Cinema

সুৰৰ ৰাণী তিৰ বিৰ তৰালিৰ জোনাকী গীতবোৰ (ৰঞ্জন শৰ্মা)

গীতিকাৰ হিচাবে তৰালি শৰ্মা শব্দ চয়নত অতিকে দক্ষ৷ উচ্চমানৰ অনুভূতি প্ৰৱণ বুটা বছা মিঠা মিঠা লগা শব্দৰে গীতবোৰ অনুভৱী সৃষ্টি৷ তেওঁ ৰচনা কৰা কেইবাটাও শ্ৰেষ্ঠ গীতৰ ভিতৰত এই মুহূৰ্তত মনলৈ আহিছে তৰালি শৰ্মাৰ সংগীতেৰে সজোৱা যুৱ পৰিচালক হিমজ্যোতি তালুকদাৰৰ মননশীল ছবি ‘‘কেলেণ্ডাৰৰ’’ বিশেষ গীতটিলৈ– ‘‘সৰু সৰু আশাবোৰ সৰু সৰু হেঁপাহবোৰ সৰু সৰু কথাবোৰ বুকুৰ বিষাদৰ […]

সুৰৰ ৰাণী তিৰ বিৰ তৰালিৰ জোনাকী গীতবোৰ (ৰঞ্জন শৰ্মা)

গীতিকাৰ হিচাবে তৰালি শৰ্মা শব্দ চয়নত অতিকে দক্ষ৷ উচ্চমানৰ অনুভূতি প্ৰৱণ বুটা বছা মিঠা মিঠা লগা শব্দৰে গীতবোৰ অনুভৱী সৃষ্টি৷ তেওঁ ৰচনা কৰা কেইবাটাও শ্ৰেষ্ঠ গীতৰ ভিতৰত এই মুহূৰ্তত মনলৈ আহিছে তৰালি শৰ্মাৰ সংগীতেৰে সজোৱা যুৱ পৰিচালক হিমজ্যোতি তালুকদাৰৰ মননশীল ছবি ‘‘কেলেণ্ডাৰৰ’’ বিশেষ গীতটিলৈ

‘‘সৰু সৰু আশাবোৰ

সৰু সৰু হেঁপাহবোৰ

সৰু সৰু কথাবোৰ বুকুৰ

বিষাদৰ পাতনি মোৰ

সপোন ভঙাৰ সুৰ

তথাপিওঁ কওঁ জীৱন, ভালপাওঁ তোক মই

দিন গণি গণি আশাৰ, নাই…..

সঁচাই এটা অতি সুন্দৰ, অৰ্থবহ জীৱনবোধৰ গান৷ সৰু সৰু আশাবোৰ, হেঁপাহবোৰ, সপোনবোৰ, কথাবোৰ লৈয়েইটো আমাৰ জীৱন প্ৰতিফলিত হয়৷ কেতিয়াবা জীৱনাল ধুমুহা, দুখ, প্ৰত্যাহ্বান আহিলেও কিন্তু জীৱনলৈ পুনৰ আশাৰ কিৰণ বিচাৰি ফুৰে৷ গীতটিত জীৱনৰ আশাআকাংক্ষা, পোৱানোপোৱা, সুখদুখ আদি গীতত বাংময় হৈ উঠিছে৷ দুখৰ মাজতো পোহৰৰ কিৰণ বিচৰা এটি আশাব্যঞ্জক গীত দেখা গৈছে, গীতিকাৰগৰাকীৰ মনোজগতত বিভিন্ন সময়ত দেখা পোৱা আশা, হেঁপাহ আদি জীৱনৰ প্ৰকৃত ৰংবোৰ বাংময় হৈ উঠিছে৷

