সুখৰ নৈখনি বিচাৰি – Purbodix.com

সুখৰ নৈখনি বিচাৰি

( বাহাৰুল ইছলাম)

নীলা চছমাযোৰ ক’ত হেৰাই থাকিল

গমেই নাপালোঁ

হৃদয়খনি কিয় বা আতংকিত হয়

নাজানো

বিৰহে মাতে, মেঘে গাজে প্ৰতিক্ষণ

প্ৰতিটো খোজতে মৰহে আশাৰ কুঁহিবোৰ

বিষাক্ত বীজ সিঁচৰতি হ’ল চৌপাশে৷ 

 

মিচিক-মাচাক হাঁহিটিক ধুইছোঁ চকুলোৰে

সপোনবোৰ মোৰ স’তে নোশোৱে

সিহঁত হেনো তিক্ততাৰ স’তে সহবাস কৰে

সাগৰৰ সিটো পাৰে

তাৰ পৰাই বিলাপ কৰে

সাঁকো নাই, নাও নাই

নাই অকণো কিৰণ

তেজে উচুপে

বিষাদৰ গানে ধৰ্ষণ কৰে অহৰহ

দিন বাগৰে ৰাতি বাগৰে

হৃদয়ৰ কঁপনি বাঢ়ে৷ 

 

হতাশবোৰ হুমনিয়াহ হৈ ঘূৰি-পকি ফুৰে

খলকনিৰ সৃষ্টি কৰে লাঞ্ছিত এমুঠি আশাই 

দুখৰ অৰণ্যত জিৰণি লয় কেতিয়াবা

ভাগৰুৱা হৃদয়খনি, 

পখিলা খেদা বয়সৰ মুহূৰ্তবোৰ

গিলি থলোঁ অতল গহ৩১ত

এতিয়া হৃদয় উপত্যকা ভৰপূৰ

এবুকু জীয়া যন্ত্ৰণা আৰু

এমুঠি তেজৰ কবিতাৰে৷ 

 

কাউৰী এজাকৰ হুঁটা মাতত

সিদিনা সুখৰ নৈখনি সাৰ পাই উঠিছিল

সিহঁতেও পৰাণ খুলি টুকিলে চকুলো

মৰহি যোৱা আশাৰ বোকোচাত

সুখৰ চানেকিয়ে মোক লৈ যায়

গভীৰৰ পৰা গভীৰতলৈ৷

Leave a Reply

Your email address will not be published. Required fields are marked *