by
জাতি জনগোষ্ঠীৰ অসমখন বাৰু ভবিষ্যতৰ দিনত অখিলঞ্জীয়াৰ হাতত পৰিবগৈ নেকি•
ৰাষ্ট্ৰীয়তাবাদী দল সমূহলৈ চালে এই দল সমূহৰ অগ্ৰাসী মনোভাৱ এটা সদায় দেখা যায়।
বুৰঞ্জীৰ দিনৰে পৰা চাওকচোন চাওলং চুকাফাৰ বাহিৰে মোগলৰ পৰা বৃটিছলৈকে কোনটো কম্পেনীয়ে অগ্ৰাসী মনোভাৱ লৈ শাসন কৰিবলৈ অহা নাই•
কোৱা কথা এষাৰ আছে নহয়… নগাৰ পোৱালি পৰ্বতলৈ চকু।
সদায় নিজে নিজৰ ফাললৈ হে চাব… ৰাষ্ট্ৰীয়তাবাদৰ মূল লÊÊক্ষ্য হল একত্ৰিত কৰি শাসন কৰা। ভাৰতত্যাগ আন্দোলনৰ পাছত কোনো যৌথ শাসন কৰা। ভাৰতত্যাগ আন্দোলনৰ পাছত কোনো যৌথ শক্তিয়েই ভাৰতবৰ্ষ জুৰি একত্ৰিত হব পৰা নাই, ই অন্ততঃ আমাৰা বাবে শুভলক্ষন। সংখ্যাগৰিষ্ঠতাৰ বাবে ৰাষ্ট্ৰীয়তাবাদে আহৰ্নিশে চেষ্টা চলাই থাকে আৰু তাৰেই পৰিপেক্ষিতত সহায় বিদেশীকো সাৰ্বভৌমত্বক অসন্মান কৰি আকোৱালি ল’বলৈ এই দল সমূহ সদায় প্ৰস্তুত। এইবোৰ অপ্ৰিয় সচা কথা।
এতিয়া আহো অসমৰ কথালৈ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনটো প্ৰকাশ পাইছিল যে প্ৰৱজিত মানুহৰ সংখ্যা অসমত ভয়ংকৰ ৰূপত বৃদ্ধি হৈছে।
অসমলৈ অহা এই অবৈধ প্ৰৱজন বন্ধ কৰিবলৈ ঐতিহাসিক অসম আন্দোলনৰ সূচনা হ’ল। ৮৫৫ জনকৈ অসমীয়াই প্ৰাণ হেৰুৱালে। ঐতিহাসিক অসম চুক্তি কৰা হ’ল। কিন্তু দুৰ্ভাগ্যজনক ভাব আজিও অসম চুক্তি ৰূপায়িত নহ’ল। অসম চুক্তিৰ আধাৰত গঢ়লৈ উঠা দলটোৱে বিদেশী বিতাড়ণৰ ব্যৱস্থা কৰিব নোৱাৰিলটো নোৱাৰিলেই বৰঞ্চ আজি ৰাষ্ট্ৰীয় দলৰ লগত চামিল হৈ শ্বহীদকে অপমান কৰিলে।
কংগ্ৰেছৰ দিনত অসমীয়া সেইভাগে বঞ্চিত হ’ল, অপ্ৰিয় কথা সম্পূৰ্ণ ধৰ্মীয় চিন্তাৰে ধৰ্মনিৰপেক্ষ দেশত গঢ়লৈ উঠা দলটোত আজি আকৌ সংসাৰৰ দল সমূহৰ পৰা প্ৰৱজিত সদস্যৰে অসমৰ দলটি গঠন হ’ল, আকৌ তেওঁলোকে এখোপ আগুৱাই গৈছিল মোহৰ মাৰি বিদেশীক স্বদেশী কৰিবলৈ উঠি পৰি লাগিল নাগৰিকত্ব সংশোধনীৰ নামত আনকি অনলাইন ব্যৱস্থাও খুলি দিলে। বাহ্ অসমীয়া বাহ্। আমি কিমান দুৰ্ভগীয়া দেখিছে নিজৰ মানুহে আজি তৰ্জাৰ বেৰৰ ঘৰত জীৱন কটাইছে মথাউৰিয়ে মথাউৰিয়ে মানুহে প্ৰজন্মই প্ৰজন্মই বাস কিৰছে, ভূমিহীনে আত্মজাহ দিছে অথচ আমি ভোট দি
