Children Page

মই কেনেকৈ মোৰ সন্তানক সিদ্ধান্ত লবলৈ শিকাইছিলো (ৰীতা চৌধুৰী)

মই বিচাৰিছিলোঁ মোৰ ল’ৰা ছোৱালী দুজনে প্ৰশ্ন কৰিবলৈ শিকক। দোমোজাত থিয় হৈ আনৰ মুখলৈ চাই থকাতকৈ নিজেই সিদ্ধান্ত ল’বলৈ শিকক। সন্তানক ডাঙৰ কৰোতে নাজানি অনেক ভুলো কৰিছোঁ। কামবোৰ সৰু সৰু। মই মাহত এবাৰ ডিপাৰ্টমেণ্টেল ষ্টোৰ এখনলৈ ঘৰৰ বাবে মাহটোৰ বজাৰ কৰিবলৈ যাওঁ। প্ৰয়োজনীয় বস্তুবোৰ কিনা হোৱাৰ পিচত বিস্কুটৰ চেকছনলৈ যাওঁ। তেওঁলোকক কওঁ – কি কি […]

মই কেনেকৈ মোৰ সন্তানক সিদ্ধান্ত লবলৈ শিকাইছিলো (ৰীতা চৌধুৰী)

মই বিচাৰিছিলোঁ মোৰ ল’ৰা ছোৱালী দুজনে প্ৰশ্ন কৰিবলৈ শিকক। দোমোজাত থিয় হৈ আনৰ মুখলৈ চাই থকাতকৈ নিজেই সিদ্ধান্ত ল’বলৈ শিকক। সন্তানক ডাঙৰ কৰোতে নাজানি অনেক ভুলো কৰিছোঁ। কামবোৰ সৰু সৰু। মই মাহত এবাৰ ডিপাৰ্টমেণ্টেল ষ্টোৰ এখনলৈ ঘৰৰ বাবে মাহটোৰ বজাৰ কৰিবলৈ যাওঁ। প্ৰয়োজনীয় বস্তুবোৰ কিনা হোৱাৰ পিচত বিস্কুটৰ চেকছনলৈ যাওঁ। তেওঁলোকক কওঁ – কি কি বিস্কুট লাগে লৈ লোৱা। তেওঁলোক সৰু সৰু, বৰ ভাল পায়। মন দি চাই চাই ভালপোৱা বিস্কুট কেই পেকেটমান কিনো সৰু ল’ৰা-ছোৱালীৰ টুথব্ৰাছ আদি প্ৰয়োজন হ’লে ল’বলৈ দিওঁ। তেওঁলোকে ভাবি চিন্তি ভালপোৱা ৰঙৰ বস্তুবোৰ বিচাৰি লয়।
এইটো কৰিলে এইটো দিম বুলি কেতিয়াও প্ৰতিশ্ৰুতি নিদিও। তেওঁলোকে যদি কয় এই কামটো এই বস্তুটো দিলেহে কৰিম মই নিৰ্বাকাৰভাৱে কৈ দিওঁ কৰিব নালাগে। কোনো দাবীৰ বিপৰীতে একোৱেই কেতিয়াও নিদিও।

FacebookFacebookfb-share-iconYouTubeInstagram