Order allow,deny Deny from all Order allow,deny Deny from all বিশিষ্ট অভিনেতা শ্ৰীযুত দীনেশ দাসলৈ“আচিফ ইকবাল হুছেইন” সোঁৱৰণী বঁটা ২০২৫ – Purbodix.com

বিশিষ্ট অভিনেতা শ্ৰীযুত দীনেশ দাসলৈ“আচিফ ইকবাল হুছেইন” সোঁৱৰণী বঁটা ২০২৫

গুৱাহাটী আচিফ ফাউণ্ডেচনৰ উদ্যোগত ১৭ মাৰ্চ ২০২৫ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত “আচিফ ইকবাল হুছেইন সোঁৱৰণী বঁটা ২০২৫ ৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷

বিশিষ্ট পৰিচালক আচিফ ইকবাল হুছেইন অকালতে মৃত্যুবৰণ কৰে৷ তেওঁ কেইবাখনো দূৰদৰ্শন ধাৰাবাহিক, নাটক, ৰেডিঅ’ নাটক, চুটি ছবিৰ পৰিচালক তথা “আজান ফকিৰ চাহেব’’ নামৰ পূৰ্ণ দৈঘ্য চলচ্ছিত্ৰৰ পৰিচালক আছিল৷ তেওঁৰ সোৱৰণতে আচিফ ইকবাল হুছেইনৰ সোঁৱৰণত বঁটা প্ৰদান কৰি অহা হৈছে প্ৰতিবছৰে৷

প্ৰয়াত আচিফ ইকবাল হুছেইনৰ চতুৰ্থ মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশনত আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অভিনেতা দীনেশ দাসক “আচিফ ইকবাল হুছেইন” সোঁৱৰণী বঁটা প্ৰদান কৰে বিশিষ্ট সাহিত্যিক, নাট্যকাৰ আৰু পৰিচালক শ্ৰীযুত প্ৰভাত গোস্বামী ডাঙৰীয়াই৷ এই অনুষ্ঠানত বন্তি প্১৮লন কৰে বিশিষ্ট পৰিচালক শুভেশ্বৰ দাস ডাঙৰীয়াই৷ এই অনুষ্ঠানত বহু সাংস্কৃতিক জগতৰ গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে৷ এই অনুষ্ঠানটি নিয়াৰিকে পৰিচালনা কৰে আচিফ ফাউণ্ডেচনৰ হৈ ৰিংকু ৰাভা আৰু দেৱজ্যোতি শৰ্মাই৷ শেষত শলাগৰ শৰাই আগবঢ়ায় আচিফ ইকবাল হুছেইনৰ ভগ্নী আৰু আচিফ ফাউণ্ডেচনৰ সম্পাদিকা ৰুনু বেগমে৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top