সেজ দুৱৰিৰ ওপৰত নিয়ৰৰ শুভ্ৰ দলিচাখন খিৰিকীখন মেলিয়েই দেখা পায় বেদুইন বৰুৱাই। মৃদু এছাটি বতাহ আহি গালতখনত চুমা আঁকি দিয়ে• ৰঘূনাথ চৌধুৰীৰ কবিতাত বাৰে বাৰে প্ৰকৃতিৰ প্ৰেমত পৰিব খোজা বেদুইন বৰুৱাৰ নিয়ৰ কিম্বা শীতৰ মাদকতা অনুভৱ কৰিব মন যোৱা নাই।
ঃ হুহ, সমাজৰ সন্মুখত ভদ্ৰতা দেখুৱাই কি লাভ• তেওঁ যে এগৰাকী কলংকিতা নাৰী সেই কথা আৰু লুকাই নাথাকে।
মিছেছ দত্তই মুখখন বেঁকী কৰিয়েই কথাষাৰ আৰম্ভ কৰিছিল।
ঃ তেখেত ধৰ্ষিতা হোৱাৰ বাতৰি বহু পুৰিণ দিনতে বাতৰি কাকতত ছপা হৈছিল। ঘৰৰ লাইব্ৰেৰীটো চফা কৰোতে কাকতখন চকুত নপৰা হ’লে তেওঁক আজিও আমাৰ সংঘৰ সন্মানীয় সভানেত্ৰী বুলিয়েই ভাবি থাকিলোঁহেঁতেন।
জেউতি সংঘৰ মহিলাসকলৰ মুখত বেদুইন বৰুৱাৰ বিপক্ষে বদনামৰ বৰষুণ সৰিলে। যাৰ যি মনলৈ আহে ইচ্ছা অনুসৰি ক’বলৈ ধৰিলে। মাথো নিমাতে আছিল অমিয়া সন্দিকৈ। পৰ চৰ্চাত লিপ্ত নোহোৱা অমিয়া বাইদেউ সেয়ে হয়তো বহু কথকী মিহলাৰ বাবে অপ্ৰিয় নাৰী। সংঘৰ সদস্যা জেছমিন খাতুনে ধৰ্ষণৰ পাছত বেদুইন বৰুৱাৰ মেডিকেলত ছয়টাকৈ চিলাই পৰিছিল বুলি কোৱাত অমিয়া বাইদেউৱে কৈছিল।
ঃ কিছুমান গোপন কথা এনেকৈ চৰ্চা কৰি থাকিলে ভুক্তভোগীয়ে যে কষ্ট পাব পাৰে সেয়া নাৰী হৈ আপুনি বুজক। সংঘাত পাৰ কৰি সেইগৰাকী নাৰী আজি যিমান সাহসেৰে সমাজত থিয় হৈছে, সেই ক্ষেত্ৰত আমি তেওঁৰ আদৰ্শ অনুধাৱন কৰিব লাগে।
ঃ থওক হে বাইদেউ। কলংকীতা নাৰীৰ আকৌ কিহৰ আদৰ্শ•
জেছমিন খাতুনৰ দৰে নাৰী, যি অসহায় নাৰীৰ হৃদয়ৰ হাহাকাৰ বুজিব নোৱাৰে তেনে নাৰীৰ সতে কথা পতাৰ আৰু কোনো প্ৰয়োজনবোধ নকৰিলে অমিয়া বৰুৱাই। কিছু পৰৰ পাছত বেদুইন বৰুৱা সংঘটোত উপস্থিত হোৱাৰ লগে লগে প্ৰত্যেকৰে তেওঁলৈ কৌতূহল চাৱনি তেওঁ প্ৰত্যক্ষ কৰিলে। মহিলাসকলে এইকেইদিন তেওঁৰ বিষয়ে কি কি কথা চৰ্চা কৰি আছে তেওঁ সকলো জানে। সংঘটোৰ প্ৰতিস্থাপক সভানেত্ৰী হোৱাৰ বাবে তাৰ পৰা অব্যহতি লোৱাৰ কথা তেওঁক ক’বলৈ কাৰো সাহ নাই। অসহায় নাৰীৰ সহায়ৰ কেন্দ্ৰবিন্দু স্বৰূপ সংঘটোৰ পৰা তেওঁ সেইদিনা স্ব-ইচ্ছাই অব্যাহতি ল’লে। বিপদত পৰা নাৰীক আকৌ নাঙঠ কৰিবৰ প্ৰয়াস কৰা তেনে মহিলা সংঘৰ স্পৰ্শ নালাগে বেদুইন বৰুৱাক। কিছুমান নাৰীয়ে আজিও নুবুজে ধৰ্ষণকাৰ্যত ধৰ্ষিতা এগৰাকী দোষী নে দোষী পাষণ্ডবোৰ।
