গোমা আকাশৰ এই পাৰে বেলিৰ কোনো বৰণ নাথাকে
নাথাকে সজীৱতা সেউজ ধৰাৰ
আৰু সজাল নদীখনৰো
ধূলি নুৰা এজাক ঘোঁৰা
আজি ক্লান্ত
ফুলি নুঠা ফুল তেনেই ম্ৰিয়মান
দুচকু ভালদৰে নুফুটা এই যে শিশুৰ লেলাৱতি সময়ে সিঁচি থৈ তাতে
চিৰ স্বাধীনতাহীন বীজ
শোষণে গৰকা আমি একোটা শামুক
দাসত্বত দুলি থকা দোলোন
পোহৰত এন্ধাৰৰ ছাঁ পৰিছে
বিয়পিছে ছলনাৰ পৰমাণু
মোৰ দেশ বেলি ধোঁৱাই ঢাকিছে৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]