সেইদৰে, আন এটি আশাৰ গীত

মুকলি মুকলি মন বগলী

                              উৰি যা দূৰলৈ দুখবোৰ

বুকুৰে ভিতৰত আশাৰে গজালি

                              নতুনৰ লাগি৷

জিলমিল জোনে আজি ঢালি জোনাক

                              আন্ধাৰ ৰং মচি

পৃথিৱীৰ কুঁৱলী ফালি বতাহে কোবাব

                              সৰিয়হ ফুলৰে ছবি

উটি যা হেৰাই যা পৃথিৱীৰে বেথা

                              নতুনৰে লাগি

                                             আবাহনী যেন৷৷

২০০৫ চনত গুৱাহাটী দূৰদৰ্শনৰ নতুন বছৰ আদৰাৰ বাবে এই আশাৰ গীতটি তৰালি শৰ্মাৰ কথা, সুৰ, কণ্ঠ আৰু সংগীত পৰিচালনাৰে কৰা হৈছিল৷ এটা আশাৰ গীত৷ ইয়াত গীতিকাৰে অনুভৱ কৰিছে যে আশাৰ বুকুত নতুনৰ গজালি মেলে৷ নতুনক তেওঁ আহ্বান জনাইছে আৰু তেওঁ আশাবাদী যে যেনেৰৈ ৰাতিৰ পাছত দিন আহে, আঁউসীৰ পাছত পূৰ্ণিমা আহে, ঠিক তেনেকৈ যিমানেই দুখৰ দিন নাহক কিয় সুখ কিন্তু আহিবই৷ এই গীতটিত ইমান ধুনীয়া কোমল কোমল শব্দ প্ৰয়োগ কৰিছে সঁচাই মন চুই যায়৷ গতিকে এটা বুকুত আশাৰ গজালি মেলা অনুপ্ৰেৰণামূলক মন চুই যোৱা গীত৷

অসমৰ অভিজাত ভ্ৰাম্যমাণ নাট্যদল কহিনুৰ থিয়েটাৰত অভিজিত ভট্টাচাৰ্য্য ৰচিত এখন নাটক আছিল ‘‘ৰুমাল’’ নাটকখনৰ সংগীত পৰিচালনা আছিল তৰালি শৰ্মাৰ৷ নাটকখনত তৰালি শৰ্মাৰ কথা, সুৰ আৰু কণ্ঠশিল্পী সীমান্ত সেখৰ সৈতে দ্বৈত কণ্ঠত গোৱা এটি প্ৰেমৰ মিঠা লগা গীত আছিল এনেধৰণৰ

‘‘চিনাকী অচিনাকী অনুভূতি

দেখোঁ কি নেদেখো এখনি ছৱি

বতাহে বতাহে আহে ভাঁহি

উন্মাদ কৰা সুৰ এটি

জোনাকী জোনাকী মন মোৰ যায় উৰি

প্ৰেম চাগেমৰম সঁচাকৈ

জোনাক নামে আলফুলে

সোণাৰুৱে হাঁহি মাৰে

নিশাৰ কুঁৱলি ফালি ফালি

তুমি আহা যেন মোৰ কাষলৈ

মন মোৰ জ্বলে কি আৱেগে

মাথোঁ তোমাক পাব খোজে

প্ৰেম চাগেমৰম সঁচাকে….৷৷’’

হৃদয়ত অনুভুতি জগাই তোলা খুবেই সুন্দৰ এটি প্ৰেমৰ মিঠা মিঠা লগা গীত৷ মানুহৰ জীনৱলৈ যেতিয়া নতুনকৈ প্ৰেম আহে৷ তেতিয়া কিছু চিনাকি আৰু কিছু অচিনাকি আৱেগে মনটো ডোলা দি থাকে৷ বুজিও নুবুজা মনটোক কিছু অনামী আকৰ্ষণে ক্ৰিয়া কৰি থাকে৷ মন উৰি যাব খোজে৷ যেন ঋতু ৰূপী শৰতৰ দৰেই মনত এখন জোনাকী মেলা পাতে৷ ইমান সুন্দৰ গীতৰ কথা, ইয়াৰ অন্তঃনিৰ্হিত ভাব আৰু কণ্ঠসুৰে হৃদয়ত এখন প্ৰেমৰ ছবি আঁকি দিয়ে৷ বিশেষকৈ গীতত শব্দৰ চয়ন মন কৰিবলগীয়া৷ কোমল অথচ অনুভূতি প্ৰৱণ শব্দৰ প্ৰয়োগে গীতটোক ব্যঞ্জনাময় কৰি তুলিছে৷ ইয়াতেই গীতিকাৰ হিচাবে সাৰ্থকতা

সেইদৰে কহিনুৰ থিয়েটাৰতেই আন এখন নাটক আছিল জনপ্ৰিয় অভিনেতা তপন দাস পৰিচালিত ‘‘দেৱদাস’’ এই নাটকখনতো তৰালি শৰ্মা কথা, সুৰ আৰু সংগীতত নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ জুবিন গাৰ্গে কণ্ঠ নিগৰোৱা এটি মিঠা প্ৰেমৰ গীত আছিল এনে ধৰণৰ

