
অভাৱ নামৰ শব্দটোৱে প্ৰতিটো ক্ষেত্ৰতে লগ নেৰা মেঘালী বৰুৱাই আজি আকৌ এটা নতুন গল্পৰ প্লট বিচাৰি পালে৷ তাই কেতিয়াবা ভাবে, আজিৰ পৰা আৰু নিলিখে৷ লিখিনো কি লাভ হ’ব৷ প্ৰতি বছৰে ছোৱালীৰ বাবে অনা কাগজৰ ৰিমটোৰ পৰা দিস্তা দিস্তা কাগজ শেষ হৈছে আৰু ঘূণে ধৰা টেবুলখনত নীলা চিয়াঁহীৰে বুলাই দিয়া কাগজৰ দিস্তাবোৰ থবলৈ ঠাই নোহোৱা হৈছে৷ কেতিয়াবা তাই ভাবে আনবোৰৰ দৰে তায়ো এটা এনড্ৰইড ম’বাইল কিনিব৷ ফেচবুক নামৰ ছ’চিয়েল মিডিয়াত সেইবোৰ আপলোড দিব৷ কিন্তু দুখীয়াৰ জানো ভবা কথা সিদ্ধি হয়? তাইৰো সেই আশা আশা হৈয়ে ৰ’ল৷ কাৰণ ইমান টকা খৰচ কৰি কোনো পধ্যেই এটা এনড্ৰইড ম’বাইল কিনিব নোৱাৰে৷ বাৰিষাৰ ব্ৰহ্মপুত্ৰই ভয়ংকৰ ৰূপ ধাৰণ কৰি সিহঁতৰ জীৱিকাৰ একমাত্ৰ সম্বল খেতিৰ মাটিখিনি উটাই নিয়াৰ পাছত মানুহজনে আনৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে সিহঁতৰ সৰু পৰিয়ালটো চলাই নিছে৷
কথাতেই কয় বোলে, দুখীয়াৰ দুখ কোনোদিনেই আঁতৰি নাযায়৷ অভাৱে জুৰুলা কৰা পৰিয়ালটোক আকৌ এটা নতুন বিপদে চুই গ’ল৷ স্বামীৰ আকস্মিক দুৰ্ঘটনাই তাইক কোঙা কৰি পেলালে৷ ঘৰখন চলাবলৈ তাইৰ উপায় নোহোৱা হ’ল৷ এফালে স্বামীৰ চিকিৎসাৰ বাবে আৰু আনহাতে ঘৰখন চলাবৰ বাবে তাইক এতিয়া বহুত টকাৰ প্ৰয়োজন৷ কেতিয়াবা তাই ভাবে ওচৰৰ ধনী মানুহ কেইঘৰত ঘৰুৱা কাম কৰিয়েই কেইটামান টকা উপাৰ্জন কৰিব৷ কিন্তু ভয় খায় মুখা পিন্ধা ভদ্ৰলোক কেইজনৰ লুলোপ দৃষ্টিৰ আগত তাই নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰিব জানো!