৬ায়া হোৱাৰ কথা নাছিল….

( ঋতুৰাজ ফুকন)
ফোন ঃ ৭০০২৪৮৮০৬২

 ভাগৰুৱা৷ খুব ভাগৰুৱা তেওঁৰ মাতটো/ শুনিলেই ভয় লাগি যোৱাকৈ ভাগৰুৱা৷ 

: অ’ কোৱা

উস্‌/ ছেগিটেৰিয়াছৰ অন্তঃকৰ্ণেদি যেন পাৰ হৈ আহিছে সেই মাতটো৷ যেন কৃষ্ণগহ৩১ৰ সকলো বেহু পাৰ হৈ আহি কাণত লাগিছেহি৷ সুদীৰ্ঘ দুবছৰৰ পিছত শুনা মাতটোত আছে সেই একেই আকুলতা, একেই এক নিমাখিত অনুৰণন৷ ক’ৰবাত লাগি থকা দুখ এখিনিয়ে মাতটোত আৰু অলপ ভাগৰ আনি দিছে৷ কাফ্‌কাৰ মেটামৰ্ফ’ছিছৰ শীতলতা হয়তো এইখিনিয়েই৷ নাই নাই৷ ইয়াতকৈ বেছি হ’ব নোৱাৰে…

who are you?  

Are you a fleeting illusion?  

Fading from my recollection,  

Yet bringing a smile to my face 

Whenever I face the unforgiving past… 

Who are you? 

তেওঁৰ মাতটোৱে যেন হঠাৎ অনুৰাগৰ কবিতাৰ শাৰী কেইটা মনত পেলাই দিলে৷ এই যে প্ৰতিখন মুখৰ সিপাৰে বহু অব্যক্ত কাহিনী থাকে৷ বেদনাত নীলা কিছু দুখ থাকে৷ 

“… কি হ’ল..? কোৱা আকৌ…“ পুনৰ যেন কৃষ্ণগহ৩১ৰ সকলো বেহু ভেদ কৰি আহি তাইৰ কৰ্ণ কুহৰত খুন্দা মাৰিলেহি তেওঁৰ সেই একেই ভাগৰুৱা মাতটোৱে৷ 

ঃ সাগৰৰ পাৰৰ আবেলিবোৰ এতিয়াও মনত আছে নে তোমাৰ? 

ঃ পুৰীৰ সেই আবেলিবোৰ? 

ভাগৰুৱা মাতটোত যেন অকণমান আদ্ৰতা আহিল৷ সেই যে সাগৰৰ পাৰৰ লুণীয়া আদ্ৰতা৷ 

ঃ “Behold her, single in the field, 

Yon solitary Highland Lassক্ক ..’’

 হঠাৎ কঁপা কঁপা মাতেৰে তেওঁ ৱৰ্ডচৱৰ্থৰ কবিতাৰ শাৰী কেইটা আওৰাই উঠিল৷ 

চেৰাপুঞ্জিৰ পুতলা যেন লগা কাঠৰ ঘৰবোৰৰ কাষে কাষে কৰা ঝুম খেতিৰ দৃশ্য এটা তাইৰ চকুৰ আগত ভাঁহি উঠিল৷ চেৰাপুঞ্জিৰ পৰা ঘূৰি অহাৰ সময়ত তাই তেওঁৰ কান্ধত মূৰ থৈ কৈছিল

ঃ আমি ইয়াতে এটা ঘৰ বনাম পাইন কাঠৰ৷

সেইদিনাও তেওঁ একেই আকুলতাৰে তাইলৈ চাইছিল৷ চেৰাপুঞ্জিৰ পাহৰৰ টিলাটোত পাইন কাঠৰ ঘৰটো বনোৱা কেতিয়াও নহ’লগৈ তাইৰ৷ 

ঃ তুমি আছা নে? 

সেই একেই আকুলতা৷ এই কণ্ঠৰ বাবে এদিন তাই তেওঁৰ প্ৰতি ভীষণ ভাৱে আকৃষ্ট হৈছিল৷ সেইদিনা তেওঁৰ কণ্ঠৰ পৰা নিগৰিছিল জীৱনানন্দৰ “বনলতা সেন৷’’

“চোখে তাৰ 

যেন শত শতাব্দীৰ নীল অন্ধকাৰ/

স্তন তাৰ

কৰুণ শঙ্খেৰ মতো- দুধে আদ্ৰৰ্- কবেকাৰ শঙ্খিনীমালাৰ/

এ পৃথিবী একবাৰ পায় তাৰে, পায় নাকো আৰ৷’’

ঃ তোমাক এবাৰ চাবলৈ বৰ মন গৈছে

 আকৌ ভাঁহি আহিল তেওঁৰ ভাগৰুৱা কণ্ঠ৷ 

ঃ এবাৰ মাত্ৰ, এবাৰ যদি দেখিলো হয়৷

উফ্‌/ নোৱাৰি এই ভাগৰুৱা মাতটো আৰু শুনি থাকিব নোৱাৰি৷ যি কণ্ঠ এদিন তাইৰ খুব প্ৰিয় আছিল৷ সেই কণ্ঠৰ এনে ভয় লাগি যোৱা ভাগৰুৱা মাত আৰু শুনিব নোৱাৰি৷ তাই লাহকৈ ফোনটো ডিছকানেক্ট কৰি দি ওচৰৰ চকিখনত বহি দিলে৷ 

