by
ব’হাগ মাথো এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ!
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ!!
অসমীয়া জাতীয় জীৱন বুলি ক’লে জানো আমি ব’হাগ আৰু ব’হাগ বিহুক এৰি কিবা চিন্তা কৰিব পাৰো•
উত্তৰ ভাৰতীয় সকলৰ দৰে কিন্তু উত্তৰ পূব ভাৰতীয় মানুহসকল তিথি কেন্দ্ৰীক নহয়। উত্তৰ-পূৰ্বৰ সাত ভনীৰ কলা-কৃষ্টি, আচাৰ-ব্যৱহাৰ উৎসৱ-পাৰ্বণ খাদ্যাভাষ, আ-অলংকাৰ, কাপোৰ-কানি পিন্ধন-উৰণ আদি সকলোবোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। অসমীয়াই কেতিয়াও ব’হাগত নৰুক গা ধুৱাবলৈ কৃত্ৰিম পানীৰ সহায় ল’ব নালাগে। ফাগুন মাহৰ বাসন্ত পঞ্চমীৰ পাছৰ পৰা বাৰিষাৰ আৰম্ভ হোৱাৰ পাছৰে পৰাই নদ-নদী, খাল-বিল আদি পানীৰে উপচ-পচ হৈ পৰে। গৰুক গা ধুৱাবলৈ আৰু অসমীয়াই বেলেগকৈ চিন্তা কৰিৱ নালাগে।
চুকাফাৰ আগমনৰ আপৰেপৰা অসমত অসমীয়াই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে। বাৰেৰহণীয়া জাতি-জনজাতি কৃষ্টি-সংস্কৃতিৰ ওপৰত ভিত্তি কৰি বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছে যদিও বৈচিত্ৰ্যৰ মাজতো কিন্তু ঐক্য আছে এই ঐক্য মূলতঃ গঠন হৈছে প্ৰাকৃতিক বাতাৱৰণ আৰু প্ৰকৃতিক পৰাই। সেইবাবে অসমীয়া আজি সহজ-সৰল।
সৰলীকৰণৰ বাবেই আজি অসমীয়া জাতিটো আন আন জাতিতকৈ কিছু পৰিমানে পৃথক। উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যবোৰলৈ চালেই ধৰিব পাৰি অলপ সংখ্যক জাতি-জনগোষ্ঠীৰে এইবোৰ ৰাজ্যৰ জাতি গঠন হৈছে। অসম কিন্তু অন্যান্য ৰাজ্য সমূহতকৈ সাংঘাটিক ভাবে পৃথক। কিমান যে জাতি-উপজাতি ভাষা-সংস্কৃতিৰে অসমীয়া জাতিটো গঢ় লৈ উঠিছে ভাবিলেই নিজকে গৌৰৱ যেন লাগে। বৃটিছৰ দিনত অহা কোল, মুণ্ডা, চাউতালীসকলো আজি বৰ অসমীয়া জাতিৰ ধজ্জা বাহক। সকলোবোৰ মিলি অসমীয়া বৃহত্তৰ জাতি; আমি গৌৰৱী অসমীয়া।
গৌৰৱী অসমীয়া হিচাপে আমি নিজৰ স্বকীয়তা নিশ্চয় বজাই ৰাখিব লাগিব।
আমি সৌভাগ্যশালী অসমীয়া যত নেকি নৰকাসুৰে এৰাতিৰ ভিতৰতে মেখেলা উজুৱা বাট বনাইছিল, লাচিতে শতৰুক ৰুধিবলৈ এৰাতিৰ ভিতৰতে গড় বনাইছিল, শঙ্কৰ-মহাপুৰুষে বাৰ বছৰ বয়সতে চাৰিবেদ চৈধ্য শাস্ত্ৰ ওঠৰ আয়ত্ব কৰিব পাৰিছল।
জয়মতীৰ ত্যাগ, সাধনীৰ ত্যাগ কনকলকাৰ ত্যাগেৰে অনুপ্ৰাণিত আমাৰ অসমীয়া ৰমণী। অসমীয়াৰ ত্যাগৰ মহত্ব আছে, বুৰঞ্জীত যুগে যুগে লিখা আছে।
এই অসমীয়াৰ অক্ষুণ্ণ থকা কৃষ্টি-সংস্কৃতি কিন্তু পৰৱৰ্তী প্ৰজন্মই আতুল টোল কৈ সাচি ৰাখিব লাগি; ইয়াক বিকৃত হ’বলৈ দিয়া মানে আমাৰ পুলি-পুখাও আজুককা, আইতা, সাহসী বীৰ বৃদ্ধা, ত্যাগী, মহাপণ্ডিত অসমীয়াক অপমান কৰা হ’ব, লাঞ্ছিত কৰা হ’ব।
