প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ সাৰাংশ ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত – Purbodix.com

প্ৰসিদ্ধ উৰিয়া উপন্যাসৰ মুকলি অনুবাদ সাৰাংশ ঃ ড॰ গৌৰহৰি দাসঅনুবাদ ঃ নিৰ্মালি মহন্ত

ৱাৰ্ড ৰুমৰ পৰা মাজে মাজে ভাহি অহা মালতীৰ কৰুণ কান্দোনে নীলাম্বৰক বাৰে বাৰে জোকাৰি থৈ যায়৷ কাষত ৰমাকান্তও নাই৷ সি দোধোৰ-মোধোৰত পৰিল৷ ভিতৰলৈ যাব নে নাযায়৷ ডাক্তৰে কোৱা মতে আৰু তিনি বা চাৰি দিন লাগিব৷ যোৱা চাৰিদিন ধৰি নীলাম্বৰো ৰমাকান্তৰ লগত এই হস্পিটেলখনতে পৰি আছে৷ 

মালতীয়ে অকল কান্দিয়েই থকা হৈছে, যিটো নীলাম্বৰৰ কাৰণে অসহনীয় হৈ পৰিছে৷ তাৰ মন গৈছে মালতীক সাbLনা দিবলৈ তাইক বুজাবলৈ৷ কিন্তু তাইৰ কাষলৈ যোৱাৰ সাহসকন সি গোটাব পৰা নাই৷ কিজানিবা আকৌ তাক ভুল বুজে৷ পৰিহাস কৰিবলৈ অহা বুলি যদি নীলাম্বৰক সন্দেহ কৰে৷ তেতিয়াতো ওলটি তাই মানসিক কষ্টহে পাব৷ কিন্তু তাই ভুগি থকা কষ্টখিনিও যে সি সহিব পৰা নাই/ এই ৰমাকান্তটো গ’ল ক’লৈ?

আকৌ এবাৰ খিৰিকীৰে সি মালতীলৈ চালে৷ একেবাৰে মৰহা ফুলৰ দৰে হৈ পৰিছে তাই৷ মূৰত বেণ্ডেজ, হাতত ছেলাইন৷ তাইৰ এই অৱস্থা দেখি নীলাম্বৰৰ শুভেন্দু পট্টনায়কৰ ওপৰত ভীষণ খং উঠিল৷ আজি মালতীৰ এই দশাৰ একমাত্ৰ কাৰণ সেই মানুহটোৱেই৷ হয়তো মালতীয়ে তাক মাফ কৰি দিব পাৰে, কিন্তু সি কেতিয়াও নোৱাৰে৷ তাৰ মালতীক এনেকৈ প্ৰতাৰণা কৰাৰ প্ৰতিশোধ সি এদিন ভালকৈয়ে ল’ব৷ 

লাহে লাহে মালতীৰ চকু জাপ খাই আহিছিল৷ হয়তো নাৰ্চে আহি ছেলাইনৰ লগত টোপনি অহা ঔষধ দি থৈ গৈছিল৷ তাৰেই প্ৰভাৱ চাগে৷ 

নীলাম্বৰ এইবাৰ ৱাৰ্ডৰ ভিতৰলৈ সোমাই গ’ল আৰু মালতীৰ বিছনাখনৰ কাষতে থকা প্লাষ্টিক চকীখনত বহিল৷ ইফালে সিফালে চাই কোনেও নেদেখাকৈ সি মালতীৰ হাতখন লাহে লাহেকৈ মোহাৰিলে আৰু তাৰ পিছত তাইৰ হাতখন বিছনাত আলফুলকৈ থৈ নিজৰ হাতখন আঁতৰাই আনিলে৷

