by
কলিতামূৰৰ চুলিকোচাই ৰ’দৰ পৰা মূৰৰ ওপৰিভাগ ৰক্ষা কৰে আৰু মুখখনৰ সৌন্দৰ্য বৃদ্ধি কৰে। বিভিন্ন ধৰণৰ হেয়াৰ ষ্টাইলে মুখৰ আকৃতি পৰিৱৰ্তন কৰে। চুলিকোচা মানুহৰ অন্যতম আকৰ্ষণীয় অংশবিশেষ। মিহলাসকলৰ খোপাটোয়ে তেওঁৰ অধিক আকৰ্ষণীয় কৰি তোলে। আকৌ মেলি ৰখা বতাহত হালিজালি থকা দীঘল চুলিকোচাৰো আকৰ্ষণ অধিক। চুলিৰ সৌন্দৰ্যক লৈয়ে অনেক কবিৰ বহুতো যুগমীয়া সৃষ্টি।
চুলি বা কেশ আমাৰ ছালৰ লগত সংযুক্তি অংগবিশেষ। ভিন্ন ভিন্ন জাতিৰ চুলিৰ গঠৰ মাজত বংশগত কাৰণ বশত পাৰ্থক্য পৰিলক্ষিত হয়। মংগোলীয়ান সকলৰ ক’লা আৰু একেবাৰে পোন হয়। আফ্ৰিকাত বাস কৰা লোসকলৰ চুলি গঠন আকৌ কেকোৰা প্ৰকৃতিৰ হয়। গঠন বেলেগ বেলেগ হ’লেও চুলিৰ উৎপত্তি প্ৰক্ৰিয়া একেই। ছালৰ গভীৰতাৰ যিখি ঠাইত হেয়াৰ বালবৰ কোষবোৰ থাকে তাৰ পৰা নতুন নতুন কোষৰ উৎপত্তি হয়। জীৱন্ত কোষবোৰ ওপৰৰ পিনে উঠন সময়ত কেৰাটিন সঞ্চয় কৰে, ক্ৰমে কোষবোৰ টান হৈ পৰে আৰু মৃত কোষলৈ ৰূপান্তৰিত হয়। মৃত কোষবোৰৰ সমষ্টিয়েই হ’ল চুলি বা কেশ। কোষবোৰ যিমান সংঘবন্ধ হৈ থাকে সিমানে সুুন্দৰ শক্তিশালী কেশতন্ত্ৰৰ সৃষ্টি হয়।
চুলিকোচা আমাৰ মানৱ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু। গাভৰু এগৰাকী অথবা ন-কইনা এগৰাকী ভিজা চুলিকোচাৰ সৌন্দৰ্যই অতুলনীয়। মহিলা হওঁক পুৰুষ সকলোৰে প্ৰিয় নিজৰ চুলিখিনি। আজিকালি পুৰুষৰ বাবেও সুন্দৰ ব্যৱস্থাসম্পন্ন চেলোন সমূহৰ সমাদৰ বাঢ়িবলৈ লৈছে। ইয়াৰ অন্যতম কাৰণ হ’ল মানুহে ছালখনৰ লগতে নিজৰ চুলিকোচাৰ সৌন্দৰ্য বৃদ্ধিৰ প্ৰতি সচেতন হ’বলৈ লৈছে।
চুলি উৎপত্তিৰ মূল উপাাদন হৈছে– প্ৰোটিন ও অ্যামিনো এচিড। শিৰা উপশিৰাৰ মাজেৰে এই উপাদানবোৰ চুলিৰ গুৰিৰ গভীৰতালৈ যায়। সেয়ে সুন্দৰ-সু-স্থাস্থ্যাৱন কেশৰ অধিকাৰী হ’বলৈ প্ৰোটিনযুক্ত সুষম আহাৰ যেনে–জীৱ-জন্তুৰ মাংস, মাছ, সেউজীয়া শাক-পাচলি, গাজৰ, নাৰিকল, ফুল-মূল, গাখীৰ ইত্যাদি আমাৰ খাদ্যৰ তালিকাত থকাটো দৰাকৰী। চুলিৰ পুষ্টি সাধন হয় তেজৰ মাধ্যেমেৰে হেয়াৰ বালবত প্ৰয়োজনীয় খোৰাক গলেহে। শাৰীৰিক চৰ্চা যেনে– খোজ-কঢ়া, ব্যায়াম, যোগাসন ইত্যাদিও দৈনিক দিনপঞ্জীৰ তালিকাৰ অন্তৰ্ভূক্ত হ’লে শৰীৰত তেজৰ চলাচল বৃদ্ধি হয়। ইয়াৰ দ্বাৰা চুলিৰ শ্ৰীবৃদ্ধি ঘটে।