অবিন্যস্ত চুলিৰে ডাঠ ফ্ৰেমৰ চচমা পিন্ধা মুখ এখন তাইৰ চকুৰ আগত ভাঁহি উঠিল৷ উজ্জ্বল লাইটৰ তলত এটা গলগলীয়া মাতেৰে তেওঁ আবৃতি কৰি গৈছে ইটোৰ পাছত সিটো কবিতা৷ ৰবীন্দ্ৰ ভৱনৰ সেই সন্ধ্যাটো হয়তো তাই কেতিয়াও পাহৰিব নোৱাৰিব৷ তেওঁৰ সেই মাতত তাইৰ সিৰাদি উপসিৰাও বৈ গৈছিল এক উত্তপ্ত ৰক্তৰ শ্ৰোত৷ তাই হয়তো তেওঁৰ সেই পুৰুষ দীপ্ত কণ্ঠৰ সেই দিনাই প্ৰেমত পৰিছিল৷ হৃদয়ত খোদিত হৈছিল অবিন্যস্ত চুলিৰে ডাঠ ফ্ৰেমৰ চচমা পিন্ধা এখন মুখৰ কেনভাচ৷ 

[২] 

“…. Don’ব্ধ waste your love on somebody, who doesn’ব্ধ value it.” “Good night, good night! parting is such sweet sorrow, That I shall say good night till it be morrow….” 

খুব ধুনীয়াকৈ আওৰাইছে কোনোবাই ৰোমিঅ’ জুলিয়েটৰ সেই বিখ্যাত পংক্তি কেইটা৷ ক্লাছ ৰূমটোৰ খোলা খিৰিকিখনেৰে ভাঁহি আহিছিল এটা গলগলীয়া মাত৷ হঠাৎ যেন থমকি ৰৈছিল চৌফলীয়া দুপৰীয়াটো…৷ তাইৰ ক্লাছলৈ দেৰি হৈছিল৷ কিন্তু তথাপি যেন ভৰি কেইটা ৰৈ গৈছিল স্থিৰ হৈ৷  মাতটোৰ সাংঘাতিক এক গভীৰতা তাই অনুভৱ কৰিছিল সেই দিনা…. যেন মাৰিয়ানা ট্ৰেঞ্চৰ গহ৩১ৰ পৰা ওলাই আহিছিল৷ গভীৰ মাতটোৰ মাজত আছিল এক কোমলতা৷ সেই দিনা আৰু তাইৰ অতি প্ৰিয় বৰুৱা ছাৰৰ ক্লাছ কৰা হোৱা নাছিল৷ লোধী ডায়নেষ্টিৰ সলনি তাই সোমাই পৰিছিল শ্বেইকছপীয়েৰৰ ৰ’মিঅ’ জুলিয়েটৰ মাজত৷ এটা তগবগীয়া আবেলি কলিজাত লৈ তাই পাৰ হৈছিল কটনৰ চৌহদ৷ সেইদিনা গোটেই নিশা তাইৰ টোপনি অহা নাছিল৷ পুৱতি নিশা চিলমিলকৈ টোপনি ধৰিছিল৷ সপোনত দেখিছিল টুকুৰা চৰাই এহালে তামোল গছ এজোপাত এটা আটোমটোকাৰীকৈ বাঁহ সাজিছে৷ 

[৩)]

দুৰ্গা পূজাৰ দশমীৰ দিনা দ্বীপে তাইক এখন মুখা উপহাৰ দিছিল৷ এখন জ’কাৰৰ মুখা৷ মুখাখন তাইক হাতত গুজি দি সি হাঁহি হাঁহি কৈছিল

ঃ এই মুখাখন সদায় হাঁহিয়েই থাকিব, পিন্ধি ল’লেই হ’ল মন বেয়া লাগিলে৷ 

সি তেনেকুৱাই৷ অকণমান পৃথক পাপৰিৰ ভাষাত সি এবচাৰ্ড৷ 

আচলতে পাপৰিয়ে কোৱাৰ দৰে দ্বীপ এবচাৰ্ড নাছিল তাৰ আছিল এটা ব্যতিক্ৰমী মননশীল মন৷ দ্বীপে দিয়া মুখাখন তাই জীৱনত কেইবাবাৰো পিন্ধিব লগীয়া হৈছিল৷ আজি তেওঁৰ সেই ভাগৰুৱা মাতটো শুনাৰ পাছত তাই সযত্নে সাঁচি থোৱা মুখাখন আকৌ এবাৰ উলিয়াই ল’বলৈ মন গ’ল৷ তেওঁচোন এখন মুখাই পিন্ধি আছিল এখন ভয়ানক মুখা৷

