Current Topic

বিশেষ দিনৰ বিশেষ কথা (সংহিতা ভট্টাচাৰ্য)

তাহানিৰ সেই স্কুলৰ দিনৰে কথা৷ ক্লাছ টেইনত স্কুলৰ পৰা আহি থাকোঁতে দেখা পাইছিলোঁ ল’ৰাটোক৷ দোকান এখনত ৰৈ থাকে৷ চাওঁ নাচাওকৈ চাওঁ সেইফালে৷ চকুৱে চকুৱে পৰিলেই আঁতৰাই আনো চকু৷ লগৰবোৰক কওঁ দেখিবলৈ মন নাযায় অলপো৷ চাচোন কেনেকৈ ৰৈ থাকে সদায় সেই দোকানখনত৷ কাম-বন নাই আৰু৷ মিছা খং আছিল সেইয়া৷ চকুযুৰি কিন্তু বাৰে বাৰে দোকানখনলৈ যায়৷ ৰৈ […]

তাহানিৰ সেই স্কুলৰ দিনৰে কথা৷ ক্লাছ টেইনত স্কুলৰ পৰা আহি থাকোঁতে দেখা পাইছিলোঁ ৰাটোক৷ দোকান এখনত ৰৈ থাকে৷ চাওঁ নাচাওকৈ চাওঁ সেইফালে৷ চকুৱে চকুৱে পৰিলেই আঁতৰাই আনো চকু৷ লগৰবোৰক কওঁ দেখিবলৈ মন নাযায় অলপো৷ চাচোন কেনেকৈ ৰৈ থাকে সদায় সেই দোকানখনত৷ কামবন নাই আৰু৷ মিছা খং আছিল সেইয়া৷ চকুযুৰি কিন্তু বাৰে বাৰে দোকানখনলৈ যায়৷ ৰৈ আছে নে আজিওমনে দেখোন ৰৈ থকাটো বিচাৰে৷ জীৱনত কিমান যে তেনেকুৱা কাহিনী৷  এবাৰ তেনেকৈয়ে পিছে পিছে আহি ঘৰৰ গেটৰ ওচৰতে হাতৰ মুঠিত কাগজ এখন দি চাইকেলখন লৈ গুচি গৈছিল তলকিবই পৰা নাছিলোঁ মই৷ কোনোবাই দেখিছে বুলি কাগজখন দলিয়াই দি ঘৰৰ ভিতৰ পাইছিলোঁহি৷ আৰু পিছমুহূৰ্ততে আহি বিচাৰি হাবাথুৰি খাই ফুৰিছিলোঁ৷ জীৱনৰ প্ৰথম চিঠি আছিল সেইখন৷ প্ৰথম প্ৰেমৰ চিঠি৷ কিমান যে ভাল লাগিছিল পঢ়ি৷ এটা এটা আখৰ মনৰ ভিতৰত সোমাই গৈছিল৷ কিমান আবেগেৰে লিখা চিঠি আছিল সেইখন৷ কোনোবাই সমস্ত আবেগেৰে কেৱল মাত্ৰ মোলৈ লিখা এখন চিঠি৷ থৈ দিছিলোঁ আলফুলে৷ তেতিয়া আমাৰ দিনত ভেলেণ্টাইন ডে নাছিল৷ কিন্তু সেই দিনবোৰেই আছিল বিশেষ দিন৷ হাই স্কুলৰ দেওনা পাৰ হোৱাৰ পিছত নিজৰ গতি বেলেগ ল৷ বাটেদি পাৰ হৈ যাওঁতে দোকানখন নোপোৱা লো৷ আৰু সেই ৰাটোও৷ চকামকাকৈ সেইদিনাখনেই মাত্ৰ দেখা সেই চিঠি দিয়াজনকো আৰু নেদেখিলোঁ৷ হেৰাই ৰবাত, কিন্তু কথাবোৰ ৰৈ বুকুত৷ কাৰোবাৰ চকুত হয়তো নিজে হেৰাই লোঁ৷ ঠিক একেদৰেই নিজৰ চকুযুৰিত কোনোবা ৰৈ বিশেষ হৈ৷ আজীৱন৷

কোনে কাক পাহৰিব পাৰে

 বুকুত খোদিত যাৰ সঠিক ঠিকনা’! 

 সঁচাকৈয়ে৷ পাহৰিব পাৰে জানো কোনোবাই কাৰোবাক৷ এই কথাবোৰেইতো জীয়াই ৰাখে মানুহক৷ সকলোৰে কাহিনী এইবোৰ৷ জীৱনৰ জীয়া কাহিনী৷ জীৱনৰ কেতিয়াও উলাই কৰিব নোৱাৰা কাহিনী এইবোৰ৷ এই ভালপোবোৰেই জীয়াই ৰাখে মানুহক৷ তেনেক্ষেত্ৰত প্ৰাপ্তি বা অপ্ৰাপ্তি গৌণ হৈ পৰে কেতিয়াবা৷ সেই যে স্বৰ্গীয় অনুভৱ সেয়াই যেন জীয়াই থকাৰ বাবে যথেষ্ট৷ যদিওবা কৈ থাকোঁ প্ৰেমৰ বাবে বিশেষ দিন এটাৰ নো প্ৰয়োজন কি? কিন্তু কেতিয়াবা বিশেষ হৈ যাবৰ কাৰণে বিশেষ দিন এটাৰো প্ৰয়োজন দেখোন৷ বিশেষ মন যায় কাৰোবাৰ ওচৰত৷ কাৰোবাৰ চকুত নিজকে চাব মন যায় বিশেষ হৈ! সেই বিশেষ দিনটোৰ অজুহাত লৈয়ে জি পাৰো এটা দিন সম্পূৰ্ণ নিজৰকৈ….

  নৈ দুখনৰ দৰেই জীয়াই থাকক আমাৰ তেজৰঙী সোঁৱৰণ..

  আমাৰ ভালপোৱা!

 

  সকলোৰে ভালপোৱাবোৰ এনেদৰেই তেজৰঙী হৈ থাকক..কেৱল ভালপোৱাৰে সমৃদ্ধ হওক সকলোৰে জীৱন৷৷ 

FacebookFacebookfb-share-iconYouTubeInstagram