‘‘প্ৰেম

প্ৰেম এক নদী

                              বৈ নিৰৱধি

তোমালৈ অনুৰাগ

তোমালৈ মোৰ হেঁপাহ

তোমাতেই হওঁ মই বিলিন

                              মাথোঁ তোমাতেই….৷৷’’

তৰালি শৰ্মাৰ দ্বাৰা সৃষ্ট আন এটি অনুভৱী মিঠা প্ৰেমৰ গীত৷ এই গীতটিৰো শব্দৰ চয়ন আৰু অনুভৱী অন্তঃৰ্নিহিত ভাৱে মনত দোলা দি যায়৷

সেইদৰে, মানুহৰ জীৱনৰ নিঃসংগতাখিনিক লৈয়ো গীত লিখিছে এইগৰাকী অনুভৱী শিল্পীয়ে৷ তেনে এটি গীতেই হৈছে ‘‘কেলেণ্ডাৰ’’ বোলছবিৰ এই গীতটি

‘‘কেতিয়াবা এনে লাগে

মই যেন বৰ অকলশৰীয়া

মোক খেদি ফুৰে বাৰে বাৰে

                              নিসংগতাই….

কেতিয়াবা এনে লাগে

চহৰৰ কোলাহলত হেৰাই যোৱা

                              মই ভ্ৰান্ত পথিক৷

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.বুকুৰ ভিতৰত নিসংগতা কঢ়িয়াই লৈ ফুৰা এজন মানুহৰ মনৰ অনুভৱক তুলি ধৰা এটি সাৰ্থক গীত৷ সুন্দৰ সৃষ্টি তৰালি শৰ্মাৰ৷ গীতটিৰ কথাংশৰ লগতে গীতটোত প্ৰয়োগ কৰা সংগীত মন কৰিবলগীয়া৷ যথেষ্ট কোলাহল পূৰ্ণ সংগীত ব্যৱহাৰ কৰা হৈছে গীতটিত৷ গানটো যথেষ্ট ৰিমি্ক৷ নিসংগতা প্ৰকাশ কৰা এটি গীতত এনে ধৰণৰ কোলাহল পূৰ্ণ সংগীত প্ৰয়োগ যথেষ্ট মন কৰিবলগীয়া বিষয়৷ এই সন্দৰ্ভত আমি শিল্পীগৰাকীক প্ৰশ্ন কৰাত তেখেতে খুউব সুন্দৰ আৰু তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে যেযেতিয়া এজন মানুহ নিসংগ হয়, বাহিৰত তেওঁক শান্তশ্ৰান্ত যেন লাগিলেও ভিতৰি ভিতৰি কিন্তু তেওঁ যথেষ্ট অস্থিৰ হৈ থাকে৷ তেওঁৰ মনত অনবৰতে বিভিন্ন বিষণ্ণ চিন্তাই এক কোলাহলৰ সৃষ্টি কৰি থাকে৷ সেইবাবেই এনেধৰণৰ সংগীত কৰা বুলি উল্লেখ কৰে৷ সঁচাই গীতিকাৰ আৰু সংগীত পৰিচালক হিচাবে তেখেতৰ সূক্ষ্ম সূক্ষ্ম মননশীল চিন্তা শলাগিবলগীয়া৷ আৰু সেইবাবেই তেওঁ তৰালি শৰ্মা৷ এইগৰাকী গীতিকাৰে শিশুৰ মনক লৈয়ো গীত লিখিছে৷ তেনে এটি গীত হৈছে যুৱ পৰিচালক ৰতনশীল শৰ্মা ‘‘মাৰ্কশ্বিট’’ ছবিৰ এই গীতটি

‘‘ইকৰা খাগৰি ৰালিৰ ধেমালি

                              বালিত বাগৰি বাগৰি

নিশা নিৰিৱিলি আইতাই কোৱা কাহিনী

                              শৈশৱৰ ৰংবোৰ সোণোৱালী

আমাকো উৰিবলৈ দিয়া আমাকো খেলিবলৈ দিয়া

                              ৰালিৰ ধেমালি সোণালী৷৷’’