“দ্দ্বঙ্গ wear the mask that grins and lies, 

It hides our cheeks and shades our eyes’’ – Paul Laurence Dunbar

মাৰ্কিন কবি ডানবাৰৰ “দ্দ্বঙ্গ wear a Mask’’ কবিতাটো তেওঁৰ বৰ প্ৰিয় আছিল৷ তেওঁৰ সেই গভীৰ কণ্ঠৰে সিদিনা ৰবীন্দ্ৰ ভৱনতো আবৃতি কৰিছিল কবিতাটো৷ তেওঁৰ কণ্ঠৰ যাদুত মোহাচ্ছন্ন কৰি তোলা সন্ধ্যাটোত তেওঁৰ ডাঠ চশমাৰ ফ্ৰেমত ৰঙা-নীলা লাইটৰ পোহৰবোৰৰ প্ৰতিবিম্ব বিচ্ছুৰিত হৈ তাইৰ চকুত লাগিছিল৷ তাই যেন সোমাই গৈছিল অন্য এখন পৃথিৱীলৈ৷ হয়তো সেইদিনা তাই ৰবীন্দ্ৰ ভৱনলৈ নোযোৱা হ’লেই ভাল আছিল৷ পাপৰিয়ে ঠিকেই কৈছিল–

“বুৰঞ্জীৰ ছাত্ৰী হৈ কিহৰ ইমান কবিতা-নাটক বলিয়া তই’’

তাই দ্বীপে দিয়া মুখাখনলৈ চাই, হঠাৎ আউৰাই উঠিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ

“কালেৰ যাত্ৰাৰ ধ্বনি শুনিতে কি পাও? 

তাৰি ৰথ নিত্য উধাও৷ 

জাগিছে অন্তৰীক্ষে হৃদয়স্পন্দন

চক্ৰে পিষ্ট আধা’’

[চ্ছ্ৰ]গ্গ 

When you go home

Tell them of us

And Say–

For their tomorrow

দ্দ্বঙ্গ gave our today…. 

কহিমাৰ ৱাৰ চিমিট্ৰিৰ এপিটাফত লিখি থোৱা পংক্তি কেইটা যেন তাৰ লগত মিলি গৈছিল৷ লোকৰ কথা ভাবি ভাবিয়েই সি একেবাৰেই গৈছিল গৈ৷ তাই দ্বীপৰ মৃতদেহৰ একেবাৰে কাষলৈ যাব পৰা নাছিল৷ কান্দিবও পৰা নাছিল৷ দূৰৰ পৰাই চাই ৰৈছিল মানুহৰ বাবে চিন্তা কৰা ল’ৰাটোৰ মৃতদেহ৷ সদায় এবাচাৰ্ড পাগলামি কৰি থকা বুলি কোৱা পাপৰিয়ে সেইদিনাখন সাংঘাতিক ভাবে কান্দি উঠিছিল৷ মৃত্যুক কেতিয়াও তাই ইমান ওচৰৰ পৰা দেখা নাছিল৷ দ্বীপ আগতেও এবাৰ তাইৰ পৰা হেৰাইছিল কিন্তু এনেকৈ নহয় সেইবাৰ তাই নিজেই তাক দূৰলৈ ঠেলি দিছিল৷ মানুহবোৰে দ্বীপৰ মৃতদেহত ফুল-তুলসী দি শ্ৰদ্ধাঞ্জলি জনাইছে৷ তাৰ মৃতদেহটো বগা কাপোৰ এখনেৰে ঢাকি চোতালতে শুৱাই থোৱা আছে৷ ঘৰটোৰ ভিতৰৰ পৰা মিহিকৈ কান্দোনৰ শব্দ এটা ভাঁহি আহিছে৷ 

তাই চোতালখনৰ আওহতীয়া ঠাইকনতে টুল এখনত বহি আছিল৷ মাত্ৰ কেই ফুটমান দূৰতে বগা কাপোৰখনৰ তলত শুই আছে দ্বীপ….৷ 

এই যেন সি উঠিব আৰু তাইক ক’ব

 “মই ধেমালিহে কৰিছিলোঁ বান্দৰী’’

হঠাৎ যেন কান্দোন এটা উজাই আহি তাইৰ ডিঙিত খুন্দা মাৰি ধৰিলেহি৷ কাকো মাত নিদিয়াকৈ তাই গুছি আহিছিল ঘৰলৈ৷ আধা বাটতে যেন এটা সপোনৰ মৃত্যু হৈছিল৷ 

“হাতবাউল দি ল’ৰাটো গ’লগৈ

সমনীয়াহঁতে দিখৌপাৰলৈকে আগুৱাই দিলে

আকাশখনত থৰ লগাই থাকিল 

মনমৰা গধুৰ ডাৱৰবোৰ…’’

[হীৰেন ভট্টাচাৰ্য]

[প্ত]

