আমেৰিকাৰ ডায়েৰী (প্ৰথমখণ্ড) (গীতাঞ্জলী বৰুৱা) – Purbodix.com

আমেৰিকাৰ ডায়েৰী (প্ৰথমখণ্ড) (গীতাঞ্জলী বৰুৱা)

প্ৰথমে মই মোৰ আমেৰিকা যাত্ৰাৰ পৰা আৰম্ভণি কৰিছো সুদীৰ্ঘ ১১ বছৰীয়া প্ৰেমৰ পাছত ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে আমাৰ বিয়াত সকলোৰে আশীৰ্বাদত সম্পন্ন হয়। মোৰ স্বামী যিহেতু আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মৰত সেইবাবে ময়ো আমেৰিকালৈ যাত্ৰা কৰাৰ সুবিধাৰ কাৰণে ভিছাৰ কামখিনি কৰি ১৯ জুলাই ২০১৮ তাৰিখে বয়োজ্যেষ্ঠৰ আশীৰ্বাদত থকা বন্ধু-বান্ধৱীৰ মৰমলৈ যাত্ৰা আৰম্ভ কৰিলো আমেৰিকালৈ বুলি ডিব্ৰুগড় বিমানবন্দৰৰ পৰা দিনৰ ২ছ৪০ টা বজাত উৰা মাৰিলো নতুন দিল্লীলৈ। সন্ধিয়া ৭ বজাত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় বিমান বন্দৰত আমাৰ বিমানখন অবতৰণ কৰে যিহেতু মোৰ ইয়াৰ পাছৰ বিমানখন Amsterdam লৈ নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা আছিল, নিজৰ বয়-বস্তুলৈ মোৰ ভিনিদেউ (অৰিন্দম দত্ত পুৰুকায়স্ত) পঠিয়াই দিয়া গাড়ীখনত বহি মা দাদাৰ লগতে শুভকাঙ্খীৰ লগত কথা পাতি পাতি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ পালোহি।
মই কেইবাবাৰো বিমান যাত্ৰা কৰিছো যদিও আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত প্ৰথম বাৰ তাকো অকলে কণমান সময় কি কৰো কি নকৰো লাগিল যদিও বিমান বন্দৰৰ ভিতৰত বিমানৰ সবিশেষ দি থোৱা ব’ৰ্ডখন চালো। আচলতে তেতিয়াহে গম পালো যাবলগীয়া বিমানখন ৰাতি পুৱা ৩ছ৪৫ বজাত আছিল। সেই সময়ত বেলেগ বিমানৰ নম্বৰ দেখি অধৈৰ্য্য হৈ লগে লগে মানুহজনলৈ ফোল লগালো আৰু সবিশেষ বৰ্ণনা জনালো তেওঁৰ ধৈৰ্য্য সহ্য মোতকৈ বহু গুণে বেছি, মোক বুজাই মেলি ক’লে যে বহুত দেৰি আছে তেওঁ সকলো খবৰ কৰি মাক জনালে যেতিয়ালৈ মই জিৰণি লওঁ। কিন্তু মোৰ ধৈৰ্য্য নাই, মই ইফালে সিফালে চাই থাকোতে দেখা পালো Information Centre টো। তাত গৈ গম পালো Chech in desh ৰ counter খুলিবলৈ আৰু দুঘণ্টামান আছে লগে লগতে জনালে যে মই যাবলগীয়া বিমানখনৰ অন্য এখন যাব আৰু মই সেইখনত যাব লাগিব। তেতিয়াহে উশাহতো ভালকৈ লৈছো। counter খোলাৰ পাছত মোৰ বেগটো জমা দি immigration, security check ৰ সকলোখিনি কৰি গেটৰ ফালে আগবাঢ়িলোঁ মই ৰাতি প্ৰায় ৮ বজাৰ পৰা ৰাতিপুৱা ৩ছ৩০ লৈ বিমানন্দৰত কটাইছিলো। বিভিন্ন মানুহৰ সমাগম, তাতে দেখিলো এহাল বুঢ়া-বুঢ়ীক পুতেকৰ শুশ্ৰুষা যিখিনি মই ভাষাৰে বৰ্ণনা কৰিব পৰা নাই। মোৰ বহুখিনি সময়ে তেওঁলোকক চাই থাকোতে পাৰ হৈ গ’ল। সেইদিনা মই এটা কথা ভালকৈ অনুধাৱন কৰিলো মোৰো যে শুভাকাঙ্খী ইমান আছে। ৭ ঘণ্টা সময় কেনেকৈ পাৰ কৰিলোঁ গমেই নাপালো। এটাৰ পাছত এটা ফোন আৰু সকলোৰে শুভেচ্ছাবাণী। এই শুভেচ্ছাবাণী সমূহে মোক বহুত সাহস দিলে। Facebook আৰু WhatsApp ও মোক সময়খিনি পাৰ কৰিবলৈ যথেষ্ট সহায় কৰিলে। 

বিমানৰ উৰণৰ সময় চাপি অহাৰ লগে লগে এটি সুন্দৰ মৃদূস্বৰ ভাঁহি আহিল আমাৰ বিমানখনৰ যাত্ৰীসকলক নিৰ্দিষ্ট গেটলৈ যাবলৈ অনুৰোধ কৰিলে। ময়ো অন্য যাত্ৰীৰ পাছে পাছে গৈ যাৱতীয় নথি-পত্ৰ দেখুৱাই বিমানত উঠি মোৰ আসমত বিহলো। ইমান ডাঙৰ বিমান বহু সময় বিমানখনকে ভালকৈ চালো। সকলো যাত্ৰী উঠাৰ পাছত পাইলটজনে যাত্ৰাৰ সবিশেষ আমাক জনালে। বিমান উৰাৰ পাছতেই আমাৰ ওচৰলৈ আহি সুন্দৰ হাঁহি এটিৰে সম্ভাষণ জনাই এগৰাকী ভদ্ৰ মহিলা খাদ্যৰ লগতে দৰকাৰী সামগ্ৰীখিনি দি গ’ল। খাই-বই লৈ এঘুমতি মাৰিলো, খোৱা বস্তু, চাহ, কফি মাজে মাজে দি যাই হি আৰু সুধিও যাইহি কিবা দৰকাৰ হৈছে নেকি। মোৰ কাষৰ আসনত আছিল এটি দেৱ শিশু। শিশুটোৰ কলকলিয়ে পৰিৱেশটো মধুৰ কৰি তুলিছিল। আশে-পাশে থকা সহযাত্ৰীসকল কোনে কি কৰি আহিছে মাজে সময়ে চকু ফুৰাও। এনেকৈয়ে ৮ ঘণ্টা যাত্ৰা কৰি Amsterdam পালোহি মোৰ হাতত আছিল ২ ঘণ্টা সময় আৰু এই দুঘণ্টাতে মই Gate বিচাৰি security Chech, Immigration সকলো কৰিব লাগিব। Amsterdam ৰ Airport টো বাকীবোৰতকৈ অলপ সুকীয়া তথা সুবিধাজনক। Amsterdam Airport টোৰ অলপ আগতীয়া আভাষ মই You Tube ৰ যোগেদি লৈছিলো। যাৰ বাবে অলপ চিনাকি চিনাকি লাগিছিল যদিও এটা বিমূৰত পৰিছিলো। মোৰ হাতৰ ঘড়ীটোৱে ভাৰতীয় সময় দেখুৱাই আছে ইফালে boading pass ত স্থানীয় সময় দিয়া আছে। কিন্তু এনেবোৰ অসুবিধা বহুখিনি দূৰ হ’ল আধুনি তথ্য প্ৰযুক্তিৰ বাবে। ম’বাইলটোত Dual clock active কৰি ল’লো আৰু All Gates connecting flight ৰ dirtection চাই আগবাঢ়ি গৈ থাকিলো।বহু সময় খোজকাঢ়ি গৈ গৈ এগৰাকী Security officer পালো, তেওঁ মোৰ boading pass খন চালে আৰু মোৰ নামটো প্ৰায় দুবাৰ উচ্চাৰণ কৰি প্ৰশংসা কৰিলে বৰ সুন্দৰ নাম বুলি আৰু কোনফালে যাব লাগিব বুজাই দিলে। বিদেশৰ মাটিত মোৰ নাম প্ৰশংসা বুজাব নোৱাৰা এটি অনুভূতি। Security Check হৈ গ’ল, য’ত দেখিলো আধুনিক প্ৰযুক্তিবিদ্যাৰ সফল প্ৰতিফলন। যাত্ৰীসকলক Scanner দি Scan কৰিছে যিটো ব্যৱস্থা মই ভাৰতত দেখা নাছিলো। ইয়াৰ পিছত immigration office জনে দুটামান প্ৰশ্ন কৰিলো মোক Gate লৈ যাবলৈ বুজাই দিলে দিলে। এখন দেশৰ পৰা আন এখন দেশত সোমাবলৈ কিমান প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল সকলো সঠিক নথিপত্ৰ থকাৰ পাছতো। মই এটা কথা মন কৰিলো