Current Topic

ধৰ্মই আমাক শেষ কৰিব নেকি?(ৰাজলক্ষ্মী ভূঞা)

সুদীৰ্ঘ পাঁচশ বছৰৰ পাছত এটা দীঘলীয়া পৰিকল্পনাৰ অন্তত অযোধ্যাত ৰাম মন্দিৰ স্থাপন হ’ল… ত্ৰেতাৰ ভগৱানৰ প্ৰতিস্থাপন হ’ল৷ কলিত কৃষ্ণনাম৷ সংস্কৃতিৰ পৰিবাহক ভাৰতীয়ই কোনো কালে কাকো অপযশ দিয়া নাইবা অৱমাননা কৰাৰ নজিৰ নাই৷ হিন্দুৰ দশ অৱতাৰক সকলোৱে স্বীকাৰ কৰাৰ লগতে সন্মান কৰি আহিছে… আৰ্য-অনাৰ্যৰ যুঁজৰ মাজত ৰামায়ণ আৰু মহাভাৰতে কেতিয়াবা পন্থা সলনি কৰিছে৷ বাল্মিকীৰ ৰামায়ণ পৃথিৱীৰ […]

ধৰ্মই আমাক শেষ কৰিব নেকি?(ৰাজলক্ষ্মী ভূঞা)

সুদীৰ্ঘ পাঁচশ বছৰৰ পাছত এটা দীঘলীয়া পৰিকল্পনাৰ অন্তত অযোধ্যাত ৰাম মন্দিৰ স্থাপন ত্ৰেতাৰ ভগৱানৰ প্ৰতিস্থাপন ল৷

কলিত কৃষ্ণনাম৷ সংস্কৃতিৰ পৰিবাহক ভাৰতীয়ই কোনো কালে কাকো অপযশ দিয়া নাইবা অৱমাননা কৰাৰ নজিৰ নাই৷

হিন্দুৰ দশ অৱতাৰক সকলোৱে স্বীকাৰ কৰাৰ লগতে সন্মান কৰি আহিছে

আৰ্যঅনাৰ্যৰ যুঁজৰ মাজত ৰামায়ণ আৰু মহাভাৰতে কেতিয়াবা পন্থা সলনি কৰিছে৷

বাল্মিকীৰ ৰামায়ণ পৃথিৱীৰ সবাতোকৈ অধিক ভাষালৈ অনুবাদ হোৱা গ্ৰন্থ৷

উত্তৰ ভাৰতৰ লগত দক্ষিণ ভাৰতৰ নাইবা উত্তৰ পূৰ্বাঞ্চলৰ ভাষাসাহিত্যধৰ্ম, ধ্যানধাৰণা আদি আনৰ লগত নিমিলে

অসম মুলুকত কৃষ্ণৰ কথা আলোচনা কৰা হয়৷ ৰামক ঈশ্বৰৰ অৱতাৰ বুলি ধৰা হয় যদিও৷ মূলতঃ গুৰুজনাই শিকাই যোৱা বৰগীত গুৰু ভটিমাত কৃষ্ণৰ কিঙ্কৰ হিচাবে ভকতে ভকতি কৰে৷

যোৱা পাঁচ আগষ্টত অযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিস্থাপনৰ দিনা অসমত দেখিলো ৰামৰহিমৰ খণ্ড যুদ্ধ৷

ছিঃ নিজৰে লাজ লাগিছে৷

ধৰ্মটো কাটি কৰি থৈ নিজকে এবাৰ ভাবি চালে চোন আমি সকলোবোৰ একেই মানুহ৷

সেই একেই হাত, ভৰি, নখ, চকু আৰু একেই তেজৰ গ্ৰnপ৷

তেনে লে আমাৰ পাৰ্থক্য ? মাত্ৰ উপাসনা পদ্ধতিত নয়নে?

উপাসনা কিয় কৰা হয়? অকল ঈশ্বৰ প্ৰাপ্তিৰ বাবে নহয়নে?

নিষ্কাম ঈশ্বৰক পুজিলেহে হেনো হৃদয় আত্মাত পৰমাত্মাই বাস কৰে৷ যাৰ বাবে মানুহৰ শৰীৰত বেয়া ভাব আঁতৰি যায়, ইন্দ্ৰিয় জয় কৰি মোক্ষ লাভ কৰি পৰমাত্মাৰ লগত বিলীন পাৰি৷ সকলোৰে মাত্ৰ ইপ্সিত আকাংক্ষা ঈশ্ব১

তেনেস্থলত ঈশ্বৰৰ বাবে যুঁজ কিয়?

হিন্দুৰ ঈশ্বৰৰ দাত বেছি নে মুছলমানৰ নে আন কোনোবা ধৰ্মৰ?

ঈশ্বৰক বিচাৰিবলৈ শান্তি লাগে, শুদ্ধ কৰ্ম লাগে কিন্তু আমাৰ শান্তি আৰু শুদ্ধ কৰ্ম জানো আছে?

লাখ লাখ মানুহে খাবলৈ নোপোৱাৰ দিনত, চিকিৎসাৰ অভাৱত মৃত্যুক সাৱটি লোৱাৰ দিনত, এমুঠি অন্নৰ বাবে নিজৰ সন্তান হত্যা নাইবা বিক্ৰী কৰাৰ দিনত অযোধ্যাৰ ৰাম মন্দিৰৰ আলম লৈ হিংসাত্মক ৰূপ লোৱা কেইজনৰ ধৰ্মৰ সংজ্ঞা কি?

সঁচাকৈ ধৰ্মৰ নামত যদি এইবোৰ বিভীষিকাৰ সৃষ্টি হয়কোনোবাই লাভ জেহাদ কৰিব লাগে, কোনোবাই ধৰ্মান্তৰিত কৰিব লাগে আৰু কোনোবাই মছজিদৰ আগত উন্মাদ আচৰণ কৰি ফটকা দলিয়াব লাগেতেনেকুৱা ধৰ্মৰ বাবে মোক ধৰ্মই  নালাগে৷

ধৰ্মৰ সংজ্ঞা আছিল চিৰাচৰিত নিয়মেৰে শান্তিপ্ৰাপ্তি৷

কিন্তু বাস্তৱত এইয়া জানো ধৰ্ম??

FacebookFacebookfb-share-iconYouTubeInstagram