জীৱনৰ এটা অধ্যায় পাহৰিবৰ বাবে কিমান যে সেমেকা গালখন লৈ উজাগৰী নিশা পাৰ হ’ল….। সাহস আছে বাবেই সেই জঘন্য দিনটোৰ পাছতো ভালদৰে পঢ়া শুনা কৰিলে তেওঁ। জীয়াই থকাৰ হেঁপাহ আছে বাবেই চুবুৰীয়াৰ ঘৃণা ভৰা চাৱনীবোৰ দেখিও চকুলো অঙঠা এটুকুৰা গিলাৰ দৰে গিলি থৈছিল। সঁচা প্ৰেমিকা হৈ জীৱনে মৰণে লগ দিয়া বুলি শপত খোৱা ল’ৰাজনেও তাইক অপৱিত্ৰ শৰীৰৰ গৰাকী হ’ল বুলি লগ এৰা দিলে। তাইৰ হৃদয়ৰ সেউজ হাবিখনৰ পাতবোৰ সৰি লঠঙা ডালবোৰ আছিল। বিষাদৰ এন্ধাৰে চৌপাশ আৱৰিছিল। সৰুতেই মাতৃক হেৰুওৱা বেদুইনৰ দেউতাক আছিল শক্তিশালী মনৰ ব্যক্তি। ডেউকা ভগা পখীৰ দৰে যন্ত্ৰণাত ছটফটাই থকা জীয়েকক সবল হ’বলৈ মনোবল দিছিল। বুজনি দিছিল সংঘাতে মানুহক নতুন জীৱনৰ বাট দেখুৱায়। নৰ ৰূপী পিশাচবোৰহে দোষী। তাই অপৱিত্ৰ নহয়। সমাজলৈ ভয় নকৰি দেউতাকে পুলিচৰ কাষ চাপি ধৰ্ষণকাৰীক শাস্তি দিয়াৰ ব্যৱস্থা কৰিছিল। বেদুইনৰ মনৰ আৰু শৰীৰৰ যন্ত্ৰণা দেউতাকে উপলব্ধি কৰিব পাৰিছিল। চুবুৰীয়াৰ প্ৰশ্নত হতাশ হৈ পৰা একমাত্ৰ মৰমৰ জী জনীক সুুৰক্ষা দিবলৈ দেউতাকে ঘৰ মাটি বিক্ৰী কৰি মহানগৰীমুখী হৈছিল। চৰকাৰী চাকৰিৰ ভলেনণ্টিয়াৰ ৰিটায়াৰমেণ্টৰ লৈ চহৰত তাইৰ আৰু উন্নত শিক্ষাৰ ব্যৱস্থা কৰিছিল। আজি বেদুইনত বৰুৱা এখন মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপিকা। চাকৰি পোৱা দুবছৰ পাছত দেউতাক ঢুকাই থাকিল। বেদুইন বৰুৱাৰ এখন সুখৰ সংসাৰ হ’ল। স্বামী বদুৰ্য্য বৰুৱা এজন চিকিৎসক। পুত্ৰ নীলাভ বৰুৱাই পি এইচ ডি সম্পূৰ্ণ কৰি ছমাহ পূৰ্বে মহাবিদ্যালয় এখনত চাকৰি পালে।
বদুৰ্য্য বৰুৱাই বেদুনাইৰ সকলো কথা জানিয়েই তেওঁক বিয়া কৰাইছে। সঁচা অৰ্থত শিক্ষিত মানুহ তেওঁ। সমাজৰ এচাম শিক্ষিতৰ দৰে আধৰুৱা তেওঁৰ মগজু নহয়। আজৰি সময়ত বেদুইনে সংঘৰ মহিলাসকলক একত্ৰিত কৰি সাহিত্য-সংস্কৃতিৰ পথাৰখনত আগুৱাই লৈ যোৱাৰ লগতে সমাজৰ পিছ পৰা মহিলাসকলক সহায় কৰিছিল। মহৎ উদ্দেশ্যত ব্ৰতী হৈ থকা জেউতি মহিলা সংঘৰ মহিলা সকলৰ মনত কোনো জেউতি নাই। হিংসা, অহংকাৰ, কুমন্ত্ৰণাৰ এন্ধাৰেৰে আৱৰা। তেওঁলোকৰ মন। সংঘৰ মহিলাসকলে তেওঁলৈ কি কি মন্তব্য কৰিছিল অমিয়া বাইদেউৰ মুখেৰে বেদুইনে জানিছিল। সেয়ে মাজে মাজে বিষাদৰ ডাৱৰে সেমেকাই তোলে বুকুৰ একোণ। হঠাৎ অমিয়া বাইদেউৰ ফোনত জিকাৰ খাই উঠিল বেদুইন।