লাহে লাহে তাই খোলা এটাৰ ভিতৰত সোমাই পৰিছিল৷ কেৱল পঢ়াক লৈয়ে ব্যস্ত হৈ পৰিছিল তাই৷ দ্বীপৰ মৃত্যুৰ পিচত আৰু কোনো দিনেই যোৱা নাছিল ৰবীন্দ্ৰ ভৱনলৈ৷ নাটক, কবিতা আদি একেবাৰে বাদ দিয়াৰ দৰে হৈছিলগৈ তাইৰ৷ মাজে মাজে মন গ’লে মাত্ৰ ফোন কৰিছিল অৰুণাভলৈ৷ অৰুণাভ হয়তো তাইতকৈ বিশবছৰ মান ডাঙৰ হ’ব৷ তাইৰ লগত অৰুণাভৰ কেতিয়া, কেনেকৈ চিনাকি হৈছিল তাইৰ মনত নাই৷ আনকি তাই অৰুণাভক কেতিয়াৰ পৰা তই বুলি মাতিবলৈ ল’লে সেইয়াও মনত নাই৷ মুঠৰ ওপৰত অৰুণাভ তাইৰ কাৰণে “মাৰফৎ জীৱন’’ তাই যদি আকাশৰ তৰাটো লাগে বুলিও কয় সি যেন এবাৰ হ’লেও তৰাটো হাকুটিয়াবলৈ যত্ন কৰিব৷ অৰুণাভে তাইক জীৱনটো আকৌ জী থাকিবলৈ যেন শিকালে৷ হাৰি হাৰি জীৱনক ভাল পোৱা এটা চৰিত্ৰ হৈছে অৰুণাভ৷ সকলো হেৰুৱাইও জীৱন জী থকাৰ এক সাংঘাতিক সত্বা বিচাৰি পায় তাই অৰুণাভৰ মাজত৷ সকলোতে কেৱল পজিটিভিটি, একেধৰণৰ পজিটিভটি আছিল দ্বীপৰো৷ দ্বীপে যি দিনা তাৰ সৰু চাকৰিতো পাইছিল৷ সেইদিনা সি ফোন বুথ এটাৰ পৰা তাইলৈ ফোন কৰি বাংলা জনপ্ৰিয় গায়ক অঞ্জন দত্তৰ সেই বিশেষ গানটো গাইছিল–

“চাকৰিটা আমি পেয়ে গেছি বেলা শুনছো

এখন আৰ কেউ আটকাতে পাৰবে না

সম্বন্ধটা এই বাৰ তুমি ভেস্তে দিতে পাৰো

মা-কে বলে দাও বিয়ে তুমি কৰছো না…’’

গানটোত থকাৰ দৰে ফিল্মি ষ্টাইলত সি কৈছিল তাইক

ঃ এতিয়াৰ পৰা আৰু আমি সপ্তাহত এবাৰ হোটেলত বহাৰ কথা চিন্তা কৰিব নালাগে৷ সেই যে ভাল ভাল হোটেলবোৰ আছে তালৈ আমি যাব পাৰিম জানা৷ 

দ্বীপৰ কথাত তাই খিল খিলাই হাঁহি ফোনটো ৰাখি দিছিল৷ মুখৰ পৰা তাইৰ আপোনা আপুনি ওলাই আহিছিল

“ড্ৰামেবাজ চাল্লা’’

এদিন তাই অনুৰাগ, পাপৰি আৰু সেই তাইৰ অতি প্ৰিয় কণ্ঠস্বৰৰ ব্যক্তিজনক এৰি উৰা মাৰিছিল দিল্লীলৈ৷ সেইদিনা তাইৰ বিমানখনৰ খিৰিকীৰে নীলা আকাশত লুকা-ভাকু খেলি থকা ডাৱৰবোৰলৈ চাই ক’ৰবাত পঢ়া কেইটামান শব্দ আওৰাইছিল

“থ্বপ্স Depart, দ্দ্বঙ্গ met’’

[৬]

ব্যস্ত চহৰখনৰ ব্যস্ততাবোৰত ক্ৰমাৎ হেৰাই গৈছিল তাই৷ ইউনিভাৰ্ছিটি, হোষ্টেলৰ মাজতে ব্যস্ত হৈ পৰিছিল৷ কেতিয়াবা যদি মুখাৰ্জী নগৰলৈ কিতাপ কিনিবলৈ গৈছিল, কেতিয়াবা গৈছিল ইন্দ্ৰপ্ৰস্থত ম’ম খাবলৈ মাহত এবাৰ বা দুবাৰ৷ সৰোজিনী মাৰ্কেট অথবা কমলা মাৰ্কেটলৈ গৈছিল সৰু সৰু দৰকাৰী বস্তুবোৰ কিনিবলৈ ব্যস্ততাবোৰৰ মাজতে ক্ৰমাৎ ধূসৰ হ’বলৈ আৰম্ভ কৰিছিল কিছুমান পুৰণি কথা, পুৰণি স্মৃতি৷ মানুহবোৰো জীৱনৰ পৰা লাহে লাহে হেৰাই যাবলৈ আৰম্ভ কৰিছিল৷ 