শিশুৰ মনক লৈ লিখা খুবেই এটি সুন্দৰ আৰু অৰ্থবহ গীত৷ শৈশৱত ৰংবোৰ বিচাৰি পাখি মেলি উৰি ফুৰা শিশুহঁতৰ মনৰ ভাৱ খুউৱ সুন্দৰকৈ প্ৰকাশ পাইছে৷ বন্ধ কোঠাত আৱদ্ধ শিশুক অত্যাধিক কিতাপ, হোমৱৰ্কৰ বোজাই কিদৰে শিশুহঁতৰ স্বাভাৱিক জীৱন স্তব্ধ কৰি পেলাইছে গীতটিত খুব সুন্দৰকৈ প্ৰতিফলিত হৈছে৷

আটাইতকৈ চুটি অথচ পৃথিৱীৰ আটাইতকৈ মধুৰতম শব্দটোৱেই হৈছেমা যিটো শব্দই আমাক গোটেই জীৱন অনুপ্ৰাণিত আৰু অনুৰণিত কৰি থাকে৷ এইমা লৈ প্ৰিয়শিল্পী গৰাকীয়ে কেইবাটাও গীত লিখিছে, গাইছে, সুৰ কৰিছে৷ তাৰে তেখেতে লিখা, সুৰ কৰা আৰু কণ্ঠ নিগৰুৱা দুটি গীত উল্লেখ কৰিব বিচাৰিছো৷

গীতটি বিশিষ্ট পৰিচালক মঞ্জুল বৰুৱাৰ ‘‘কানীন’’ ছৱিৰ বাবে বেক্গ্ৰাউণ্ডত সংগীত হিচাবে ব্যৱহাৰ কৰা হৈছিল৷ গীতটি আছিল

‘‘বুকু ফালি দেখুৱাও

                              মমতাৰ নাই কোনো সীমা

ভৱ গধুৰ ভাষা ৰুদ্ধ

                              অশ্ৰু নিগৰা চকু৷’’

ভাৱ গধুৰ গীতটিত পুত্ৰ প্ৰেমত আকুল মাতৃ এগৰাকীৰ হৃদয়ৰ হাহাকাৰ, বেদনাৰ কৰা হোৱা হৈছে৷

তৰালী শৰ্মা লিখা, সুৰ আৰু কণ্ঠদান কৰা এটি মৰ্মস্পশীৰ্ গীত৷ গীতটিৰ ছৱিখনৰ নেপথ্যত আছিল মঞ্জুল বৰুৱাৰ এখন সুন্দৰ ছবি৷ ছৱিখনৰ গীতটিত ডাঙ্ম জাহানাৰা বেগমে দূৰ্দান্ত অভিনয় কৰিছিল৷

মাতৃ মমতাৰে উথলি উঠা তৰালি শৰ্মাই লিখা, সুৰ আৰু কণ্ঠদান কৰা আন এটি গীত– ‘‘হেঙুলীয়া’’ এলবামৰ এই গীতটিয়ে ৰাইজৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছিল

‘‘যাৰ কোলাত সৰগ বিচাৰি পাওঁ

যাৰ চকুত মোৰেই সপোন চাওঁ

যাৰ বুকুক মমতা ভৰি আছে

দিনে নিশাই মোক আসিস¸ যাচে

সেয়ে মোৰ মামোৰ আজলী মা

শতবাৰ জনম লৈছো যাৰ

খুজিব নোৱাৰো ধা১

পৃথিৱী বৰ জটিলমা

জীৱন তাতোকৈয়ো জটিল

মানুহৰ মন তাতোকৈয়ো জটিল

বুজি পোৱা টানবুজি পোৱা টান৷

ইমান সহজসৰল তুমি

বুকুৰ বেথা পোৱা বুজি

তুমিয়েই মোৰ মাআজলী মা৷৷

 

 

বৰ অসহায় লাগে মা

জীৱন যুঁজত যুঁজি

তোমাৰ আদৰৰ মাততেই পাওঁ

যুঁজাৰ সাহস খিনি

ৰাতি ৰাতি জাগি নিচুকণি গাই

ত্যাগৰ মুৰুতি তুমিয়েই সদায়

তুমিয়েই মোৰ মাআজলীমা

গীতটিত গীতিকাৰ তৰালী শৰ্মাই ‘‘আজলী’’ শব্দটোৱে নি( সন্তানৰ বাবে গোটেই জীৱন অশেষ ত্যাগ কৰা, মৰমৰ আঁচলেৰে সন্তানক আঁৱৰি ৰখা সেই সহজসৰল মমতাময়ীমাগৰাকীক বুজাইছে৷ আচলতে চাগৈ গীতিকাৰ তৰালি শৰ্মাই নিজৰ সহজসৰল মাতৃৰ মাজতেই নি( বিশ্বৰ প্ৰতিগৰাকী মাতৃক দেখা পাইছিল৷ গীতটিৰ কথাংশই মানুহৰ অন্তৰত মাতৃ প্ৰেমৰ এক আৱেগ নমাই আনে৷ অন্তৰ উঠলি উঠে৷ গীতৰ কথা, সুৰ আৰু গায়নশৈলী হৃদয়স্পৰ্শী৷ নিঃসন্দেহে এই গীতটি দশকটোৰ ভিতৰতেই তৰালি শৰ্মাৰ এক অন্যতম অমৰ সৃষ্টি৷