জিকাই পঠিওৱা ৰজাই আমাকে লেং মাৰি আকৌ বহিৰাগতৰ বাবে উঠি পৰি লাগিছে (কনা হাহক পতান দিয়াৰ নামত নিৰ্বাচনৰ দুদিনমানৰ আগত হিতাধিকাৰীৰ সৃষ্টি কৰি টকা কেইটামান দিলে বাবেই আমাৰ অসমীয়াই হেনো আকৌ তেওঁলোককে জয়ী কৰাব লাগে, ৰাইজৰ বাৰু কথাবোৰ বোধগম্য হ’বনে•)
আমালৈ কিমান দায়িত্ব আমি ভালদৰেই বুজি উঠিছো। নহ’লেনো সৌ সেইদিনা নগাঁৱৰ ভেৰভেৰীত প্ৰতিস্থা কৰা মহামৃত্যুঞ্জয় মন্দিৰলৈ অনা অসমীয়া পূজাৰী আনি মকৰল কৰেনে• অপ্ৰিয় কথা এইবোৰ বহিৰাগতক অসমলৈ অনাৰ পৰিকল্পিত কৌশল। আৰু সেইবাবেই হয়তো অসমৰ সম্পদৰাজিও আজি কৌশলগত ভাবে বিক্ৰী কৰি লুণ্ঠন চলাই গৈছে। বৰঅসমীয়া কোভা হওক। বৃহত্তৰ অসমীয়া জাতি ৰুগীয়া আৰু দুখীয়া হওঁক। ৰাজহাড় ভাগি যোৱা অসমীয়াই কেতিয়াও যেন ৰজাৰ ঘৰলৈ চকু দিব নোৱাৰে। লগুৱা লিকচৌৰ দৰে ৰাজ হাউলিৰ কাষৰে কিনাৰে ঘূৰি ফুৰিব! লাহে লাহে কোঙা অসমীয়াৰ সকলো ৰাজনৈতিক কাম কাজলৈ মন নাইকিয়া হ’ব। এইবোৰ বৃটিছ পলিচি, কানী খোৱাই যেনেকৈ অসমীয়াক এলেহুৱা আৰু মন কান নকৰা টাইপৰ বনাইছিল। এতিয়াৰ ৰাষ্ট্ৰীয়তাবাদী দল সমূহৰো লক্ষ্য একেটাই কৰ্ম প্ৰণালী হয়তো বেলেগ হব পাৰে। লাহে লাহে অসমীয়াত ৰাজনীতিৰ পৰা আতৰোৱাৰ কৌশল।
যিদিনাই এনেদৰে তিল তিলকৈ ধ্বংস কৰি আনিব পাৰিব ৰাজ আতিথ্যত অসমলৈ অহা প্ৰৱজিত অসমীয়াই একগোট হৈ অসমৰ ৰাজদৰবাৰ কাঢ়ি ল’ব। অখিলঞ্জীয়াৰ হাতলৈ অসমৰ দায়িত্ব গুছি যাব সেইদিনা কিন্তু বহুত দেৰি হ’বলৈ আৰু অসমীয়াৰ সন্তানে ৰাজহাউলিত লিগিৰা লিকচৌ কৰি জীৱন নিৰ্বাহ কৰিব লাগিব।
এইবোৰ অসমীয়াৰ বাবে অশন সংকেত। ৰাইজ সজাগ হ’বৰ হ’ল। অসমীয়া মুষ্টিবদ্ধ হ’বৰ হ’ল। জাতি উপজাতি ভাষা সংস্কৃতিক একাকাৰ কৰি চুকাফাৰ আদৰ্শৰে বৰ অসমীয়া একত্ৰিত হ’ব লাগিব। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰাকৈ ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাবে সবল হ’ব লাগিব। তাৰবাবে ছাত্ৰ ছাত্ৰীক সু শিক্ষা আৰু সু স্বাস্থ্য আৰু বৌদ্ধিক জ্ঞান আৰু লগতে জাতিৰ প্ৰতি উদ্ধুদ্ধ হোৱাকৈ শিক্ষিত আৰু সংস্কাৰী কৰি তুলিব লাগিব।
সময় আৰু কষ্ট নিশ্চয় হ’ব কিন্তু আমি বহি থাকিলে যে অসমীয়া এদিন অসমতে ভগনীয়া হ’ব।