বৰ্তমানৰ জটিলতাপূৰ্ণ ব্যস্ত জীৱন একোটা লৈ সকলোৱে নানান দুঃচিন্তাত ভয় আৰু শংকাত দিনে-ৰাতিয়ে অতিবাহিত কৰিবলগীয়া হৈছে। আগৰ আমাৰ আজোককাহঁতে দিনৰ ৰাসায়নিক ঔষধ মুক্ত শাক-পাচলিও পাবলৈ নাই। ফলত চুলি সৰা ব্যাধি এতিয়া এক পৰিচিত বিষয় হৈ পৰিছে। মহিলা কিলগসকলৰ মাজত আনকি গৃহিণীসকলৰ আলোচনাৰ অন্যতম বিষয় হৈ পৰে চুলিসৰা সমস্যাটো। পুৰুষৰ আলোচনাৰ মাজতো চুলি সৰা সমস্যাৰ কথাই। বায়ুমণ্ডলত প্ৰদূষণ বিভিন্ন ৰাসায়নিক দ্ৰব্য মিলি চেম্পুসমূহ অত্যাধিক প্ৰয়োগ, শাৰীৰিক কচৰৎ লাঘৱ, সঠিক যতন তথা পৰিপুষ্টিৰ অভাৱ, থাইৰয়ড গ্ৰন্থিৰ অসুখ, ফাষ্ট-ফুড সেৱন, দূষিত পানী ব্যৱহাৰ, চুলিৰ বাবে প্ৰয়োজনীয় সঠিক মাত্ৰাৰ পৰিপুষ্টি সাধন কৰা তেলৰ কম ব্যৱহাৰ ইত্যাদিবোৰেই চুলি সৰা উফি হোৱাৰ মুখ্য কাৰণ বুলি চিকিৎসকসকলে মত পোষণ কৰে।

এনেক্ষেত্ৰত সঠিক পৰিচৰ্যাৰ প্ৰয়োজন আহি পৰে। চিকিৎসকৰ সু-পৰামৰ্শই প্ৰদান কৰিব পৰে চুলি সৰা বন্ধ কৰিবলৈ চিকিৎসক সকলে ষ্টেৰয়েড লোচন, মূৰৰ ছালত ইনজেকচনৰ প্ৰয়োগ কৰে। হেয়াৰ ৰিপ্লেচমেণ্ট চাৰ্জাৰিৰ দ্বাৰা, মূৰৰ যি অংশত কেশ থাকে তাৰ পৰাই চুলি সংগ্ৰহ কৰি চুলিৰ একেবাৰে নথকা ঠাইত হেয়াৰ ফিলকল প্ৰতিষ্ঠাপন কৰে। কিন্তু এনেবোৰ চিকিৎসাত শকত ধনৰ প্ৰয়োজন হয়। সৰ্বসাধাৰণৰ বাবে ব্যয় সম্ভৱ হৈ নুঠে।
কম বয়সত চুলি পাকও অন্যতম এটি আলোচনাৰ বিষয় আজি কালি ল’ৰা চুলিৰ গুৰিত মেলানোচাইটৰ উপস্থিতিয়েই চুলি ক’লা কৰি ৰাখে ইয়াৰ অভাৱ ঘটিলেই চুলি পকা আৰম্ভ হয়। বংশগত কাৰণতো কিছুমান লোকৰ অকালতে চুলি পকা দেখা যায়। ইয়াৰ পৰা হাত সাৰিবলৈ বহুতেই হেয়াৰ ডাই কৰে। যুৱ প্ৰজন্মৰ মাজতো আজিকালি চুলিত ৰং কৰা প্ৰায়েই ফেশ্বনৰ অন্তৰ্গত বিষয় হৈ পৰিছে। বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত চেলিব্ৰেটিসকলক অনুকৰণ কৰিয়েই মহঙা পাৰ্লাৰৰ ওচৰ চাপেগৈ চেনি পাৰমানেণ্ট, টেম্পোৰাৰী ষ্টেনচ, ইত্যাদি অনেক ৰকমৰ হেয়াৰ ডাই উপলব্ধ পাৰ্লাৰসমূহত। ইয়াত জেল, জুচ, লিকুইড নিৰজ থাকে বাবে বিশেষ ক্ষতি নকৰে বাৰু চুলিৰ কন্তুি সঘনে কৰা হেয়াৰ ডায়ে চুলিৰ স্বাস্থ্যৰ বাবে ভাল নহয়। ইয়াৰ ওপৰি চিন্থেটিক হেনাও উপলব্ধ চুলিত ৰং প্ৰয়োগ কৰিবলৈ। আগৰ দিনত বিশেষকৈ মহিলাসকলেতো প্ৰায়ে জেতুকাৰ ব্যৱহাৰ কৰিছিল। যিবোৰে প্ৰাকৃতিক আৰু উপকাৰী আছিল চুলিৰ স্বাস্থৰ বাবে।
বিভিন্ন সমস্যাৰ একোটা সমাধান নিশ্চয় লুকাই থাকে। সেইবোৰ বিষয়ত মত দিয়াটোহে বেছি প্ৰয়োজন, সমস্যাবোৰক ভাবি হতাশাত ভোগাতকৈ। বিভিন্ন সৌন্দৰ্য বিশেষজ্ঞসকলে চুলি সমস্যাৰ বাবে দিহা-পৰামৰ্শ আগবঢ়া। তেনেবোৰ দিহা যিবোৰ প্ৰাকৃতিকভাবে প্ৰয়োগ কৰা হয় সেইবোৰ দিশত মন কৰিব লাগে।
চুলিৰ বাবে অতিকৈ প্ৰয়োজন সুষম আহাৰ। শৰীৰিৰে পৰিপুষ্টি পালেহে চুলিয়েও পৰিপুষ্টি লাভ কৰিব। ভিটামিন চি যুক্ত ফল যেনে–ৰবাব টেঙ, জলফাই, মধুৰিআম, শাক-পাচলিৰ চুব, চালাদ প্ৰচুৰ পৰিমাণে পানী ইত্যাদি খালে কেশ বা চুলি সু-স্বাস্থ্য অটুট থাকে। চুলিৰ গুৰি ভিতৰৰ পৰা সবল, স্বাস্থ্যৱান হ’বলৈ নিয়মিতভাবে তেল ব্যৱহাৰ কৰিব লাগে নাৰিকল তেল লগোৱাৰ উপৰিও এল’ভেৰা জেল প্ৰয়োগ কৰি মালিচ কৰিলে উফিৰ পৰা হাত সাৰিব পাৰি। চুলিৰ শুকান ভাব নোহোৱা হয়। পিয়াজ ৰস উলিয়াই গুৰিত লগাই অলপ সময় ৰাখি মাইল্ড চেম্পুৰে ধুই দিলে চুলি সৰা কমে। চুলি ফণিওৱা ফণিখন পৰিষ্কাৰ আৰু কাঠৰ হ’ব লাগে। সদায় পকা কল, দৈ, কণী ইত্যাদিৰ ব্যৱহাৰেও চুলিৰ গুৰি সৱল কৰে। জৈৱ উৎপাদিত সামগ্ৰীৰ (চুলিৰ বাবে তেল অথবা চেম্পু ব্যৱহাৰে চুলিৰ অপকাৰ সাধন নকৰে। ইয়াৰ প্ৰয়োগ আনকি চুলিৰ সুৰক্ষা হ্ৰাস কৰাত সহায়হে কৰে। আজিকালি এনে ৰাসায়নিক পদাৰ্থযুক্ত বিভিন্ন সামগ্ৰী বজাৰত সুলভ হাৰত উপলব্ধ হ’বলৈ লৈছে। নিতৌ শাৰীৰ চৰ্চা কৰা, প্ৰচুৰ পানী খোৱা ইত্যাদি লাগতীয়াল বিষয় সুন্দৰ চুলিৰ ৰহস্যৰ আঁৰত। ধুনীয়া চুলি গঠনেৰে নিজকে ধুনীয়াকৈ সজাই ৰাখিবলৈ কোনেনো ইচ্ছা প্ৰকাশ নকৰবি• গতিকে ইয়াৰ যত্নৰো সমপৰিমানে খুবেই প্ৰয়োজন। সুন্দৰ জিলিকি ৰোৱা চুলিয়ে একোজন মানুহৰ সু-স্বাস্থ্যকো প্ৰতিপন্ন কৰে।