মোৰ বয়-বস্তুৰ বিষয়েহে সুধিল। মোক ওচৰত বা মোৰ বেগত কি বস্তু আছে সেই বিষয়েহে তেওঁলোকে জানিবলৈ ইচ্ছুক। ৰাস্তাত মোক কোনোবাই কিবা দিছিল নেকি এনেকুৱা ধৰণৰ কথাহে মোক বাৰে বাৰে সুধিলে। ময়ো তেওঁলোকক সহাৰি জনাই সকলো কথা সুন্দৰকৈ বৰ্ণনা কৰিলোঁ। ভাগৰৰ লগতে চিন্তাও আছিল আৰু ৯ ঘণ্টাৰ যাত্ৰাৰ তথাপিটো মোৰ ব্যৱস্থাটো বৰ ভাল লাগিছিল। প্ৰত্যেক গৰাকী যাত্ৰীক ইমান সূক্ষ্মভাৱে পৰীক্ষা-নিৰীক্ষা কৰিহে সোমাবলৈ দিয়াৰ বাবে এনেকৈয়ে ডেৰ ঘণ্টা সময় কেতিয়ানো পাৰ হৈ গ’ল গমেই নাপালো। এইখিনিতে মই ধন্যবাদ জ্ঞাপন কৰিবলাগিব Airport free WiFi ব্যৱস্থাটোক।
যাৰ কাৰণে সম্ভৱ হৈ পৰিল ঘৰৰ লগত কথা পতাতো । যিহেতু মোৰ SIM খন International Roaming কাম কৰা নাছিল। এইবাৰ উঠিলো Amsterdam to Minneapolisৰ flight ত। Minneapolis য’ত মোৰ মানুহজন ৰৈ আছিল অতি আগ্ৰহেৰে। ভাগত ক্লান্ত হৈ পৰিছিলো যদিও মনতোক প্ৰস্তুত কৰি তুলিছিলো আৰু ৯ ঘণ্টাৰ যাত্ৰাব বাবে। যথাসময়তকৈ প্ৰায় আধাঘণ্টা পলমকৈ বিমানখনে উৰা মাৰিছিল। এইবাৰ মই মোৰ সন্মুখত থকা TV Screen ত বিমানখনে কিমাৰ দূৰত্ব অতিক্ৰম কৰিলে, কিমান উচ্চতাত আছে আৰু কোন ঠাইত পাৰ হৈ গৈছে সকলো চাই আছিলো। বেছিভাগ সময় আটলাণ্টিক মহাসাগৰৰ ওপৰেদি আহিলো। মাজে সময়ে চিনেমা আৰু দুই এটা গেম খেলি ৯ ঘণ্টা সময় পাৰ কৰি মোৰ গন্তব্য স্থান পালোহি। এনেদৰে নতুন দিল্লীৰ পৰা প্ৰায় ১৯ ঘণ্টা যাত্ৰাৰ অন্ত পৰিলে। আকৌ immigration Custom সকলোবিলাক ক’ব লগা হ’ল। এইবাৰো সিহঁতে মোক pass port আৰু finger print হে ল’লে। যথাস্থানৰ পৰা মোৰ বেগকেইটা ল’লো। এখন from দিছিল বিমানত officer ক দিবলৈ। সেইখন ভৰ্তি কৰি অফিচাৰ জনক দিলো। সেইখনত আছিল মোৰ ওচৰত কোনো ধৰণৰ খাদ্য-সামগ্ৰী আছে নেকি• মই কোনো গছৰ বীজ লগত ৰাখিছো নেকি এনেধৰণৰ প্ৰায় ১০-১২ টা মান প্ৰশ্ন। এখন দেশত সোমাবলৈ ক’ত যে কি চোৱা নাই Airport free WiFi ব্যৱহাৰ কৰি WhatsAppৰ সহায়েৰে মানুহজনক জনালোঁ মই ক’ত ৰৈ আছোঁ। তেতিয়া ভাৰতীয় সময়মতে ৰাতি ১১ছ৪৫ মান হৈছিল আৰু Minneapolis ত তেতিয়া দিনৰ ১ বাজি গৈছিল। ভৰি দিলোহি আমেৰিকা যুক্তৰাষ্ট্ৰত। তিনি মাহৰ পাছত মানুহজনক লগ পাই সকলো দুঃখ ভাগৰ পাহৰি গ’লো।

Leave a Reply

Your email address will not be published. Required fields are marked *