পাপৰিয়েও তাইলৈ খুব কমহে ফোন কৰিছিল৷ তাই মনত নেপেলোৱাৰ চেষ্টা কৰিছিল দ্বীপৰ স্মৃতিও৷ লাহে লাহে আৰু ব্যস্ত হৈ পৰিছিল৷ ৰাজীৱ গান্ধী হোষ্টেলৰ সৰু কোঠাটো তাইৰ ক্ৰমাৎ আপোন হৈ পৰিছিল… আপোন হৈ পৰিছিল লাইব্ৰেৰীটো৷ তাই যেন ক্ৰমাৎ সোমাই পৰিছিল এটা কৃষ্ণ গহ৩১ৰ মাজত৷ লাহে লাহে ফ’চিলছলৈ পৰিৱৰ্তন হৈছিল হৃদয়খন৷ তাই পাহৰিব পৰা নাছিল দ্বীপৰ এষাৰ কথা৷

দ্বীপে প্ৰায়েই তাইক কৈছিল, 

“সদায় ডাঙৰ মানুহ হ’বা৷ সৰু মানুহবোৰৰ একো ভেল্যু নাথাকে জানা…’’

আৰু জনা নজানাকৈ তাই নামি পৰিছিল ডাঙৰ মানুহ হোৱা যুঁজখনত৷ কেতিয়াবা কিছুমান ঘটনাই হয়তো জীৱনটোক এটা নতুন সংজ্ঞা দিয়ে, দিয়ে জীয়াই থাকিবলৈ এটা লক্ষ্য৷ 

[জ্জ]

… তু ইজাজত দে অগৰ

 তুঝ চে থৌড়া

 প্যাৰ ম্যে কৰ লু

 জানে… জা… 

[আদনান চামী]

হোষ্টেলৰ ৰূমটোতে বিছনাখনত পৰি হেডফোনত গান শুনি আছিল তাই৷ তেনেতে তাইৰ মোবাইলটো বাজি উঠিল৷ এটা আনন’ন নম্বৰ

ঃ হেল্ল’’ মাতটো শুনাৰ লগে লগে যেন হঠাৎ ঝকঝকাই ৰেল এখনহে পাৰ হৈ গৈছিল তাইৰ কামিহাড়বোৰৰ মাজেৰে৷ নিৰ্বাক হৈ ৰৈ গৈছিল ভালে কেইটা মুহূৰ্ত৷ 

ঃ হেল্ল’

আকৌ ভাঁহি আহিছিল সেই গভীৰ মাতটো৷ 

ঃ হেল্ল’ শুনিছানে আৰ ইউ দেয়াৰ মই কৈছো৷ 

তেজবোৰ যেন তাইৰ ধমনীত গোট মাৰিছিল তেতিয়া৷ জুলাই মহীয়া দিল্লীৰ সমস্ত গৰমে যেন দহিহে গৈছিল তাইক৷ 

ঃ হেল্ল’

কোনোমতেহে যেন ওলাইছিল তাইৰ মাতটো৷ 

ঃ অহ..ডেয়াৰ ইউ আৰ৷ আচ্ছা শুনা৷ আই এম ইন দেল্লহী৷ ইউ আৰ ইন দেল্লহী টু৷ ন লেটছ্‌ কেটচ্‌ আপ দেন৷ 

তাই কি ক’ব একো ভাবি পোৱা নাছিল৷ তেওঁ তাইলৈ কল কৰাৰ বাবে ভাল লাগিছিল যদিও তাইৰ মোবাইল নম্বৰ কেনেদৰে পালে সেইটো ভাবি আচৰিতো হৈছিল তাই৷ কটনত পঢ়ি থকাৰ সময়খিনিত তেওঁ ক্লাছত তাইক কেইবাবাৰো পাইছিল যদিও, মোবাইল নম্বৰ দিব পৰাকৈ সম্বন্ধটো ইমান গাঢ় হৈ উঠা নাছিল৷ 

ঃ এই ছোৱালী, মই তোমাৰ নম্বৰ অনুভৱৰ পৰা লৈছিলোঁ, দেল্লহী লৈ অহাৰ আগে আগে মানে তাক সুধিছিলোঁ মোৰ ষ্টুডেণ্ট কোনোবা ইয়াত আছে নেকি৷ এণ্ড হি গেভ মি ইয়’ৰ নাম্বাৰ৷ মই আৰু দুঘণ্টাৰ পিছত শালিমাৰ বাগত থাকিম৷ তাত বহুত সৰু সৰু কেফে আছে৷ তাতে লগ হওঁ, তুমি তালৈকে আহাঁ৷ 

একে উশাহেৰে কথাখিনি কৈ তেওঁ ফোনটো ডিস্কানেক্ট কৰি দিলে৷ তাইৰ সকলো উৎসাহ তেওঁৰ কথাবোৰে যেন নাইকিয়া কৰি দিলে৷ তেওঁৰ কথাৰ পৰা তাই বুজিলে যে, আজি তাই নহৈ বেলেগ কোনোবা দিল্লীত থকা হ’লেও সেইজনকো একে ধৰণেই লগ কৰিলেহেঁতেন তেওঁ৷ 

অহৈতুক দুখ এসোপা উজাই আহি ডিঙিটোতে যেন খুন্দা মাৰিহে ধৰিলেহি তাইক৷ হঠাৎ যেন তাইৰ তেওঁৰ ওচৰত নিজকে ওজন হীন যেন অনুভৱ হ’ল৷ তাইৰ মনত পৰি গ’ল শ্বেইকছপীয়েৰৰ সেই বিখ্যাত শাৰী কেইটা লৈ৷ 

“থ্বপ্স be, or not to be. that is the question.”

