
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দৃষ্টিত নাৰী (নৱনীতা শৰ্মা)
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নাটবোৰ নায়িকা প্ৰধান আৰু সেয়েহে নায়িকাৰ নামেৰেই নাটৰ নামাকৰণবোৰ সাৰ্থক হৈছে৷ তেওঁৰ নায়িকা প্ৰায়েই প্ৰেম প্ৰত্যাখ্যাত যুৱতী৷ এই প্ৰত্যাখ্যানৰ পৰিণতি ঘটিছে মৃত্যুত৷ উদাহৰণ স্বৰূপে– শেৱালী, লভিতা আৰু ৰূপালীম আদি চৰিত্ৰ আৰু এওঁলোক হ’ল নাট্যবস্তুৰ মূল উৎস৷ৰূপকোঁৱৰ দেৱৰ নাটকসমূহত নাৰী চৰিত্ৰ সমূহ বৰ আকৰ্ষণীয় আৰু লগতে অসমীয়া নাৰীৰ স্বাভাৱিক গুণসমূহ প্ৰতিটো নাৰী […]
