দিনত কামবোৰ কৰি থাকোঁ
মনৰ ভিতৰত থকা
ক্ষোভবোৰ প্ৰকাশ নকৰোঁ
ক্ষোভ কিহৰ বাবে
সেইয়া মই নকওঁ
মই আজিও আচৰিত
যাৰ ক্ষোভে মোক ক্ষোভিত কৰিছে
সেই ক্ষোভে মোক নতুন ৰাস্তা দিছে
তুমি যদি নোৱাৰা
আনৰ অন্তৰখন জ্বলোৱাৰ আগতে
প্ৰতিকাৰ আছে নে নাই
এবাৰ চাই ল’বা
ক্ষোভ আছে বাবেই
আঁতৰি আছোঁ সেইদিনাৰ পৰা
যিদিনাই তুমি মোৰ হৃদয়ত
ক্ষোভৰ জন্ম দিছিলা,
তোমাৰ ক্ষোভে
এজন প্ৰেমিকক হত্যা কৰিছে
তেজেৰে নহয়, তোমাৰ শব্দৰে
যি শব্দত আছিল
বুকু সুধা কৰিব পৰা তেজাল তীৰ
আগতে যি বাটত খোজ কঢ়া নাই
সেই বাটত ক্ষোভবোৰ এৰি দিছোঁ
ক্ষোভে মোক উত্তেজিত কৰা নাই
তোমাৰ ক্ষোভে হানি কৰিব নোৱাৰে
মাত্ৰ সেই ক্ষোভে হেৰুৱাই পেলালে
এজন সুদক্ষ প্ৰেমিকক
যিজনৰ হৃদয়ত মৰমে
মাত্ৰ কুঁহিপাত মেলিছিল৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]