[জ্জ্ব]

“দ্দ্বঙ্গ have lost even this twilight.

ত্ত্বপ্স one saw us this evening hand in hand

while the blue night drohped on the world.’’

(Pablo Neruda)

সেইদিনা শালিমাৰ বাগৰ পৰা ঘূৰি আহোঁতে তাই ৰুমালত যেন বান্ধি আনিছিল আবেলিৰ কবিতা এটা৷ আবেগ, অনুভৱবোৰ একাকাৰ কৰি তাই প্ৰগলভ হৈ পৰিছিল তেওঁৰ সৈতে৷ বিক্ৰম শেঠৰ “এ চুইটেবল বয়’’ ৰ পৰা ষ্টীফেন হকিঙছৰ “ব্লেক হ’ল’’ লৈকে, ইন্দ্ৰপ্ৰস্থৰ ৰাহুলৰ ম’মৰ পৰা হোষ্টেলৰ লাইব্ৰেৰী লৈকে সকলো হৈ পৰিছিল আলোচনাৰ বিষয়৷ 

সেইদিনা সকলোকে আচৰিত কৰি হঠাৎ বৰষুণ এজাক আহিছিল৷ বছৰৰ এই সময়খিনিত দিল্লীত বৰষুণ দিয়াতো প্ৰায় অসম্ভৱৰ দৰে৷ তাই বহি থকা চকীখনৰ কাষতে থকা খিৰিকীখনৰ গ্লাচত বৰষুণৰ টোপালবোৰ পৰিছিল৷ সন্মুখৰ টেবুলখনত আছিল ধোৱাই থকা দুপিয়লা কফি৷ কেফেখনৰ হোম থিয়েটাৰত বাজি আছিল এটা মায়াসনা ভায়’লিনৰ সুৰ৷ 

পৰিৱেশটো হঠাৎ ৰোমাণ্টিক হৈ পৰিছিল৷ দুয়োৰে মাজৰ কথা-বতৰা যেন প্ৰায় বন্ধ হৈ পৰিছিল৷ তেওঁ খিৰিকীৰ গ্লাচত বিন্দু বিন্দুকৈ পৰা বৰষুণৰ টোপালবোৰলৈ চাই আওৰাইছিল হেনৰী ৱৰ্ডচৱৰ্থ লঙফেল’ৰ “দ্য ৰেইনী ডেইজ’’ নামৰ কবিতাটোৰ কেইটামান পংক্তি৷ 

“Bঙ্গ still, sad heart! and cease repining, 

Behind the clouds is the sun still shining, 

Thy fate is the common fate of all, 

Into each life some rain must fall, 

Some days must be dark and dreary.’’

(Henry Wardsworth Longfellow)

  ———

ঃ তুমি ইউ. পি. এছ .ছি ট্ৰাই কৰিব পাৰাছোন৷ 

 মুখাৰ্জী নগৰৰ শাৰী শাৰীকৈ থকা কিতাপৰ দোকানবোৰত কিতাপ বিচাৰি থকাৰ মাজতে তেওঁ তাইক কৈছিল৷ 

অৰুন্ধতী ৰায়ৰ “দ্যা মিনিষ্ট্ৰি আৱ আউটম’ষ্ট হেপ্পিনেছ’’ নামৰ কিতাপখন লৈ তাই আচৰিত হৈ কৈছিল –

ঃ মই…/

ডাঠ চছমাৰ ফ্ৰেমৰ সিপাৰে তিৰবিৰাই থকা চকুহাল তাইৰ চকুত থৈ কৈছিল-

ঃ অ’ তুমি….

সেইদিনা হঠাৎ যেন তাই নিজৰ মাজতে বিচাৰি পাইছিল হাজাৰ হাতীৰ বল৷ আত্মবিশ্বাসৰ শ্ৰোত এটা যেন বৈ গৈছিল তাইৰ শিৰা-উপশিৰাৰ মাজেৰে৷ 

তেওঁ উপহাৰ দিয়া কিতাপৰ টোপোলা এটা হাতত লৈ সেইদিনা তাই হোষ্টেল পাইছিলহি৷ হৃদয়খন সেই দিনা ভৰি পৰিছিল কিবা এটা নাম নজনা অনুভৱৰে৷ কাপোৰ নসলোৱাকৈ বিছনাখনত পৰি দিছিলহি তাই৷ আপোনা-আপুনি হাঁহি এটা ভাঁহি উঠিছিল তাইৰ ওঁঠত৷ গানৰ কলি এটাও গুণ গুণাই উঠিছিল অজানিতে সেইদিনা৷ 

আগমনি তোমাৰ 

নিজান ৰাতি 

সুগন্ধি ফুলৰ বতাহছাটি

আহানা কাষলৈ 

ৰোৱানা তুমি৷ 

[জ্ঝ]

