Current Topic

কুষ্মাণ্ড

এদিনাৰ দুপৰীয়া, চালত কোমোৰা এটাই বগা পৰা ফপৰা ছালেৰে ৰ’দ লৈ আছিল৷ এনে লাগিছিল, সি বুঢ়া বগা চাহাব এজনৰ ঢং দি দি মোক ইংৰাজী নে ফৰাচীত কিবা শিকাব খোজে– ব’ৰ্ডত লিখি বুজাব খোজে/ আৰু মই একো নুবুজি তালৈ ভেবা লাগি চাই আছোঁ/ ভালেই লাগে এনেকৈ, স্কুলীয়া দিনতো মই তেনেকুৱাই আছিলো/ জলকা লাগি চাই, নিজৰ দুনীয়াত […]

কুষ্মাণ্ড

এদিনাৰ দুপৰীয়া, চালত কোমোৰা এটাই বগা পৰা ফপৰা ছালেৰে লৈ আছিল৷ এনে লাগিছিল, সি বুঢ়া বগা চাহাব এজনৰ ঢং দি দি মোক ইংৰাজী নে ফৰাচীত কিবা শিকাব খোজেৰ্ডত লিখি বুজাব খোজে/ আৰু মই একো নুবুজি তালৈ ভেবা লাগি চাই আছোঁ/ ভালেই লাগে এনেকৈ, স্কুলীয়া দিনতো মই তেনেকুৱাই আছিলো/ জলকা লাগি চাই, নিজৰ দুনীয়াত আকাশপাতাল ভাবি থাকোঁমাষ্টৰে ভাবে, আমুকীয়ে বৰ মন দিছোঁ/

চোতালত বহি, একাণপতীয়া হৈ কিবা ভাবি ভাবি আমেজত আধা মুদ খোৱা চকুহালেৰে কোমোৰাটোলৈ, ৰঙচুৱা টিনপাতৰ চালিখনলৈ চাই থাকোঁতে মোৰ এনে লাগিছিল যেন প্ৰখৰ দত তপত হৈ হৈ ধোঁৱা যেন কিবা তাৰ পৰা উৰি উৰি গৈ আছেমৃদু পাৰ্«সংগীতৰ দৰে ৰেডিঅ বাজি আছে ঘোষকৰ চিনাকি মাত, বাজি কেইবাটাও কুকাৰৰ হুইছেল, পাৰ হৈ গৈ আছে পাকঘৰৰ খুটুং খাটাং আৱাজ/ শালিকীবোৰৰ মাত শুনি মোৰ এনেও সদায় টোপনি ধৰে৷ টোপনি আনি দিয়া একোটা এএছএমআৰৰ দৰে৷ কোনোবাই জানেনেসিদিনা মই এতিয়াৰ দৰেই অকলশৰীয়া আছিলোঁ জানো? নে অকলেহে আছিলোঁ কেৱল/

(এনে এটা দুপৰীয়া বিচাৰি বিচাৰি বহুদিন কুটুৰিলো কাৰোবাক৷ নিদিলে৷ দেওবৰীয়া পুৱাতে, দ্বিতীয় এটা দুপৰীয়া সাজি লোৱাও বহুদিন ল৷ সঁচাকৈ নহ এয়া, মনতেহে সাজিলোঁ)– ফেৰীঘাটত আমাক, মানে মই যাক কুতুৰি আছিলোঁ তেওঁকেমোকে এখন এখনকৈ ফেৰীবোৰে এৰি গৈছে; টিনপাতৰ ধোঁৱাবোৰৰ দৰেই উৰি গৈ আছে পৰা সময়ৰ পৰা এদিনীয়াকৈ চান কাঢ়ি লোৱা সময়ৰে ডুখৰীয়া গা, ফেৰীৰ ধোঁৱা হৈ/ পাৰঘাটত যিমানেই কোলাহল নাথাককসিবোৰ আমাৰ বাবে মৃদু পাৰ্«সংগীত; মানুহৰ সঘন ভিৰ আৰু আহযাহবোৰ পশ্চাদপৎ৷ আমাৰ মনত খুদুৱনি নাই, ভাবৰ দুলনিও/ আমি সিদিনা কেৱলআমাৰকথাই ভাবিলোঁ, ‘আমাৰচকুলৈকে চাই চাই কেতিয়া একেটা আৱহ সংগীত বাজি থকা একেটা শ্লাইড শ্বকে দুয়ো উপভোগ কৰি শেষ কৰিলোঁ গমকে নাপালোঁ/ ‘আজি বহুত ভাল লাগিলবুলি কৃতজ্ঞতাৰ চিঠি এখন তেওঁৰ শ্বাৰ্টৰ জেপত চকুৰে গুজি; মই সিদিনাও বাৰু গুচিয়েই আহিলোঁ৷ অকলেই আহিলোঁ, কিন্তু পূৰ্ণ হৈ আহিলোঁ/

(ইমান প্ৰশান্তিৰ পাছত, দুডাল ষ্ট্ৰ ৰৈ যোৱা মিৰিণ্ডাৰ অৱশিষ্টৰ দৰে কিছু কথা ৰৈ লেও মোৰ আপত্তি নাই/ জানো, নিজানত নিজৰেই কোলাহলে আমাক উদ্বাউল কৰাতকৈ; কোলাহলতে নিজকে এদিন নিজান কৰি পেলাব পাৰিলে ভাল/ মনে সজা দুপৰীয়াটো ইয়াতেই শেষ৷

আজিও দেওবাৰ ফোন এটা আহিল৷বুলি কৈ ৰাখিলোঁ৷ সকলো জল্পনাকল্পনা এৰি মই এতিয়া সম্বিৎ ঘূৰাই পাইছোঁ/ কাপোৰসোপা কোনে ধুব? আজি দেওবাৰ/ এসপ্তাহে পেলাই ৰখা কাম লৈ ওলাই কোন যাব? আজিয়েইতো দেওবাৰ৷

আচল কথাটো মনেসজা সেই দ্বিতীয় দুপৰীয়াটোলৈ মোৰ চোন এনেও এলাহ/ ফেৰীঘাটলৈ আকৌ কাপোৰ পিন্ধি, গাত পাউডাৰ সানি নিজৰেই জীৱনৰ পৰা অকলে অকলেজীৱনচান কঢ়াৰ অভিযান এটা চলাবলৈ কোন ওলাই যায়? তাকো অকলে? আৰু কাম নাই?

আধাখনীয়াকৈয়ে নিজকে সদায় এৰোঁ/ উদাহৰণ প্ৰথম দুপৰীয়াটোতো যে কোমোৰা, টিনপাতৰ ধোঁৱা সেই এসোপা এসোপা ভাবিবলৈ, মগন বলৈ হঠাৎ এৰি মইসময়মতেইভাতৰ পাতত বহিছিলোঁ/ সময়ৰ কাম সময়ত নকৰিলে আটাইৰেঘৰত দিগদাৰ’, সেয়ে মন নগলেও সময়তে কৰিব লাগিব৷ কৰোঁ৷

FacebookFacebookfb-share-iconYouTubeInstagram