ঃ বাইদেউ, টি ভিৰ বাতৰি চাওঁক। জেছমিন খাতুনৰ ছোৱালী পাৰবীন আৰু নাই। কালি সন্ধিয়া টিউচনৰ পৰা উভতি অহা নাছিল তাই। ওৰে নিশা পুলিচে বিচাৰি আজি পুৱা মেঘালী পথৰ কাষৰ সৰু হাবিখনত তাইৰ মৃতদেহ উদ্ধাৰ কৰে। দলবন্ধ ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰিলে তাইক। চিকিৎসালয়ত সকলো কথা ধৰা পৰিছে। শৰীৰৰ বহু ঠাই কামুৰি চিঙি পেলাইছে হেনো নৰাধমহঁতে।
ঃ উফ আৰু নক’ব। জেছমিনৰ ঘৰলৈ আহক। মই তালৈ গৈ আছো। ফোনটো কাটি হুক্হুকাই কান্দি পেলালে বেদুইনে। অষ্টম শ্ৰেণীত পঢ়া পাৰবীনে কিমান যন্ত্ৰণা সহিছিল, কিমান চিঞৰি চিঞৰি কান্দিছিল, কিমান জীয়াই থাকিবলৈ চেষ্টা কৰিছিল…. নাই নাই, নোৱাৰি ভাবিব কণমানিজনীৰ আৰ্তনাদবোৰৰ কথা। এই পাষণ্ডহঁতক জীয়াই জীয়াই গৰম তেলত দিব লাগে। কিয় যে আজিও কন্যা সন্তানৰ মাতৃয়ে শান্তিত টোপনি যাব নোৱাৰে।
ঈস্বৰলৈ অদ্ভূত খং এটা উঠিল বেদুইনৰ। কৌটি যুগৰ পৰা কেৱল নাৰীয়েই সহিব লগা হয়। চকুপানীবোৰ মচি জেছমিৰ ঘৰলৈ সোমাই গ’ল বেদুইন। কান্দি কান্দি অৱশ হৈ পৰা জেছমিনে বেদুইনৰ ভৰি দুটাত ধৰি ক’লে
ঃ মই এতিয়াহে বুজি উঠিলো বাইদেউ। কালিৰ ঘটনাটোত পাৰবীন দোষী নাছিল। দোষী কেৱল সেই পিশাচকেইটা। আপুনি দোৱা কৰক। মোৰ পাৰবীন বেটি আকৌ উভতি আহক।
অসহায় জেছমিনক বুজাবলৈ একো ভাষা নাছিল বেদুইনৰ। ভাষা নাছিল মিছেছ দত্তকো বুজাবলৈ। মিছেছ দত্তই একাষৰীয়াকৈ বেদুইনক মাতি নি কৈছিল।
ঃ আপুনি শাও নিদিব বাইদেউ। সেইদিনা আপোনাৰ কথা বেয়াকৈ কোৱা কিছুদিন পাছতে নিজৰ বৰদেউতা সম্পৰ্কীয় এজন প্ৰাপ্তবয়স্কৰ পাপী স্পৰ্শত ধৰ্ষিতা হ’ল আমাৰ মাইনা। কাকো কোৱা নাই বাইদেউ। ক’ব নোৱাৰো। আপোনাৰ যন্ত্ৰণাত নিমখ সানি বৰ ভাল পাইছিলো। আজি মোৰ গোটেই ঘৰখনৰে কলিজাত অসুখ। বিৰাট যন্ত্ৰণা। মোক শাও নিদিব বাইদেউ।
চকুপানীৰ সাগৰত ডুব যোৱা মিছেছ দত্তক বেদুইনে ক’লে।
ঃ শাও নৰপিশাসক দিছো মই। ঈস্বৰেও দেখোন শাও নিদিয়ে পাষণ্ডবোৰক। পুৰিণ যুগৰ পৰা আধুনিক যুগলৈ সুৰক্ষিত কেতিয়াও নহ’লো আমি। মিছাতে বাতৰিত ৰজনজনাই থাকে দেশ প্ৰণতিৰ পথত শুনা, নীলাভে মাইনাক বৰ পচন্দ কৰে। সিও মোৰ দৰে কেৱল মনৰ পৱিত্ৰতাকহে সন্মান কৰিব জানে। মাইনাক মোৰ বোৱাৰী কৰিবলৈ দিবা নে•
বেদুইনক সাৱতি জোৰকৈ কান্দি পেলালে তেওঁ। মনৰ পৱিত্ৰতাক সন্মান কৰিব জনা মানুহে শাও নিদিয়ে তেওঁক। কেৱল ছটিয়াই দিয়ে বেদনাৰ আকাশত সুখৰ আবিৰ।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]