তাই টোপনি যোৱাৰ সুযোগ লৈয়ে সৰু সৰু মাতেৰে মালতীলৈ চাই তাৰ মনৰ কথাখিনি কৈ গ’ল, “তোমাৰ দৰে ইমান বুদ্ধিমত্তা ছোৱালী এজনীয়ে এনেকুৱা জানো কৰিব লাগে? চিন্তা নকৰিবা, মই থকালৈকে তোমাৰ একো হ’বলৈ নিদিও৷ খুব সোনকালেই তুমি সুস্থ হৈ পৰিবা৷ সেইদিনা ভুল বুজি মিছাতে মোক খং কৰিলা৷ মই মৰি গ’লেও কোনো কথা নাই, কিন্তু তুমি মৰাৰ কথা কেতিয়াও নক’বা৷ আজি মই নাথাকিলেও তুমি কিন্তু জীয়াই থাকিব লাগিব৷ তোমাৰ এই দশাক তোমাৰ পিতাই চাব নোৱাৰা হৈ গৈছে৷ যোৱা চাৰিদিন ধৰি খুৰীৰ পেটলৈ ভাত এমুঠিও নোযোৱা হৈছে৷ বংশ-কুটুম্বৰ কথা আজীৱন শুনিব লাগিব বুলি এনেকৈ নিজকে শেষ কৰি পেলাইনে? আঁকৰি ক’ৰবাৰ/ অলপ ৰৈ, ইফালে-সিফালে চাই নীলাম্বৰে আকৌ শুই পৰা মালতীক ক’বলৈ ধৰিলে, “আগেয়ে তুমি সুস্থ হৈ উঠা৷ তাৰ পিছত আমি গাঁৱলৈ উভতি যাম৷ চাবা তুমি মই কেনেকৈ তোমাৰ দোষীক শাস্তি দিও৷ মালতী তুমি নিবিচাৰিলেও মই কিন্তু সদায় তোমাৰ লগতেই আছোঁ৷ মাত্ৰ তুমি মোক কথা দিব লাগিব, আৰু যেন এনেকুৱা কথা কোনো দিনেই তোমাৰ মনলৈ আহিব নিদিয়া৷ সেইদিনা মই ঠিক সময়ত গৈ নোপোৱা হ’লে কি হ’ল হয় তোমাৰ/ এবাৰ ভাবি চাইছিলা নে? কিন্তু নাই, তুমি ভাবিব নোৱাৰা৷ কাৰণ তুমি নিজকে বহুত জানা বুলি ভাবা৷ প্ৰকৃততে তুমি একেবাৰেই নিৰ্বোধ৷ বাৰু চিন্তা নকৰিবা মালতী, তুমি খুব সোনকালেই সুস্থ হৈ যাবা৷ 

নীলাম্বৰে আকৌ মালতীৰ হাতখন লাহেকৈ দুবাৰমান মোহাৰি বাহিৰলৈ ওলাই যাবলৈ ঠিয় হ’ল৷ কিন্তু সি হঠাৎ অনুভৱ কৰিলে, মালতীয়ে যেন তাৰ হাতখন এৰি দিয়া নাছিল৷ সি চক খাই উঠিল আৰু হাতখন লগে লগে আঁতৰাই লৈ আহিল৷ তাৰমানে মালতী কি সাৰ পাই আছিল? মালতীয়ে বেৰৰ ফালে মুখ কৰি আকৌ কান্দিবলৈ ধৰিলে৷ ঠিক সেই সময়তে ৰমাকান্ত ৱাৰ্ডৰ ভিতৰলৈ সোমাই আহিল৷ নীলাম্বৰলৈ চাই সি ক’লে, “মামাই ফ’ন কৰাৰ কাৰণে যাব লগা হ’ল৷ অলপ দেৰি হৈ গ’ল৷ মালতীয়ে যিটো বেংকৰ পৰীক্ষা দিছিল, তাই পাই গ’ল৷ চা, মই কোৱা নাছিলোঁ তোক তাই যি পৰীক্ষাই দিয়ে সকলোতে পাছ কৰে বুলি৷ তাইৰ স্মৃতি শক্তি সাংঘাতিক প্ৰখৰ৷ বিশ্বাস কৰ নীলাম্বৰ মই আজি বহুত সুখী৷”

নীলাম্বৰে নিজৰ চকুপানী লুকুৱাবলৈ হাঁহি মাৰি ক’লে, আৰে বাহ, খুব ভাল খবৰ/ আমাৰ গাঁৱৰ পৰা আগে কেতিয়াও বেংক পি.অ ওলোৱা নাছিল৷ পিছে চাকৰিত যোগদান কেতিয়া কৰিব লাগিব?”

“মামাই চিঠিখন লৈ গাঁৱলৈ যাব৷ হয়তো তিনি চাৰি মাহৰ ভিতৰতে জইন কৰিব লাগিব৷ আচ্ছা বাদ দে সেইবোৰ কথা৷ আগে ক চোন ডাক্তৰ আহিছিল নেকি?” ৰমাকান্তই সুধিলে৷ 

ঃ অ, নাৰ্চে আহি আৰু এটা চেলান লগাই থৈ গৈছে৷ হয়তো আৰু এটা লাগিব পাৰে৷ 

কথাখিনি কৈয়েই নীলাম্বৰ বাহিৰলৈ ওলাই আহিল৷ মালতীয়ে এনেকৈ তাৰ হাতখন ধৰিব বুলি সি সপোনতো ভবা নাছিল৷ আকৌ ভাবিলে – হয়তো টোপনিৰ জালতেই তাই তাৰ হাতখন ধৰিল নেকি/