যি জনতাই নিজৰ গৌৰৱোজ্জ্বল ইতিহাস ধৰি ৰাখিব নাজানে; নিজৰ জীৱন নিৰ্ব্বাহ কৰোতে নতুনৰ বাটেৰে বাট বোলোটেও নিজৰ ভাষা কৃষ্টি-সংস্কৃতিক আকোঁৱালি লৈ আগবাঢ়িব নাজানে সেই মানুহ সেই জাতি কিন্তু এদিন বৃহন্নলাৰ দৰে ৰূপহীন কিম্ভূত কিমাকাৰ বস্তুলৈ পৰ্য্যবশিত হয় সেয়েহে নিজৰ জীয়াই ৰাখিবলৈ ভৱিষ্যতৰ প্ৰজন্মক সুন্দৰৰ পথেদি বাট বোলাও নিবলৈ হ’লে আমাৰ সুন্দৰ আৰু মসৃণ সংস্কাৰ আৰু সংস্কৃতি হৃদয়ংগম কৰিবই লাগিব আৰু এইপথেৰে বাট বুলিব লাগিব।

বৃহত্তৰ অসমীয়া জাতিৰ ব’হাগ মাত্ৰ এটা ঋতু নহয় জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকেলা অসমীয়াৰ মান আৰু সাহ। বসন্তৰ আগমনৰ ল’গে ল’গে যেতিয়াই প্ৰকৃতিয়ে নৰূপত প্ৰাণ পাই উঠে তেতিয়াই অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহু উদযাপন কৰা হয়। ই সম্পূৰ্ণ প্ৰকৃতিকৰ ওপৰত নিৰ্ভৰশীল জাতি ধৰ্ম, বৰ্ণ নিৰ্বিশেষে পালন কৰিব লগা উৎসৱ। ব’হাগত প্ৰকৃতিয়ে ন সাঁজ পিন্ধে অসমীয়া জাতিয়ে জীৱনে প্ৰাণ পাই উঠে। সেয়েহে প্ৰতিজন অসমীয়াই জাতি, ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে হেঁপাহৰ ৰঙালী বিহুটি হৃদয়ংগম কৰি পালন নিশ্চয় কৰিব লাগিব।
বিহু কৃষ্টি-সংস্কৃতি বিজুতৰীয়া কৰিব নোৱাৰি। কৃষ্টি-সংস্কৃকে আদি উদযাপন কৰিবলৈ যাওঁতে অতীতৰ আচাৰ সাজ-পোচাক, ৰীতি-নীতি আদি যাতে বিকৃত নহয় তাৰ বাবে প্ৰতিজন অসমীয়াই চকু দিয়াটো প্ৰয়োজন। নহ’লে যে কৃষ্টি অপ-কৃষ্টি লৈ পৰিৱৰ্তন হ’ব।
ধনী-দুখীয়া, উচ্চ-নীচ সকলোৱে সমানে উদযাপন কৰিব পৰাকৈ কৃষ্টি আৰু সংস্কৃতি সদায় নৰম আৰু সৰল হোৱাটো উচিত।
এই ক্ষেত্ৰত ক’ব পাৰি যে গুজৰাটৰ গৰ্বা উৎসৱত ধনী-দুখীয়া সকলোৱে নিজৰ জাতীয় সাজ পৰিধান কৰি উৎসৱত যোগদান কৰে। জণ্ডিয়া খেলে, তাত কোনো উচ্চ-নীচৰ ভেদাভেদ নাথাকে। সকলোৱে সমানে উৎসৱত ভাগ লৈ নিজৰ কৃষ্টি আওৰাব পাৰে। ঠিক তেনেকৈ জাতি কৃষ্টি-সংস্কৃতিৰ ধজ্জাবাহক অসমীয়াৰ অতিকৈ চেনেহৰ ব’হাগৰ বিহুটিও বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতিজন অসমীয়াই ভাগ ল’ব পৰা হ’ব লাগে, কৃষ্টি আৰু সংস্কৃতিত কেতিয়াও আভিজাত্যৰ চাপ থাকিব নালাগে আৰু ই সৰলীকৃত হ’ব লাগে।
ব’হাগত অসমীয়াই যদি এপাক উলাহতে একে হৈ নাচে নিশ্চয় বৃহত্তৰ অসমীয়া জাতি গঠনত এই ব’হাগ বিহুয়ে এক সুকীয়া বৈশিষ্ট্য পাব আৰু ব’হাগ হৈ পৰিব গণ জীৱন ই সাহ।
আমি কথাবোৰ নতুনকৈ চিন্তা কৰিবৰ হ’ল।