Looking up at the stars, I know quite well

For that, all they care, I can go to hell

But on earth indifference is the least

দ্দ্বঙ্গ have to dread from man or beast

  (দ্দ্ব.ণ্ড্ৰ. Auden)

তাই টিভিৰ বাতৰিটো চাই স্থবিৰ হৈ পৰিছিল৷ তাইৰ মগজুটো যেন হঠাৎ স্থবিৰ হৈ পৰিছিল৷ তাই একো চিন্তা কৰিব নোৱাৰা হৈ পৰিছিল৷ ওচৰতে থকা চকীখনত বহি পৰিছিল তাই৷ ৰিণি ৰিণিকৈ তাইৰ কৰ্ণ কুহৰত খুন্দা মাৰিছিল টিভি এংকৰজনৰ মাত৷ 

“আমি পুনৰ জনাইছো গুৰুত্বপূৰ্ণ খবৰটো৷ কিছু সময়ৰ পূৰ্বে দেহাৱসান ঘটিছে প্ৰথিতযশা সাহিত্যক দেৱাৰুণ মুখাৰ্জীৰ৷ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় সাহিত্যক গৰাকীয়ে৷’’

নিউজ এংকৰ জনৰ মাতটো ক্ৰমাৎ বিলীন হৈ তাইৰ কাণত বাজি উঠিল এটা পুৰুষদীপ্ত কণ্ঠ৷ সেয়া তেওঁ ৰবীন্দ্ৰ ভৱনত একান্ত মনে আওৰাইছে মাৰ্কিন কবি পল ল’ৰেন্স ডনবাৰৰ “দ্দ্বঙ্গ wear a mask’’ কবিতাটোৰ পংক্তি…

“দ্দ্বঙ্গ wear the mask that grins and lies, 

It hides our cheeks and shades our eyes’’

কাতি মাহৰ কোনোবা এটা দিনত হঠাৎ তাই গুৱাহাটীত আহি ওলাইছিলহি৷ গৰম-ঠাণ্ডা মিহলি বতৰ এটাই তাইক স্বাগতম জনাইছিল দুপৰীয়াটোত৷ এয়াৰপৰ্টৰ পৰা পোনে পোনে আহি তাই বায়েকৰ ঘৰত উঠিছিলহি৷ বায়েকৰ ঘৰৰ পদূলিৰ মুখত থকা শেৱালি জোপাত শেহতীয়া কেইপাহমান ফুল ফুলি আছিল৷ শেৱালি ফুলৰ গোন্ধ এটা তাইৰ নাকত লাগিছিলহি৷ প্ৰদূষণময় দিল্লীৰ পৰিৱেশৰ পৰা আহি গুৱাহাটীৰ এনে পৰিৱেশে তাইৰ মনটো সতেজ কৰি তুলিছিল সেইদিনা৷ গানৰ কলি এটা গুণগুণাই তাই সোমাই গৈছিল বায়েকৰ ঘৰৰ ভিতৰলৈ৷ সেইদিনা সন্ধ্যালৈ অনুৰাগ আহিছিল৷ চাদৰ ওপৰত বহি দুয়োটাই ডাৱৰবোৰৰ ঘোলোঙত লুকা ভাকু-খেলি থকা শুক্লপক্ষৰ জোনটো বহু সময় চাই আছিল৷ 

ঃ কি ভাব… ইজ ইট ইয়’ৰ ৰাইট ষ্টেপ? 

নিস্তব্ধতাবোৰ ভাঙি অনুৰাগে কৈ উঠিছিল৷ তাই কিছু সময় অনুৰাগলৈ চাই কৈ উঠিছিল 

ঃ আই ড’ণ্ট ন’

অনুৰাগে কোৱা কথাবোৰ জানো সঁচা৷ তেওঁৰ দৰে মানুহ এজনো জানো এনে হ’ব পাৰে৷  নাই নাই৷ তেওঁ কেতিয়াও তেনেকুৱা হ’ব নোৱাৰে অনুৰাগৰ হয়তো কিবা ভুল হৈছে…৷ 

তাই অনুৰাগলৈ চালে৷ চাদখনৰ এটা চুকত ৰৈ একান্ত মনে চিগাৰেট হুপিছে সি৷ চকামকাকৈ জোনৰ পোহৰ অলপ আহি পৰিছেহি তাৰ মুখত৷ এক ৰহস্যময় উপন্যাসৰ কোনো এটা বিশেষ চৰিত্ৰ যেন লাগিছে তাক৷ 