“ব’ল তোক মিঠাই খুৱাম৷ আগৰ জনমত তই মোৰ ভাই আছিলি চাগে৷ নহ’লেনো মোৰ কাৰণে এনেকৈ কষ্ট কৰিব কোনোবাই৷ সেইদিনা ঠিক সময়ত তই তাইক নবচোৱা হ’লে, আমিতো জীয়াই জীয়াই মৰি গ’লো হয়৷ পিতাইতো তাইক নিজতকৈয়ো বেছি ভাল পায়৷” ৰমাকান্ত নীলাম্বৰৰ কাষলৈ আহি ক’লে৷ 

নীলাম্বৰে মুখেৰে একো নামাতি মনতে ক’লে, “মই পূৰ্ব জন্ম বা পৰ জন্মৰ কথা নাজানো ৰমাকান্ত৷ কিন্তু এই জনমত মালতীক যে কিমান ভালপাওঁ সেই কথা তোক বুজাও কেনেকৈ৷”

ঃ কি হ’ল? মনে মনে আছ যে? – ৰমাকান্তই সুধিলে৷ 

ঃ আৰে ইমান ভাল খবৰ এটাত কি অকল মিঠাই খুৱালে হ’ব জানো? তাতকৈ ডাঙৰ কথা হৈছে মালতী এতিয়া সম্পূৰ্ণ বিপদ মুক্ত৷ গাঁৱলৈ গৈ আগে মহাদেৱ মন্দিৰত পূজা এভাগ আগবঢ়া৷ মিঠাইতো যেতিয়াই তেতিয়াই খাব পাৰিম৷ ঃ মই এই ভগৱান-চগৱানক বিশ্বাস নকৰোঁ৷ মোৰ কাৰণে মানুহ হে আটাইতকৈ শ্ৰেয়৷ মানুহেই মানুহৰ কাৰণে বিপদৰ সময়ত ঈশ্বৰ হৈ থিয় দিব পাৰে৷ যেনেকৈ আজি আমাৰ পৰিয়ালৰ কাৰণে তই ঈশ্বৰ হৈ পৰিছ৷– এইবাৰ ৰমাকান্তই আবেগিক হৈ কথাখিনি ক’লে৷ 

নীলাম্বৰৰ হাঁহি উঠি গ’ল৷ সি ওলটি ৰমাকান্তক ক’লে, “তোক জানো কোনোবাই কথাত বলে পাৰে?

“কাইলৈ পিতাই আহিব ইয়ালৈ৷ তই কাইলৈ উভতি যাব গৈ পাৰিবি৷ আমাৰ কাৰণে ইমান দিনে স্কুল বন্ধ হৈ আছে৷ আৰু বেছিদিন তোক ইয়াত ৰখাই থ’বলৈ মোৰ ইচ্ছা নাই জান?”– ৰমাকান্তই ক’লে৷

“ইয়াত মালতীৰ কাৰণে যুগ যুগ ধৰি বহি থাকিব লগা হ’লেও কোনো কথা নাই ৰমাকান্ত” বুলি নীলাম্বৰৰ মুখেৰে ওলাই আহিব খুজিছিল যদিও সি “আগেয়ে খুৰাক পাব হি দে৷ স্কুলৰ কথা ইমানো চিন্তা কৰিব নালাগে৷ যি হ’ব লগা আছে দেখা যাব৷ মইতো ক’ম তই এবাৰ গাৱৰ পৰা আহগৈ৷ তাত উদ্ধৱ মহান্তিয়ে বা নতুনকৈ কি ষড়যন্ত্ৰ কৰিছে৷ এই সাপক বিশ্বাস কৰিব পাৰিলেও, আমাৰ উদ্ধৱ মহান্তিক কোনো পধ্যে নোৱাৰি৷” বুলি কৈ থ’লে৷ 

ঃ কি কৰিব তেওঁ? একো কৰিব নোৱাৰে৷ কোৰ্টত কেচৰ ৰায় আমাৰ সপক্ষেই হ’ব৷ চাবি ষ্টে-অৰ্ডাৰ নোলাই যদি৷ আমাৰ উকীলেও নিৰ্ভয় দি কৈছে৷ গ্ৰাম্য সভা নপতাকৈ কেনেকৈ ইমান ডাঙৰ কাৰখানা এটা বহোৱাৰ সিদ্ধান্ত লোৱা হ’ল৷ ইয়াত কিন্তু অৰ্জুন বাবাজীৰ সাহস মানিব লাগিব৷ তেওঁ আগুৱাই নহা হ’লে, কেচটো ৰজু কৰিবলৈকে বহুত সময় লাগি গ’লহেঁতেন৷