ইয়াৰ উপৰিও শিল্পী গৰাকীয়ে আৰু কেইবাটাও অৰ্থবহ আৰু শ্ৰুতিমধুৰ গীত লিখিছে৷ সময় সুবিধা লে নি( পৰৱৰ্তী সময়ত আলোচনা কৰিম৷ আচলতে তৰালি শৰ্মাৰ দৰে মহান শিল্পীৰ গীতৰ কথা আলোচনা কৰা জ্ঞান আমাৰ নাই৷ মাথোঁ তেখেতৰ গীত শুনি ভাল পোৱা এজন শ্ৰে¸াতা হিচাবে মনৰ অনুভৱ খিনিহে মাথোঁ ব্যক্ত কৰিলো৷ ভূলভ্ৰান্তিখিনি পাঠক সমাজে ক্ষমাৰ দৃষ্টিৰে চাব৷

আজি সুদীৰ্ঘ দিন ধৰি অসমীয়া সংগীত জগতলৈ তৰালি শৰ্মাৰ যি অৱদান, সেইয়া হয়তো অসমবাসী ৰাইজক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ তৰালি শৰ্মাৰ এই সৃষ্টিৰাজীয়ে নিশ্চিতভাৱেই অসমীয়া জাতীয় ক্ষেত্ৰখন চহকী কৰিছে৷ যিসমূহ সৃষ্টিৰাজি উত্তৰ পুৰুষৰ বাবে আজি আৰু অমূল্য সম্পদ হৈ ব৷

সমাজৰ হৈ কাম কৰি ভাল পোৱা, মানুহৰ ভাল পোৱা, সহজসৰল জীৱন যাপন কৰা আপোন শিল্পী তৰালী শৰ্মা এগৰাকী শিল্পীৰ উপৰিও কিন্তু এগৰাকী সুগৃহিণী, সন্তানৰ বাবে মমতাময়ী মাতৃ৷ এটি মৰম লগা পুত্ৰ সন্তান আৰু স্বামীৰ সৈতে তেওঁৰ আছে এখন সুখৰ সংসাৰ৷ সংগীত চৰ্চাৰ উপৰিও আজৰি সময়খিনিত ঘৰুৱা কামত ব্যস্ত থকা এইগৰাকী শিল্পীৰ সংগীত জীৱনৰ প্ৰেৰণা পিতৃমাতৃৰ লগতে স্বামী জিন্তু বৰদলৈ৷ যিগৰাকী অসমৰে এগৰাকী বিশিষ্ট গীতাৰ বাদক তথা শব্দযন্ত্ৰী৷ তৰালি শৰ্মাৰ এই সফলতাত স্বামী হিচাবে তথা এগৰাকী সংগীত শিল্পী হিচাবে জিন্তু বৰদলৈয়ে সদায়ে অনুপ্ৰেৰণা আৰু উৎসাহিত কৰি আহিছে৷ এই আশাহতে, আমি তেওঁলৈয়ো ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

‘‘সেউজীয়া মৰম তোমালৈ যাঁচিছো

তুমি জানো বুজিছা…’’

তেখেতে গীতত কোৱাৰ দৰেই, অকল ধুনীয়া কণ্ঠই নহয় এটি ধুনীয়া মন আৰু সেউজীয়া বুকু ভৰা মৰম বিলাকে সমাজখন জীপাল কৰি তুলিছে৷ এয়াই আচলতে সঁচা অৰ্থত প্ৰকৃত শিল্পী৷ আপুনি সদায়ে এইদৰেই এটি মিঠা সুৰ হৈ অসমবাসীৰ বুকুত জোনাকী ভৰা জিকমিক আকাশৰ তিৰবিৰ তৰালিৰ দৰে জিলিকি থাকক

FacebookFacebookfb-share-iconYouTubeInstagram