দোদুল্যমান মন এটা লৈ পিছদিনা পুৱাই তেওঁৰ ঘৰ পাইছিলগৈ তাই৷ গেটখন খুলিবলৈ লৈ হাতখন ঈসৎ কঁপিছিল তাইৰ৷ কলিঙ বেলটো বজাই খন্তেক সময় ৰ’বলগীয়া হৈছিল৷ দৰজাখন খুলিয়েই হঠাৎ তাইক দেখি আচৰিত হৈছিল তেওঁ৷ তাই কোনো কথা নকৈ তেওঁৰ ঘৰৰ ভিতৰলৈ সোমাই গৈছিল৷ সোমাই গৈয়ে তাই দেখিছিল এগৰাকী নাৰীয়ে ডাইনিঙ টেবুলত ব্ৰেকফাষ্ট ৰেডি কৰিছে৷ তাই প্ৰশ্নবোধক চাৱনি এটাৰে তেওঁলৈ চাইছিল৷ সেইদিনা তেওঁ তাইৰ চকুলৈ চাব পৰা নাছিল৷ 

মুখৰ ভিতৰতে সৰুকৈ কৈছিল

“আই কেন এক্সপ্লেইন’’

সেইদিনা তাই তাত এক মুহূৰ্তও ৰোৱা নাছিল ঘৰলৈ আহি নিজৰ ৰুমত সোমাই পৰিছিল তাই৷ বহু সময় স্থবিৰ হৈ একে ঠাইতে থিয় হৈ থাকি কন্দোনত ভাঙি পৰিছিল তাই৷ 

শেষ নিশালৈ এটা সিদ্ধান্ত লৈছিল তাই৷ জীৱনটো আকৌ আৰম্ভ কৰিব শেষ বুলিলে সকলো শেষ হৈ নাযায়৷ সযত্নে সাঁচি থোৱা দ্বীপে উপহাৰ দিয়া জ’কাৰৰ মুখাখন সেইদিনা আকৌ এবাৰ উলিয়াই লৈছিল তাই৷ 

“…This, this indeed is to be accursed, 

For if we mortals love, or if we sing, 

দ্দ্বঙ্গ count our joys not by what we have, 

But by what kept us from that perfect thing…’’

(Paul Laurence Dunbar)

[১০]

ৰাজ্যিক মৰ্যাদাৰে তেওঁক সন্মান জনোৱা হ’ল৷ শেষ কৃত্য সমাপন কৰি মানুহবোৰ ঘূৰি আহিল শ্মশানৰ পৰা৷ ছাঁই এসোপা হৈ, অকলশৰে পৰি ৰ’ল মাথোঁ তেওঁ৷ মানুহবোৰ যোৱাৰ পাছত জ্বলি ছাঁই হোৱা চিতাখনৰ কাষলৈ আগবাঢ়ি গ’ল তাই৷ উমি উমি উত্তাপ এটা আহি তাইৰ দেহত লাগিলহি৷ জ্বলি শেষ হোৱা চিতাখনৰ কাষৰ পৰা আঁতৰি পকাৰে বনাই থোৱা পুলটোতে আহি বহিলহি তাই৷ 

শ্মশানখনৰ পদূলিতে থকা স্থলপদ্মজোপা জকমকাই ফুলিছে৷ আবেলি বেলিটোৰ আভাত উজলি উঠিছে ফুলকেইপাহ৷ এটা মিশ্ৰিত অনুভূতিয়ে ক্ৰিয়া কৰিলেহি তাইক৷ তাইৰ হঠাৎ মনত পৰি গ’ল বিখ্যাত কবি হেনৰী স্কট-হোলেণ্ডৰ “ডেথ ইজ নাথিং এট অল’’ কবিতাটোৰ কেইটামান পংক্তি–

“Everything remains exactly as it was.

I am I, and you are you, 

and the old life that we lived so fondly together is untouched, unchanged.

Whatever we were to each other, that we are still“

(Henry Scott-Holland)

তাই বেগটো খুলি কঁপা কঁপা আঙুলিৰে দ্বীপে দিয়া জ’কাৰৰ মুখাখন উলিয়াই ল’লে লগতে উলিয়াই ল’লে এটা জুইশলা৷ কঠিন হাতেৰে জুইশলা কাঠি এটা জ্বলাই প্লাষ্টিকৰ মুখাখনত জুই লগালে৷ খন্তেক সময়তে মুখাখনক আগুৰি ধৰিলে জুইৰ শিখাই৷ জ্বলি জ্বলি ছাঁই হোৱালৈকে মুখাখনত হাঁহিটো লাগিয়েই থাকিল৷ 

তাই চকু দুটা মুদি দিলে চেলুলয়ডৰ ঘটনাৰাজিৰ দৰে দ্বীপৰ লগত কটোৱা বহু কেইটা ঘটনা পাৰ হৈ গ’ল৷ দ্বীপৰ মুখখন ক্ৰমাৎ ধূসৰতাত হেৰাই গৈ তেওঁৰ মুখখন স্পষ্ট হৈ পৰিল আৰু লাহে লাহে তেওঁৰ মুখখনো অস্পষ্ট হৈ ঘন কুঁৱলীৰ মাজত যেন হেৰাই গ’ল৷ 

তাই বহি থকা পকাৰ পুলটোৰ পৰা উঠি শ্মশানখনৰ গেটৰ ফাললৈ যাবলৈ ধৰিলে আৰু মনতে ভাবিলে মইতো তেওঁৰ প্১২৬ায়া হোৱাৰ কথা নাছিল….৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top