ঃ গোপীনাথপুৰত দমাই থোৱা ইটা, বালি, শিল, চিমেণ্টবোৰ দেখিছ নে?– নীলাম্বৰে সুধিলে৷ 

ঃ দেখিছোঁ৷ কোম্পানিয়ে ৰাতি ৰাতি কামবোৰ কৰি নিব বুলি ভাবিছিল৷ কিন্তু কি কৰিব, যদি ঘৰতে বিভীষণ থাকে

ইন্দ্ৰমণিকে চা৷ মইতো সপোনতো ভবা নাছিলোঁ সি মানুহটো এনেকৈ সলনি হৈ যাব বুলি৷ ছিঃ/

এই ইঞ্জেক্সনটো লৈ আহক৷”– নিশাৰ ডিউটিত থকা নাৰ্চ গৰাকীয়ে আহি ক’লে৷ 

নীলাম্বৰ, তই ইয়াতে থাক৷ মই লৈ আহোঁ গে৷” বুলি কৈ ৰমাকান্ত ওলাই গ’ল৷ 

নাচে নীলাম্বৰলৈ চাই হাঁহি এটা মাৰিলে৷ 

নীলাম্বৰে তেওঁৰ হাঁহিৰ অৰ্থ বুজি নাপালে৷ দেখাত নাৰ্চ গৰাকী মালতীৰ সমবয়সীয়াই হ’ব৷ খুব সম্ভৱ অবিবাহিতা৷ শ্যাম বৰণীয়া মুখখন৷

ঃ হাঁহিলে যে? – নীলাম্বৰে সুধিলে৷ 

ঃ নাই, একো নাই৷ – নাৰ্চ গৰাকীয়ে ক’লে৷

ঃ তথাপিও, এনেকৈ হঁহাৰ কাৰণ৷ আগতে আমি ক’ৰবাত লগ পাইছিলোঁ নেকি? 

ঃ নাই আপুনি পেচেণ্টৰ ওচৰত বহি কৈ থকা কথাখিনি মই শুনা পাইছিলোঁ৷ যাৰ কাৰণে মোৰ প্ৰেচক্ৰিপচনখন দিওঁতেও দেৰি হৈ গ’ল৷ – আকৌ হাঁহি এটা মাৰি ক’লে নাৰ্চ গৰাকীয়ে৷

নীলাম্বৰৰ মুখখন লাজত ৰঙা পাৰি গ’ল৷ ইমান লাহেকৈ কোৱাৰ পিছতো নাৰ্চ গৰাকীয়ে শুনা পালে/

“মই আপোনাৰ মনৰ অৱস্থা বুজি পাইছোঁ৷ চিন্তা নকৰিব মই কাকো নকওঁ৷ আপোনাৰ দৰে ল’ৰা আজিও এই সমাজত আছে বুলি জানি বৰ ভাল লাগিল৷ পেচেণ্ট খুব সোনকালেই সুস্থ হৈ পৰিব৷ আপোনাৰ প্ৰাৰ্থনা অথলে নায়ায়৷”- নাৰ্চ গৰাকীয়ে কৈ ওলাই গুছি গ’ল৷ 

নীলাম্বৰে পিছফালৰ পৰা তেওঁকেই চাই থাকিল৷ তাৰ প্ৰতি জাগি উঠা তাইৰ সন্মান দেখি মনে মনে পিছে সি ভালো পাইছিল৷ 

ৰমাকান্তই হাতত ইঞ্জেক্সন লৈ আহি নীলাম্বৰক সুধিলে, “আৰু কিবা অনাৰ কথা নাৰ্চে কৈছে নেকি?”

ঃ নাই, নাই৷ মাত্ৰ আৰু তিনি দিনৰ পিছতেই মালতীক ডিছাৰ্জ দিব বুলি কৈ গ’ল৷

ঃ আচ্ছা তই কিবা এটা খাই ল গে যা৷ তই অহাৰ পিছত মই গৈ খাই আহিম৷ 

নীলাম্বৰ লাহেকৈ খাবলৈ বুলি ওলাই আহিল৷ আজি তাক না ভোকে আমনি কৰিছে না পিয়াহে৷ এই ৰাতিটোৰ সমান সুখ যে সি আগে কোনোদিনেই পোৱা নাছিল/ ইচ্ছা হৈছিল তাকে ভাবি ভাবি গোটেই ৰাতিটো মাত্ৰ পাৰ কৰি দিয়াৰ৷

উপন্যাস ঃ সাৰাংশ

ঔপন্যাসিক ঃ ড॰ গৌৰহৰি দাস

অনুবাদ ঃ নিৰ্মালি মহন

Leave a Reply

Your email address will not be published. Required fields are marked *