
তিনিটি শব্দৰ এক মায়াময় বান্ধোন, য’ত আছে ত্যাগ, নিঃস্বাৰ্থ ভালপোৱা, বিশ্বাস আৰু এবুকু মৰম৷ বন্ধুত্ব মানে এক সাহস, ভুল দেখিলেও আঁতৰি নগৈ সেই ভুল শুধৰাই দিয়াই হৈছে বন্ধুত্ব৷ বেয়া সময়ত কাষত থিয় দি সাহস দিয়াই হৈছে বন্ধুত্ব৷ নিজৰ হেজাৰ ব্যস্ততাৰ মাজেৰেও বন্ধুজনৰ অকলশৰীয়া জীৱনত অলপমান সময় দিয়াই হৈছে বন্ধুত্ব৷ আগতে ইমান বুজা নাছিলোঁ, এতিয়া লাহে লাহে শিকিছোঁ, বন্ধুত্বই হওক বা প্ৰেমেই হওক, দুয়োটাই জোৰ কৰি কৰা সম্পৰ্ক নহয়৷ এই যে একপক্ষীয় প্ৰেম বা বন্ধুত্ব বুলি কয়, আচলতে তেনে সম্পৰ্কবোৰ কেতিয়াও বহুদিন লৈকে নাথাকে৷ প্ৰতিটো মানুহৰ জীৱনতে বন্ধুত্ব প্ৰয়োজন, নিস্তব্ধ অন্ধকাৰময় নীৰৱ জীৱনত সঁচা বন্ধুত্বই ঢালি দিব পাৰে ৰামধেনুৰ সাতোটি ৰং৷ বন্ধু জীৱনত মই বহুত পালোঁ, কিন্তু এজন সঁচা বন্ধু নাপালোঁ, একেলগে পাৰ্টি কৰাতে সীমাৱদ্ধ বন্ধু বহুত আছে, কিন্তু হতাশাত মনোবল দিয়া, অসুখত শুশ্ৰূষা কৰা, ভুল কৰিব যোৱা সময়ত সঁকিয়াই দিয়া বন্ধুজনৰ অভাৱ অনুভৱ কৰো৷ এজন প্ৰকৃত বন্ধুৰ লগত নাথাকে আমাৰ কোনো তেজৰ সম্পৰ্ক, নাথাকে কোনো ধনী-দুখীয়া, উচ্ছ-নীচ জাতিৰ ভেদা-ভেদ৷ মাত্ৰ থাকে এক নিঃস্বাৰ্থ, অকৃত্ৰিম আৰু গভীৰ বিশ্বাসৰ এক এনাজৰী৷ সময়ে সকলো সলনি কৰে, সৰুতে পোৱা বন্ধুত্বৰ সম্পৰ্ক ডাঙৰ হলে সলনি হৈ যায়, কিছুমানে চাকৰিৰ পৰা সময় নাপায়, কিছুমানে সংসাৰৰ কামৰ পৰা সময় নাপায়, আকৌ কিছুমানক প্ৰয়োজন নাই বন্ধুত্বৰ, “তই” বুলি মতা সম্বন্ধবোৰ সময়ত কেতিয়ানো “আপুনি” হৈ পৰে, গমকে পোৱা নাযায়৷ ৰাতিবোৰ দীঘলীয়া হৈ পৰে যেতিয়া কথাবোৰ ভাবোঁ৷ মই বিখ্যাত হ’ব নিবিচাৰোঁ, মাত্ৰ চেষ্টা কৰোঁ মানুহৰ অন্তৰত অকণমান ঠাই পাবলৈ, অকণমান মৰম পাবলৈ, অকণমান সঁচা বন্ধুত্ব পাবলৈ৷