হালধিৰ কেপচুল আৰু কেঁচা হালধি (ডাঃ কৰবী হাজৰিকা চৌধুৰী) – Purbodix.com

হালধিৰ কেপচুল আৰু কেঁচা হালধি (ডাঃ কৰবী হাজৰিকা চৌধুৰী)

ৰান্ধনিঘৰৰ এক খুব প্ৰয়োজনীয় মচলা হৈছে হালধি। হালধি বহুগুণ সম্পন্ন মচলা যাৰ উপকাৰিতা আৰু গুণাগুণৰ তুলনা নাই। হালধি সকলোৰে এবিধ পৰিচিত সামগ্ৰী। প্ৰায়বোৰ ব্যঞ্জন প্ৰস্তুত কৰোঁতে হালধি ব্যৱহাৰ কৰা হয়। ব্যঞ্জনৰ ৰং আৰু সোৱাদৰ বাবে গোটেই ভাৰততে হালধি ব্যৱহাৰ কৰা যায়। হালধি কেৱল ব্যঞ্জনৰ ৰং বা সোৱাদ বঢ়াই তেনে নহয় হালধি আমাৰ শৰীৰৰ বাবে বহুত উপযোগী বুলি প্ৰমাণ আছে। আজি বহু বছৰৰ আগতে আমাৰ শাস্ত্ৰত ইয়াৰ গুণাগুণৰ বিষয়ে উল্লেখ আছে। ঋষি-মুনিসকলে হালধি ব্যৱহাৰ কৰা কথাও আমাৰ শাস্ত্ৰত উল্লেখ আছে। আনবোৰ মচলাৰ ভিতৰত হালধিও আমাৰ শৰীৰৰ বাবে অতি উপযোগী সামগ্ৰী। হালধি বৈজ্ঞানিক নাম Cucurma Longa Linn আৰু হালধিৰ গোত্ৰ হৈছে Zingeberaceae। হালধি অন্ধ্ৰপ্ৰদেশত উৎপাদন ক্ষেত্ৰত প্ৰথম স্থানত আছে। বিহাৰ, পশ্চিমবংগ, উত্তৰপ্ৰদেশ, অসম আদিকে ধৰি ভাৰতৰ বিভিন্ন ঠাইত কম বেছি পৰিমাণে হালধিৰ উৎপাদন হয়। ৰাসায়নিক বিশ্লেষণৰ পৰা পোৱাৰ তথ্যৰ অনুসৰি হালধিত Essential oil, Zingeberine আৰু Turnerone ৰ বাবে এক সুকীয়া গোন্ধ আছে আৰু Cucurmina থকাৰ বাবে ইয়াৰ বৰণ হালধীয়া। হালধিক ঠাই অনুসৰি বিভিন্ন নামেৰে জনা যায়। ইয়াক ইংৰাজীত Turmeric বুলিও জনা যায়। হালধিৰ বিশেষকৈ মাটিৰ তলত হোৱা অংশ আমি দৈনিক কাৰ্য্যত ব্যৱহাৰ কৰোঁ। হালধিৰ উচ্চতা খুব বেছি নহয় দুই বা তিনি ফুট ওখ গছ হয়। দেখিবলৈ আদা গছৰ দৰে। পাতবোৰ মাটিৰ ওপৰত থাকে। পাতবোৰ বছৰৰ মাজত যেনে আগষ্ট মাহত হালধীয়া হ’লে মাটি তলৰ অংশ উলিয়াই তাক গুড়ি কৰি বা কেঁচা অংশ হিচাপে ব্যৱহাৰ কৰা যায়। হালধিৰ ঔষধি গুণ
(১) হালধি ব্যঞ্জনত যদিও ৰং বা সোৱাদৰ বাবে ব্যৱহাৰ কৰা হয় কিন্তু ই পেটৰ পাচন ক্ৰিয়াত যথেষ্ট সহায় কৰে আৰু হজম শক্তি বঢ়ায়।
(২) হালধি গুৰি ১ চামুচ আৰু ১য২ গিলাচ কুহুমীয়া পানী নিতৌ দুবাৰ কৈ খালে উচ্চ ৰক্তচাপৰ ৰোগীয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।
(৩) হালধি ২ চামুচ আৰু ১ গিলাচ গাখীৰ নিতৌ দুবাৰ খালে সুস্বাস্থ্যবান আৰু বলবান হৈ থাকিব পাৰে।
(৪) মাংগলিক কাৰ্য্যত হালধি লেপন হিচাপে ব্যৱহাৰ কৰা যায়। ইয়াৰ উপকাৰীতা হৈছে সৌন্দৰ্য্য বৃদ্ধি আৰু বিজাণু ৰোধ কৰা।
(৫) কেঁচা হালধি, কলা তুলসী, বেচন আৰু মৌ মিহলাই লেপন বনাই মুখত ঘঁহিলে মুখত যি কোনো কাৰণত হোৱা কলা দাগ আঁতৰি যায়।
(৬) এক কোষ নহৰু, ২ চাহ চামুচ কেঁচা হালধি ৰস আৰু ১ গিলাচ কুহুমীয়া পানী নিতৌ দুবাৰ কৈ খালে হৃদৰোগ পৰা আঁতৰি থাকিব পাৰি আৰু লগতে কলেছষ্টৰল (Cholesterol) নিয়ন্ত্ৰণ হয়।
(৭) হালধি ১ চামুচ, অকণমান বগা চূণ আৰু ১ চামুচ মিহি চেনী মিহলাই বনোৱা লেপন কোনো কাৰণত হোৱা আঘাত, ফুলা বা মুচুকা খোৱা ঠাইত লগালে সোনকালে বেদনা বা ফুলা কমোৱাত সহায় কৰে।
(৮) হালধিৰ চৰ্দি, চৰ্মৰোগ, পেটৰ বেমাৰ, পাতল পাইখানা, বমি আদিত বিশেষ ঔষধি গুণ আছে।
(৯) প্ৰস্ৰাৱ কম হোৱা বা জ্বলা পোৰাত হালধিয়ে বিশেষ ভূমিকা পালন কৰে। ২ চামুচ হালধিৰ ৰস, ৪ চামুচ Aloe Vera ৰস আৰু ১য২ কাপ কুহুমীয়া পানী দিনত তিনিবাৰকৈ খালে E.Coli বীজাণু ৰোধ কৰিব পাৰি।
(১০) ৰাতিপুৱা ১য২ লিটাৰ পানী খোৱাৰ পিছত ২ চাহ চামুচ কেঁচা হালধি ৰস নিতৌ খালে পেলু, কুষ্ট কাঠিন্য আৰু গেষ্ট্ৰইটিছৰ পৰা হাত সাৰিব পাৰি।
(১১) হালধি ৰক্তসোধক হিচাপে ব্যৱহাৰ কৰিব পাৰি।
(১২) হালধি ৰসৰ লগত ২টা Septillin Tab (Himalaya) আৰু ২টা Bresol Tab (Himalaya) নিতৌ দুবাৰকৈ খালে এলাৰ্জিক ৰাইনাইটিচৰ, চৰ্মৰোগত ভাল ফল পায়। আজিকালি বজাৰত হালধি কেপচুল আৰু টেবলেটত উপলব্ধ।

Leave a Reply

Your email address will not be published. Required fields are marked *